কাশ্মীৰ প্ৰসংগ…

কাশ্মীৰ প্ৰসংগ…

জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা প্রত্যাহাৰৰ পিচত প্ৰথমবাৰৰ বাবে দেশৰ গৃহ মন্ত্ৰীয়ে শ্রীনগৰত উপস্থিত হৈ আনুষ্ঠানিকভাবে শান্তিৰ বাৰ্তা দিছে। কেন্দ্রীয় গ্রহ মন্ত্রী অমিত শাহে জন্ম কাশ্মীৰৰ পৰা ৩৭০ নং ধাৰা বাতিল হোৱাৰ প্ৰায় দুবছৰ পিচত শ্রীনগৰলৈ গৈ তাৰ যুৱ সমাজৰ আগত শান্তি আৰু বিকাশৰ বাণী আওৰাইছে। গৃহমন্ত্ৰীয়ে শ্রীনগৰত সমবেত যুব সমাৰোহত কৈছে যে কাশ্মীৰত উন্নয়ন হ'বলৈ হ'লে শান্তি প্রতিষ্ঠা কৰিব লাগে আৰু চৰকাৰে যুৱ শক্তিৰ সহায় নোহোৱাকৈ এই কাম কৰিব নোৱাৰে।

তেওঁ কাশ্মীৰৰ যুৱ শক্তিক শান্তিৰ দূত হোৱাৰ আহ্বানো জনাইছে। ২০১৯ চনৰ ৫ আগষ্টৰ দিনা সাংবিধানিকভাবে বলবৎ থকা বিশেষ ব্যবস্থা প্রত্যাহাৰৰ পিচৰে পৰা কাশ্মীৰৰ ৰাজনৈতিক প্রেক্ষাপটত কি হৈ আছে, সেই বিষয়ে দৰাচলতে দেশৰ অন্য প্রান্তৰ লোক অৱগত নহয়। মূলসুঁতিৰ প্ৰচাৰ মাধ্যমৰ ভিতৰত চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰা একাংশ নিউজ চেনেল বা বাতৰি কাকতত কাশ্মীৰ সন্দৰ্ভত এক ধৰণৰ প্রপাগাণ্ডামূলক খবৰ পূৰ্বৰ পৰাই প্ৰচাৰ হৈ আহিছে।

তাৰ জৰিয়তে কাশ্মীৰবাসীৰ মনৰ খবৰ পোৱাৰ কোনো সুযোগ নাই। কথা হ'ল – বিগত প্রায় দুবছৰ ধৰি তাত গণতান্ত্রিক পরিবেশ এটা বর্তি আছে বুলিও ক'ব নোৱাৰি। যিদৰে সন্ত্রাসবাদীৰ হাতত সাংবাদিক নির্যাতনৰ ঘটনাবোৰ সহজলভ্য, সেইদৰে শাসকপক্ষৰ শ্ৰুতলিপি অনুসৰি দায়িত্ব পালন নকৰা নিৰপেক্ষ সংবাদ মাধ্যমৰ ওপৰতো চেন্সৰশ্বিপ চলাৰ অভিযোগ উত্থাপন হৈ আহিছে। বিগত দশকবোৰত কাশ্মীৰত সাংবাদিক বা নিৰীহ লোকৰ হত্যাকাণ্ড এক সাধাৰণ ঘটনাত পৰিণত হৈছে।

কিন্তু তাৰ মাজতো দেশৰ গণতান্ত্রিক মহলে বিচাৰে কেন্দ্ৰই আন্তৰিকতাৰে কাশ্মীৰ উপত্যকাত শাস্তিৰ বাতাৱৰণ সৃষ্টিৰ ক্ষেত্ৰত কাৰ্যকৰী ভূমিকা পালন কৰত। ৩৭০ নং ধাৰা বাতিল হোৱাৰ পিচত কাশ্মীৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে লেফটেনেন্ট গবর্নৰ মনোজ সিনহাই শাসনকার্য চলাই আছে। সেই অৰ্থত তাত আৰু কেন্দ্ৰত একে চৰকাৰ থকা বুলি ক'ব পাৰি। কিন্তু ইয়াৰ পিচতো শেহতীয়াভাৱে কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপ বৃদ্ধি পাইছে।

যোৱা ১০টা মাহত তাত ৩২ গৰাকী সাধাৰণ নিৰীহ লোকৰ মৃত্যু ঘটিছে, তাবে ২২ গৰাকী কাশ্মীৰী মুছলমান। যোৱা মাত্র কেইটামান দিনৰ ভিতৰতে ১১ জন লোকে সন্ত্রাসবাদীৰ হাতত প্ৰাণ দিব লগা হৈছে। ইয়াৰ ভিতৰত কাশ্মীরী পণ্ডিত, শিখ, মুছলমানো আছে। আগতে কাশ্মীৰত প্রবাসী মজদুৰসকল সাধাৰণতে উগ্রপন্থীৰ আক্ৰমণৰ বলি। হোৱা নাছিল। এইবাৰ মৃত্যু হোৱা লোকৰ মাজত বিহাৰ, উত্তৰ প্রদেশৰ প্রবাসী মজদুৰো আছে।

গতিকে যিসকলে কাশ্মীৰ সমস্যাক লৈ সাম্প্রদায়িক ৰাজনীতি কৰি আহিছে, তেওঁলোকে এইবাৰ মৃত্যু হোৱা লোকৰ মাজন হিন্দু কোন, মুছলমান কোন, সেয়া বিচাৰ কৰাৰ সময় নাপালে। কবলৈ গলে কাশ্মীৰ ইছ্যুটোক লৈ বাহিৰত সাম্প্রদায়িক উদ্দেশ্যধর্মী প্ৰচাৰ বিয়পাই দিয়া হৈছে যাতে তাৰ জৰিয়তে কাশ্মীৰীসকলৰ আত্মনিৰ্ধাৰণৰ সংগ্ৰামৰ প্ৰশ্নটো তল পৰি ৰয়। কাশ্মীৰৰ সন্ত্রাসবাদী সমস্যাৰ সৈতে পাকিস্তানৰ প্ৰসংগ উত্থাপন কৰি শাসকপক্ষই বহু সময়ত নিজৰ বাৰ্থতাকে উদত্তাই দিচ্ছে।

আমি কেবল যোৱা সাত-আঠ বছৰৰ তথা ক'ব বিচৰা নাই। প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ আমোলৰ পিচৰ পৰা কাশ্মীৰ সমস্যাৰ ৰাজনৈতিক সমাধানৰ প্ৰক্ৰিয়া কাৰ্যতঃ স্থবিৰ হৈ পৰিছে। ইয়াৰ বিপৰীতে মোডী চৰকাৰে জম্মু-কাশ্মীৰক বিভক্ত কৰি বিশেষ ৰাজ্যৰ মৰ্যাদা কাৰ্তন কৰাৰ দ্বাৰা দেশবাসীৰ আগত চমক হিছিল যদিও কার্যতঃ তাৰ কোনো সুফল এতিয়ালৈকে অন্ততঃ পোৱা নগ'ল। কাশ্মীৰীসকলৰ গণতান্ত্রিক অধিকাৰক লৈ এতিয়া চৰ্চা চলিছে। ইফালে জম্মুৰ স্থানীয় জনগোষ্ঠীয় ৰাইজেও বহিৰাগত বণিয়া গোষ্ঠীৰ আগ্ৰাসনৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গৈছে।

কেন্দ্ৰৰ বিভাজনকামী নীতিয়ে দেশৰ কোনো এটা জনগোষ্ঠীৰে স্বায়ত্ততাৰ অধিকাৰ সুৰক্ষিত নকৰে বুলিও কাশ্মীৰ সন্দৰ্ভত সঘনাই চৰ্চা কৰা বিশিষ্ট ব্যক্তিসকলেও মত প্ৰকাশ কৰি আহিছে। উল্লেখযোগ্য যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়েও যোৱা প্রায় দুবছৰে কাশ্মীৰলৈ যোৱা নাই যদিও ২৪ জুনৰ দিনা কাশ্মীৰী নেতাসকলৰ সৈতে নতুন দিল্লীত তেওঁ এখন গুরুত্বপূর্ণ বৈঠকত মিলিত হৈছিল। সেই বৈঠকত কাশ্মীৰী পণ্ডিতসকলৰ কোনো প্রতিনিধি নাছিল। পিচে বৈঠকত অংশ লোৱা দলবোৰো সন্তুষ্ট নাছিল বুলি পৰৱৰ্তী সময়ত তেওঁলোকে মত প্ৰকাশ কৰিছিল।

উক্ত বৈঠকক লৈ চৰকাৰীভাবেও সংবাদমেল অনুষ্ঠিত কৰা হোৱা নাছিল। কেৱল প্রধানমন্ত্রীয়ে গণতন্ত্রক লৈ সকলোৱে প্রতিশ্রুতিবদ্ধ বুলিহে দোহাৰিছিল। তাৎপর্যপূর্ণভাবে যোৱা মার্চ মাহত ৰাজ্যসভাত আম আদমি পার্টির সাংসদ সঞ্জয় সিঙে কাশ্মীৰত সাধারণ লোকৰ হত্যাৰ প্ৰসংগত এক প্রশ্ন উত্থাপন কৰিছিল। সেই প্রশ্নৰ উত্তৰত চৰকাৰে কৈছিল যে ২০১৯ চনৰ পৰা কাশ্মীৰ উপত্যকাত হত্যাৰ বলি হোৱা লোকৰ সংখ্যা কমি আহিছে।

চৰকাৰী হিচাপমতে ২০১১ চনত ৩৯ ২০২০ চন ৩ জন আৰু চলিত বৰ্ষত এতিয়ালৈকে ৩২ জন সাধারণ লোকৰ সন্ত্রাসবাদীৰ হাতত মৃত্যু ঘটিছে। চৰকাৰী তথ্যমতে ২০১৯ৰ তুলনাত ২০২০ চনত কাশ্মীৰত সন্ত্রাসবাদীৰ কাৰ্যকলাপ ৫৯ শতাংশ হ্রাস পাইছে। লেফটেনেন্ট গবর্নবেও সকলোকে সুৰক্ষা দিয়া হ'ব বুলি ঘোষণা কৰিছে। ইফালে অঞ্চলটোৰ দলীয় দায়িত্বত থকা বিজেপি নেতাগৰাকীয়েও প্রবাসী মজদুৰসকলকে ধৰি কাশ্মীৰী পণ্ডিতক কাশ্মীৰ এৰি নাযাবলৈ আহ্বান জনাইছে। কিন্তু শাসকপক্ষৰ এনে আহ্বানত সর্বসাধাৰণ লোক আশ্বস্ত হোৱাৰ পৰিবেশ এতিয়াও গঢ়ি উঠা নাই। এই সত্যক তেওঁলোকে উপলব্ধি কৰা উচিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in