শ’লঠেকত নৰেন্দ্ৰ মোডী

শ’লঠেকত নৰেন্দ্ৰ মোডী

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ ৰাজনৈতিক বতাহে তীব্ৰ গতি লৈছে৷ বিশেষকৈ শাসক-বিৰোধীৰ মাজৰ ক্ষমতাকেন্দ্ৰিক অৰিয়াঅৰিয়ে ৰাজনৈতিক মহলত ব্যাপক উৎকণ্ঠাৰ সৃষ্টি কৰিছে৷ ইয়াৰ দ্বাৰা এটা কথা অন্ততঃ স্পষ্ট হৈ পৰিছে যে ৰাজস্থান, ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ কংগ্ৰেছৰ সফলতাই দলটোক যিদৰে অতি উৎসাহিত কৰি তুলিছে সেইদৰে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ চৰম বিফলতাই মোডী-অমিত শ্বাহ বাহিনীক যথেষ্ট শংকিত কৰি তুলিছে৷

যদিও বিজেপিৰ শীৰ্ষ নেতৃত্বই বিষয়টো ৰাজহুৱা কৰা নাই, তথাপি তেওঁলোকৰ শাৰীৰিক ভাষা অৰ্থাৎ ব'ডি লেংগুৱেজে সেই কথা বহুদূৰ প্ৰতীয়মান কৰিছে৷ ইফালে, নিৰ্বাচনী বিফলতাৰ বাহিৰেও ৰাফেল চুক্তি, চি বি আই আৰু ৰিজাৰ্ভ বেংকৰ দৰে সংস্থাৰ অভ্যন্তৰত সৃষ্টি হোৱা অস্থিৰতায়ো মোডী চৰকাৰৰ স্বৰূপ উদঙাই দিছে৷

এনে প্ৰেক্ষাপটতে বিজেপিৰ নেতৃত্ব উদ্বিগ্ন হৈ পৰিছে আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে কেন্দ্ৰই অতি সম্প্ৰতি এনে কিছু সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ লৈছে, যাৰ দ্বাৰা প্ৰতিফলিত হৈছে চৰকাৰৰ বেপৰোৱা মানসিকতা৷ দুদিনমান আগতে নাগৰিকৰ গোপনীয়তা ৰক্ষা আৰু মৌলিক অধিকাৰক নস্যাৎ কৰাৰ উদ্দেশ্যে দহটাকৈ সংস্থাক দেশৰ প্ৰতিটো কম্পিউটাৰৰ তথ্যৰ ওপৰত তীক্ষ্ন নজৰ ৰাখিবলৈ কেন্দ্ৰই নিৰ্দেশ জাৰি কৰিছিল৷

ইতিমধ্যে ইয়াকে লৈ বিৰোধী আৰু নাগৰিক সমাজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াও হৈছে৷ সুযোগ বুজি কংগ্ৰেছ নেতৃত্বই কেন্দ্ৰৰ ওপৰত অভিযোগ আনিছে যে চৰকাৰে সমগ্ৰ দেশখনকে নিৰীক্ষণৰ আওতালৈ আনিব বিচাৰিছে৷ ৰাহুল গান্ধীয়ে কৈছে যে দেশৰ সুৰক্ষিত স্বেচ্ছাচাৰী শাসকে জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্ব কৰিবলৈ লৈছে৷ অৰ্থাৎ বিৰোধীয়ে শাসকৰ প্ৰতিটো পদক্ষেপৰ আঁৰৰ নেতিবাচক দিশবোৰ উন্মোচিত কৰাত নামি পৰিছে৷ যিহেতু লোকসভা নিৰ্বাচন আহি আছে, এইধৰণৰ ৰাজনৈতিক বাদ-বিবাদ চলি থাকিব৷ কিন্তু নিৰপেক্ষ দৃষ্টিভংগীৰে পৰ্যবেক্ষণ কৰিলে দেখা যাব যে দিন যোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তাও ক্ৰমাৎ হ্ৰাস পাব ধৰিছে৷

ইয়াৰ মূল কাৰণ হৈছে- দেশলৈ সুদিন অহাৰ অপেক্ষাত ৰৈ থকা জনসাধাৰণৰ হতাশা৷ নিবনুৱাক কৰ্মসংস্থান দিয়া আৰু কৃষকৰ সমস্যাৰ সমাধান কৰাৰ বিপৰীতে যেতিয়া শাসকে সাম্প্ৰদায়িক ৰাজনীতিৰে মানুহৰ মাজত বিভেদৰ বীজ সিঁচিবলৈ লয়, তেতিয়া তাৰ পৰিণাম ওলাবই৷ বিমুদ্ৰাকৰণ, জি এছ টিৰ দৰে বিষয়বোৰক লৈ এসময়ত যিদৰে হৈ-চৈৰ সৃষ্টি কৰা হৈছিল, তাৰ প্ৰকৃত ফল এতিয়াহে ওলাইছে৷ দৰাচলতে একাংশ কৰ্প'ৰেট গোষ্ঠীৰ বাহিৰে দেশৰ জনসাধাৰণৰ হকে কোনো কৰ্মসূচী হাতত ল'বলৈ সক্ষম হোৱা নাই শাসকপক্ষ৷

বৰং ৰাষ্ট্ৰবাদ, দেশপ্ৰেমৰ নামত একধৰণৰ অপপ্ৰচাৰ চলাই মানুহক বিভ্ৰান্ত কৰাৰহে চেষ্টা চলোৱা হৈছে৷ মোগল সাম্ৰাজ্যৰ দিনৰ ঐতিহ্যমণ্ডিত কীৰ্তিস্তম্ভবোৰ ধ্বংস কৰা বা চহৰ-নগৰৰ নাম সলনি কৰাৰ দৰে বিষয়বোৰে সচেতন নাগৰিক সমাজক বিক্ষুব্ধ কৰি তুলিছে৷ কিন্তু শাসকপক্ষৰ সাম্প্ৰদায়িক ইছ্যুবোৰক এটা পৰ্যায়লৈ জনসাধাৰণে নাকচ কৰিছে. ছত্তীশগড় আৰু ৰাজস্থানৰ দৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰত যোগী আদিত্য নাথে ৰামমন্দিৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিও জনসাধাৰণক টলাব নোৱাৰিলে৷

আমি ভাৱো- হিন্দীবলয়ৰ অভিকেন্দ্ৰস্বৰূপ তিনিখন ৰাজ্যতে বিজেপিয়ে পৰাজয় স্বীকাৰ কৰিবলগা হোৱাতকৈ অধিক গুৰুত্বপূৰ্ণ বিষয়টো হৈছে দলটোৰ এক নেতিবাচক ভাৱমূৰ্তি ইতিমধ্যে জনসাধাৰণৰ মনত তৈয়াৰ হ'ব ধৰিছে৷ বিশেষকৈ চৰকাৰৰ প্ৰতি শ্ৰমজীৱী মানুহৰ ক্ষোভ বাঢ়িছে৷ কংগ্ৰেছে সেই ক্ষোভৰ উমান পাইছে বাবেই তিনিওখন ৰাজ্যতে চৰকাৰ গঠনৰ পিচমুহূৰ্ততে কৃষকৰ ঋণ ৰেহাইৰ ব্যৱস্থা হাতত লৈছে৷ কিন্তু বিজেপিয়ে এই কথা অনুধাৱন কৰিব পৰা নাই। তেওঁলোকে এতিয়াও ভাৱি আছে যে ৰাম মন্দিৰ ইছ্যু অথৱা ৰথ যাত্ৰাৰে জনসাধাৰণৰ মাজত প্ৰধানমন্ত্ৰী মোডীৰ জনপ্ৰিয়তা অক্ষুণ্ণ ৰাখিব পৰা যাব৷

সেয়ে দলটোত যোগী আদিত্য নাথ, গিৰিৰাজ সিং, সাধ্বী নিৰঞ্জন জ্যোতিৰ দৰে নেতাসকলৰ প্ৰভূত্ব এতিয়াও হ্ৰাস পোৱা নাই৷ অলপতে উত্তৰ প্ৰদেশৰ বুলেন্দ চহৰ নামৰ ঠাইত গো-ৰক্ষা বাহিনীয়ে দিন দুপৰতে এগৰাকী আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰিছিল৷ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ শাসনকালত ৰাজ্যখনত তেনে ঘটনাবোৰ দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ প্ৰখ্যাত অভিনয় শিল্পী নাছিৰুদ্দিন শ্বাহৰ দৰে ব্যক্তিয়ে এই ঘটনাৰ দৃষ্টান্ত দাঙি ধৰি দেশৰ অসহিষ্ণুতামূলক পৰিৱেশক লৈ খেদ প্ৰকাশ কৰিছে৷ কিন্তু গেৰুৱা বাহিনীৰ একাংশ নেতাই প্ৰবীন অভিনেতাগৰাকীকহে উভতি ধৰিছে৷ ইয়াকে কয়- বিনাশ কালে বিপৰীত বুদ্ধি৷ তাৎপৰ্যপূৰ্ণভাৱে এনে দৃষ্টিভংগীয়ে নৰেন্দ্ৰ মোডীৰ লগতে চৰকাৰখনকো শ'লঠেকত পেলোৱাৰ পথহে প্ৰশস্ত কৰি তুলিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in