/asomiyapratidin/media/media_files/2025/03/17/dylk43Y9iV9wCEJfHBHs.png)
তুষাৰ প্ৰতিম
‘’ৰংগে ফাগু খেলে চৈতন্য বনমালী/ দুই হাতে ফাগুৰ গুণ্ডা সিঞ্চন্ত মুৰাৰি...’’- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰীকৃষ্ণই ফাকুৱা খেলাৰ কথা কীৰ্ত্তন ঘোষাত এইদৰেই বৰ্ণনা কৰিছে। মহাপুৰুষ মাধৱ দেৱেও ফাকুৱা বিষয় গীতত শ্ৰীকৃষ্ণই ফাকুৱা কিদৰে খেলিছিল তাৰ বৰ্ণনা দি গৈছে।
ফাকুৱা কোনো উশৃংখল, উন্মাদ আচৰণ অথবা বন্য, আদিম উল্লাসৰ বাবে যে নহয় সেয়া এই উৎসৱৰ সৈতে জড়িত হৈ থকা আধ্যাত্মিকতাই বাৰে বাৰে সোঁৱৰাই দিয়ে। বৰপেটা, বৰদোৱা বা বটদ্ৰৱাৰ দৌল উৎসৱে অসমৰ ফাকুৱা বা দৌল উৎসৱৰ চহকী সংস্কৃতিক প্ৰতিনিধিত্ব কৰি আহিছে।
গাঁৱে গাঁৱে নামঘৰ, সত্ৰসমূহত গোঁসাই মূৰত ফাকু দিয়া, গোঁসাই ফুৰুৱা অনুষ্ঠানে ইয়াৰ আধ্যাত্মিক গৰিমাক তুলি ধৰি আহিছে। তাৰ পাছতো অসমৰ এই বৰ্ণিল আধ্যাত্মিক উৎসৱক এতিয়া অপসংস্কৃতিৰ একাংশ বাহকে মুকলি সুৰা সেৱন, অশালীন গীতৰ তালে তালে দেহৰ পোছাক খুলি উদ্দাম নৃত্য কৰা এক উৎসৱলৈহে যেন পৰিণত কৰাৰ চেষ্টাত ব্ৰতী হৈছে।
দুৰ্ভাগ্যজনকভাৱে সংস্কৃতিক গ্ৰাস কৰা এনে ‘কীট’ বোৰৰ ন্যস্ত উদ্দেশ্য যেন সফলো হৈছে। সাংস্কৃতিক নগৰী হিচাপে পৰিচিত তেজপুৰৰ কলেজিয়েট ফীল্ডত যি কাণ্ড সংঘটিত হ’ল সেই কাণ্ডই এতিয়া তেজপুৰীয়া ৰাইজকে নহয়, বৰঞ্চ অসমৰ সচেতন মানুহখিনিক চিন্তিত কৰি তুলিছে।
সংস্কৃতিবান তেজপুৰীয়াই অধপতিতি আৰু মানসিকভাৱে পংগু এচাম অপসংস্কৃতিৰ বাহকৰ কাৰ্যত ‘ফাট মেলা পাতালে লুকাও’ অৱস্থাৰ সূচনা হৈছে। কলেজিয়েট ফীল্ডত ১৫ মাৰ্চত ‘হোলী হ্যেয়’ শীৰ্ষক ‘ডিজে’ অনুষ্ঠানৰ নামত যি পৰিবেশৰ সূচনা কৰিলে সেই পৰিবেশে তেজপুৰৰ সাংস্কৃতিক ঐতিহ্যক কাললৈ কলুষিত কৰাৰ অভিযোগ উঠিছে।
মুকলিকৈ যুৱক-যুৱতী, কিশোৰ-কিশোৰী আনকি প্ৰৌঢ় লোকেও সুৰা সেৱন কৰি ডিজেৰ তালে তালে যি উদ্দাম নৃত্য কৰিলে আৰু তাৰ পাছত ফীল্ডখনত যিবোৰ আপত্তিজনক সামগ্ৰী প্ৰত্যক্ষ কৰিলে সেয়া দেখি মূৰে কপালে হাত দিবলৈ সকলো বাধ্য হৈছে।
১৫ মাৰ্চৰ ‘হোলী হ্যেয়’ শীৰ্ষক ডিজে অনুষ্ঠানৰ পিছদিনা পুৱা এই ফীল্ডখনত পুৰুষ, মহিলাৰ অন্তৰ্বাস, সুৰাৰ বটল, ড্ৰাগছ লোৱাত ব্যৱহাৰ কৰা চিৰিঞ্জ পৰ্যন্ত উদ্ধাৰ হোৱাৰ অভিযোগ উঠিছে। আধ্যাত্মিক দৌল উৎসৱৰ অচিলাৰে এইদৰে যি বন্য উল্লাস প্ৰদৰ্শন কৰিলে সেয়া কোনো সভ্য লোকেই সহজে মানি ল’বলৈ পৰা নাই।
শোণিতপুৰ জিলা প্ৰশাসনৰ জ্ঞাতসাৰেই একাংশ অধপতিতই সংঘটিত কৰা এনে অপকৰ্মৰ নীৰৱ দৰ্শক হৈ থাকিল তেজপুৰ আৰক্ষী তথা জিলা প্ৰশাসনৰ বৰমূৰীয়াসকল। কলেজিয়েট ফীল্ডত 'হোলী হ্যেয়' শীৰ্ষক এই অনুষ্ঠানৰ আঁৰত আছিল প্ৰায় ৬/৭ জনীয়া এটা যুৱকৰ দল।
তেওঁলোকেই কলেজিয়েট শিক্ষানুষ্ঠানৰ পৰা এন অ’ চি সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি জিলা প্ৰশাসনৰ পৰা অনুমতি লোৱালৈ সকলো কৰিছিল। হিন্দী ভাষী আৰু শাসকীয় দলেৰে ঘনিষ্ঠ সম্পৰ্ক থকা এই যুৱক কেইজনে পূৰ্বেও দৰং কলেজৰ কাষতেই ৰাজপথত 'ৰেইন ডান্স'ৰ অনুষ্ঠান আয়োজন কৰাৰ অভিযোগ আছে।
জানিব পৰা মতে এইবাৰো তেওঁলোকে পূৰ্বৰ সেই স্থানতে ডিজে অনুষ্ঠানৰ আয়োজনৰ বাবে অনুমতি বিচাৰিছিল যদিও জিলা প্ৰশাসনে কলেজিয়েট ফীল্ডতহে এই অনুষ্ঠান আয়োজন কৰাৰ অনুমতি প্ৰদান কৰে। লক্ষ্যণীয়ভাৱে এই ফীল্ডখন পুৱা, গধূলি বিভিন্ন শ্ৰেণীৰ, বিভিন্ন বয়সৰ লোকে খেলিবলৈ, খোজ কাঢ়িবলৈ, গাড়ী চলোৱাৰ অনুশীলন কৰিবলৈ দৈনিক ব্যৱাহৰ কৰি আহিছে।
চৰকাৰী অনুষ্ঠান, সভা-সমিতি, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ বাবেও ঘনে ঘনে এই খেল পথাৰখনেই ব্যৱহাৰ কৰা হয়। এনে এখন অতি গুৰুত্বপূৰ্ণ খেল পথাৰত যিকোনো অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনক অনুষ্ঠানৰ সবিশেষ জনোৱাটো বাধ্যতামূলক।
সেয়ে নিশ্চয়কৈ 'হোলী হ্যেয়' নামৰ এই ডিজে অনুষ্ঠানৰ বাবেও জিলা প্ৰশাসনক সবিশেষ জনাইছিল আয়োজক যুৱক কেইজনে। এতিয়া প্ৰশ্ন হয়, দৌল উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ সবিশেষ জনাৰ পিছতো জিলা আয়ুক্তগৰাকীয়ে কিয় তাৰ বাবে অনুমতি প্ৰদান কৰিলে?
তেজপুৰৰ দৰে সাংস্কৃতিক ঐতিহ্যবহনকাৰী এটা অঞ্চলত কিদৰে তেওঁ যুৱ প্ৰজন্মক এনে আমদানিকৃত উশৃংখল অনুষ্ঠান আয়োজনৰ বাবে অনুমতি দিয়াৰ চিন্তা কৰিলে? জিলা আয়ুক্ত অংকুৰ ভঁৰালীয়ে ইয়াৰ উত্তৰ নিশ্চয়কৈ দিব লাগিব।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ তেজপুৰক ৰাজ্যৰ সাংস্কৃতিক ৰাজধানী হিচাপে গঢ়ি তোলাৰ কথা ঘোষণা কৰিছে। সাংস্কৃতিক ৰাজধানীখনত অপসংস্কৃতিৰী বীজ নাশ কৰা জিলা আয়ুক্তগৰাকীৰ প্ৰধান দায়িত্ব যদিও তেওঁ তেনে অপসংস্কৃতিৰ বীজ অংকুৰিত হোৱাৰ হে সুযোগ প্ৰদান কৰিলে।
তেওঁৰ এনে কাৰ্যত তেজপুৰৰ সমাজ, সংস্কৃতিৰ সৈতে এক দূৰত্ব বৰ্তাই চলাৰহে ইংগিত পোৱা গৈছে। ইয়াৰ বিপৰীতে কিন্তু শোণিতপুৰ জিলাত পূৰ্বে দায়িত্ব পালন কৰি যোৱা প্ৰতিগৰাকী জিলা আয়ুক্ত (পূৰ্বৰ উপায়ুক্ত)ই তেজপুৰৰ সমাজ, সংস্কৃতিৰ সৈতে বিলীন হৈ যোৱাৰ উদাহৰণ আছে।
তেজপুৰৰ একাংশৰ এই সাংস্কৃতিক অৱক্ষয়ে আন বহু কেইটা প্ৰশ্নৰ সৃষ্টি কৰিছে। আধ্যাত্মিক দৌল উৎসৱক মুকলি সুৰা সেৱন কৰা, অৰ্ধ নগ্ন হৈ উন্মাদ আচৰণ কৰা ডিজে অনুষ্ঠানলৈ পৰ্যবেক্ষিত কৰা এই লোকসকলৰ আঁৰৰ উদ্দেশ্য কি? তেওঁলোকৰ ইয়াৰ পৰা লাভ কি?
লক্ষ্যণীয়ভাৱে সেইদিনা কলেজিয়েট ফীল্ডৰ পৰা কিছু আঁতৰত যিখন মদৰ দোকান আছিল তাতো কলেজিয়েট ফীল্ডত গোটখোৱা মানুহৰ সমানেই ভিৰ পৰিলক্ষিত হৈছিল। ফাকুৱাৰ অজুহাতত আয়োজিত এনে অনুষ্ঠানৰ নামত লাভাম্বিত হ’ল কেৱল সেই অঞ্চলটোৰ বৈধ, অবৈধ সুৰা, গাঞ্জা, ড্ৰাগছ আদিৰ বেপাৰী কেইটা।
তাৰোপৰি অসমৰ চহকী সংস্কৃতি দৌল উৎসৱৰ আধ্যাত্মিকতাক পাহৰাই কেইবাটাও প্ৰজন্মক এইদৰে অধপতিত কৰাতো সফল হ’ল আয়োজক কেইজন। য’ত আছিল কেইবাজনো হিন্দীভাষী যুৱক।
মনত ৰখা ভাল কোনো সংস্কৃতিবান অসমীয়াই বিহাৰ, উত্তৰ প্ৰদেশ আদিৰ পৰা অপভ্ৰংশ হৈ অসম পোৱাহি এনে অপসংস্কৃতিক সহ্য কৰিব নোৱাৰে। অসমত ফাকুৱা মানে কি, হোলী গীত কি সেয়া বুজিবলৈ, জানিবলৈ আৰু অসমৰ দৌল উৎসৱৰ প্ৰকৃত তাৎপৰ্য উপলব্ধি কৰিবলৈ এইসকলে বৰপেটা, বৰদোৱা সত্ৰলৈ অথবা নামঘৰ সমূহলৈ এবাৰ যোৱা উচিত।
অভিযোগ অনুসৰি তেজপুৰ চহৰত থকা কেইবাখনো উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত অধ্যয়ন কৰিবলৈ অহা বহু সংখ্যক শিক্ষাৰ্থীৰ আচৰণ সন্দেহজনক হৈ পৰিছে। তেওঁলোকে হোষ্টেল, পিজি, ভাড়াতীয়া কোঠাত থাকি অধ্যয়নৰ নামত কি কৰি আছে সেয়া অভিভাৱকসকলেও নজৰ দিয়াতো অতি জৰুৰী।
কলেজিয়েট ফীল্ডত ডিজে অনুষ্ঠান শেষ কৰি সন্ধিয়াৰ ভাগলৈকে ৰাজপথৰ কাষত, জোপোহাৰ আঁৰত তেওঁলোকে যি আচৰণ কৰিলে সেয়া আমাৰ আগত প্ৰত্যক্ষদৰ্শীয়ে বৰ্ণনা কৰিবলৈয়ো কুণ্ঠাবোধ কৰিলে। সেয়ে অধ্যয়নৰ বাবে অহা এনে এচাম শিক্ষাৰ্থীয়ে প্ৰকৃততে কি কৰি আছে তাৰো খবৰ ৰাখক অভিভাৱকসকলে।
তেজপুৰৰ কলেজিয়েট ফীল্ডৰ এই অনুষ্ঠান কেৱল তেজপুৰৰে সমস্যা নহয়। এই অনুষ্ঠানে সামগ্ৰীক ভাৱে অসমৰ সাংস্কৃতিক অৱক্ষয়, যুৱ উশৃংখল মানসিকতাৰ গোটেই দৃশ্যাৱলীক প্ৰতিনিধিত্ব কৰিছে। গুৱাহাটীৰ ফাঁচী বজাৰত হোৱা ৰেইন ডান্স, উজনি অসমৰ কেইবাখনো চহৰত হোৱা ৰেইন ডান্সেও এনে অপসংস্কৃতি আৰু অধপতিত যুৱ প্ৰজন্মৰ প্ৰকৃত ছবিখন স্পষ্ট কৰিছে।
মদৰ মুকলি বেহাই কিদৰে সমাজখনক ধ্বংসমুখী কৰিছে তাৰ উদাহৰণ কাম-কাজেই প্ৰমাণ কৰিছে। বেলতলাৰ ৰাজপথ, ব্যৱসায়ীক প্ৰতিষ্ঠানত সন্ত্ৰাস সৃষ্টি কৰা সেই মাতাল যুৱতীগৰাকী, কমাৰ্চ কলেজৰ সন্মুখত সন্ত্ৰাস সৃষ্টি কৰা যুৱক-যুৱতী কেইগৰাকীও মদে পংগু কৰা একো একোখন সমাজ, প্ৰজন্মৰ প্ৰতিনিধিহে মাত্ৰ।
তেজপুৰত যি হ'ল সেয়া আগলৈ আৰু ক'তো নহওঁক। সময় থাকোঁতেই এই মহাব্যাধিৰ ভেষজ তৈয়াৰ কৰাতো অতি প্ৰয়োজন হৈ পৰিছে। জানিব পৰা মতে কলেজিয়েট ফীল্ডত মুক্তভাৱে উদ্ভণ্ডালীৰ চৰম সীমা অতিক্ৰম কৰাৰ সুযোগ সৃষ্টি কৰি দিয়া যুৱক কেইজনক জিলা আয়ুক্তগৰাকীয়ে তেওঁৰ কাৰ্যালয়লৈ মাতি পঠিয়াইছিল। কিন্তু তাতেই সকলো শেষ নে?
তেজপুৰৰ একাংশ সচেতন লোকে এই বিষয়ক লৈ ১৯ মাৰ্চ বুধবাৰে বিয়লি ৪ বজাত তেজপুৰ সাহিত্য সভা ভৱনত এখন নাগৰিক সভাৰো আয়োজন কৰিছে। এই সভাতেই বিষয়টোক লৈ আলোচনা হ’ব। কিন্তু এই সভাৰ পূৰ্বেই ধৰ্মীয় দৃষ্টিকোণেৰে বিষয়টোক আন এক গতি দিবলৈ চেষ্টা কৰাসকলেও বুজি লোৱাটো ভাল সানতন ধৰ্মৰ ক’তো মদ খাই উদ্ভণ্ডালী কৰাৰ কথা উল্লেখ নাই।
তেজপুৰৰ যিসমূহ সামাজিক, সাংস্কৃতিক আৰু নেতৃত্বাস্থানীয় ছাত্ৰ সংগঠন আছে তেওঁলোকেও সংবেদনশীল এই বিষয়টোক সময় থাকোতেই গুৰুত্বসহকাৰে লোৱা উচিত। তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাও এই ক্ষেত্ৰত নিজেই পদক্ষেপ গ্ৰহণৰ বাবে আগবাঢ়ি আহক। সকলোৱে মিলি এই সময়তে সামাজিকভাৱে এক কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে আগন্তুক সময়ত এনে অনুষ্ঠানৰ পয়োভৰ বৃদ্ধি হোৱাৰ অৱকাশ যথেষ্ট আছে।