মাজুলীৰ গান গোৱা ছোৱালীজনী...

tejwashita
tejwashita

মৃদুল কুমাৰ সন্দিকৈ

২০১৮ ৰ ৩ জুলাই। মাজুলীলৈ গৈছিল তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মাজুলীৰ শ্ৰী শ্ৰী পিতাম্বৰ দেৱ গোস্ৱামী জিলা অসমাৰিক চিকিৎসালয় পৰিদৰ্শন কৰি সুখী হৈছিল তেতিয়াৰ স্বাস্থ্যমন্ত্ৰীগৰাকী।

চিকিৎসালয়খন পৰিদৰ্শনৰ অন্তত সেই দিনা টুইটাৰত তেওঁ লিখিছিল- ''Today I visited patients of Shri Shri Pitambar Dev Goswami Civil Hospital in Gormur, #Majuli. Glad that patients were satisfied with available health care facilities. However there is scope of improvement. We will spend ₹23.80 cr to make it a fully functional 200-bed hospital.''

মাজুলী এই চিকিৎসালয়খন পৰিদৰ্শন কৰি স্বাস্থ্যমন্ত্ৰীয়ে কৰা টুইটটোত উল্লেখ কৰিছিল এই চিকিৎসালয়খনত থাকিবলগীয়া সকলো ধৰণৰ চিকিৎসা ব্যৱস্থা আছে। অৱশ্যে তেওঁ ইয়াক আৰু সা-সুবিধাযুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ কথাও দোহাৰিছিল।

২০০ বেডৰ এখন চিকিৎসালয় নিৰ্মাণৰ বাবে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ২৩.৮০ কোটি টকা ব্যয় কৰা হ'ব বুলি উল্লেখ কৰিছিল টুইটটোত।

৮ মাৰ্চ ২০১৯। সেইদিনা মাজুলীলৈ গৈছিল তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰী সোণোৱালে গড়মূৰত এটা শিলন্যাস কৰিছিল। ২০০ বিচনাযুক্ত জিলা চিকিৎসালয় নিৰ্মাণৰ শিলন্যাস আছিল সেয়া।

শ্ৰী শ্ৰী পিতাম্বৰদেৱ অসামৰিক চিকিৎসালয় উন্নীতকৰণৰ আধাৰশিলা স্থাপন হৈছিল আজিৰ পৰা প্ৰায় ৩ বছৰ পূৰ্বে। মাজুলী মানেই যোগাযোগ, চিকিৎসা আদি আন্তঃগাঁথনি বহু সমস্যাৰে ভৰা পৃথিৱীৰে বিখ্যাত এটা নদী দ্বীপ। সত্ৰ সংস্কৃতিৰ অন্যতম পীঠস্থান মাজুলীৰ উন্নতিৰ কথা সকলোৱেই কয়। কিন্তু সেইবোৰ একো নহয়।

১৩ ছেপ্টেম্বৰ ২০১৮। মাজুলী আকৌ বাতৰিৰ শিৰোনাম হ'ল। এইবাৰ ৰাজপথত এখন ঠেলাৰ ওপৰত এগৰাকী প্ৰসূতীয়ে সন্তান প্ৰসৱ কৰিলে। এম্বুলেঞ্চৰ অভাৱৰ বাবে এখন ঠেলাত উঠাই গড়মূৰৰ শ্ৰী শ্ৰী পিতাম্বৰদেৱ অসামৰিক চিকিৎসালয়লৈ লৈ অহা হৈছিল।

চিকিৎসকে প্ৰসূতি গৰাকীক ঠাইৰ অভাৱত চিকিৎসালয়ত ভৰ্তিকৰাৰ সলনি ৪ দিনৰ পাছত চিকিৎসালয়লৈ আনিবলৈ কৈ উভতাই পঠাইছিল। সেয়েহে পৰিয়ালৰ লোকে প্ৰসূতিগৰাকীক ঠেলাতে উঠাই ঘৰলৈ লৈ যাওঁতে বাটত সন্তান প্ৰসৱ কৰিছিল ঠেলাৰ ওপৰত।

আইমণি নামৰ এই মহিলাগৰাকী ঠেলাত সন্তান প্ৰসৱ কৰা আৰু চিকিৎসালয়ৰ চিকিৎসকৰ অৱহেলাৰ প্ৰমাণৰ বাবে এই উদাহৰণেই যথেষ্ট। এই মাজুলী সমষ্টি বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি আছিল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত প্ৰথমটো চৰকাৰী ভ্ৰমণত সম্ভৱ মাজুলীলৈয়ে গৈছিল। মাজুলীৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দি আহিছিল হিমন্ত বিশ্ব শৰ্মাই। কিন্তু বাস্তুৱত মাজুলীত বিশেষকৈ স্বাস্থ্য খণ্ডত কি চলি আছে তাৰ আন এক প্ৰমাণ ৫ অক্টোবৰ ২০২২ ত সমগ্ৰ ৰাজ্যবাসীয়ে পালে।

মৃত্যু আকস্মিক ভাৱে আহিব পাৰে। কোনেও নাজানে মৰণৰ ঠাই। কিন্তু এই মৃত্যুৰ বাবে এতিয়া মাজুলীৰ স্বাস্থ্যখণ্ডৰ প্ৰতি আঙুলি উঠিছে। তেজস্বিতা বৰুৱা নামৰ এগৰাকী প্ৰতিভাৱান কিশোৰীয়ে শংকৰ উৎসৱত বৰগীত পৰিৱেশনৰ প্ৰস্তুতি চলাই আছিল।

পুৱাৰ ভাগত কিশোৰীগৰাকীয়ে শংকৰ উৎসৱ উপলক্ষে উলিওৱা সমদলটো ভাগ লৈছিল। কমলাবাৰীৰ দৰিয়া গাঁৱত আয়োজন কৰা শংকৰ উৎসৱত তেজস্বিতাৰ বৰগীত প্ৰতিযোগিতাত অংশলোৱা নহ'ল।

সামাজিক মাধ্যমত বিভিন্ন গীত-মাত পৰিৱেশনেৰে পৰিচিত হৈ পৰা তেজস্বিতা হঠাৎ ঢলি পৰিছিল। তেওঁক লৈ যোৱা হৈছিল মাজুলীৰ মুখ্য চিকিৎসালয়খনলৈ। গড়মূৰত থকা শ্ৰীশ্ৰী পিতম্বৰ দেৱ গোস্বামী জিলা চিকিৎসালয়ৰ জৰুৰীকালীন কক্ষত তেওঁক ভৰ্তি কৰা হৈছিল।

চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে তেজস্বিতাক উপযুক্ত চিকিৎসা দিয়া নাছিল। কৰ্তব্যৰত নাৰ্চগৰাকীয়ে ৰোগীক এবাৰ চুয়ো চোৱা নাছিল। অভিযোগ উঠিছে চকু ৰোগৰ চিকিৎসা কৰা চিকিৎসকহে তেজস্বিতাক চাইছিল।

স্বাস্থ্য বিভাগে এই অভিযোগৰ পিছত চিকিৎসালয়খনৰ অধীক্ষকৰ দায়িত্বত থকা চিকিৎসক ডাঃ অমূল্য গোস্বামীক নিলম্বন কৰিছে। সেই কথাই বুজাই দিছে যে ইয়াত ক'ৰবাত নহয় ক'ৰবাত চিকিৎসাৰ নামত গাফিলতি হৈছে।

২০০ বিচনাযুক্ত আৰু অত্যাধুনিক চিকিৎসালয় ৰূপে গঢ়িবলৈ এই চিকিৎসালয়খনৰ আধাৰশিলা স্থাপন কৰা হৈছিল। আজিলৈকে কিন্তু চিকিৎসালয়খনত ২০০ খন বিচনা আৰু আন অত্যাধুনিক সা-সুবিধা আছে বুলি ক'ব নোৱাৰি।

তেজস্বিতাৰ মৃত্যুৰ পাছতো চিকিৎসালয়খনলৈ অহা ৰোগীৰ অভিযোগ নিশা ১১ বজাতেই আহি পিছদিনা পুৱাহে চিকিৎসকৰ সাক্ষাৎ পাইছে। জৰুৰীকালীন চিকিৎসা সেৱাৰ নামত চিকিৎসকৰ অনুপস্থিতিয়ে ৰোগীয়ে ঘণ্টাৰ পাছত ঘণ্টা বিনা চিকিৎসাই থাকিবলগা হয়।

এই চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসক, নাৰ্চ, ঔষধৰো অভাৱ হয়। বাধ্যত পৰি যেন চাকৰি কৰিবলৈ আহে বহু চিকিৎসক তথা চিকিৎসা কৰ্মীয়ে। মাজুলীৰ এই চিকিৎসালয়খনত জ্বৰ, পানীলগাৰ চিকিৎসাহে সম্ভৱ। এই ভাষ্য ৰোগী আৰু স্থানীয় লোকৰ।

ৰোগীক এখন প্ৰেছকিপচন লিখি দিলেই ৰোগীৰ ৰোগ ভাল নহয়। বিশেষজ্ঞ চিকিৎসকৰ অভাৱ মাজুলীৰ চিকিৎসালয়খনত। জিলাৰ এই মুখ্য চিকিৎসালয়খনত নাই ৰেডিঅ'লজিষ্ট।

ইমান দিনে মাজুলীৰ উন্নয়নৰ নামত আমি শুনি থকা কথাবোৰ, ঘোষণাবোৰ মিছা আছিল নেকি? ১৪৪ খন গাওঁ আৰু প্ৰায় ২ লাখৰো অধিক বাসিন্দা থকা মাজুলীবাসীয়ে আজি পৰ্যন্ত সু-চিকিৎসা লাভৰ পৰা বঞ্চিত হৈ আছে।

তেজস্বিতাক চিকিৎসা কৰিছিল ডাঃ নীলাক্ষী ঠাকুৰীয়াই। এইগৰাকী চকুৰ চিকিৎসক। কি পৰ্যায়ত তেজস্বিতাৰ চিকিৎসা চলিছিল তাৰ আন এক প্ৰমাণ এয়া। ইফালে এই চিকিৎসালয়খনৰ জৰুৰীকালীন কক্ষত আছিল মাত্ৰ এটা অক্সিজেন চিলিণ্ডাৰ।

সেই চিলিণ্ডাৰটোৰেই জৰুৰীকালীন কক্ষলৈ অহা সকলো ৰোগীক প্ৰয়োজনীয় অক্সিজেন দিয়াৰ ব্যৱস্থা কৰিব লাগে। যদি পৰ্যাপ্ত সুবিধা চৰকাৰে নিদিয়ে, তেনেহ'লে চিকিৎসকেও একো কৰিব নোৱাৰে।

এই চিকিৎসালয়খনত মাত্ৰ ১৫ জনহে চিকিৎসক আছে। তেওঁলোক ক্ৰমে ডাঃ অমূল্য কুমাৰ গোস্বামী (অধীক্ষ), ডাঃ মানিক মিলি ( জ্যেষ্ঠ চিকিৎসক), ডাঃ পুলক ফোকন (এনাষ্ঠেছিয়া), ডাঃ ৰম্য পেগু (নাক, কাণ, ডিঙি), ডাঃ ৰণোজ পেগু (কনিষ্ঠ চিকিৎসক), ডাঃ ডি পাটিৰ (স্ত্ৰী ৰোগ), ডাঃ বি ইছলাম (স্ত্ৰী ৰোগ), ডাঃ জোনিতা দাস (শিশু ৰোগ), ডাঃ লোকেশ ডি (চাৰ্জাৰী), ডাঃ কীৰ্তি ৰাণী দৈমাৰী (স্ত্ৰী ৰোগ), ডাঃ অনিমেশ দেৱ নাথ (মেডিচিন) , ডাঃ কৌশিক ভৰালী (অৰ্থপেডিক), ডাঃবানথ চানিক্য সৰগম (শিশু ৰোগ), ডাঃ নীলাক্ষী ঠাকুৰীয়া (চকু ৰোগ), ডাঃ মনিকা টেৰংপী (পেথলজি) ।

এই কেইগৰাকী চিকিৎসকেৰে চলি আছে এখন জিলা চিকিৎসালয়। কোনো কোনো বিভাগত মাত্ৰ এজন চিকিৎসালয়। ৰেডিঅ'লজিৰ চিকিৎসক নাই। স্বাস্থ্য বিভাগে নিজৰ দায়বদ্ধতাৰ কথাও উপলব্ধি কৰক। বাৰে বাৰে মাজুলীত এইবোৰ ঘটি আহিছে।

তেজস্বিতাৰ ঘৰত হাহকাৰ পৰিৱেশ। আত্মীয় স্বজনৰ কান্দোনে আকাশ, বতাহ কপাইছে। মৃগী ৰোগত আক্ৰান্ত আছিল তেজস্বিতা। ৪ দিনৰ পূৰ্বে তেজস্বিতাৰ পিতৃয়ে ক্ৰয় কৰিছিল এখন বাহন। ঘৰতেই তেজস্বিতাৰ বাবে গীত ৰেকৰ্ডিঙৰ কাৰণে ষ্টুডিঅ' নিৰ্মাণ কৰি দিছিল।

সকলো এতিয়া ম্ৰিয়মান। এনে ঘটনা পুনৰবাৰ সংঘটিত নহওক। চিকিৎসকৰ প্ৰতি সহজতে অভিযোগ উঠে। বহু দায়িত্বশীল চিকিৎসকৰ বিপৰীতে একাংশৰ অৱহেলাই এই বৃত্তিটোৰে জড়িত লোকক সমালোচনাৰ কাঠগড়াত তোলাৰ সুযোগ আনি দিয়ে।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মাজুলী আৰু আন ঠাইবোৰৰ প্ৰকৃত চিকিৎসা ক্ষেত্ৰখনৰ ছবি অনুধাৱন কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত স্বাস্থ্য বিভাগৰ দীৰ্ঘদিনৰ মন্ত্ৰী। সফলতাৰ দাবী যেনেকৈ তেওঁ কৰিব পাৰে, বিফলতাৰ দায়িত্বও তেওঁ ল'ব লাগে।

এয়াই সত্য যে, স্বাস্থ্যখণ্ডৰ সঠিক উন্নয়ন এতিয়াও মাজুলীত সম্ভৱ হৈ উঠা নাই। উন্নয়নৰ সঠিক ছবিখন কেৱল বিজ্ঞাপন চাই কৈ দিব নোৱাৰি। তেজস্বিতাৰ দৰে মৃত্যুৱে সেইবোৰ উদঙাই দিয়ে। প্ৰশাসনে তদন্ত কৰিব। সেই তদন্ত কেৱল তেজস্বিতাতে শেষ হ'ব নালাগে।

চিকিৎসালয়খনৰ সঠিক ছবি আৰু তাৰ সমস্যবোৰ তুলি ধৰিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল মাজুলীৰ দায়িত্ব তেওঁ লৈছে। সৰ্বানন্দ সোণোৱালৰ অনুপস্থিতিত মাজুলীৰ দায়িত্ব লোৱা মুখ্যমন্ত্ৰীৰ নিশ্চয় কথাটো মনত পৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in