/asomiyapratidin/media/media_files/2025/01/28/xJSwX81iwVX3vXyUFbWR.jpg)
তুষাৰ প্ৰতিম
কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ সমগ্ৰ দেশত সকলো চৰকাৰী, বাণিজ্যিক ক্ষেত্ৰত ভাৰতীয় মানক সময় (IST) একচেটিয়া ব্যৱহাৰৰ বাবে বাধ্যতামূলক কৰাৰ উদ্দেশ্যৰে এক খচৰা প্ৰস্তুত কৰিছে। এই সন্দৰ্ভত অহা ১৪ ফেব্ৰুৱাৰীৰ ভিতৰত উপভোক্তা পৰিক্ৰমা মন্ত্ৰণালয়ে ৰাজহুৱা মতামত বিচাৰিছে।
কিন্তু লক্ষ্যণীয় বিষয় যে, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে দীঘলীয়া সময় ধৰি এক পৃথক টাইম জ’নৰ দাবী উত্থাপন হৈ আহিছে। দেশৰ পূব প্ৰান্তৰ এই অঞ্চলটোৰ বাবে কিয় পৃথক সময় জ’নৰ প্ৰয়োজন তাৰো ব্যাখ্যা হৈছে। আনকি সংসদৰ মজিয়াতো অসম আৰু উত্তৰ পূবৰ বাবে পৃথক টাইম জন’ৰ দাবী উত্থাপন হৈ আহিছে।
অথচ সেই সময়ত ভাৰতৰ পশ্চিমপ্ৰান্তৰ মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যসমূহত ৰ’দৰ পোহৰতে কৰ্মক্ষেত্ৰত মানুহবোৰে অতি ব্যস্ত হৈ পৰে। সেইদৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ তুলনাত প্ৰায় ২ ঘণ্টা পিছতহে পশ্চিমপ্ৰান্তৰ ৰাজ্যসমূহত বেলি উদয় হয়। সূৰ্যাস্তৰ ক্ষেত্ৰতো একেই অৱস্থা।
সেয়েহে উত্তৰ পূবৰ ৰাজ্যসমূহৰ তুলনাত আন ৰাজ্যবোৰে দৈনিক ২ ঘণ্টা আগবাঢ়ি থকাই নহয়, ২ ঘণ্টা অধিক কাম কৰাৰ সুযোগ লাভ কৰে। এই দৃষ্টিৰে চাবলৈ গ’লে উত্তৰ পূৰ্বাঞ্চলে দৈনিক ২ ঘণ্টা সময় অপব্যয় কৰি আহিছে। ফলত এই অঞ্চলটোৰ মানুহখিনিৰ উৎপাদনশীলতাৰ লগতে শক্তিৰ প্ৰচুৰ অপচয় হয়।
বৈজ্ঞানিক দৃষ্টিভংগী আৰু ভাৰতৰ টাইম জ’ন
পৃথিৱীয়ে নিজ অক্ষক কেন্দ্ৰ কৰি পিৰভ্ৰমণ কৰোঁকে প্ৰতি ৬০ মিনিটত প্ৰায় প্রায় ১৫ ডিগ্রী ঘূৰে আৰু ২৪ ঘণ্টাত ৩৬০ ডিগ্রীৰ ঘূৰি সম্পূৰ্ণ কৰে। এই তথ্যকে ব্যৱহাৰ কৰি বিজ্ঞানীসকলে গোলকীয় পৃথিৱীক অনুদৈৰ্ঘিকভাৱে ১৫ ডিগ্রীকৈ মুঠ ২৪টা সময়-অঞ্চলত ভাগ কৰিছে।
লণ্ডনত থকা গ্রীণউইচৰ সম্যক (00:00 h) মান-সম্য (GMT) বুলি ধৰি লোৱা হ’ল। অৰ্থাত আপুনি যদি গ্রীণউইচৰ পৰা দক্ষিণলৈ যায়, তেন্তে প্রতি ১৫ ডিগ্রী যোৱাৰ পাছত গ্রীণউইচ মান সময়তকৈ ১ ঘণ্টা পিছুৱাই যাব আৰু যদি গ্রীণউইচৰ পৰা পূব দিশলৈ যায় তেন্তে প্রতি ১৫ ডিগ্রীৰ পাছত গ্রীণউইচ মান সময়তকৈ এঘণ্টা আগুৱাই যাব।
ভাৰত স্বাধীন হোৱাৰ পাছত ১৯৪৭ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ভাৰতীয় মান সময় ব্যৱহাৰ আৰম্ভ হৈছিল। ভাৰত প্রায় ২৮°৬ বিস্তৃত হৈ থকা এক অঞ্চল। স্বাভাৱিকতেই ভাৰতবৰ্ষত দুটা টাইম জ’নৰ প্ৰযোজন। কিন্তু দেশ স্বাধীন হোৱাৰ পাছতেই সমগ্র দেশতেই সময়ৰ ক্ষেত্ৰত সমতা স্থাপন কৰাৰ উদ্দেশ্যৰে ১৯৪৭ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ভাৰতীয় মান সময় (IST)ৰ ব্যৱহাৰ আৰম্ভ কৰা হ’ল।
ভাৰতীয় মান সময় গ্রীণউইছৰ পৰা ৮২°৫’ পূর্ব দ্রাঘিমাংশক ধৰি হিচাপ কৰা হয়। এই ৰেখাডাল উত্তৰ প্ৰদেশৰ মির্জাপুৰৰ ওপৰেদি পাৰ হৈ গৈছে। গ্রীণউইছৰ লগত ইয়াৰ সময় পার্থক্য +০৫:৩০ ঘণ্টা। অর্থাৎ ভাৰতীয় মান সময় গ্রীণউইছ মান সময়তকৈ ৫ ঘণ্টা ৩০ মিনিট আগবঢ়া।
ব্ৰিটিছসকলে দিনৰ পোহৰক ঘড়ীৰ কাঁটাৰ লগত সঠিকভাৱে ব্যৱহাৰ কৰাৰ লগতে শক্তিৰ সংৰক্ষণৰ বাবে ভাৰতক দুটা সময়-অঞ্চলত ভাগ কৰিছিল। ভাৰতৰ পূবফালে কলিকতাৰ সময় আৰু পশ্চিমে বোম্বেৰ মান সময় মানি চলিছিল। ব্ৰিটিছৰ অধীনৰ অসমৰ চাহ বাগান আৰু কয়লাখনিত সেয়ে পুৱা ৬ বজাৰ পৰাই কাম আৰম্ভ হৈছিল। কিন্তু স্বাধীনতাৰ পাছৰে পৰা এই ব্যৱস্থা নোহোৱা হ’ল।
পৃথক টাইম জনৰ প্ৰয়োজনীয়তা
উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুকীয়া টাইম জ’নৰ দাবী আজিৰ নহয়। ৯০ৰ দশকৰ পৰাই এই দাবী উত্থাপন হৈ আহিছে। এসময়ত 'বুধবাৰ'ৰ পৃষ্ঠাত পৰাগ কুমাৰ দাসে যুক্তিসহকাৰে উত্তৰ পূবৰ বাবে কিয় পৃথক টাইম জ'নৰ প্ৰয়োজন সেয়া বুজাই দিছিল।
বিশিষ্ট ছবি পৰিচালক জাহ্নু বৰুৱাই দীৰ্ঘদিনৰ পৰা উত্তৰ পূবৰ বাবে পৃথক টাইম জ'নৰ বাবে দাবী উত্থাপন কৰি সুযোগ পালেই যুক্তিৰে ব্যাখ্যা কৰি আহিছে। একেদৰে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসমত চৰকাৰী কাম-কাজ ১ ঘণ্টা আগুৱাই দিয়াৰ পোষকতা কৰিছিল।
সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সংসদৰ মজিয়াত উত্তৰ পূৰ্বাঞ্চলৰ বাবে পৃথক টাইম জ'নৰ দাবী কৰিছে। অনুৰূপ দাবী অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰো।
পুৱা সূৰ্য উদয় হোৱাৰ পৰাই এই অঞ্চলৰ লোকসকলে কাম কৰিবলৈ আৰম্ভ কৰে। খেতিয়কে পথাৰলৈ যায়, গৃহস্থই ঘৰৰ কাম-কাজত ধৰে। পূৰ্বে বেলি মূৰৰ ওপৰত উঠি পশ্চিমলৈ গ’লেই এই অঞ্চলৰ মানুহে কৰ্মক্ষেত্ৰ ত্যাগ কৰে। সময়ৰ এই ব্যৱহাৰ খাদ্য গ্ৰহণৰ ক্ষেত্ৰতো মানি চলিছিল।
কিন্তু ইয়াৰ বিপৰীতে দেশৰ আন প্ৰান্তৰ জীৱন শৈলী সম্পূৰ্ণ বিপৰীত। তেওঁলোকে নিশাৰ আহৰ ১০ বজাৰ পিছত গ্ৰহণ কৰে। অথচ উত্তৰ পূবৰ লোকে পূৰ্বে ৮ বজাৰ আগতেই বিচনালৈ গৈছিল। এতিয়া উত্তৰ পূবৰ লোকেও ভাৰতৰ অন্য প্ৰান্তৰ সময়ৰ সৈতে মিলাই জীৱন শৈলী সলনি কৰি ল'লে। এই জীৱন শৈলী উত্তৰ পূবৰ মানুহৰ বাবে বিজ্ঞানসন্মত নহয়।
তাৰোপৰি পুৱাৰ সতেজ সময়খিনি উৎপাদনমূলক কাম-কাজৰ বাবে অতি উত্তম। সেয়ে ব্ৰিটিছসকলে অসমৰ চাহ বাগিচাত পুৱা ৬ বজাৰ পৰাই কাম-আৰম্ভ কৰিছিল। কিন্তু ভাৰতীয় টাইম জ'নৰ সৈতে মিলাই কাম কৰিবলৈ আৰম্ভ কৰাত আমাৰ পুৱাৰ কাম ১০ বজাৰ পৰাহে আৰম্ভ হ'বলৈ ধৰিলে।
১০ বজাত কাম আৰম্ভ কৰিলেও ১২ বজাতেই অৱসাদ অনুভৱ কৰে প্ৰায়বোৰ কৰ্মচাৰীয়েই। এনে হোৱাৰ মূলতে হৈছে প্ৰকৃতিৰ বিপৰীতে গৈ কাম কৰা।
পূৰ্বে পুৱাৰে পৰা কাম-কাজ আৰম্ভ হোৱাৰ পিছত কাম শেষ কৰি মনোৰঞ্জনৰ বাবে বা অৱসাদ দূৰ কৰিবৰ বাবে যথেষ্ট সময় হাতত পাইছিল। কিন্তু একেটা টাইম জ'ন ব্যৱহাৰ কৰাৰ বাবে সেই সময়ো আমি হেৰুৱালো। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে আমাৰ শাৰীৰিক, মানসিক স্বাস্থ্যত।
অৰ্থনৈতিক সমস্যা সমাধান
দীৰ্ঘদিন ধৰি এই অঞ্চলটোৰ বাবে পৃথক টাইম জ'নৰ যি দাবী উত্থাপন হৈ আহিছে সেই দাবীক মান্যতা প্ৰদান কৰাৰ বিপৰীতে সমগ্ৰ দেশৰ বাবে একেটা টাইম জ'ন কাৰ্যকৰী কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তই এই অঞ্চলটোৰ ৰাইজক ২ ঘণ্টা পিছুৱাই ৰাখি অন্যায় কৰিবলৈ উলাইছে।
প্ৰকৃতিৰ নিয়ম অনুসৰিয়েই কাম-কাজ কৰাৰ বাবে এই অঞ্চলটো একালত সাংস্কৃতিক, অৰ্থনৈতিক, সামাজিক আদি ক্ষেত্ৰত সমৃদ্ধিশালী আছিল। কিন্তু সময়ৰ পৰিবৰ্তনৰ ফলত এতিয়া এই অঞ্চলটোৰ মানুহখিনিৰ সেই চহকী ঐতিহ্যলৈ বিপদ নামি আহিছে।
প্ৰকৃতিৰ বিৰুদ্ধে গৈ কাম কৰাৰ বাবেই মানুহখিনিৰ উৎপাদনশীলতা হ্ৰাস পোৱাৰ লগতে শাৰীৰিক, মানসিকভাৱেও দুৰ্বল হৈ পৰিছে।
সুকীয়া টাইম জ'নে এই সমস্যাৰো সমাধান কৰাৰ অৱকাশ আছে। সুকীয়া টাইম জ’নৰ দ্বাৰা সময়ৰ অপচয় ৰোধ হোৱাৰ উপৰিও বিদ্যুৎ ৰাহিকে ধৰি অন্যান্য খৰচ-পাতিও হ্ৰাস পাব তথা উৎপাদন বৃদ্ধি পাব।
উত্তৰ পূৰ্বাঞ্চলৰ বাবে পৃথক টাইম জ'ন মানি চলাত নাই কাৰিকৰী অসুবিধা
২০১৮ চনত প্ৰকাশ পোৱা এক গৱেষণা পত্ৰই ভাৰতত দুটা টাইম জ'নৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত কোনো সমস্যা নাই বুলি বিশ্লেষণ দাঙি ধৰিছিল।
কিন্তু এই সমস্যাক যে অতি সহজে সমাধান কৰিব পাৰি সেয়াও সেই গৱেষণা পত্ৰতে উল্লেখ আছে। ৰে'ল যাতায়তৰ ক্ষেত্ৰত আলিপুৰদুৱাৰ আৰু নিউ কোচবিহাৰ ষ্টেচনত সময়ৰ ব্যৱস্থাপনা কৰি এই অসুবিধা আঁতৰ কৰিব পৰা যাব।
ভাৰতৰ দুই সময় অঞ্চলৰ সীমা অসম আৰু পশ্চিমবংগৰ মাজৰ ৮৯°৫২’ (পূর্ব) ৰেখাডাল বুলি ধৰি লৈ অসম, মণিপুৰ, মেঘালয়, নগালেণ্ড,অৰুণাচল, মিজোৰাম, ত্ৰিপুৰা আৰু আন্দামান নিকোবৰ দ্বীপপূঞ্জত IST-II (UTC+6:30 h, মূল ভাৰতীয় সময়তকৈ এঘণ্টা আগুৱাই)ৰ মতে ঘড়ীৰ সময় ব্যৱহাৰ কৰিবলৈ প্ৰস্তাৱ দিয়া হৈছিল সেই গৱেষণা পত্ৰত।
মন কৰিবলগীয়া যে, আমেৰিকা, ৰাছিয়া, মঙ্গোলিয়াৰ দৰে দেশক পৃথক টাইম জ'নৰ ব্যৱস্থা আছে। আমেৰিকা আৰু ৰাছিয়াত ১১ টাকৈ পৃথক টাইম জ'ন থকাৰ বিপৰীতে মঙ্গোলিয়াত দুটা পৃথক টাইম জ'ন আছে।
ভাৰতৰ দৰে এখন ভৌগলিকভাৱেও বৈচিত্ৰময় দেশত পৃথক টাইম জ'ন কৰাত কোনো অসুবিধা নাই। কেন্দ্ৰীয় চৰকাৰে এই বৃহৎ অঞ্চলটোৰ ৰাইজক সময়ৰ উচিত ব্যৱহাৰৰ ক্ষেত্ৰত যি বৈষম্য কৰি আহিছে সেই বৈষম্যক স্থায়ী কৰাৰ বিপৰীতে এই অঞ্চলক ন্যায় প্ৰদান কৰাহে উচিত। অন্যথা সূৰ্য উঠা এই দেশৰ জনসাধাৰণক কেৱল ২ ঘণ্টা পিছুৱাই ৰখাই নহয়, সাংস্কৃতিক, অৰ্থনৈতিক, সামাজিক, শাৰীৰিক, মানসিকভাৱেও ধ্বংসৰ মুখলৈ ঠেলি দিয়াহে হ'ব।