বজাৰ ভাল...

বজাৰ ভাল...
বজাৰ ভাল...

বাঢ়ি গৈ আছে ! উৎসৱৰ বতৰত আন কি সামগ্ৰীৰ বিক্ৰী বাঢ়ক বা নাবাঢ়ক এবিধ সামগ্ৰীৰ বিক্ৰীয়ে অভিলেখৰ পাছত অভিলেখ গঢ়িছে। এই ধাৰা অব্যাহত থকা মানেই ৰাজকোষৰ বাবে মংগল, ৰজা ঘৰৰ বাবে ভাল।

এইবাৰ পূজা প্ৰায় শান্তিপূৰ্ণভাৱেই পাৰ হৈ গ'ল। অৱশ্যে গুৱাহাটী মহানগৰীত পূজাৰ সময়ত বহু কেইটা পথ দুৰ্ঘটনা সংঘটিত হ'ল। যানবাহন শাখাৰ তথ্য অনুসৰি পূজাৰ চাৰি দিনত ২৮২ গৰাকী লোক পথ দুৰ্ঘটনাত পতিত হৈছিল।

তাৰে ৫২ গৰাকী সপ্তমীত, ৬৪ গৰাকী অষ্টমীত, নৱমীত ৮০ গৰাকী আৰু দশমীত ৮৬ গৰাকী লোক পথ দুৰ্ঘটনাৰ সন্মুখীন হৈছিল গুৱাহাটীত। ২০২২ বৰ্ষত পূজাৰ বতৰত ৩২৯ গৰাকী লোক পথ দুৰ্ঘটনাত পতিত হৈছিল।

চৰকাৰৰ বাবে, যানবাহন শাখাৰ আৰক্ষীৰ বাবে এয়া সুখৰ খবৰ যে গুৱাহাটীত পূজাৰ বতৰত পথ দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পালে। পূজা মানেই উৎসাহ আৰু আনন্দৰ বতৰ। পূজা মানেই ফূৰ্তি।

পূজা বা উৎসৱ বুলিলেই যেন ৰঙা পানী এটুপী নহ'লে নচলে। এতিয়া সুখতো, দুখতো ফূৰ্তি পানী লাগে আমাক। হিচাপ ৰাখোতাই হিচাপো ৰাখে তেনেকৈ। আবকাৰী নামৰ বিভাগ এটাক এই দায়িত্বত এনেই ৰখাই থোৱা হোৱা নাই।

চৰকাৰক ৰাজহ সংগ্ৰহৰে আটাইতকৈ সকাহ দিয়া বিভাগটোৱেই এইটো। সেয়েহে সুৰাৰ বিক্ৰী সম্ভাৱনা বেছি থকা দিনবোৰক চৰকাৰে এৰাই চলিব নোখোজে। আনফালে উৎসৱৰ বতৰত সুৰাই দুৰ্ঘটনাৰ কাৰণ বুলিও মানুহক সজাগ হ'বলৈ ঠিকেই সতৰ্কবাণীও জাৰি কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ভালকৈ জানে যে, মুখত সুৰা মুক্তৰ কথা ক'লেও কাৰ্যতঃ সেয়া সম্ভৱ নহয়। সেয়েহে সাংবাদিকে পূজাৰ বতৰত সুৰা বিপনীৰ বন্ধ ৰাখিব নেকি বুলি সুধোতে তেনে সম্ভাৱনা তেওঁ নুই কৰিছিল।

সাপো মৰক, লাঠিও নাভাগক নীতিৰে সুৰাৰ ক্ষেত্ৰত চৰকাৰে এই ভূমিকাই পালন কৰি আহিছে। ২০২৩ বৰ্ষৰ দুৰ্গা পূজাৰ বতৰত পূজাৰ তিনিটা দিনত কিমান সুৰা বিক্ৰী হ'ল সেই তথ্য ৰাজ্যৰ আবকাৰী বিভাগে প্ৰকাশ কৰিলে।

এয়া আবকাৰী বিভাগৰ বাবে সফলতা। অষ্টমী, নৱমী আৰু দশমী এই তিনি দিনত কেৱল গুৱাহাটীতেই ২২ কোটি ৫ লাখ টকাৰ সুৰা বিক্ৰী হ'ল। সৰ্বকালৰ অভিলেখ সুৰা বিক্ৰীৰ ক্ষেত্ৰত এইবাৰ ভংগ কৰিলে গুৱাহাটী বাসীয়ে।

গুৱাহাটী মহানগৰীত এইবাৰ পূজাত প্ৰতিদিনে গড়ে ৭৩৩ লাখ টকাৰ মূল্যৰ সুৰা বিক্ৰী হ'ল। মহানগৰীত বাস কৰা বাসিন্দাৰ সংখ্যা ২৫ লাখ বুলি ধৰিলে পূজাৰ দিন কেইটাত প্ৰতিদিনে এজনে মহানগৰবাসীয়ে গড়ে ২৯৩.২ টকাকৈ সুৰা সেৱন কৰিলে। এয়া চৰকাৰী তথ্য।

উৎসৱৰ বতৰত সুৰাৰ বিক্ৰীৰ ক্ষেত্ৰত ২০২২ বৰ্ষত এই পূজাৰ বতৰতে অভিলেখ গঢ়িছিল মহানগৰবাসীয়ে। সেইবাৰ দুদিনকৈ ড্ৰাই ডে' ঘোষণা কৰাৰ পাছতো গুৱাহাটীত ১৭ কোটি টকাৰ সুৰা বিক্ৰী হোৱা বুলি আবকাৰী বিভাগেই তথ্য প্ৰকাশ কৰিছিল।

এবছৰত সুৰাৰ বিক্ৰীৰ ধনৰ সংখ্যা ৫ কোটি বাঢ়িল। ২০২১ বৰ্ষৰ দীপাৱলী আছিল ৪ নৱেম্বৰ আৰু ৫ নৱেম্বৰত। ৪ নৱেম্বৰত গুৱাহাটীত ২ কোটি ৫৬ লাখ ৭০ হাজাৰ টকা আৰু ৫ নৱেম্বৰত ২ কোটি ৪৪ লাখ ৬২ হাজাৰ টকাৰ সুৰা বিক্ৰী হৈছিল।

দুদিনত দিপাৱলীত দুবছৰৰ আগতে গুৱাহাটীত ৫ কোটি টকাৰ সুৰা বিক্ৰী হোৱাটোৱেই ডাঙৰ খবৰ আছিল। এতিয়া এয়া কিমান ডাঙৰ খবৰ হ'ব পাৰে? এটা দিনত ৭ কোটি সুৰা বিক্ৰী হোৱাৰ পৰিৱেশ গুৱাহাটীত।

এইবাৰ ২০২৩ বৰ্ষৰ বিশ্বকৰ্মা পূজাতো চৰকাৰৰ লোকচান হোৱা নাই। বিশ্বকৰ্মা পূজাত গুৱাহাটীত ৮ কোটি ৩৪ লাখ টকাৰ সুৰাৰ বিক্ৰীৰ অভিলেখ হৈছিল। একেদৰে ২০২৩ বৰ্ষৰ হোলীৰ দুটা দিনত ৰাজ্যত ১০ কোটি ৬২ লাখ সুৰা বিক্ৰী হৈছিল।

৭ মাৰ্চ ২০২৩ ত ৰাজ্যত ৯.৫৮ কোটি আৰু ৮ মাৰ্চ ২০২৩ ত ১ কোটিৰো অধিক টকা মূল্যৰ সুৰা বিক্ৰী কৰিছিল সুৰা বিপনীয়ে। এই দুটা দিনত গুৱাহাটীতেই ৫.১৮ কোটি টকাৰ মূল্যৰ সুৰাৰ বিক্ৰী হোৱাৰ তথ্য আবকাৰী বিভাগৰ সূত্ৰতেই প্ৰকাশ।

অসম এখন সুৰা প্ৰিয় ৰাজ্য। চৰকাৰে তাত সুৰাৰ বিৰুদ্ধে কোনো জনমত গঠন কৰাৰ দেখিবলৈ পোৱা নাযায়। বৰঞ্চ চৰকাৰৰ বাবে এয়া আয়ৰ উৎস। অসম বিধানসভাত ২০২৩ বৰ্ষৰ ১৩ ছেপ্তেম্বৰত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এক তথ্য দাঙি ধৰিছিল।

কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰাই ৰাজ্য চৰকাৰৰ পৰা জানিব বিচাৰিছিল অসমত এটা দিনত কিমান সুৰা সেৱন হয়। ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি এবছৰত অসমত ৪ হাজাৰ কোটি টকাৰ সুৰা বিক্ৰী হয়। দৈনিক ৰাজ্যখনত ৩ লাখ ৬ হাজাৰ ৭৭৩ লিটাৰ বিদেশী সুৰা, ১ লাখ ৬৬ হাজাৰ ৫৯০ লিটাৰ বিয়েৰ, ৫৭ হাজাৰ ৮১৮ লিটাৰ দেশীয় সুৰা গড়ে পান কৰে।

এই হিচাপত ৰাজ্যখনত ৫ লাখ লিটাৰ সুৰা এটা দিনত পান কৰে ৰাজ্যবাসীয়ে। চৰকাৰেও উৎসৱ আহিলে সেই সুবিধা প্ৰদান কৰে। সুৰা সেৱক সকলেও ইয়াৰ সুযোগ গ্ৰহণ কৰি চৰকাৰক ধন্য কৰে।

সেই হিচাপত পূজা, বিহু, হলী আদিত সুৰাৰ বিক্ৰীৰ মাত্ৰা দিনক দিনে বাঢ়ি গৈ আছে। এফালে সুৰা বিক্ৰী কৰা চৰকাৰেই আৰক্ষী বা পৰিবহণ বিভাগৰ বিষয়াসকলক সুৰাসক্তৰ বিৰুদ্ধে অভিযান চলাবলৈ লগায়।

এনেকৈও চৰকাৰৰ ঘৰলৈ আন কিছু ৰাজহ আহে। জনস্বাস্থ্যৰ প্ৰতি, পথ দুৰ্ঘটনা আদি গুৰুত্বপূৰ্ণ বিষয়বোৰৰ প্ৰতি চৰকাৰৰ এই উদাস নীতি আজিৰ নহয়। বৰঞ্চ ইয়াক তীব্ৰতৰ ৰূপত কৌশলপূৰ্ণভাৱে প্ৰয়োগ কৰি দুয়ো ফালৰ পৰাই ধন সংগ্ৰহৰ অভিযান চৰকাৰে চলাই গৈ আছে। পূজা বতৰত সুৰাৰ বিক্ৰীৰ এই অভিলেখে আমাৰ স্খলিত সমাজখনৰ প্ৰতিচ্ছবি তুলি ধৰিছে। তাৰ পাছতো চৰকাৰীভাৱে ইয়াক সফলতাৰ ধ্বজ্জা বুলি প্ৰতিষ্ঠা কৰি প্ৰচাৰ কৰে- আমি কিমান টকাৰ সুৰাৰ বিক্ৰী কৰিলো।

বজাৰ ভাল...
বিজয়া দশমী, দশেৰাই দিয়া শিক্ষা আমি ল'ব পাৰিম নে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in