Advertisment

আমি কিয় 'প্ৰফেছনেল' হ'ব নোৱাৰো ?

‘প্ৰফেছনেল’- মানুহৰ মুখত আখৈ ফুটাৰ দৰে ফুটা এটা শব্দ। সৰু, বৰ অথবা চৰকাৰী, বেচৰকাৰী সকলো খণ্ডতে কৰ্মৰত লোকসকলৰ বাবে অতি চিনাকী এই শব্দ। কৰ্মক্ষেত্ৰত প্ৰফেছনেলিছিম বা পেছাদাৰীত্বৰ কথা কোৱা হয় যদিও অসমৰ দৰে ৰাজ্যত ইয়াৰ অস্তিত্ব দৰাচলতে শূন্য।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
আমি কিয় 'প্ৰফেছনেল' হ'ব নোৱাৰো ?

আমি কিয় 'প্ৰফেছনেল' হ'ব নোৱাৰো ?

তুষাৰ প্ৰতিম

Advertisment

প্ৰফেছনেল- মানুহৰ মুখত আখৈ ফুটাৰ দৰে ফুটা এটা শব্দ। সৰু, বৰ অথবা চৰকাৰী, বেচৰকাৰী সকলো খণ্ডতে কৰ্মৰত লোকসকলৰ বাবে অতি চিনাকী এই শব্দ। কৰ্মক্ষেত্ৰত প্ৰফেছনেলিছিম বা পেছাদাৰীত্বৰ কথা কোৱা হয় যদিও অসমৰ দৰে ৰাজ্যত ইয়াৰ অস্তিত্ব দৰাচলতে শূন্য।

কেৱল অসমতেই নহয়, ভাৰতীয় প্ৰেক্ষাপটত পেছাদাৰীত্বৰ সৈতে মানুহৰ দূৰ দূৰণিলৈকে সম্পৰ্ক প্ৰায় নোহোৱাৰ দৰেই। পেছাদাৰীত্বৰ বাবে প্ৰধান আৰু প্ৰথম চৰ্ত দক্ষতা। কোনো এজন ব্যক্তিৰ এনে দক্ষতাই কেৱল তেওঁকেই লাভাম্বিত নকৰে, তেওঁৰ কৰ্মক্ষেত্ৰখনকো ন্যায় প্ৰদান কৰা হয়। দক্ষতা অবিহনে কোনেও নিজা কৰ্মক্ষেত্ৰক ন্যায় প্ৰদান কৰিব নোৱাৰে।

পেছাদাৰীত্বৰ ব্যাপক পৰিসৰত আকৌ দৰাচলতে পেছাদাৰীত্ব নিৰ্ভৰ কৰে একোজন ব্যক্তিৰ আচাৰ-আচৰণ, ব্যৱহাৰ আৰু মনোভাৱৰ ওপৰত। পেছাদাৰীত্ব কৰ্ম সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। পেছাদাৰীত্বৰ অবিহনে কৰ্ম সংস্কৃতি গঢ়ি উঠিব নোৱাৰে।

পেছাগত দায়িত্ব সূচাৰুৰূপে পালন কৰাৰ উপৰিও সহকৰ্মীৰ সৈতে ভাল ব্যৱহাৰ, উৰ্ধতম কৰ্তৃপক্ষৰ প্ৰতি শ্ৰদ্ধাশীলতাই একোজন ব্যক্তিক পেছাদাৰী কৰি তোলে। সেইদৰেই উৰ্ধতম কৰ্তৃপক্ষৰো পেছাদাৰীত্ব প্ৰকাশ পাই তলৰ কৰ্মচাৰীৰ প্ৰতি থকা তেওঁলোকৰ আচৰণত।

আন অৰ্থৎ কৰ্মক্ষেত্ৰত পেছাদাৰীত্ব হৈছে এক দক্ষতা যিয়ে মানুহক মাৰ্জিত ব্যক্তিত্বৰ অধিকাৰী হিচাপে গঢ়ি তোলে। পেছাদাৰীত্বৰ ক্ষেত্ৰত পেছাগত জ্ঞান, ভদ্ৰ আচৰণ, পাৰদৰ্শিতা, বিশ্বাসযোগ্যতা, সততা, ইতিবাচক মনোভাৱ আদিৰ দৰে বৈশিষ্টই মানুহক শুভবোধ সম্পন্ন কৰি তোলে।

কিন্তু অসম তথা ভাৰতত এনে বৈশিষ্ট্যৰ অভাৱ দৃষ্টিকটুভাৱে ধৰা পৰে প্ৰতিটো ক্ষেত্ৰতে। নিম্ন-উচ্চ পৰ্যায়ৰ সকলোৱেই এনে বৈশিষ্টৰে নিজকে নিজ নিজ কৰ্মক্ষেত্ৰত পেছাদাৰী কৰি তোলাত ব্যৰ্থ হোৱাৰ অভিযোগ বহু পুৰণি।

ভাৰতত চৰকাৰী খণ্ডৰ কৰ্ম সংস্কৃতিত পেছাগত ধাৰণাই এতিয়াও গা কৰি উঠা নাই। বেংকৰ পৰা আৰম্ভ কৰি আৰক্ষী থানালৈকে যিকোনো চৰকাৰী কাৰ্যালয়লৈ গলে একেবাৰে নিম্ন পৰ্যায়ৰ পৰা কাৰ্যালয়ৰ মুৰব্বীগৰাকীলৈকে সকলোবোৰেই যে আনপ্ৰফেছনেল সেয়া সহজে বুজি উঠিব পাৰি। 

ব্যক্তিগত খণ্ডত আকৌ পেছাদাৰীত্ব বা প্ৰফেছনেলিছমৰ নামত চলিছে কেৱল মানসিক আতিশায্য। উৰ্ধতম কৰ্তৃপক্ষই তলৰ পৰ্যায়ৰ কৰ্মচাৰীৰ ওপৰত চলোৱা এই মানসিক আতিশায্যৰ বাবেই একাংশ কৰ্মচাৰীয়ে মানসিক অশান্তি, হতাশাৰ বলি হৈ কৰ্মস্থলী ত্যাগ কৰাটো তেনেই সাধাৰণ ঘটনালৈ ৰূপান্তৰ হৈছে।

তদুপৰি পদোন্নতি, ব্যক্তিগত সুবিধা আদায়ৰ বাবে উৰ্ধতম কৰ্তৃপক্ষৰ সৈতে মিলি একাংশ কৰ্মচাৰীয়ে কৰি অহা কামকাজেও কৰ্মচাৰীক হতাশগ্ৰস্ত কৰাৰ উদাহৰণো হাজাৰৰো অধিক। এনে হতাশাই কৰ্মচাৰীৰ মানসিক স্বাস্থ্যতো বিৰূপ প্ৰভাৱ পেলোৱাৰ কথা কেইবাখনো স্বাস্থ্য সম্পৰ্কীয় প্ৰতিবেদনত ইতিমধ্যে প্ৰকাশ পাইছে।

এই বিষয়টোৱে শেহতীয়াকৈ ভাৰতৰ সংসদৰ মজিয়াতো স্থান পাইছে। ভাৰতৰ ''Toxic work culture'' ৰ বিৰুদ্ধে এখন আইন প্ৰণয়নৰ বাবেও সদ্য সমাপ্ত সংসদৰ শীতকালীন অধিবেশনত ৰাজ্যসভাত দাবী উত্থাপন হৈছে।

তৃণমূল কংগ্ৰেছৰ সাংসদ ছাকেট গোখলেয়ে ৰাজ্যসভাত বিষাক্ত কৰ্ম সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ আইনৰ দাবী তুলিছে। তেওঁ এনে বিষাক্ত কৰ্ম সংস্কৃতিৰ বাবেই আন্না চেবাষ্টিয়ান, সাংবাদিক সতীশ নন্দগাওঁকাৰৰ দৰে ব্যক্তিৰ মৃত্যু হোৱা বুলি দাবী কৰি কেইবাটাও উদাহৰণ দাঙি ধৰিছে।

বিষাক্ত কৰ্ম সংস্কৃতিয়ে একোজন কৰ্মচাৰীক মানসিক আতিশায্য চলোৱাই নহয়, সেই কৰ্মস্থলীৰ সামগ্ৰীক পৰিবেশেই বিনষ্ট কৰি তোলে। এনে বিনষ্ট পৰিবেশ স্বাভাৱিকভাৱেই কোনো প্ৰতিষ্ঠানৰ বাবে শুভদায়ক নহয়।

এই পৰিবেশ বা এনে বিষাক্ত কৰ্ম সংস্কৃতি যে কেৱল আইন প্ৰণয়ন কৰিলেই দূৰ হব সেয়াও এক ভ্ৰান্ত ধাৰণা। অৱশ্যে এনে আইন প্ৰণয়ন হ'লে বহু ক্ষেত্ৰত এই আইনে পীড়িতক ন্যায় প্ৰদানৰ এক বাট মুকলি কৰিব।

এই পৰিবেশৰ পৰা আঁতৰি থাকিবলৈ সামগ্ৰীকভাৱে পেছাদাৰীত্বৰ ধাৰণাৰ বিকাশ হব লাগিব। পেছাগত জ্ঞানৰ সমান্তৰালকৈ ভদ্ৰ, বিনয়ী আৰু মাৰ্জিত আচৰণ সম্পন্নও হৈ উঠিব লাগিব। নিম্ন পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ সকলোৰে মাজত পেছাদাৰীত্বৰ অনুপস্থিতিতেই কৰ্মস্থলী হৈ পৰে বিষাক্ত।

অসমৰ চৰকাৰী, ব্যক্তিগত প্ৰতিষ্ঠানৰ ভিতৰৰ পৰিবেশৰ কথা বাদেই দিলো। চকুৰ সন্মুখতে বিভিন্ন ক্ষেত্ৰত পেছাদাৰীত্বৰ অভাৱ কিদৰে পৰিস্ফুট হৈ আছে সেয়া এবাৰ উনুকিয়াই দিলেই উপলব্ধি কৰিব পাৰিব।

কোনোবা গায়কে কেইবা লাখ টকাৰ বিনিময়ত অনুষ্ঠানৰ বাবে চুক্তিবদ্ধ হোৱাৰ পিছতো সুৰাৰ ৰাগীত মাতাল হৈ মঞ্চত উঠি গান গাবলৈ মন নাই বুলি নামি আহে এইখন অসমত।সাৱলীল অভিনয়, দক্ষ পৰিচালনা, উন্নত কাৰিকীৰ দিশ অবিহনেই কেৱল অসমীয়াৰ আৱেগৰ নামত চিনেমা বিক্ৰী হয় এইখন অসমত। এইসকল প্ৰফেছনেল হয়নে?

অ'লা, উবেৰ, ৰেপিড' আদিৰে জড়িতসকলে যাত্ৰা কৰিবলগীয়া কিলোমিটাৰ অনুসৰি নিৰ্দিষ্ট মূল্য নিৰ্ধাৰণ কৰি দিয়াৰ পিছতো প্ৰতিটো ৰাইডৰ আৰম্ভণিতে মূল্যৰ দৰ-দাম কৰে।এইসকলৰ মাজত আপোনালোকে প্ৰফেছনেলিছিম দেখিছেনে? অসমৰ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বাহিৰৰ সমাজখনৰ এয়া মাত্ৰ তিনিটা উদাহৰণহে। 

অসমত সকলো ক্ষেত্ৰতে পেছাদাৰীত্বৰ অনুপস্থিতি আজিৰ তাৰিখৰ অন্যতম এক চৰ্চাৰ বিষয় হব লাগিছিল যদিও সেয়া হৈ উঠা নাই। এই সন্দৰ্ভত টেলিভছন চেনেলত টক শ্ব' হোৱা নাই। কাকতত নিবন্ধ প্ৰকাশ পোৱা নাই। অৱশ্যে যিসকলে এই বিষয়টোক লৈ চৰ্চা কৰাৰ আগভাগ লব লাগিছিল তেওঁলোকেই সেই পেছাদাৰীত্বক কিমান ধৰি ৰাখিছে সেয়াও আজিৰ তাৰিখত এক ডাঙৰ প্ৰশ্ন।

কৰ্ম সংস্কৃতি পেছাদাৰীত্ব