Advertisment

সমীৰ তাঁতী ...

তেওঁ জানে ফৰিং বোৰৰ কথা। তেওঁ চিনে বাট-পথে জপিয়াই ফুৰা ফৰিং বোৰ। আত্ম উপলব্ধিত জাগ্ৰত হোৱা চেতনাত শব্দৰে বলিষ্ঠভাৱে উপস্থাপন কৰিব পাৰে। সেয়ে তেওঁ মন গ'লে লিখে কবিতা। নতুবা ৰং তুলিকাৰে আঁকে পৰিবৰ্তনৰ ছবি। 

author-image
Asomiya Pratidin
New Update
সমীৰ তাঁতী...

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

তেওঁ জানে ফৰিং বোৰৰ কথা। তেওঁ চিনে বাট-পথে জপিয়াই ফুৰা ফৰিং বোৰ। আত্ম উপলব্ধিত জাগ্ৰত হোৱা চেতনাত শব্দৰে বলিষ্ঠভাৱে উপস্থাপন কৰিব পাৰে। সেয়ে তেওঁ মন গ'লে লিখে কবিতা। নতুবা ৰং তুলিকাৰে আঁকে পৰিবৰ্তনৰ ছবি। 

শীতৰ কোমল ৰ'দৰ আমেজ লৈ বেতৰ চকীখনত তেওঁ বহি লৈছিল। কৈছিল কবিতাৰে কথা। কবিতা তেওঁৰ কাষলৈ নিজেই আহে। ১৯৮৭ চন মানৰে কথা। উত্তৰ পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্য ভ্ৰমণৰ বাবে গৈছিল। 

বাটে-পথে বহু ঘটনাৰ সাক্ষী হৈছিল। সেই অভিজ্ঞতাবোৰ তেতিয়াই টুকি ৰাখিছিল। যিবোৰ কবিতাৰ দৰেই আছিল। বহু বছৰৰ পাছত তাৰ আধাৰতে লিখি পেলাইছিল- ''ফৰিং বোৰে বাটৰ কথা জানে''। 

২০২১ চনত প্ৰকাশ পাইছিল তেওঁৰ সেই কাব্য সংকলন। ২০২৪ ৰ ১৮ ডিচেম্বৰ। আহিল এটা সুখবৰ। আকৌ কবিতাই জগত জিনাৰ খবৰ। সাহিত্য একাডেমী সন্মান যচা হৈছে ''ফৰিং বোৰে বাটৰ কথা জানে''ৰ কবি সমীৰ তাঁতীলৈ। 

স্বীকৃতিয়ে তেওঁক চুই যাব নোৱাৰে। তথাপিও এটা ভাল লগা খবৰ হৈ এই স্বীকৃতিয়ে তেওঁক প্ৰেৰণা দিয়ে। তেওঁতো যুদ্ধ ভূমিৰ কবিতা লিখা মানুহ। সেই তেতিয়াই 'বুধবাৰ'ত তেওঁ লিখিছিল 'দিনলিপি'। 

৬ নৱেম্বৰ ১৯৯১ ৰ সংখ্যাৰ 'বুধবাৰ'। পৃষ্ঠা আছিল ৭।'২৮ আগষ্ট ১৯৯১' ৰ উপ শিৰোনামেৰে দিনালিপিত তেওঁ লিখিছিল- ''য'ত ন্যায় দমনৰ মাজেদি অদৃশ্য হৈ যায় তাত আত্ম সমৰ্পণ বা আপোচৰ প্ৰশ্ন নুঠে। এই অতি আৰু অস্তিত্বৰ সংকটে শ্ৰম আৰু সংগ্ৰামৰ জয়গান এক নতুন অদ্ভুদয়ৰ আশ্বাস। সেই বাবেই ইতিহাসে বাৰে বাৰে সংগ্ৰামী মানুহক প্ৰণাম কৰে।''

এয়াই আছিল তেওঁ দৰ্শন আৰু আদৰ্শ। নীৰৱতাৰ মাজেৰে একোটা অদৃশ্য বাটেৰে কবিতাক সহজ, সৰল কৰি লৈ তেওঁ যাত্ৰা কৰে। নৈৰাশ্যই অহা-যোৱা কৰিলেও তেওঁ হতাশ নহয়। কবিতাক সহজ সৰল কৰি লৈ তেওঁ আগবাঢ়ে, আৰু আগবাঢ়ি আছে। 

তেওঁ শুনে শোষিত জনসাধাৰণৰ মনত সঞ্চিত বেদনাৰ প্ৰতিধ্বনি। তেওঁ দেখে এই নীৰৱতাই সৃষ্টি কৰা নিসংগতা বোধত জী উঠা বাসনা আৰু প্ৰতিৰোধৰ ক্ষমতা। অসহনীয় মানসিক যন্ত্ৰণা লৈয়ো তেওঁ ক'ব পাৰে কবিতাৰ মাধ্যমেৰেই কোনোৱে নোকোৱা বহু কথা। 

অদৃশ্য ভয়ে তেওঁক ভয়াতোৰ কৰিব নোৱাৰে। আধুনিক সভ্যতাৰ সংকটে তেওঁৰ শিপা চিঙি দিব নোৱাৰে। তেওঁৰ দেহ-মন, চিন্তা, চেতনাত গভীৰতাৰ স্পৰ্শ আছে। নিয়মৰ জটিলতাই তেওঁক বান্ধি ৰাখিব নোৱাৰে। 

শোকাকুল উপত্যকাত তেওঁ জীৱনৰ ঠিকনা নেহেৰুৱায়। তেওঁ জীৱন সম্ভাৱনাৰ মাজেৰে উদযাপন কৰিব খোজে। এইবোৰ কাৰণে তেওঁ পৃথক। তেওঁ এই সম্ভাৱনা আৰু ভৱিষ্যতৰ কথা হোমেন বৰগোঁহায়ে কেতিয়াবাই কৈ গৈছিল। 

তেওঁ কবিতাৰ সংকলনৰ নামবোৰো একো একোটা আশাৰ পোহৰ ছটিয়াই দিয়া চাকি।  কিমান আশাবাদী হ'লে ক'ব পাৰে ''ক'ৰবাত লগ পাম এদিন''। বিগলিত প্ৰাৰ্থনা তেওঁৰ কবিতাৰ ভাষা। 

আনন্দ আৰু বেদনা তেওঁৰ বাবে বৈভৱ। বিষাদৰ সংগীতত সময়ৰ শব্দৰ সপোন ধৰি ৰাখিব পাৰে এইজন কবিয়ে। 'কদম ফুলা ৰাতি তেওঁ সাৰে থাকে' আৰ্তজনৰ কথা ক'বলৈ। তেওঁৰ বাবে কবিতা কেৱল শব্দ আৰু অনুভৱৰ বুৰবুৰণি নহয়। 

তেওঁৰ কবিতাত থাকে প্ৰতিবাদ আৰু মানৱতাৰ সুৰ। কিন্তু তেওঁৰ ভাষা সংযত আৰু বলিষ্ঠ। কায়াকল্প বেলা তেওঁৰ কাব্য চেতনাত জীপাল হৈ উঠোতে আধুনিকতাৰ পৰশ লাগি মানৱতাত পৰাজয় হোৱা কথাবোৰ তেওঁ তুলি ধৰিছিল। 

সেইবোৰ কথাকেই পতা হৈছিল তেওঁৰ সৈতে। তেওঁ স্বাধীন পৰিভাসাৰে সামৰি লোৱা চেতনাবোৰ প্ৰতিফলিত হৈছিল সেই সময়ত। সমাজ-ৰাজনীতি-অৰ্থনীতি আদি সকলো দিশতে তেওঁ সচেতন। 

তেওঁক হতাশ নকৰিলেও সাম্প্ৰতিক সময়ৰ পৰিবেশে চিন্তিত কৰি তোলে। গোলাঘাটৰ বিহৰা চাহ বাগিচাত তেওঁৰ জন্ম হৈছিল। সেয়া আছিল ১৯৫৫ চনৰ ৬ ফেব্ৰুৱাৰীৰ কথা। তেওঁৰ পিতৃৰ নাম আছিল কৰ্ণ তাঁতী। মাতৃৰ নাম নোৱাগ'ৰ তাঁতী। 

তেওঁ দেউতাক আছিল চাহ বাগানৰ শ্ৰমিক। ১৯৩৭ চনতেই দেউতাক উৰিষ্যাৰ কালাহান্দিৰ পৰা অসমলৈ গুছি আহিছিল। চাহ বাগানতেই তেওঁৰ শৈশৱ অতিবাহিত হৈছিল। প্ৰথমে তেওঁ উৰিয়া শিক্ষক এজনৰ ওচৰত প্ৰাথমিক শিক্ষা লৈছিল। 

তাৰ পাছত দুবছৰ বিহৰাৰ এখন হিন্দী বিদ্যালয়ত পঢ়িছিল। সেই শিক্ষাও তাতেই এৰি তেওঁ নাম ভৰ্তি কৰিছিল এখন অসমীয়া বিদ্যালয়ত। তাৰ পাছতেই তেওঁ অসমীয়ত্ব গঢ় লৈ উঠিছিল। 

১৯৮৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। তাৰ ৩ বছৰ পূৰ্বে লীলিবন কলিতাৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিছিল। সৰুৰে পৰাই প্ৰচুৰ অধ্যয়নশীল আৰু সমাজৰ প্ৰতি সচেতন এক মনৰ গৰাকী আছিল। 

হোমেন বৰগোঁহাইৰ কিতাপ বোৰে তেওঁক গভীৰভাৱে আকৰ্ষণ কৰিছিল। হোমেন বৰগোঁহাইৰ সম্পাদনাত প্ৰকাশিত 'সাদিনীয়া নাগৰিক'ৰ চাকৰিটোৱেই তেওঁৰ প্ৰথম চাকৰি আছিল। তাত তেওঁ উপ-সম্পাদক ৰূপে কাম কৰিছিল। 

ইয়াৰ পাছত তেওঁ বহু কেইটা কামতেই যোগ দিছিল। 'দ্য ছেণ্টিনেল' কাকতৰ আৰ্হি কাকত চাওঁতাও হৈছিল। শৰাইঘাট মহাবিদ্যালয়ৰ প্ৰবক্তা হৈছিল। খানাপাৰা গণেশ মন্দিৰৰ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী পঢ়াইছিল। 

তথ্য আৰু জনসংযোগ বিভাগৰ অনুবাদকৰ কামো কৰিছিল। শেষত তেওঁ যোগ দিছিল অসম চৰকাৰৰ পৰ্যটন বিভাগত। তাৰ পৰাই তেওঁ জ্যেষ্ঠ বিষয়া হিচাপে অৱসৰ লৈছিল। চৰ্চা কৰিছিল কবিতা, আঁকিছিল ছবি। 

সমীৰ তাঁতী- ৯০ ৰ দশকৰ অসমীয়া কবিতাৰ এক পৰিচিত নাম হৈ পৰিছিল। কিন্তু প্ৰথমটো কবিতা তেওঁৰ ১৯৭৯ চনতেই প্ৰকাশ পাইছিল। তাৰ পাছত মূলতঃ কবিতা তেওঁৰ সৃষ্টিশীল কৰ্মৰ অন্যতম মাধ্যম হৈছিল। ২০১২ তেওঁ লাভ কৰিছিল অসম উপত্যকা সাহিত্য বঁটা।

মাজে মাজে লিখিছিল গদ্য, আঁকিছিল ছবি। হাত দিছিল গল্পতো। অনুবাদৰ কামবোৰো আগবঢ়াই নিছিল। অসমীয়া সাহিত্য জগতৰ এক নক্ষত্ৰ হৈ জিলিকি উঠিছিল। নিজস্ব এক ধাৰাৰে অন্যায়, অবিচাৰৰ বিৰুদ্ধে যুঁজিছিল। 

হাতত কলম তুলি লৈ নিৰ্ভয়ে বহু কথা লিখিছিল। ''য'ত আমি কোনো দিনেই নাছিলো/ য'ত আমি কোনো দিনেই নাথাকিম/ তাতেই সোঁৱৰিম/ দুয়ো দুয়োকে একেলগে'' - এয়া তেওঁৰ কবিতাৰ ভাষা।

এতিয়া তেওঁৰ নামটোৱেই এটা কবিতাৰ দৰে। সমীৰ তাঁতী- প্ৰতিবাদী সত্বাৰে ভৰা এজন চিনাকী কবি। মানৱতা আৰু বিশ্বজনীন বিশালতাৰে কবিতাক সামৰি থোৱা এজন ব্যক্তি। 

 

সমীৰ তাঁতী সাহিত্য একাডেমী