পৰিবৰ্তনৰ স্বপ্ন- দুঃস্বপ্নৰ মাজত এজন দিশহাৰা মানুহ !

''১ মাৰ্চ ২০২৫ ত বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহক একত্ৰিত কৰাৰ বাবে এখন বৈঠক আহ্বান কৰা হ’ল। এই বৈঠকৰ অভিভাৱকৰ দায়িত্ব পুনৰ ড০ হীৰেণ গোহাঁইৰ কান্ধতে অৰ্পণ কৰিলে।''

author-image
Asomiya Pratidin
New Update
পৰিবৰ্তনৰ স্বপ্ন- দুঃস্বপ্নৰ মাজত এজন দিশহাৰা মানুহ ! 

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

ৰাজ্যৰ ৰাজনীতি এতিয়া সহজ হৈ থকা নাই। শাসকীয় বিজেপিৰ বিৰুদ্ধে এযুঁজ দিবলৈ ঐক্যবদ্ধ বিৰোধীৰ পোষকতা পৰিবৰ্তনকামী সাধাৰণ ৰাইজে কেতিয়াবাই বিচাৰিছিল। সেই সমীকৰণত অসমৰ এচাম বৌদ্ধিক নেতৃত্ব লোৱা লোকে সাৰপানী যোগাইছিল যদিও যোৱা বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ লগতে শেহতীয়া ৫ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত বিৰোধী ঐক্যশক্তিয়ে সুযোগ গ্ৰহণ কৰিব নোৱাৰিলে।

সমষ্টি এৰা-ধৰাৰ বিষয়ক লৈয়ে বিৰোধী ঐক্যত যি ফাট মেলিছিল তাৰ পৰিণতিত ৰাজ্যৰ বিৰোধী ঐক্য মঞ্চৰ পৰা কংগ্ৰেছ দল আঁতৰি যাবলগীয়া হৈছিল। তাৰ পাছত বাকী থকা বিৰোধী ৰাজনৈতিক দলবোৰে নামত এই ঐক্য মঞ্চ ধৰি ৰাখিছিল যদিও ইয়াৰ পৰা ২০২৬ ত কিবা সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব বুলি মানুহে আশা কৰা নাই।

২৭ ফেব্ৰুৱাৰী ২০২৪ ত দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দই ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ আলোচনাত বহিল। ভবা হৈছিল এই আলোচনাৰ কালত কংগ্ৰেছে অসমত নিৰ্বাচনীমুখি ব্যৱহাৰিক ৰণকৌশল তৈয়াৰ কৰিব।

গৌৰৱ গগৈক গুৰুত্বপূৰ্ণ দায়িত্ব দি উজনি অসমত শাসকীয় বিজেপিৰ প্ৰতি মানুহৰ আস্থা হেৰুওৱা পৰিবেশৰ সুযোগ ল’ব। আনকি এনে খবৰো আহিছিল যে, কংগ্ৰেছৰ নেতৃত্ব সালসলনি নকৰিলেও ২০২৬ ত গৌৰৱ গগৈক সন্মুখত ৰাখি কংগ্ৰেছে নিৰ্বাচনৰ বাবে সাজু হ’ব। সেইবোৰ সম্ভাৱনা অন্ত পৰাৰ পাছত ৰাজ্যৰ ৰাজনীতিত আন এটা খবৰেহে চৰ্চা লাভ কৰিলে। 

হয়তো দিল্লীত ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ সেউজ সংকেত পোৱাৰ পাছত অসমৰ কংগ্ৰেছ নেতৃত্বই পুনৰ বিৰোধী ঐক্য মঞ্চত যোগ দিবলৈ এক প্ৰেক্ষাপট ৰচনাৰ বাবে এই উদ্যোগত দলটোৱে সন্মতি প্ৰদান কৰিলে। সেই অনুসৰি ১ মাৰ্চ ২০২৫ ত বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহক একত্ৰিত কৰাৰ বাবে এখন বৈঠক আহ্বান কৰা হ’ল। 

হোটেল ‘আতিথ্য’ত বিয়লি ৫ বজাত আয়োজন কৰা এই বৈঠকৰ অভিভাৱকৰ দায়িত্ব পুনৰ ড০ হীৰেণ গোহাঁইৰ কান্ধতে অৰ্পণ কৰিলে। তেখেতৰ সৈতে আছে সাংসদ অজিত ভূঞা, আব্দুল মান্নান, শান্তনু বৰঠাকুৰ, হৰেকৃষ্ণ ডেকা আৰু পৰেশ মালাকাৰ। এইসকল লোকে উদ্যোগ লৈ বিৰোধী ভাঙোনমুখি শক্তিটোক পুনৰ সংগঠিত কৰাৰ যি প্ৰয়াস লৈছে সেই প্ৰয়াসৰ প্ৰতি আন ৰাজনৈতিক দলবোৰৰ দায়বদ্ধতা কিমান থাকিব সেয়াহে এতিয়া আন এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। 

লোকসভা নিৰ্বাচনৰ সময়তো এনে ভূমিকাই ড০ হীৰেন গোহাঁয়ে পালন কৰিছিল। তেখেতে দিয়া পৰামৰ্শ কংগ্ৰেছে অমান্য কৰি বৰপেটাত নিজৰ প্ৰাৰ্থী প্ৰদান কৰাৰ সময়ত ড০ গোহাঁইৰ প্ৰতিক্ৰিয়া আছিল যে, এইবোৰ দলৰ সৈতে একো নহ’ব। 
সেই একে কেইটা ৰাজনৈতিক দলৰ ভিতৰত কংগ্ৰেছক ড০ হীৰেন গোহাঁই বা অসমৰ বৌদ্ধিক সমাজক প্ৰতিনিধিত্ব কৰা আন কেইগৰাকী বিশিষ্ট ব্যক্তিৰ দিহা পৰামৰ্শৰে কংগ্ৰেছ নেতৃত্বই সিদ্ধান্ত গ্ৰহণ কৰাৰ নিশ্চয়তা তেওঁলোকে অসমৰ ৰাইজক জানো দিব পাৰিব?  দেখা যায় যে, এনে ঐক্যমঞ্চৰ স্থায়িত্ব ৰাজনৈতিক বিশ্বাসযোগ্যতা আৰু পাৰস্পৰিক দায়বদ্ধতাৰ ওপৰত নিৰ্ভৰশীল। 

বিহালী উপ-নিৰ্বাচনৰ সময়ত কংগ্ৰেছে যি স্বৰূপ প্ৰকাশ কৰিলে তাৰ পাৰ্শ্চক্ৰিয়া বিৰোধী ঐক্য মঞ্চত যি ধৰণে পৰিল সেই কথা অসমৰ মানুহে পাহৰি যোৱা নাই। খোদ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পত্ৰ লিখি নিজৰ অসহায়তা প্ৰকাশ কৰিবলগীয়া হৈছিল। 

এনেবোৰ প্ৰেক্ষাপটেই বিৰোধীৰ বহু সম্ভাৱনাক কেতিয়াবাই নষ্ট কৰিলে। ইয়াৰ উপৰিও এই ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বাবে উদ্যোগ লোৱাসকলৰ ভিতৰত তেওঁলোকৰ আটাইকেইগৰাকীৰেই অসমৰ সমাজ জীৱনত গ্ৰহণযোগ্যতা কিমান তাক লৈয়ো বিচাৰ, বিশ্লেষণ হোৱাৰ প্ৰয়োজন আছে। 

অসমীয়া সাহিত্য, শিক্ষা আৰু সমাজ জীৱনৰ বাবে ড০ হীৰেন গোহাঁইৰ স্থান অতি উচ্চ। সেই সন্মান অসমৰ প্ৰতিজন বিবেকবান লোকেই তেখেতক কৰে। কিন্তু ড০ হীৰেন গোহাঁইৰ ৰাজনৈতিক দৰ্শন আৰু উদ্যোগক চকু মুদি সকলোৱে সমৰ্থন কৰিব নোৱাৰে। 

নিৰ্বাচনৰ সময়ত পূৰ্বতেও মুকলি পত্ৰ লিখি কাক ভোট দিব লাগিব সেই আহ্বান হীৰেন গোহাঁইৰ দৰে বিশিষ্ট বুদ্ধিজীৱিয়ে কৰিছিল। কিন্তু তাৰ প্ৰতি ৰাইজৰ সহাৰি আশাব্যঞ্জক নাছিল। এনে প্ৰত্যক্ষ ৰাজনৈতিক সক্ৰিয়তা ড০ হীৰেন গোহাঁইৰ দৰে বিশিষ্ট বুদ্ধিজীৱিৰ পৰা বহুতে আশা নকৰে। 

তেখেতে সমাজ আৰু জাতিৰ স্বাৰ্থত দিহা, পৰামৰ্শ দিব পাৰে। কিন্তু ঐক্যবদ্ধ ৰাজনৈতিক শক্তি গঠনৰ বাবে প্ৰত্যক্ষ অংশগ্ৰহণ আৰু পূৰ্বতে তেওঁ লোৱা উদ্যোগসমূহৰ বিফলতাই ৰাজনৈতিক মূল্যায়ণত আশাৰ সঞ্চাৰ নকৰে। 
একেদৰে আন এচামৰ ৰাজনৈতিক সক্ৰিয়তাৰ বিপৰীতে আছে নিজস্ব স্বাৰ্থ কেন্দ্ৰিক সুযোগ। ইয়াত জাতি, মাটিৰ প্ৰতি কোনো দায়বদ্ধতা বৰ্হি প্ৰকাশ ঘটা নাই। ‘এক্সিডেণ্টেলি’ তেওঁলোকে  জনপ্ৰতিনিধি হোৱাৰ সুযোগ লাভ কৰাৰ পাছত জাতীয় জীৱনৰ প্ৰতি কিমান সৰৱ তাৰো সন্দেহ ৰৈ যায়। 

কিয় এই ৰাজনৈতিক দলসমূহৰ নেতৃত্বই এনে এক সুস্থ বাতাবৰণ অসমত তৈয়াৰ কৰিব নোৱাৰিলে? শাসকীয় দলৰ বিৰুদ্ধে জনসাধাৰণৰ মাজলৈ তেওঁলোকে এটা ইছ্যু লৈ যাব নোৱাৰাতো তেওঁলোকৰ বিফলতা নহয় নে? কংগ্ৰেছৰ সৈতে মতাদৰ্শ থকাৰ পাছতো অখিল গগৈ, লুৰীণ জ্যোতি গগৈৰ দৰে নেতাই তেওঁলোকক সংগ দিছিল।

কংগ্ৰেছে জাতীয়তাবাদী এই শিবিৰটোক নিজৰ সৈতে ৰাখি ইয়াক নিৰ্বাচনী ফলাফললৈ সলনি কৰাৰ কোনো প্ৰয়াসেই নকৰিলে। একেদৰে অখিল গগৈয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি সংখ্যালঘু অঞ্চলসমূহত নিজৰ প্ৰভাৱ বিস্তাৰ কৰাৰ যি প্ৰয়াস সেই প্ৰয়াসে কংগ্ৰেছৰ ভেঁটিকে খহাব বুলি বোধ হয়। 

অসম জাতীয় পৰিষদে হয়তো ২০২৬ ত কংগ্ৰেছৰ পিঠিত উঠিয়েই নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ চেষ্টা কৰিব। বাওঁ দলবোৰে উপাইহীন হৈ ঐক্যমঞ্চতে শাৰী পোনাব। আকৌ কংগ্ৰেছেই এই ঐক্যমঞ্চৰ চালকৰ আসনত বহিব। ড০ হীৰেন গোহাঁই আৰু আনসকলৰ কান্ধত বন্দুক থৈ কংগ্ৰেছ ঐক্যমঞ্চলৈ উভতি আহিলেও এনে চমকহীন ৰাজনৈতিক সক্ৰিয়তাই ২০২৬ ত দলটোক কিমানখিনি আগুৱাই নিব পাৰিব সেয়া এতিয়াই কৈ দিব নোৱাৰি।

আজিৰ পৰিবেশ পৰিস্থিতিত অসমৰ ৰাজনীতিত বিৰোধী বহু বেকফুটত ৰৈ গ’ল। কংগ্ৰেছ দলৰ ভিতৰচৰাতে যি লবীবাদ গা কৰি আছে, সেই লবীবাদেই দলটোক পুনৰ ঠন ধৰিবলৈ দিব যে সেই অনুমান নহয়। তথাপিও আকৌ এবাৰ বিৰোধী ঐক্যৰ নামত কিছু সক্ৰিয়তা দেখা পোৱা যাব।  

ড০ হীৰেন গোহাঁই ৰাজনীতি বিৰোধী ঐক্য মঞ্চ