নয়দিতা...

nayadita das
nayadita das

মৃদুল কুমাৰ সন্দিকৈ

ঈশান আৱস্থি। ৮ বছৰীয়া ল'ৰাটোৱে বিদ্যালয়ত শিকোতে যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল। মাক, বাপেকে ভাবিছিল ইচ্ছা কৰি ল'ৰাটোৱে দুষ্টালি কৰি পঢ়া, শুনাত মন দিয়া নাই। নন্দ কিশোৰ আৱস্থিৰ আনটো সন্তান পঢ়াত ভাল।

ঈশানকলৈ চিন্তিত পিতৃ-মাতৃ। সিদ্ধান্ত হ'ল তাক ব'ৰ্ডিং স্কুললৈ পঠিয়াই দিব। ঈশানে বুজাব পৰা নাই তাৰ অসুবিধা। পিতৃ-মাতৃয়েও তাক নুবুজাৰ বাবে সৰু ল'ৰাটো ব্যৰ্থিত মনে মনে।

ব'ৰ্ডিং স্কুলত ঈশানৰ একেই অৱস্থা। বিদ্যালয়খনলৈ এজন নতুন ছবিৰ শিক্ষক আহিল। নাম ৰাম শংকৰ নিকুম্ভ। প্ৰথমটো ক্লাছতেই তেওঁ ছাত্ৰ-সকলৰ সৈতে নাচ-গান কৰি সৰু ল'ৰাবিলাকৰ মনো জগতত প্ৰৱেশ কৰিলে।

লক্ষ কৰিলে নতুন ছবি শিক্ষকগৰাকী ঈশান অলপ পৃথক। খবৰ ল'লে লগৰবোৰৰ পৰা ঈশানৰ সন্দৰ্ভত। কোনেও ঈশানৰ সন্দৰ্ভত বিশেষ ক'ব নোৱাৰিলে। ঈশানে ভাল ছবি আঁকে। সেই উমান ছবি শিক্ষকজনে পাইছিল।

ঈশানৰ ঘৰলৈ গৈ শিক্ষকজনে ঈশানৰ ঘৰত আৰু কিছু তথ্য গোটালে। ঘৰৰ মানুহবোৰে স্বীকাৰ নকৰে বা মানি ল'ব নোখোজে ঈশানৰ ডেভল্পমেণ্ট ডিছএবিলিটিছ আছে। Dyslexia নামৰ ৰোগত ঈশান আক্ৰান্ত।

ছবিৰ মাধ্যমেৰে ঈশানে বুজালে বুজে। বিদ্যালয়খনত এখন ছবিৰ প্ৰতিযোগিতা আয়োজন কৰিলে। অংশ ল'লে ছবি শিক্ষকেও। বিচাৰকসকল দুমোজাত পৰিল। কোনখন ছবিক দিব প্ৰথম পুৰস্কাৰ?

ছবিৰ শিক্ষক ৰাম শংকৰ নিকুম্ভে আঁকিছিল ঈশানক। সেই ছবি দেখি ঈশানো আৱেগিক হৈ পৰিছিল। বুজি পাইছিল কোনোবাইটো অন্ততঃ তেওঁক বুজিছিল, ভাল পাইছিল।

ঈশানে ভাল পোৱা ছবিৰ মাধ্যমে ৰাম শংকৰে ঈশানক সুস্থ কৰি তুলিছিল। পিতৃ-মাতৃয়ে বুজি পাইছিল এই ধৰণৰ শিশুক বিশেষ যতনৰ প্ৰয়োজন। প্ৰয়োজন তেওঁলোকক বিশেষ পদ্ধতিৰ শিক্ষা। এয়া এখন চৰ্চিত হিন্দী ছবিৰ 'তাৰে জমিন পৰ'ৰ থুলমূল কাহিনী।

মঞ্চত এগৰাকী ১০ বছৰীয়া ছোৱালী। হাতত গান গাবলৈ লৈ থকা মাইক্ৰ'ফোনটো। বাদ্যযন্ত্ৰ সংগত কৰা শব্দযন্ত্ৰীসকল সাজু। মাকে ছোৱালীজনীৰ কাষত ৰৈ ক'লে- এই কিদৰে গান গাই আমোদ দিব পাৰে তাৰ নিশ্চয়তা মই দিব নোৱাৰো। কিন্তু বিশেষ কাৰণত তাইৰ হৈ মই এই কথাখিনি ক'বলগীয়া হৈছে।

ছোৱালীজনীক মাকে নমস্কাৰ জনাবলৈ ক'লে। ছোৱালীজনীয়ে নমস্কাৰ বুলি ক'লে। তাৰ পাছত ইটোৰ পিছত সিটো গীত গাই উপস্থিত ৰাইজৰ মন মুহিলে। ৬ অক্টোবৰ ২০২২ ত নিউগুৱাহাটী আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজাস্থলীত আয়োজন কৰা হৈছিল বিজয়া দশমীৰ পাছত এই সাংস্কৃতিক সন্ধিয়া।

সেই অনুষ্ঠানতেই গীত পৰিৱেশন কৰা এই ছোৱালীজনীৰ নাম নয়দিতা। জাপৰীগোগৰ জয়ন্ত হাজৰিকা পথত ঘৰ। মাতৃৰ নাম গীতিমা দাস আৰু পিতৃৰ নাম কিশোৰ দাস। স্বাভাৱিক ভাৱেই নয়দিতাক বিদ্যালয়লৈ পঠিয়াইছিল।

কেইদিনমান পিছত বিদ্যালয় কৰ্তৃপক্ষই তাইৰ আচৰণৰ সন্দৰ্ভত পিতৃ-মাতৃক অৱগত কৰিছিল । তাৰ পাছতহে কথাবোৰ লক্ষ্য কৰিছিল ঘৰৰ লোকে। কাষ চাপিছিল চিকিৎসকৰ।

চিকিৎসকে কৈছিল তাই অ'তিজিমৰ স্বীকাৰ হৈছে। অ'তিজিম এনে এক ৰোগ যি ৰোগত আক্ৰান্তসকলে মানুহৰ মাজত থাকি ভাল নাপায়। নিজাকৈ কোনো কথা ভাবিব নোৱাৰে।

নয়দিতাৰো সেয়াই হ'ল। সংগীতৰ প্ৰতি কেৱল নয়দিতাৰ বিশেষ ৰাপ। বিভিন্ন থেৰাপি, মানুহৰ সৈতে কথাৰ আদান-প্ৰদান, নতুন নতুন ঠাই ভ্ৰমণ কৰি চকুৰে দেখি যি শিকে সেয়াই কেৱল ভাটৌৰ দৰে দোহাৰে।

ঘৰত সেয়েহে নয়দিতাৰ বাবে সংগীতৰ বিশেষ ব্যৱস্থা। ৬/৭ ঘণ্টা ৰেয়াজ কৰে নয়দিতাই। গানৰ সংগীত বাজিলেই তাই সলসলিয়াকৈ গাই দিব পাৰে গীতটো। নয়দিতাৰ জাপৰীগোগৰ ঘৰলৈ যাওঁতে তাই গান গাব বিচাৰিলে।

দেউতাকে ইউটিউবৰ পৰা কেইবাটাও গানৰ ট্ৰেক বজাই দিলে। তাই প্ৰাণঢালি গীতবোৰ গালে। কিছুমান কথা এতিয়া লাহে লাহে নয়দিতাই ক'বলৈ শিকিছে। সংগীতৰ ক্ষেত্ৰখনত উজলি উঠা নয়দিতাৰ বাবে গানেই প্ৰাণ।

সুধাকণ্ঠৰ গীত নয়দিতাৰ অতিকৈ প্ৰিয়। বিশেষভাৱে সক্ষম নয়দিতাই খুব ফুৰ্তি পালেহে কেতিয়াবা হাঁহে। ভকেলত বিশাৰদ পাছ কৰি থৈছে নয়দিতাই। এতিয়ালৈকে ভূপেন হাজৰিকাৰ ৮০ টাতকৈ বেছি গান নয়দিতাই গাব পাৰে।

নয়দিতাৰ মাতৃ-পিতৃ আৰু ককাক আইতাকে তাইৰ সকলো যতন ৰাখে। সেই যতনে নয়দিতাক সুখী কৰি ৰাখিছে। নয়দিতাই বিভিন্ন মঞ্চত গীত গাবলৈ আগ্ৰহ কৰে। মানুহে ভাল পালে হাত চাপৰি বজাই।

কেতিয়াবা নয়দিতাৰ গায়কি বেয়া হ'লে দেউতাকক মঞ্চৰ পৰা নামি আহি সাৱটি ধৰে। নয়দিতাই প্ৰথমে যি বুজে সেয়াই সত্য বুলি ভাৱে। নিজেই খাবলৈও শিকা এতিয়ালৈকে তাই। কিন্তু নয়দিতাই চিপছ খাই খুব ভাল পায়।

নয়দিতাৰ ঘৰত নয়দিতাৰ গান শুনি কিছু সময় অতিবাহিত কৰাৰ পাছত নয়দিতাই ক'লে তাই ফুৰিবলৈ যাব। এনেদৰেই বিশেষ মানসিক ভাৱে সক্ষম নয়দিতাক ফুৰাবলৈ লৈ গ'লো। তাই দোকানত ওলমি থকা চিপছৰ পেকেটলৈ দেখুৱাই ক'লে- তাই খাব।

নয়দিতাৰ মুখত আনন্দৰ আভা। বহু কথা তাই মনত ৰখাই থয়। বহু কথা তাই নুবুজে বা ক'ব নোৱাৰে। ঘূৰি আহি নয়দিতাই গাড়ীৰ পৰা নামি ক'লে তাইৰ বৰ হাঁহি উঠিছে। তাৰ পাছত তাই প্ৰাণ খুলি হাঁহিলে। দেউতাকে ক'লে তাই আজি খুছ।

নয়দিতাৰ সংগীতৰ সাধনা অব্যাহত থাকক। লাহে লাহে নয়দিতাই সকলো কথা বুজি উঠক। পিতৃ-মাতৃ আৰু শুভাকাংক্ষীসকলৰ আন্তৰিকতাপূৰ্ণ ব্যৱহাৰ, কথা-বতৰা নয়দিতাৰ বাবে মহৌষধ।

বিশেষ মানসিকভাৱে সক্ষম এই শিশুসকলৰ এখন পৃথক মনোজগত আছে। সুস্থ সকলে সেই মনোজগতখনত প্ৰৱেশ কৰি তেওঁলোকে ভালপোৱা ধৰণে কাম কৰিলে তেওঁলোক সুখী হয়।

নয়দিতাৰ পিতৃ-মাতৃ এনে বিশেষ মানসিকভাৱে সক্ষম সকলৰ আদৰ্শ হ'ব পাৰে। নয়দিতাৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা প্ৰেৰণাদায়ক। আৰু নয়দিতাৰ সুকণ্ঠই মানুহৰ হৃদয় জিনক। নয়দিতাক অনুকম্পা নালাগে, লাগে আন্তৰিক যতন আৰু ভাললগা কামবোৰ কৰিব পৰা এক পৰিবেশ। যিটো কাম কিশোৰ দাস আৰু গীতিমা দাসে কৰি গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in