/asomiyapratidin/media/media_files/2025/02/15/eaGCg5yOp5zIrYZiSGYt.jpg)
তুষাৰ প্ৰতিম
ক্ৰমাৎ জটিল হৈ পৰিছে ম্যানমাৰৰ পৰিস্থিতি। সামৰিক শাসক জুণ্টাৰ সেনাই বিদ্ৰোহীৰ বিৰুদ্ধে ভূমিত যুদ্ধ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। য’তেই বিদ্ৰোহীৰে যুদ্ধত লিপ্ত হৈছে তাতেই পিছুৱাই যাবলৈ বাধ্য হৈছে জুণ্টা বাহিনী। ফলত দেশখনৰ নতুন নতুন অঞ্চল প্ৰায় প্ৰতি সপ্তাহেই বিদ্ৰোহীৰ দখললৈ গৈছে।
এনে পৰিস্থিতিত সামৰিক শাসক জুণ্টাই বিদ্ৰোহীৰ ওপৰত, বিদ্ৰোহীৰ দখলত থকা অঞ্চলৰ ওপৰত আকাশ মাৰ্গৰে আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। অতি শেহতীয়াকৈ বুধবাৰে নিশাৰে পৰা ম্যানমাৰৰ ছাগায়াং প্ৰদেশত চলা এয়াৰ ষ্ট্ৰাইকত নাৰী, শিশুসহ অতি কমেও ১৭ জন সাধাৰণ লোকৰ মৃত্যু হৈছে। আহত হৈছে ৩০ জনৰো অধিক লোকৰ।
অভিযোগ অনুসৰি জুণ্টা বাহিনীয়ে অসামৰিক লোকৰ বসতি প্ৰধান অঞ্চলক লক্ষ্য কৰি বোমা নিক্ষেপ কৰিছে। ম্যানমাৰৰ সক্ৰিয় বিদ্ৰোহী গোট পিপলছ ডিফেন্স ফ'ৰ্চেছ (পিডিএফ)ৰ মতে, জুণ্টাৰ সেনাই মনিৱা, চাউং-উ আৰু ছালিংগেই চহৰসমূহত আক্ৰমণ কৰিবলৈ পেৰাগ্লাইডাৰ ব্যৱহাৰ কৰিছে।
মন কৰিবলগীয়া যে, ম্যানমাৰত সামৰিক শাসনৰ পুনৰ উত্থানৰ পাছত ২০২৩ চনৰ নৱেম্বৰ মাহত ম্যানমাৰৰ তিনিটা বিদ্ৰোহী গোটে থ্ৰী ব্ৰাদাৰহুড এলায়েন্স নামৰ এক নতুন মিত্ৰজোঁট গঠন কৰি সামৰিক জুণ্টাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। সেই অভিযানৰ নাম দিছে 'অপাৰেচন ১০২৭'।
একত্ৰিত হোৱা তিনি সংগঠন হৈছে আৰাকান আৰ্মি, টাং নেচনেল লিবাৰেচন আৰ্মী আৰু ম্যানমাৰ নেচনেল ডেমক্ৰেটিক এলায়েন্স আৰ্মী। ইয়াৰে ম্যানমাৰ নেচনেল ডেমক্ৰেটিক এলায়েন্স আৰ্মীয়ে শান্তি চুক্তি কৰিছে যদিও আন কেইবাটাও বিদ্ৰোহী গোট ক্ৰমে চীন নেচনেল আৰ্মি, চাইনালেণ্ড ডিফেন্স ফ’ৰ্চ, কাচিন লিবাৰেচন ডিফেন্স ফোৰ্চ আৰু আং চাং চ্যু কিৰ সমৰ্থক, স্বঘোষিত চৰকাৰ নেচনেল ইউনিটি গভৰ্মেণ্টেৰ শস্ত্ৰ বাহিনী পিপলছ ডিফেন্স ফোৰ্চে এতিয়াও যুদ্ধ অব্যাহত ৰাখিছে।
বৰ্তমানলৈকে ম্যানমাৰৰ এই গৃহ যুদ্ধত প্ৰায় ১৭.৬ মিলিয়নতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰায় ১৬ লাখ লোক দেশখনৰ ভিতৰতে ঘনে ঘনে প্ৰাণৰ মমতাত স্থান সলাই ঘূৰি ফুৰিবলগীয়া হৈছে।
বিদ্ৰোহীৰ নিয়ন্ত্ৰণত একাধিক অঞ্চল
ম্যানমাৰত জনগোষ্ঠীয় বিদ্ৰোহী গোট আৰু জুন্টাৰ মাজত চলি থকা গৃহযুদ্ধত সকলো বিদ্ৰোহী গোটৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰাকান সেনাই ৰাখাইন প্ৰদেশৰ বৃহৎ অংশ নিয়ন্ত্ৰণত ৰাখিছে। তাৰোপৰি দেশখনৰ প্ৰায় ৬০ শতাংশ অঞ্চল আছে বিদ্ৰোহীৰ দখলত। ৰাখাইন প্ৰদেশ সম্পূৰ্ণৰূপে আৰাকান সেনাৰ দখললৈ যোৱাত বাংলাদেশৰ সৈতে ম্যানমাৰৰ সীমান্তৰ নিৰাপত্তা ব্যৱস্থাত পৰিবৰ্তন ঘটিছে। এই অঞ্চলটোত নিয়ন্ত্ৰণ হেৰুৱাইছে জুণ্টাই।
ফলত ৰোহিংগীয়া প্ৰবজন তথা ৰোহিংগীয়া শৰনাৰ্থী বিষয়টো পুনৰ এবাৰ চিন্তাৰ কাৰণ হৈ পৰিছে। উল্লেখ্য যে, ২০২১ চনত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা আং চান চ্যু কিৰ চৰকাৰখনক উৎখাত কৰি সামৰিক অভ্যুত্থান ঘটিছিল ম্যানমাৰত। তেতিয়াৰে পৰা গৃহ যুদ্ধ চলি আছে।
দেশখনত জুণ্টাৰ বিৰুদ্ধে কেইবাটাও বিদ্ৰোহী সংগঠনে চলাই থকা অভিযানত বাৰে বাৰে পিছুৱাই যাবলৈ বাধ্য হৈছে সেনা। বাংলাদেশ সীমান্তত লাগি থকা ৰাখাইন প্ৰদেশ সম্পূৰ্ণ বিদ্ৰোহীৰ নিয়ন্ত্ৰণত। ইয়াত চলি আছে আৰাকান আৰ্মীৰ শাসন।
বাংলাদেশ সীমান্তৰ অন্তিমটো সীমান্ত মাউংদাও দখল কৰিছে বিদ্ৰোহী আৰাকান আৰ্মীয়ে। বাংলাদেশ আৰু ম্যানমাৰৰ মাজত সীমান্তত আছে নাফ নদী। কিছু আগলৈ আহিলো পোৱা যায় বংগোপ সাগৰ। ইয়াত আছে আকৌ বাংলাদেশৰ শেষৰটো অঞ্চল টেকনাফ।
এই অঞ্চলত ম্যানমাৰৰ সেনাৰ নিয়ন্ত্ৰণত থকা অন্তিম সীমান্ত চকী আৰু বন্দৰ দখল কৰাৰ পাছতে সীমান্তত থকা টেকনাফ নামৰ অঞ্চলটোৰ ভিতৰলৈ সোমাই আহিল আৰাকান আৰ্মী। ভৌগলিকভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ এই অঞ্চলটোৱে ম্যানমাৰ, লাওচ, ছিংগাপুৰ, ভিয়েটনাম আদিকে ধৰি দক্ষিণ পূৱ এছিয়াৰ বহুকেইখন দেশক সংযোগ কৰিছে।
মন কৰিবলগীয়া যে, ম্যানমাৰক ২১ টা প্ৰশাসনিক বিভাগত বিভক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আছে সাতখন ৰাজ্য, সাতটা অঞ্চল, এটা কেন্দ্ৰীয় শাসিত ৰাজ্য, এখন স্বায়ত্বশাসিত মণ্ডল আৰু পাঁচখন অঞ্চল বা প্ৰদেশ। ইয়াৰ ভিতৰত ২০২৩ চনৰ অক্টোবৰ মাহলৈকে দেশখনৰ মাত্ৰ ৪০ শতাংশ অঞ্চলহে জুণ্টাৰ সেনা বাহিনীৰ নিয়ন্ত্ৰণত আছিল।
প্ৰায় ৩৩০খন চহৰৰ প্ৰায় দুই তৃতীয়াংশহে নিজৰ নিয়ন্ত্ৰণ আছে জুণ্টাৰ।ইখনৰ পাছত সিখন চহৰ বিদ্ৰোহী গোটবোৰৰ দখললৈ গৈছে। ঐক্যবদ্ধভাৱে বিদ্ৰোহী গোটসমমূহে আক্ৰমণ অব্যাহত ৰাখিছে ম্যানমাৰৰ সেনাবাহিনীৰ বিৰুদ্ধে। দেশখনত সামৰিক জুণ্টা বাহিনীয়ে যিমানেই বিদ্ৰোহীক প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছে সিমানেই আৰু অধিক শক্তিশালী হৈ উঠিছে বিদ্ৰোহী।
২০২৪ চনৰ জানুৱাৰীত এক আক্ৰমণত জুণ্টা চৰকাৰৰ হাজাৰ হাজাৰ সেনাই আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল বিদ্ৰোহী আৰাকান আৰ্মীৰ ওচৰত। বৰ্তমান সময়ত ছান প্ৰদেশৰ লেছিয়ৰ বিমান বন্দৰ বিদ্ৰোহীৰ দখলত আছে। একেদৰে চীন সীমান্তৱৰ্তী ম্যানমাৰৰ বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিচিত নছয়েহাও চহৰো বিদ্ৰোহীৰ নিয়ন্ত্ৰণলৈ গৈছে।
ম্যানমাৰ পূৱ দিশে থকা ৰাখাইন প্ৰদেশৰ প্ৰায় ৯৭ শতাংশ অঞ্চল বিদ্ৰোহীয়ে দখল কৰি লৈছে। চীনৰ সীমান্তৰ পৰা উত্তৰ দিশে থকা ম্যানমাৰৰ অতি গুৰুত্বপূৰ্ণ মাণ্ডেলে চহৰলৈকে নিয়ন্ত্ৰণ কৰিছে বিদ্ৰোহীয়ে। সামৰিক চৰকাৰৰ সমান্তৰালকৈ ম্যানমাৰত চলিছে বিদ্ৰোহী গোটৰ সমৰ্থিত নেশ্যনেল ইউনিটি গভৰ্ণমেণ্টৰ শাসন।
বিদ্ৰোহী দমন কৰিবলৈ জুণ্টাই লৈছে নৃশংস পন্থা
ম্যানমাৰৰ বিদ্ৰোহ দমন কৰিবলৈ সামৰিক জুণ্টাৰ নিৰ্দেশতে সেনাই লৈছে নৃশংস পন্থা। দেশৰ জনতাৰ ওপৰতো বিদ্ৰোহীক সমৰ্থন কৰাৰ অভিযোগত অব্যাহত ৰাখিছে নৃশংস অত্যাচাৰ। সেনাৰ চৰকাৰক সমৰ্থন নকৰা লোকৰ শীৰছেদ কৰাৰ লগতে জীৱন্তে দেহৰ অংগত জুই লগাই দিয়া হৈছে। মহিলা, যুৱতীক ধৰ্ষণ কৰিছে। গাঁওবোৰত জুই লগাই দিছে।
সশস্ত্ৰ বিদ্ৰোহী গোষ্ঠীৰ জোঁট ব্ৰাডাৰহুড এলায়েঞ্চৰ ধাৰাবাহিক আক্ৰমণ আৰু সেনাৰ ঘাটি আৰু অস্ত্ৰ ভাণ্ডাৰ লুট কৰাৰ পাছতে জুণ্টাৰ সেনা অধিক নৃশংস হৈ পৰিছে। থ্ৰী ব্ৰাডাৰহুড এলায়েন্সৰ সশস্ত্ৰ সংগঠনকপ্ৰতিহত কৰিবলৈ আকাশমাৰ্গেৰে বোমা, গুলী বৰ্ষণ অব্যাহত ৰাখিছে। বোমা নিক্ষেপৰ ক্ষেত্ৰত সেনাই সাধাৰণ লোকৰ বসতি প্ৰধান অঞ্চলকো এৰি দিয়া নাই।
যুদ্ধৰ ক্ষয়-ক্ষতিৰ পৰিণাম চকুত লগা
পৰিসংখ্যা অনুসৰি এই গৃহ যুদ্ধত এই পৰ্যন্ত প্ৰায় ৫০ হাজাৰ ম্যানমাৰৰ নাগৰিক শৰণাৰ্থীলৈ পৰিণত হৈছে। ২০২১ চনত আং চাং চ্যু কি চৰকাৰক উৎখাত কৰাৰ পাছতে গৃহযুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল দেশখনত। সামৰিক অভ্যুত্থানৰেৰে ক্ষমতা দখল কৰা সামৰিক বাহিনীৰ প্ৰতি জনসাধাৰণৰ ক্ষোভ উঠলি উঠিছিল।
ম্যানমাৰ সেনাৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ ৩১ হাজাৰৰো অধিক বাৰ্মিজ নাগৰিক মিজোৰামলৈ পলাই আহিছে। ম্যানমাৰ-চীন সংযোগকাৰী মূল পথটোও বিদ্ৰোহীৰ দখললৈ গৈছে। ফলত চীনৰ দ্বাৰা সাহায্য প্ৰাপ্ত জুণ্টা বাহিনীয়ে চীনলৈ পলায়নৰো সুযোগ হেৰুৱাইছে।
এই গৃহযুদ্ধত প্ৰকৃততে কিমান মানুহে প্ৰাণ হেৰুৱাই তাৰ সঠিক তথ্য নাই। কিন্তু অনুমান কৰা হৈছে এই মৃত্যুৰ সংখ্যা ৩০ হাজাৰতকৈ কোনো কাৰণতে কম নহয়। মৃতকৰ সংখ্যা ইয়াতকৈ অধিক হ’লেও কম নহয়।
অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল ম্যানমাৰত বিশ্বৰ অন্য প্ৰান্তৰ সাধাৰণ লোক প্ৰৱেশ কৰাটোও এতিয়া জটিল হৈ পৰিছে। ইণ্টাৰনেট সেৱাও সীমিত। বহু অঞ্চলতে বন্ধ হৈ আছে ইণ্টাৰনেট সেৱা। দেশখনত মুক্ত ইণ্টাৰনেট সেৱা এতিয়া সুলভ হৈ থকা নাই।
ফলত দেশখনৰ ভিতৰত প্ৰকৃততে কি ঘটি আছে তাৰ সঠিক তথ্যও বৰ্হি বিশ্বলৈ অহা নাই। দেশখনৰ ভিতৰৰ খবৰ বাহিৰলৈ অহা নাই।
ম্যানমাৰত গৃহ যুদ্ধ নতুন কথা নহয়
ম্যানমাৰ পূৰ্বেও গৃহ যুদ্ধৰ সাক্ষী হৈছে। ১৯৪৮চনৰ পৰাই ম্যানমাৰত সময়ে সময়ে বিদ্ৰোহ চলি আহিছে। এই বিদ্ৰোহৰ ভিতৰত নৃগোষ্ঠীগত বিদ্ৰোহেই অধিক। ১৯৬২ চনত নে উইনৰ ৰাজনৈতিক দমনৰ বিৰোধিতাৰে জন্ম হৈছিল কাচিন ইণ্ডিপেণ্ডেঞ্চ আৰ্মী।
এই সংগঠনটো গঠনৰ পাছতে পৰৱৰ্তী সময়ত বহুকেইটা সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ জন্ম হয় ম্যানমাৰত। বহু অঞ্চলত এই বিদ্ৰোহী গোটবোৰে নিজৰ আধিপত্য বিস্তাৰ কৰি একপ্ৰকাৰ সমান্তৰাল শাসন চলাই যায়।
ইয়াৰ পাছত ম্যানমাৰত সেনাৰ নেতৃত্বত ৰাজ্যিক শান্তি আৰু উন্নয়ন পৰিষদ চমুকৈ এছ পি ডি চি গঠন কৰাৰ পাছত বিদ্ৰোহীক দমনৰ চেষ্টা চলে। এছ পি ডি চিয়ে জনগোষ্ঠীয় সৰু সৰু বিদ্ৰোহী গোটসমূহৰ ওপৰত সামৰিক আৰু কূটনৈতিকভাৱে ধ্বংস কৰাত নামি পৰে।
সেনাই ১৯৯০ চনৰ ভিতৰত সৰু সৰু বহু বিদ্ৰোহী গোটৰ ঘাটি দখল কৰে। ২০১১চনৰ পৰা ২০১৫ চনলৈকে কোকাং আৰু কেৰেন ষ্টেটকে ধৰি বহু বিদ্ৰোহী গোটক দুৰ্বল কৰে। কিন্তু ২০২১ চনৰ ১ ফেব্ৰুৱাৰীৰ পুৱা পুনৰ সামৰিক অভ্যুত্থান ঘটে ম্যানমাৰত।
২০২১ ত সামৰিক অভ্যুত্থানৰ কাৰণ
কোভিড সৃষ্ট পৰিবেশৰ মাজতে ২০২১ ত ম্যানমাৰত সামৰিক উত্থাপন ঘটাৰ আঁৰত তেনে কোনো বিশেষ কাৰণ নাছিল। ইয়াৰ পূৰ্বে ২০২০ ত দেশখনত অনুষ্ঠিত হৈছিল সাধাৰণ নিৰ্বাচন। এই নিৰ্বাচনতে বিজয়ী হৈ আং চাং চ্যু কি প্ৰধানমন্ত্ৰী হৈছিল।
কিন্তু সামৰিক জুণ্টাই ২০২১ ত অভিযোগ কৰে, সাধাৰণ নিৰ্বাচনত ৮৬ লাখ ভোট অনিয়ম হোৱা বুলি। এই অভিযোগতেই তেওঁ চ্যু কিৰ চৰকাৰক পদচ্যুত কৰে। তেতিয়াৰে পৰা চলি আছে গৃহ যুদ্ধ।
গ’ল্ডেন ট্ৰায়েংগল, লুক ইষ্ট পলিচি, ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ আৰু ম্যানমাৰ
মন কৰিবলগীয়া যে ম্যানমাৰত গৃহ যুদ্ধ সদৃশ পৰিস্থিতিৰ সূচনা হোৱাৰ পাছতো কিন্তু ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত গুৰুত্বসহকাৰে এতিয়াও স্থান লাভ কৰা নাই। অথচ এই দেশখন কৌশলগত কাৰণতে ভাৰতৰ অতি গুৰুত্বপূৰ্ণ।
উত্তৰ পশ্চিম থাইলেণ্ড, উত্তৰ লাওচ আৰু উত্তৰ পূব ম্যানমাৰক সামৰি লৈছে ২০০,০০০ বৰ্গ কিলোমিটাৰৰ গ’ল্ডেন ট্ৰায়েংগলে। এই গ’ল্ডেন ট্ৰায়েংগলতে বিশ্বৰ সৰ্বাধিক আফিং, গাঞ্জাকে ধৰি অতি মাৰাত্মক নিচা জাতীয় দ্ৰব্যৰ উৎপাদন হৈ আহিছে। এই গ’ল্ডেন ট্ৰায়েংগলৰ জৰিয়তেই কোকেইন, হেৰইনকে ধৰি অন্যান্য নিচা জাতীয় সামগ্ৰী উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম, মণিপুৰ, নাগালেণ্ড হৈ অসমত প্ৰেৱেশ কৰে আৰু সমগ্ৰ দেশলৈ সৰবৰাহ হৈ আহিছে।
ম্যানমাৰৰ গাতে উত্তৰ পূৰ্বাঞ্চল লাগি থকাৰ বাবেই এই নিষিদ্ধ দ্ৰব্যসমূহ সৰবৰাহৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহো এই নিচা জাতীয় দ্ৰব্যৰ গৰাহত পৰাৰ লগতে এই অঞ্চলটো নিষিদ্ধ সামগ্ৰাী সৰবৰাহৰ কৰিড’ৰত পৰিণত হৈছে। অসমত প্ৰতিদিনে উদ্ধাৰ হৈ থকা নিচা জাতীয় সামগ্ৰীসমূহৰ অধিকাংশই যে এই গ’ল্ডেন ট্ৰায়েংগলৰে পৰাই আহিছে সেয়াও প্ৰায় স্পষ্ট।
কেৱল নিচা জাতীয় সামগ্ৰীয়েই নহয়, অন্যান্য অবৈধ সামগ্ৰী সৰবৰাহৰ ক্ষেত্ৰতো এই অঞ্চলটোক ব্যৱহাৰ কৰি অহা হৈছে। গ'ল্ডেন ট্ৰায়েংগলৰ মাজেৰে আহি ভাৰতত প্ৰৱেশ কৰে চীনকে ধৰি অন্যান্য দেশত উৎপাদিত অন্যান্য সামগ্ৰী। কৰ ফাঁকিৰে, বে আইনী ভাৱে চীনৰ পৰা ম্যানমাৰ হৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰৱেশ কৰা এই সস্তিয়া সামগ্ৰীসমূহে বজাৰ ভৰি আছে।
ইফালে ম্যানমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনসমূহৰ ঘাটিলৈ পৰিণত হৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনসমূহৰ সুৰক্ষিত বিচৰণস্থলী হিচাপে ব্যৱহাৰ কৰি আহিছে ম্যানমাৰৰ ঘন জংঘলক। ম্যানমাৰত বসতি স্থাপন কৰিয়েই এই বিদ্ৰোহী গোটসমূহে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত কূটাঘাতসমূলক কাৰ্যকলাপ অব্যাহত ৰাখিছে।
মণিপুৰ হিংসাতো সাৰ পানী যোগান ধৰিছে ম্যানমাৰত বসতি স্থাপন কৰি অহা কুকি বিদ্ৰোহী সংগঠনে। দেশখনৰ পৰা মণিপুৰলৈ বহু বাৰ্মিজ লোকৰো অবৈধ প্ৰবজন ঘটাৰ লগতে শৰনাৰ্থী হৈয়ো আশ্ৰয় গ্ৰহণ কৰিছে। সেয়ে ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত ম্যানমাৰ সীমান্তৰ গুৰুত্ব যথেষ্ট আছে।
তাৰোপৰি ভাৰত চৰকাৰৰ লুক ইষ্ট পলিচিয়েও ম্যানমাৰক সামৰি লৈছে। এই লুক ইষ্ট পলিচি দক্ষিণ পূৱ এছিয়াৰ দেশসমূহৰ সৈতে অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ এক কৌশলগত পদক্ষেপ।
লুক ইষ্ট পিলিচিৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ চুবুৰীয়া ম্যানমাৰ। এই দেশখনক বাদ দি লুক ইষ্ট পলিচি সম্ভৱ নহয়। উত্তৰ পূৰ্বাঞ্চলৰ সৈতে সীমান্ত ভাগ-বতৰা ম্যানমাৰ ভাৰতৰ আভ্যন্তৰীণ সুৰক্ষাৰ বাবেও অতি গুৰুত্বপূৰ্ণ।
ম্যানমাৰৰ গৃহ যুদ্ধ আৰু ভাৰতৰ স্বাৰ্থ
যোৱা প্ৰায় ২ বছৰ ধৰি উত্তৰ-পূবত বিশেষকৈ মণিপুৰত ভাৰতে নিজেই সমস্যাৰে যুঁজি আছে। অশান্ত মণিপুৰলৈ শান্তিৰ বাট বিচাৰি হাবাথুৰি খাইছে। এনে পৰিস্থিতিত আকৌ ম্যানমাৰৰ পৰা খ্ৰীষ্টান আৰু বৌদ্ধ শৰণাৰ্থীৰ আগমনে ভাৰতৰ আভ্যন্তৰীণ সামাজিক, ৰাজনৈতিক পৰিস্থিতি অধিক জটিল কৰি তুলিছে।
ম্যানমাৰৰ বিদ্ৰোহী সংগঠনৰ হাতত থকা উন্নত অস্ত্ৰ-শস্ত্ৰ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিদ্ৰোহী সংগঠনৰ হাতলৈ যোৱাৰো আশংকা কৰা হৈছে।
ম্যানমাৰৰ বিদ্ৰোহী সংগঠনে ধন সংগ্ৰহৰ বাবে ড্ৰাগছ সৰবৰাহৰ কাৰ্যকলাপ বৃদ্ধি কৰাৰ খবৰ আহিছে। ভাৰতৰ বাবে এই খবৰ অতি উদ্বেগজনক। বিদ্ৰোহী সংগঠনসমূহে ড্ৰাগছৰ এই বেপাৰৰ বাবে গ’ল্ডেন ট্ৰায়েংগলৰ সুযোগ লৈছে।
এনে পৰিস্থিতিত ভাৰত চৰকাৰে শেহতীয়াকৈ ভাৰত আৰু ম্যানমাৰত সীমান্তৰ দুয়োফালৰ লোকৰ চলাচলৰ ক্ষেত্ৰত থকা নিয়ম কটকটীয়া কৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ভাৰতৰ চুবুৰীয়া এই দেশসমূহৰ আভ্যন্তৰীণ অশান্ত পৰিস্থিতিত প্ৰত্যক্ষ অথবা পৰোক্ষ প্ৰভাৱ আছে চীনৰ।
মালদ্বীপ, নেপাল, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশৰ উপৰিও ম্যানমাৰ আদি চীনৰ ওপৰত ক্ৰমবৰ্ধমান নিৰ্ভৰশীল হৈ পৰিছে। ইয়াৰ প্ৰভাৱতে বেইজিঙে গ্ল’বেল চাউথত নিজৰ নিয়ন্ত্ৰণ অধিক শক্তিশালী কৰিছে। যি ভাৰতৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে।
ম্যানমাৰ আৰু বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাক চীনে নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰি ভাৰতৰ উত্তৰ-পূব সীমান্তৱৰ্তী ৰাজ্যসমূহত অধিক আভ্যন্তৰীণ সমস্যাৰ সৃষ্টি কৰাৰো সম্ভাৱনা নথকা নহয়। ম্যানমাৰৰ পৰিস্থিতিৰ সুযোগ লৈ চীনে নিজৰ স্বাৰ্থৰ বাবে সামৰিক জুন্টা আৰু বিদ্ৰোহী গোটৰ সৈতে সমানে যোগাযোগ কৰি অহাৰ অভিযোগ আছে। বেইজিঙে ম্যানমাৰৰ সাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ খণ্ডৰ লগতে অন্যান্য ভৌতিক আন্তঃগাঁথনিতো কোটি কোটি টকা বিনিয়োগ কৰিছে।
আৰাকান সেনাৰ সহায়ত চীনে ৰাখাইন প্ৰদেশত থকা ভাৰতৰ কলাদান প্ৰকল্পৰ ওপৰতো চকু ৰাখিছে। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে বংগোপসাগৰক ভাৰতৰ উত্তৰ-পূবৰ সৈতে সংযোগ কৰা। কিন্তু ৰাখাইন প্ৰদেশৰ ৰাজধানী ছিট্টৱেত নতুন বন্দৰৰ সুবিধা, নদী ট্ৰেনজিট ব্যৱস্থা আৰু ভাৰতৰ মিজোৰামলৈ যোৱা পথ নিৰ্মাণৰ এই কালাদান প্ৰকল্পৰ কাম বহু পিছুৱাই গৈছে।
এই প্ৰকল্প শীঘ্ৰে সম্পূৰ্ণ হোৱা হলে ভাৰতে ট্ৰেনজিট পথৰ বাবে বাংলাদেশৰ ওপৰত নিৰ্ভৰশীল হ’ব নালাগিল হয়। যিহেতপু এতিয়া পৰিস্থিতি সলনি হৈছে, ৰাখাইন আৰাকান আৰ্মীৰ দখলত আছে সেয়ে ভাৰতে হয়তো আৰাকান সেনাৰ সৈতে যোগাযোগ কৰিবলৈ বাধ্য হ’ব হৈছে।
বিগত কেইমাহমানৰ পৰা ভাৰতে ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ বিদ্ৰোহী গোট, ইথিনিক আৰ্মড অৰ্গেনাইজেশ্যন সমূহৰ সৈতে সৌজন্যমূলক যোগাযোগ আৰম্ভ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলক সুৰক্ষা দিয়াৰ কৌশলগত কাৰণতে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। ভাৰতৰ সীমান্তৰ সুৰক্ষা আৰু কালদান প্ৰকল্পৰ সুৰক্ষাৰ বাবে আৰাকান আৰ্মীৰ সৈতে ভাৰতৰ সংযোগ অধিক বৃদ্ধি কৰিবলৈ বাধ্য।
অৱশ্যে যিয়েই নহওক শীঘ্ৰেই ম্যানমাৰৰ পৰিস্থিতিৰ অৱসান ঘটিলেই ভাৰতৰ বাবেও মংগলজনক। সীমান্ত সুৰক্ষা, ভাৰতৰ আভ্যন্তৰীণ শান্তি, সুৰক্ষা, ড্ৰাগছ, অবৈধ প্ৰবজন, শৰনাৰ্থী সমস্যা, বিদ্ৰোহী সমস্যা আদিৰ বাবে ম্যানমাৰৰ সুস্থিৰ পৰিস্থিতি অতি জৰুৰী। অৱশ্যে দেশখনৰ সন্দৰ্ভত ভাৰতৰ স্পষ্ট স্থিতি কি সেয়া সঠিকভাৱে জানিব পৰা নাযায়।