তুষাৰ প্ৰতিম
আঘোণৰ মাহ সোমোৱাৰ লগে লগেই অসমত আৰম্ভ হ’ল বিয়াৰ বতৰ। এই কেইদিন চিনাকী, অচিনাকী বহুতৰে পৰা আহিছে বিয়াৰ খবৰ। গ্ৰামাঞ্চলসমূহৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে বিয়াৰ ৰভা।চহৰ অঞ্চলত আকৌ ব্যস্ত বিবাহ ভৱনসমূহ।
সামাজিক মাধ্যমতো নতুনকৈ বিবাহপাশত আৱদ্ধ হোৱাসকলক বহুতেই শুভেচ্ছা জনাই তেওঁলোকৰ ধুনীয়া ধুনীয়া ফটোবোৰ আপলোড কৰিছে।বিবাহপাশত আবদ্ধ হোৱা এই যুৱক-যুৱতীসকলক দৰা-কইনা ৰূপত চালে চাই থাকিবলৈ মন যোৱাকৈ সজাইছে বিউটিচিয়ানসকলে।
কোনোবাই আকৌ বিয়াৰ পূৰ্বে ‘‘প্ৰী-ৱেডিং’’ ফটোশ্বোট কৰিছে। সেইবোৰো মনোৰম হৈছে। অতি জাকজমকতাৰে পতা এনে বহু বিবাহ অনুষ্ঠান আকৌ সামাজিক মাধ্যমৰ চৰ্চাৰো বিষয় হৈ পৰিছে। এইবোৰ দেখি, শুনিয়েই বহুতেই বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰতিযোগিতাতো লিপ্ত হৈছে।
অসমীয়া সমাজত বিবাহ অনুষ্ঠানৰ গোটেই ব্যৱস্থা যোৱা এটা, দুটা দশকত বহু পৰিবৰ্তন হ’ল। পূৰ্বে অসমীয়া সামজৰ বিবাহ অনুষ্ঠানত এনে জাকজমকতাৰ পয়োভৰ নাছিল। আছিল কেৱল প্ৰচলিত ৰীতি-নীতি, অসমীয়া সংস্কৃতি, আন্তৰিকতাৰ চানেকি। একো একোখন গাওঁ, চুবুৰী বা অঞ্চলৰ সৰ্বস্তৰৰ ৰাইজেই জপিয়াই পৰিছিল এনে অনুষ্ঠানত।
অতি আনন্দ, ফূৰ্তিৰে ৰাইজেই গৃহস্থৰ কোনো অসুবিধা নোহোৱাকৈ দুই ডেকা-গাভৰুৰ বিবাহ সম্পন্ন কৰি দিছিল। বাৰীৰ গছ কাটি খৰি ফলাৰ পৰা আৰম্ভ কৰি কলপাত, ৰাজহুৱা টিনেৰে বিয়াৰ ৰভা দিয়া, ভোজ-ভাত ৰান্ধি খাই গোটেই বিবাহ কাৰ্য সম্পন্ন হোৱালৈকে ৰাইজৰ আন্তৰিকতাপূৰ্ণ অংশগ্ৰহণ আছিল।
এতিয়া সেই পৰিবেশ নাই। ইভেণ্ট মেনেজমেণ্ট গ্ৰুপসমূহেই সকলো কৰে। অসমীয়া সমাজৰ অচিনাকী, হিন্দী চিনেমা, চিৰিয়েলতহে দেখা হালধী পৰ্ব, সংগীতৰ অনুষ্ঠান আদিকে ধৰি অনেক অনুষ্ঠানৰ পয়োভৰ ঘটিল। তাৰ বিপৰীতে লুপ্ত হ’বলৈ ধৰিছে বিয়া নাম, যোৰা নাম, অসমীয়া ৰীতি-নীতি।
পূৰ্বে কইনাই নিজেই তাঁতশালত বোৱা গামোচা, চাদৰ আদি বিয়া হৈ যোৱা নতুন ঘৰখনলৈ লৈ গৈছিল। কইনাই নতুন ঘৰখনত গামোচাৰে জ্যেষ্ঠজনক সন্মান জনাইছিল, ৰুমালেৰে কনিষ্ঠলৈ মৰম দিছিল। যৌতুক প্ৰথা নাছিল যদিও অৱশ্যে প্ৰয়োজন অনুসৰি কইনাৰ ঘৰৰ পৰা ঘটি, লোটা, শুবলৈ এখন বিচনা, বহিবলৈ দুখন পীৰা কইনাৰ লগত দি পঠিওৱাৰ এক নিয়মহে আছিল।
কিন্তু এতিয়াৰ বিয়াৰ আৰম্ভণিৰ পৰা শেষলৈকে কইনাই পৰিধান কৰিবলৈ অতি কমেও ৫ ৰ পৰা ৬ জোৰ ডিজাইনাৰৰ দ্বাৰা তৈয়াৰ কৰা চকুত লগা লাখ টকীয়া কাপোৰ, ভৰ সহিব নোৱাৰাকৈ সোণৰ, হীৰাৰ অলংকাৰ আদি দিব লাগে দৰাঘৰীয়াই। কইনাৰ ঘৰে আকৌ চাৰিচকীয়া বাহনৰ পৰা আৰম্ভ কৰি অঘোষিত যৌতুক ব্যৱস্থাত কোনে কিমান বিলাসী সামগ্ৰী দিব পাৰে তাৰহে প্ৰযোগিযোগিতাত নামে।
যিসকলৰ ধন আছে তেওঁলোকে এইদৰেই জাকজমকতাৰে বিবাহ অনুষ্ঠান সম্পন্ন কৰিছে। কিন্তু এইসকলৰ সৈতে ফেৰ মাৰিবলৈ গৈ বহু মধ্যবিত্ত পৰিয়ালে জীৱনৰ সকলো উপাৰ্জন, আৰ্জিত মাটি, সম্পত্তি বিয়াৰ নামতে শেষ কৰিবলৈ বাধ্য হৈছে। কোনোবা আকৌ জীৱনৰ শেষলৈকে ধাৰুৱা হৈছে।
এক কথাত বিবাহ অনুষ্ঠান এতিয়া বিলাসীতালৈ পৰিণত হৈছে। আৰ্থিকভাৱে পিছপৰাসকলৰ বাবে এতিয়া আনুষ্ঠানিক বিবাহ প্ৰায় অসম্ভৱ হৈ পৰিছে। আজিৰ পৰা ডেৰ, দুই দশকৰ আগলৈকে অসমৰ সমাজ ব্যৱস্থাত সমজুৱা বিবাহৰ এক ধাৰণা প্ৰচলিত আছিল।
একো একোখন গাঁৱত বা অঞ্চলত বিবাহ উপযোগ্য ডেকা-গাভৰুসকলক সকলোৰে সন্মতি সাপেক্ষে নামঘৰ বা মন্দিৰ আদি ধৰ্মীয় অনুষ্ঠানৰ বাকৰিত ৰাজহুৱাকৈ বিয়া পাতি দিয়াৰ এক ব্যৱস্থা আছিল। এই ব্যৱস্থাত আৰ্থিকভাৱে পাছপৰা বহু পৰিয়াল তথা বিবাহ উপযুক্ত যুৱক-যুৱতীয়ে সকাহ লাভ কৰাই নহয়, ৰাইজৰো আশীৰ্বাদ লাভ কৰিছিল।
কেৱল আৰ্থিক ভাৱে পাছপৰা যুৱক-যুৱতীয়েই নহয় বহু সময়ত সেই অঞ্চলৰ আৰ্থিকভাৱে টনকিয়াল পৰিয়ালৰো ডেকা-গাভৰু এনে ব্যৱস্থাৰে বিবাহ পাশত আবদ্ধ হোৱাৰো উদাহৰণ আছে। এনে ৰাজহুৱা বিবাহৰ অনুষ্ঠানত এক প্ৰকাৰে উৎসৱমুখৰ পৰিবেশেই সূচনা হৈছিল। কেৱল বিয়াই নহয়, উপনয়নৰো এনে ৰাজহুৱা অনুষ্ঠানৰ এতিয়াও উদাহৰণ আছে।
কিন্তু আধুনিকতা আৰু প্ৰতিযোগিতাৰ এই ধামখুমিয়াত এই ব্যৱস্থা লাহে লাহে সমাজৰ পৰা নোহোৱা হৈ আহিল। ফলত আৰ্থিকভাৱে পাছপৰা বহুতেই খেতি-মাটি বিক্ৰী কৰিও জাকজমকতাৰে বিবাহ অনুষ্ঠান পাতিবলৈ আৰম্ভ কৰিলে। আগৰ বছৰৰ লৈকে যিখিনি খেতি মাটিত নিজেই মালিকিস্বত্বৰে খেতি কৰিছিল বিয়া পাতিবলৈকে সেই মাটি বিক্ৰী কৰাত পাছৰ বছৰ আধি খেতি কৰিবলগীয়া উদাহৰণ বহু আছে। ভেঁটি মাটিও বিয়াৰ নামতে উচন হৈছে।
বিয়াও এক প্ৰতিযোগিতা হৈ পৰাত বহু আৰ্থিকভাৱে পাছপৰা পৰিয়ালৰ বাবে এতিয়া কেৱল ই এক বিলাসীতা বা সপোন হৈ পৰিছে। বহুতেই এনে পৰিস্থিতিৰ বাবেই বিয়া পাতিবলৈকো সাহস গোটাব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হৈছে।
কিন্তু ভাল খবৰ এইটোৱেই যে শেহতীয়াকৈ পুনৰ ৰাজ্যত সমূহীয়া বিয়াৰ সেই ব্যৱস্থা গা কৰি উঠিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে তেনে সমূহীয়া বিয়াৰ খবৰ। নলবাৰী ৰাসৰ অন্তিম দিনটোত নলবাৰী ৰাস উদযাপন কমিটী আৰু হৰি মন্দিৰ কমিটীয়ে ৯ যোৰা দৰা-কইনাক ৰাজহুৱাকৈ বিয়া পাতি দিলে। যোৱা বছৰো এই অনুষ্ঠানটোৱে এনে সমজুৱা বিয়া পাতিছিল।
শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ঘইৰালি চাহ বাগিচাত এক ধৰ্মীয় অনু্ষ্ঠানত আজি ৬১ যোৰা দৰ-কইনা সমুহীয়াকৈ বিবাহ পাশত আবদ্ধ হ’ল। উপস্থিত শ শ ৰাইজে তেওঁলোকৰ যুগ্ধ জীৱন সুখৰ হোৱাৰ কামনাৰে আশীৰ্বাদ দিলে। উপস্থিত থাকিল প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসো।
এই বছৰেই আকৌ নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিম প্ৰান্তৰ দ-গাঁৱত ৯ যোৰা দৰ-কইনা অনুৰূপ ধৰণে বিবাহ পাশত আৱদ্ধ হৈছিল। একেদৰে এইবাৰ মঙলদৈত বানপানীৰ মাজতে ১০ যোৰা দৰা-কইনাই সমূহীয়া বিবাহেৰে বিবাহ পাশত আৱদ্ধ হৈছিল।
এই বছৰৰ মে’মাহত গহপুৰত ২০ যোৰা দৰা কইনা সমূহীয়া বিবাহৰ জৰিয়তে বিবাহ পাশত আৱদ্ধ হৈছিল। যোৱা বছৰতো বহু ঠাইত এনে সমূহীয়া বিবাহ হৈছিল। এয়া মাত্ৰ কেইটামান উদাহৰণ হে। এইদৰেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন কাৰণত বিবাহ পাশত আৱদ্ধ হ’ব নোৱাৰা বহু যুৱক-যুৱতীয়ে ৰাইজ আৰু হোমৰ জুইক সাক্ষী কৰি বিবাহৰ দৰে পবিত্ৰ বান্ধোনেৰে বান্ধ খাইছে।
এয়া নিশ্চয় অসমৰ সমাজ ব্যৱস্থাৰ বাবেই এক যোগাত্মক খবৰ। কিন্তু এই ব্যৱস্থা অধিক জনপ্ৰিয় তেতিয়াহে হ’ব যেতিয়া সমাজৰ আৰ্থিকভাৱে টনকিয়াল লোকসকলেও এনে এক আদৰ্শ দাঙি ধৰিবলৈ আগবাঢ়ি আহিব।এই ব্যৱস্থাত হয়তো জাকজমকতা নাথাকিব বা বিলাসীতা নাথাকিব কিন্তু থাকিব ৰাইজৰ সহযোগিতা। থাকিব আন্তৰিকতা। দৰা, কইনাই লাভ কৰিব ৰাইজৰো আশীৰ্বাদ। যুগ্ধ জীৱনৰ পাতনি মেলাৰ সময়তে শ শ ৰাইজৰ স্বতঃস্ফূৰ্তঃ এনে আশীৰ্বাদে নিশ্চয়কৈ তেওঁলোকৰ জীৱন সুখ আৰু সমৃদ্ধিৰ কৰি তুলিব।