পাপ খণ্ডন কৰিবলৈ গৈ হেৰুৱালে জীৱন...

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত অমৃত স্নান কৰিবলৈ গৈ আজি পুৱতি নিশা প্ৰায় ২ বজাত পদপিষ্ট হৈ বহু ভক্তৰ মৃত্যু হৈছে। আহতও হৈছে কেইবা শতাধিক।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
পাপ খণ্ডন কৰিবলৈ গৈ হেৰুৱালে জীৱন...

তুষাৰ প্ৰতিম

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত অমৃত স্নান কৰিবলৈ গৈ আজি পুৱতি নিশা প্ৰায় ২ বজাত পদপিষ্ট হৈ বহু ভক্তৰ মৃত্যু হৈছে। আহতও হৈছে কেইবা শতাধিক। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে যদিও ১০ ৰ পৰা ১৫ গৰাকী ভক্তৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে তথাপিও এই সংখ্যা আৰু অধিক বুলি অনুমান কৰা হৈছে।

মহাকুম্ভস্থলীত থকা একাংশ ভক্তৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে মৃতকৰ সংখ্যাই শতকৰ ধৰ স্পৰ্শ কৰিলেও আচৰিত হবলগীয়া একো নহব বুলি জনাইছে। তেওঁলোকে জনোৱা মতে মৌনী অমাবস্যা উপলক্ষে সংগমস্থলীত অমৃত স্নান কৰিবলৈ কোটি কোটি ভক্তৰ সমাগম হৈছিল।

এটা পৰ্যায়ত প্ৰাশসনে তাৰ প্ৰৱেশ পথ বন্ধ কৰি দিবলৈয়ো বাধ্য হৈছিল। চৰকাৰী তথ্য মতে আজি পুৱা প্ৰায় ৬ বজালৈকে ডেৰ কোটি ভক্তই অমৃত স্নান কৰিছে। সেয়ে স্বাভাৱিকতে একে সাগৰসম ভক্তৰ সমাগমৰ ফলত সংগমস্থলীত ঠেলা-হেঁচা লাগে।

এই ঠেলা-হেঁচাৰ ফলতে পদপিষ্টৰ দৰে কৰুণ ঘটনা সংঘটিত হয় আৰু বহু লোকে প্ৰাণ হেৰুৱাই। এক্সত ইতিমধ্যে ইয়াৰ বিভিন্ন সৰু সৰু দৃশ্য পোহৰলৈ আহিছে। সেই দৃশ্য সমূহেও কিন্তু এই ঘটনা কিমান ভয়াৱহ আছিল তাৰ এক উমান দিয়ে।

মহাকুম্ভ মেলাৰ ইতিহাসত এনে পদপিষ্টৰ ঘটনা এয়াই নতুন নহয়। ইয়াৰ পূৰ্বেও মহাকুম্ভ আৰু কুম্ভ মেলাত পদপিষ্টৰ ঘটনা সংঘটিত হৈছিল। সেই কৰুণ ঘটনাই কুম্ভ মেলাৰ ইতিহাসক ৰাঙলী কৰি ৰাখিছে।

১৪৪ বছৰৰ মূৰত অহা মহাকুম্ভ মেলাৰ স্নান কৰিবলৈ এইবাৰ দেশ-বিদেশৰ কোটি কোটি ভক্তৰ আগমণ ঘটিছে। প্ৰতিদিনেই কোটিৰ ঘৰত ভক্তৰ সমাগম হৈছে এই স্থানত। আজি প্ৰয়াগৰাজৰ পৰা কুম্ভ মেলা স্থলীলৈ প্ৰায় ২০ কিলোমিটাৰ পৰ্যন্ত খোজ কাঢ়ি যাবলগীয়া এক পৰিস্থিতিৰো সূচনা হৈছে।

পূৰ্বৰ দিন কেইটাতকৈ আজি ভক্তৰ সংখ্যা আৰু অধিক বৃদ্ধি পাইছে। মহাকুম্ভলৈ যাত্ৰী কঢ়িয়াই নিয়া ৰেল বাৰনাসীতেই ৰখাই দিয়া হৈছে। এনে ভিৰৰ মূলতে হৈছে মৌনী অমাবস্যা। মৌনী অমাবস্যাত সংগমস্থলীত স্নান কৰিলে হেনো পাপ খণ্ডন হয়।

মহাকুম্ভৰ ইতিহাস বহু পুৰণি। শ শ বছৰ ধৰি এই মহাকুম্ভ অনুষ্ঠিত হৈ আহিছে। প্ৰতিবাৰেই মহাকুম্ভত আকৌ লিপিবদ্ধ হৈছে বহু কৰুণ ইতিহাস। দেশ স্বাধীন হোৱাৰ পাছত ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে চৰকাৰীভাৱে কুম্ভ আয়োজন কৰিছিল।

এই কুম্ভ মেলাত লাখ লাখ ভক্তৰ সমাগম ঘটিছিল। সেই সময়ত এই ভক্তসমূহৰ সুৰক্ষা, তেওঁলোকৰ বাবে উপযুক্ত ব্যৱস্থাৰ বাবে স্বাভাৱিকতে নাছিল সুস্পষ্ট নীতি বা ব্যৱস্থাপনা। ফলত অনিয়ন্ত্ৰিত এই ভক্তসকলৰ মাজত হোৱা ঠেলা-হেঁচা আৰু দৌৰাদৌৰিত প্ৰায় ৮০০ ভক্তৰ মৃত্যু হৈছিল। কুম্ভ মেলাৰ ইতিহাসত এই ঘটনাক আটাইতকৈ ডাঙৰ ট্ৰেজেডী আখ্যা দিয়া হৈছে।

১৯৮৬ চনতো কুম্ভ মেলাত অনুৰূপ দুৰ্ঘটনা সংঘটিত হৈছিল। হৰিদ্বাৰত অনুষ্ঠিত হোৱা সেইবাৰৰ কুম্ভ মেলাত ঠেলা-হেঁচাত ২০০ ভক্তৰ মৃত্যু হৈছিল। ২০০৩ চনত নাছিকত হোৱা কুম্ভ মেলাতো সম সংখ্যক ভক্তৰ মৃত্যু হোৱা বুলি জানিব পৰা যায়।

২০১৩ প্ৰয়াগৰাজতে হৈছিল কুম্ভ মেলা। সেইবাৰৰ প্ৰয়াগৰাজৰ কুম্ভ মেলাত ৪২ জন ভক্তৰ মৃত্যু হৈছিল। দেশ স্বাধীন হোৱাৰ সময়ত কুম্ভ মেলাত লাখ লাখ ভক্তৰ সমাগম আৰু তাৰ মাজত দুৰ্ঘটনাৰ ফলত ভক্তৰ মৃত্যুক সেই সময়ৰ দুৰ্বল আন্তঃগাঁথনি আৰু অনিয়ন্ত্ৰিত ব্যৱস্থাৱলী।

কিন্তু এতিয়া সময় সলনি হৈছে। উত্তৰ প্ৰদেশ চৰকাৰে প্ৰকাশ কৰা মতে এইবাৰ মহাকুম্ভ আয়োজনৰ বাবে ৬ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। এই বৃহত অংকৰ ধনৰ গৰিষ্ঠসংখ্যকেই ভক্তৰ সুৰক্ষা আৰু ব্যৱস্থাৱলীৰ বাবে ব্যয় কৰা বুলি জনাইছে।

কিন্তু তাৰ পাছতো এইদৰে ভক্তৰ মৃত্যু হবলগীয়া হোৱা ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া হৈছে। অভিযোগ উঠিছে যোগী চৰকাৰে মহাকুম্ভ মেলাত সাধাৰণ ভক্তৰ সুৰক্ষাৰ দিশটোক এলাগী কৰি ভি আই পি আদৰাৰ নামতে ব্যস্ত হৈ পৰিছে। ভি আই পি সংস্কৃতিৰ বাবেই বাৰে বাৰে বিপদত পৰিছে সাধাৰণ ভক্ত।

আনকি স্নান কৰাৰ সময়তো ভি আই পিৰ বাবেই ঘণ্টা ঘণ্টা ধৰি ৰৈ থাকিবলগীয়া হৈছে দূৰদূৰণীৰ পৰা যোৱা লাখ লাখ ভক্ত।

আজি পুৱতি নিশা প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা যি দুৰ্ঘটনাৰ সাক্ষী হ'ল সেই ঘটনাৰ সন্দৰ্ভত এগৰাকী ভক্তই কয়, পুৱতি নিশা প্ৰায় ১ বজাত মানুহবোৰে সংগমত স্নান কৰিবলৈ যাত্ৰা কৰিছিল। সেই  সময়ত বেৰিকেডৰ কাষত বহু লোক শুই আছিল। এই লোকসকলৰ ভৰিত লাগিয়েই একাংশ ভক্ত বাগৰি পৰে। লগে লগে তেওঁলোকৰ পাছফালে আহি থকা ভক্তও তেওঁলোকৰ ওপৰত বাগৰি পৰে। ফলত এই কৰুণ ঘটনা সংঘটিত হয়। 

সেয়ে এতিয়া প্ৰশ্ন উঠিছে, ভক্তৰ বাবে যোগী প্ৰশাসনে সঠিক ব্যৱস্থাপনা কৰা নাছিল নেকি? কিয় বেৰিকেডৰ কাশত মুকলি আকাশৰ তলত শুই পৰিছিল হাজাৰ হাজাৰ ভক্ত? কিয় তেওঁলোকক শুই থকাৰ অৱস্থাত শীঘ্ৰেই উঠিবলৈ প্ৰশাসনিক অধিকাৰীয়ে মাইক যোগে জনাইছিল? তেওঁৰ আহ্বানৰ বাবেই ভক্তৰ মাজত লাগিছিল নেকি ঠেলা-হেঁচা? এইবৰো প্ৰশ্নও উত্থাপন হৈছে। 

এই ঘটনাক লৈ বিৰোধীয়েও মুখ খুলিছে। সমালোচনাৰ লক্ষ্য কৰি লৈছে যোগী চৰকাৰক। সকলোৰে এটাই অভিযোগ ভি আই পি সংস্কৃতিৰ পয়োভৰে মহাকুম্ভৰ সামগ্ৰিক ব্যৱস্থাপনাক বিশৃংখল কৰি তুলিছে। এনে পৰিস্থিতিত এতিয়া যিসকল ব্যক্তিয়ে মহাকুম্ভলৈ গৈ স্নান কৰাৰ কথা ভাবিছে তেওঁলোকে অতি সাৱধানতা অৱলম্বন কৰাটো জৰুৰী হৈ পৰিছে। 

মহাকুম্ভ মেলা