Advertisment

এদিনৰ বাবে জাকিৰ হুছেইন সিকদাৰ হওক !

অসমৰ ১২৬ জন বিধায়কেই বছৰত এটা দিনৰ বাবে সতীৰ্থ বিধায়ক জাকিৰ হুছেইন সিকদাৰ হওক। অন্তঃকৰণেৰে নিজা সমষ্টিটোত এক বৌদ্ধিক আৰু গ্ৰন্থ আন্দোলনৰ নেতৃত্ব লৈ অসমৰ সাম্প্ৰতিক পৰিবেশ, পৰিস্থিতি সলনি কৰাৰ এক পৰিবেশ গঢ়ি তোলক।

author-image
Asomiya Pratidin
New Update
এদিনৰ বাবে জাকিৰ হুছেইন সিকদাৰ হওক !

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

অসমৰ ১২৬ জন বিধায়কেই বছৰত এটা দিনৰ বাবে সতীৰ্থ বিধায়ক জাকিৰ হুছেইন সিকদাৰ হওক। অন্তঃকৰণেৰে নিজা সমষ্টিটোত এক বৌদ্ধিক আৰু গ্ৰন্থ আন্দোলনৰ নেতৃত্ব লৈ অসমৰ সাম্প্ৰতিক পৰিবেশ, পৰিস্থিতি সলনি কৰাৰ এক পৰিবেশ গঢ়ি তোলক।

হয়তো কোনো কোনো বিধায়কে এনে প্ৰয়াস কৰিছে, সেই প্ৰয়াসক ফলপ্ৰসূ কৰি তুলিবলৈ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰক অনুকৰণ কৰিবলৈ শিকক। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা-২০২৪ লৈ গৈ মূলতঃ সেই অনুভৱেই কৰিলো।

ৰাজনৈতিক পৰিচয় পাহৰি অসমৰ ১২৬ জন বিধায়কে এনে উদ্যোগ ললে বহুবোৰ সমস্যা সমাধান হোৱাৰ লগতে সমাজখনত এক সৌহাদ্যপূৰ্ণ আৰু সুস্থ পৰিবেশ গঢ়লৈ উঠিব। কয়াকুছিৰ এই নৱম সংখ্যক গ্ৰন্থ মেলালৈ গৈ খবৰ লৈছিলো গ্ৰন্থ মেলাস্থলীত ইমান মানুহৰ ভিৰ আৰু এই সুন্দৰ ব্যৱস্থাপনৰা ৰহস্য কি?

প্ৰতিটো অনুষ্ঠান আৰু কাৰ্যসূচীতেই সুশৃংখলিত পৰিবেশ কেনেকৈ কয়াকুছিয়ে? গ্ৰন্থ মেলা আৰু বাণিজ্যস্থলীত লগ পোৱা কেইবাজনো উদ্যোক্তাৰ সৈতে এই সন্দৰ্ভত কথা পাতিছিলো। গ্ৰন্থ মেলা এখনৰ আয়োজন কৰাতো সাধাৰণ কথা, কিন্তু সুপৰিকল্পিত ভাৱে ধাৰাবাহিককৈ এই গ্ৰন্থমেলাখন অনুষ্ঠিত কৰিবলৈ এক সুনেতৃত্ব নিশ্চয় প্ৰয়োজন হয়।

ইয়াৰ উপৰিও সেই গ্ৰন্থ মেলাৰ আয়োজনৰ সৈতে ধনৰ কথাও জৰিত হৈ থাকে। কয়াকুছিৰ দৰে সৰু চহৰত যদি এনে আয়োজন সম্ভৱ হয় তেনে অসমৰ আন সৰু চহৰবোৰতো সেয়া সম্ভৱপৰ ব পাৰে।

এই গ্ৰন্থ মেলাৰ সৈতে জড়িত প্ৰতিজন কৰ্মকৰ্তা ইমান নিষ্ঠা আৰু দায়বদ্ধশীল যে ওপৰত ন্যস্ত কৰা কৰ্তব্যক লৈ দেখা সচেতনতাই অভিভূত কৰি তুলিলে। গ্ৰন্থ মেলা আৰু বাণিজ্য মেলাস্থলীত লাভ কৰা তথ্যবোৰ বিশ্লেষণ কৰি এই উপলব্ধি হল যে বিধায়ক হোৱাৰ পূৰ্বৰে পৰা সিকদাৰে এই উদ্যোগ লৈছিল আৰু বিধায়ক হোৱাৰ পাছত ইয়াক আগুৱাই লৈ গৈছে।

সেই দিন কেইটাত তেওঁ ৰাজনৈতিক পৰিচয় পৰিহাৰ কৰি সমষ্টিবাসীলৈ এটাই বাৰ্তা দিব প্ৰয়াস কৰে সেয়া হল কিতাপ পঢ়ক। এই প্ৰয়াসৰ আন্তৰিকতাৰ উমান কয়াকুছিলৈ যোৱা প্ৰতিজন লোকে খোজে খোজে পাব।

গ্ৰন্থ মেলা আয়োজনৰ বাবে সমান্তৰালভাৱে অনুষ্ঠিত কৰা বাণিজ্য মেলাত হাজাৰ হাজাৰ লোকৰ ভিৰ হয়। এইটোও ঠিক যে, বেপাৰ কিন্তু গ্ৰন্থ মেলাতকৈ বাণিজ্য মেলাত অধিক হয়। সেয়েহে এই বাণিজ্য মেলাৰ স্থলীত বিভিন্ন দোকান-পোহাৰ বা আন আমোদ-প্ৰমোদৰ ব্যৱস্থাৰ বাবে যিসকলে সেই দিন কেইটাত ব্যৱসায় কৰিব খোজে তেওঁলোকে হেনো ২০ লাখ টকা আয়োজকসকলক দিব লাগে।

এজন উদ্যোক্তাই জানিবলৈ দিয়া মতে ১০ লাখ টকা আগতীয়াকৈ আৰু আন ১০ লাখ টকা গ্ৰন্থ মেলা, বাণিজ্য মেলা আয়োজন হোৱাৰ সময়ত দিব লাগে উদ্যোক্তাসকলক। এইয়া তেওঁলোকৰ গ্ৰন্থ মেলা আয়োজনৰ প্ৰাথমিক মূল ধন।

তাৰ পাছত বিভিন্নজন শুভ চিন্তকে এই গ্ৰন্থ মেলা আয়োজনৰ বাবে স্বতঃস্ফুৰ্তঃভাৱে আৰ্থিক সহায় আগবঢ়ায়। ১ লাখৰ পৰা এক হাজাৰ টকালৈকে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বাবে ধন আগবঢ়োৱা লোকসকলেও এই অনুষ্ঠান আয়োজনত এক ভূমিকা পালন কৰে।

থুলমূলকৈ যি হিচাপ পালো ২০২৪ বৰ্ষত কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আয়োজকসকলে প্ৰায় ৩৭ লাখৰো অধিক টকা এনেদৰে আয় কৰিছে। সেই আয় অনুসৰিয়েই তেওঁলোকে বৰ সুন্দৰভাৱে এই অনুষ্ঠান আয়োজন কৰাই নহয়, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিসন্ধানী পৰীক্ষা, বিশিষ্ট লোকসকলক বঁটা, সন্মান প্ৰদান, অভ্যাগতসকলক অপ্যায়ণ কৰিছে।

কোনো ক্ষেত্ৰতেই খুঁত নোৰোৱাকৈ এই আয়োজন কৰাৰ পাছতো আয়োজকৰ হাতত নিসন্দেহে কিছু ধন ৰৈ গৈছে। আটোমটোকাৰিকৈ এই গ্ৰন্থ আৰু বাণিজ্য মেলা উপলক্ষে প্ৰকাশ কৰি উলিয়াইছে স্মৃতি দৰ্পণ শীৰ্ষক স্মৃতি গ্ৰন্থখন। প্ৰতি বছৰেই হেনো তেওঁলোকে বিশেষ গুৰুত্ব দিয়ে এই স্মৃতি গ্ৰন্থখনত।

২০২৪ ৰ স্মৃতি গ্ৰন্থখনো সোণত সুৱগা চৰা হৈ পৰিছে। বিষয়বস্তুৰ ভিন্নতা, লিখকৰ স্বাধীনতা আৰু বিষয়ৰ গভীৰতা আছে স্মৃতি গ্ৰন্থখনত। নিঃসন্দেহে কোনোবাই গ্ৰন্থ মেলা উপলক্ষে প্ৰকাশ কৰা স্মৃতি গ্ৰন্থসমূহৰ মান নিৰূপণ কৰিলে এই গ্ৰন্থমেলাখনৰ স্মৃতি গ্ৰন্থখনে এখন অন্যতম শ্ৰেষ্ঠ স্মৃতি গ্ৰন্থৰূপে স্বীকৃতি পাব।

সমাজলৈ বিশেষ বৰঙণি আগবঢ়োৱা লোকক কয়াকুছি বঁটা, আদৰ্শ খেতিয়ক বঁটা, কীৰ্তি শিক্ষক বঁটা আদি দিয়া হয় এই মঞ্চতে। শৈক্ষিক প্ৰতিভা সন্ধান পৰীক্ষা আৰু সাংস্কৃতিক সন্ধিয়াৰো আছে দাঁতা।

সকলোৱে হাত উজান দি কয়াকুছিৰ এই গ্ৰন্থমেলাক যি ৰূপ দিছে সেই ৰূপ আৰু মান আৰু অধিক বৃদ্ধি হব গ্ৰন্থ মেলাখনত প্ৰতিষ্ঠিত ৰাজ্যৰ প্ৰকাশকসকলক অংশগ্ৰহণ কৰাব পাৰিলে। সেই গ্ৰন্থ মেলাৰ স্থলীতে গুৱাহাটীৰ এজন পৰিচিত প্ৰকাশক লগ পাইছিলো।

তেওঁক সুধিছিলো- কিতাপৰ বিক্ৰী কেনে?’ তেওঁৰ মতে কিতাপৰ বিক্ৰী সন্তোষজনক হোৱা নাই। প্ৰকাশক, বিক্ৰেতাগৰাকীৰ এই কথাখিনি শুনি গ্ৰন্থ মেলাৰ উদ্যোক্তাসকলৰ আন্তৰিকতা আৰু পৰিকল্পনা দেখি আন কিছু কথাৰ ভৱাৰ অৱকাশ দিলে।

তাতেই স্মৃতি গ্ৰন্থখনত এই গ্ৰন্থ মেলা আয়োজনৰ মূল কাণ্ডাৰীগৰাকীয়েও মুখ্য পৃষ্ঠপোষকৰ কলমত গ্ৰন্থ মেলালৈ বহু প্ৰকাশক আমন্ত্ৰণ জনোৱাৰ পাছতো আশানুৰূপ সহাৰি নোপোৱাৰ কথা উল্লেখ কৰিছে। তেওঁ ইয়াক দুৰ্ভাগ্যজনক আৰু হতাশজনক আখ্যা দিছে।

সেই হতাশাক ইচ্ছা কৰিলে উদ্যোক্তাসকলে প্ৰত্যাশালৈ সলনি কৰিব পাৰে। দেখা পোৱা গৈছে গ্ৰন্থ মেলাত সম্ভৱতঃ ৭/৮ খন প্ৰকাশন গোষ্ঠীয়ে অংশ লৈছে। সেয়া যদি ২০ লৈ বৃদ্ধি কৰিব পাৰি আৰু ইয়াৰ প্ৰতি প্ৰকাশকক আগ্ৰহী কৰি তোলা এক পদক্ষেপ লোৱা হয় তেনে এই গ্ৰন্থ মেলাখনে আৰু অধিক প্ৰসাৰতা লাভ কৰিব।

সেই প্ৰভাৱ পৰিব উক্ত অঞ্চলটোত। যাৰ প্ৰতিফলন ঘটিব সামাজিক স্তৰত। গ্ৰন্থ মেলাখনৰ বাবে যিহেতু বৃহৎ পৰিমাণৰ ধনৰ যোগাৰ হয়, সেই ধনৰ এটা অংশ কিছু বাহুল্যতা পৰিহাৰ কৰি আয়োজকসকলে গ্ৰন্থ মেলাত অংশ লোৱা প্ৰকাশক, বিক্ৰেতাৰ পৰা কিতাপ কিনাৰ নামত ব্যয় কৰিব পাৰে।

ধৰা হওক ডাঙৰ প্ৰতিষ্ঠানবোৰৰ পৰা ৫০ হাজাৰকৈ, সৰু বোৰৰ পৰা ২০/২৫ হাজাৰকৈ আয়োজকসকলে কিতাপ কিনিলে খুব বেছি ৪/৫ লাখ টকা ব্যয় হব। আয়োজকসকলে কিনা সেই কিতাপবোৰ স্থানীয় বিদ্যালয় বা পুঁথিভড়ালসমূহক বিনমূল্য দান নতুবা কিছু পাঠকৰ গ্ৰুপ সৃষ্টি কৰি সেইবোৰ সমূহীয়া বিতৰণৰ ব্যৱস্থা কৰিব পাৰে।

এনে কৰাৰ ফলত কিতাপৰ প্ৰতি নতুন প্ৰজন্মৰ আগ্ৰহ আৰু এক সৱল গ্ৰন্থ আন্দোলনৰ বাঁট মুকলি হোৱাই নহয়, অসমৰ গ্ৰন্থৰ বজাৰখনৰ পৰিসৰো বৃদ্ধি পাব। কয়াকুছিয়ে এই উদ্যোগ ললে আৰু অসমৰ আন বিধানসভা সমষ্টিৰ বিধায়কসকলে ইয়াক নিজ সমষ্টিত আগুৱাই নিয়াৰ কথা চিন্তা কৰিলে সেয়া ৰাজ্যৰ বাবে হব অন্যতম গ্ৰন্থ আন্দোলনৰ শক্তিশালী পদক্ষেপ।

প্ৰতিটো সমষ্টিত আয়োজন কৰা এনে গ্ৰন্থ মেলাৰ উদ্যোক্তাসকলে গড়ে ৫ লাখকৈ প্ৰতিবছৰে কিতাপ কিনিলে অসমৰ গ্ৰন্থৰ বজাৰখনৰ পৰিসৰ আৰু ৬.৩০ কোটি টকা বৃদ্ধি পাব। এইখন হব নতুন গ্ৰন্থৰ বজাৰ। আৰু স্থানীয় গ্ৰন্থ মেলা আয়োজকসকলে নিৰ্বাচিত কিতাপৰ লগতে স্থানীয় লেখকৰ কিতাপ ক্ৰয়ত অগ্ৰাধিকাৰ দিব পাৰিব।

এই বৌদ্ধিক চেতনা ব্যৱহাৰিক ভাৱে প্ৰয়োগ কৰিবলৈ বিধায়কসকলৰ আন্তৰিক প্ৰচেষ্টা লাগিব। তেওঁলোকে নিজৰ পকেটৰ ধন খৰচ নকৰাকৈ কিছু উদ্যোগ লৈয়ে ৰাইজৰ সহোযোগত সেই কাম কৰিব পাৰিব। যাৰ কৃতিত্ব কিন্তু তেওঁলোকৰ নামতেই ৰৈ যাব।

এতিয়া মানুহে নতুনত্ব ভাল পায়। গ্ৰন্থ মেলাস্থলীত আলোচনা চক্ৰ হব লাগে। সভাও অনুষ্ঠিত হব লাগে। কিন্তু ইয়াৰ ৰূপ সলনি কৰাৰ সময় আহিছে। সেই নতুনত্বৰ সন্ধান কৰাৰ প্ৰতিযোগিতা, লিখক-পাঠকৰ আড্ডা আদি অনুষ্ঠিত কৰিলে গ্ৰন্থৰ প্ৰতি পাঠকৰ ৰাপ বৃদ্ধি পাব।

কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ দৰেই আন জনপ্ৰতিনিধিসকলে উদ্যোগ ললে সেয়া হব আশাব্যঞ্জক খবৰ। ৰাজনীতিৰ টনাটনিৰ মাজত সৌহাদ্যপূৰ্ণ পৰিবেশত গ্ৰন্থ মেলাৰ অচিলাৰে স্থানীয় বেপাৰ, বাণিজ্য কৰাৰ উপৰিও কলা-সংস্কৃতিৰ চৰ্চাৰ সুযোগ দিব এই পদক্ষেপে। ইয়াৰ বাবে অৱশ্যে জনপ্ৰতিনিধিসকল জাকিৰ হুছেইন সিকদাৰ হবও পৰিব লাগিব। ৰাজনীতিৰ উৰ্ধলৈ গৈ নিস্বাৰ্থভাৱে তেনে উদ্যোগ লবলৈ আশেপাশেও ইয়াৰ মূল বুজা মানুহবোৰো লাগিব।

গ্ৰন্থ মেলা কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা