/asomiyapratidin/media/media_files/2025/04/24/4aWSGll9HMERAwVTgdt3.jpg)
মৃদুল কুমাৰ সন্দিকৈ
বিশ্বাসঘাটক পাকিস্তানক পৰাভূত কৰিবলৈ ভাৰতক নালাগে গুলী-বোমা,ক্ষেপণাস্ত্ৰ। পানীয়ে "পানী" কৰি দিব পাৰি শত্ৰু ৰাষ্ট্ৰখনক। এনেও ভিক্ষাৰী হৈ থকা পাকিস্তানৰ অৱস্থা ভাৰতে বিচাৰিলে পানীত হাঁহ নচৰা কৰি দিব পাৰে।
১৯৬০ চনৰ ১৯ চেপ্তেম্বৰৰ কথা। কৰাচীত মিলিত হৈছিল তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু পাকিস্তানৰ তদানীন্তন ৰাষ্ট্ৰপতি আয়ুব খান। দুই ৰাষ্ট্ৰ প্ৰধানৰ উপস্থিতিত বিশ্ব বেংকৰ পৃষ্ঠপোষকতাত স্বাক্ষৰিত হৈছিল এখন চুক্তি।
সেই চুক্তিৰ নাম আছিল "সিন্ধু জল চুক্তি (Indus Waters treaty)"। সেই চুক্তি অনুসৰি ৬খন নদীৰ পানী দুই দেশৰ মাজত ভাগ-বতৰা হৈছিল। তিব্বতৰ মালভূমি কৈলাশ পৰ্বতৰ মান সৰোবৰ আৰু বোসৰ চৌ হ্ৰদৰ হিমৱাহৰ পৰা ৬ খন নদী বৈ আহিছিল।
এই নদী কেইখন হ'ল- সিন্ধু,ঝেলুম,চেনাব,ৰবি,ব্যাস আৰু ছাটলেজ। ইয়াৰ ভিতৰত সিন্ধুৱে ডাঙৰ নদী। বাকী ৫খন নদী সৰু যদিও এই ৫ নদী সিন্ধু নৈত পৰি পাকিস্তানৰ বুকুৰে বৈ গৈছিল।
সিন্ধু সহ পাঁচোখন নদী লাডাখ,হিমাচল,জম্মু-কাশ্মীৰ,হাৰিয়ানা আৰু পাঞ্জাৱৰ মাজেৰে বৈ গৈ পাকিস্তানত সোমাইছিল। সিন্ধু নদী পাকিস্তানৰ আয়ুস ৰেখা সদৃশ। যিহেতু সিন্ধু নদীৰ পানী পাকিস্তানে কৃষি,উদ্যোগ,জলসিঞ্চন,জলবিদ্যুত, পানী যোগান আদি কামত ব্যৱহাৰ কৰে।
ভাৰতে ইচ্ছা কৰিলে এই নদীখনৰ গতি পথ বা ইয়াৰ পানী আৱদ্ধ কৰি থব পাৰে। এনে পৰিস্থিতিত পাকিস্তানৰ অৱস্থা কি হ'ব সেই কথা চিন্তা কৰিয়ে পাকিস্তানে ভাৰতৰ সৈতে এই চুক্তি কৰিছিল।
সিন্ধু জল চুক্তি অনুসৰি, ৩খন নদী ক্ৰমে- ৰবি,ব্যাস আৰু ছাটলেজৰ ওপৰত ভাৰতৰ নিয়ন্ত্ৰণ তথা অধিকাৰ আৰু পশ্চিমৰ ৩খন নদী ক্ৰমে সিন্ধু,ঝেলুম আৰু চেনাবৰ অধিকাৰ তথা নিয়ন্ত্ৰণ পাকিস্তানে লাভ কৰিছিল।
চুক্তি অনুসৰি ভাৰতে কেতিয়াও এই নদী সমূহৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ আৰু অধিকাৰ সাব্যস্ত কৰিব চেষ্টা কৰা নাছিল। কেইবাবাৰো পাকিস্তানৰ সৈতে ভাৰতৰ সমুখ সমৰ হৈছে। গুলী, বাৰুদ, বোমা,ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলিছে। কিন্তু ভাৰতে সিন্ধু জল চুক্তি ভংগ কৰা নাই।
দায়িত্বশীল দেশ হিচাপে ভাৰতে জানে সেই পানী যুদ্ধ কৰিলে পাকিস্তান তিষ্ঠি থকাই অসম্ভৱ। ইণ্ডাজ বেচিনৰ পৰা বৈ অহা ৬খন নদীৰ ২০ শতাংশ পানী হে ভাৰতে ব্যৱহাৰ কৰে। সেই পানীৰ পৰিমাণ হ'ব ৩৫ মিলিয়ন একৰ ফীট চমুকৈ এমএএফ।
বিলিয়ন কিউবিক মিটাৰ হিচাপত সেই পানীৰ পৰিমাণ হ'ব ৪১ বিচিএম। আনহাতে ইণ্ডাজ বেচিনৰ ৬খন নদীৰ ৮০ শতাংশ পানীয়ে লাভ কৰে পাকিস্তানে। যি পানীৰ পৰিমাণ ১৩৫ এমএএফ বা ৯৯ বিচিএম।
চুক্তি মতেই পাকিস্তানে ইমান দিনে সেই পানী লাভ কৰি আহিছিল। ভাৰতে অতি সংকটৰ আৰু পাকিস্তানে কৰা শত্ৰুতাৰ পাছতো যি পদক্ষেপ লোৱা নাছিল সেই কঠোৰ পদক্ষেপ ল'বলৈ ইতিমধ্যে সিদ্ধান্ত লৈছে।
২২ এপ্ৰিল ২০২৫ত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে পেহেলগামত যি বৰ্বৰ আক্ৰমণ চলালে তাৰ প্ৰত্যুত্তৰ দিবলৈকে কঠোৰ সিদ্ধান্ত নতুন দিল্লীয়ে গ্ৰহণ কৰিলে। কেবিনেট কমিটী অন চিকিউৰিটীয়ে লোৱা সিদ্ধান্ত অনুসৰি ৬৪ বছৰ পুৰণি সিন্ধু জল চুক্তি ভাৰতে ভংগ কৰাৰ সিদ্ধান্ত ল'লে।
যদি এই কঠোৰ পদক্ষেপ ভাৰতে গ্ৰহণ কৰে তেন্তে সমুখ সমৰতকৈ ভয়াৱহ হ'ব পাকিস্তানৰ অৱস্থা। কিয়নো ইণ্ডাজ বেচিনৰ ভাৰতৰ মাজেৰে বৈ পাকিস্তানত পৰা সিন্ধু তথা আন ৫খন নদীৰ পানীৰে দেশখনৰ কৃষিভূমিত খেতি কৰা হয়।
পাকিস্তানৰ ১৬ মিলিয়ন হেক্টৰ মাটিত এই পানী ব্যৱহাৰ কৰে খেতিয়কে। যদি ভাৰতে পানীৰ প্ৰৱাহ হ্ৰাস বা বন্ধ কৰি দিয়ে দেশখনত চৰম দুৰ্ভিক্ষই দেখা দিব। জলসিঞ্চন, বিদ্যুৎ উৎপাদন আৰু উদ্যোগত ব্যৱহাৰ কৰা ৯৩ শতাংশ পানীয়েই এই নদী কেইখনৰ।
পাকিস্তানৰ মুঠ জনসংখ্যাৰ ৬১ শতাংশ লোক এইকেইখন নদীৰ পানীৰ ওপৰত নিৰ্ভৰশীল। কৰাচী,লাহোৰ,মুলতান আদি পাকিস্তানৰ মুখ্য চহৰ। সেই চহৰবোৰত যোগান ধৰা খোৱা পানীও ভাৰতৰ পৰা বৈ যোৱা পানীৰ ওপৰতে নিৰ্ভৰশীল হোৱা হেতু চুক্তি ভংগ কৰিলে দেশখনৰ অৱস্থা কি হ'ব পাৰে ভাৱিব নোৱাৰি।
তাৰাবেলা,মাংগলা আদি পাকিস্তানৰ জলবিদ্যুৎ প্ৰকল্পৰ কাৰণে ব্যৱহৃত পানীৰ বাবেও পাকিস্তান ভাৰতৰ ওপৰত নিৰ্ভৰশীল। দেশখনৰ জিডিপি ২৫ শতাংশ এই নদী কেইখনৰ পানীয়ে নিয়ন্ত্ৰণ কৰে।
ইয়াৰ পৰাই অনুমান কৰিব পাৰি এইখন যুদ্ধ ভাৰতে কৰিলে পাকিস্তান কেনে পৰিস্থিতিৰ সন্মুখীন হ'ব। পুলৱামা, সংসদ ভৱন আক্ৰমণ, মুম্বাই আক্ৰমণ আদি ঘটনাৰ পাছতো পাকিস্তানৰ প্ৰতি ভাৰতে এনে এক পদক্ষেপ লোৱা নাছিল। কিন্তু এইবাৰ নতুন দিল্লীয়ে অস্ত্ৰৰে নহয় পানীৰে পাকিস্তানক শিক্ষা দিব খুজিছে।
এই শিক্ষা পাকিস্তানৰ বাবে অতি ভয়ংকৰ হ'ব। দেশখনৰ নেতৃত্ব তথা সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলে বুজি উঠিব চাৰ্জিকেল ষ্টাইকেই নহয় ভাৰতে অন্য পন্থাৰেও যুঁজিব পাৰে। কেৱল মানৱতাৰ খাতিৰত সেই যুদ্ধ ইমান দিনে কৰা নাছিল ভাৰতে।