/asomiyapratidin/media/media_files/2025/02/17/EDbLmqTdRYMhMDGtpWkF.jpg)
তুষাৰ প্ৰতিম
পৰিবৰ্তিত পৰিস্থিতিৰ মাজতে সলনি হৈছে দক্ষিণ এছিয়াৰো ভূ-ৰাজনৈতিক পৰিস্থিতি। যোৱা প্ৰায় তিনি/চাৰিটা বছৰত এই অঞ্চলটোৰ দেশসমূহত আভ্যন্তৰীণ অস্থিৰতা যথেষ্ট বৃদ্ধি পাইছে। দেশসমূহৰ আভ্যন্তৰীণ অস্থিৰতাৰ বাবেই দক্ষিণ এছিয়াৰ সামগ্ৰিক পৰিবেশেই সলনি হৈ পৰিছে।
ইয়াত নিশাৰ ভিতৰতে মিত্ৰও শত্ৰুলৈ পৰিণত হৈছে, শত্ৰুও মিত্ৰ হৈ পৰিছে। আনহে নালাগে এসময়ত পশ্চিম পাকিস্তানৰ পৰা সংস্কৃতি আৰু ভাষাৰ বাবেই সংগ্ৰামৰ মাজেৰে পূৱ পাকিস্তানে স্বাধীনতা অৰ্জন কৰিছিল বাংলাদেশ ৰূপেৰে।
প্ৰায় ৩ লাখ বঙালী লোকৰ ত্যাগৰ বিনিময়ত ১৯৭১ ত জন্ম লাভ কৰিছিল বাংলাদেশে। এই নতুন দেশখন ভাষাৰ ভিত্তিতে গঢ় লৈ উঠিছিল। সেই বাংলাদেশতেই এতিয়া আকৌ বঙালী, ভাষা সংস্কৃতি বিপন্ন হৈ পৰিছে।
২০২৪ ৰ আগষ্টত হোৱা বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ পৰিণতিত পতন হৈছিল শ্বেইখ হাছিনাৰ চৰকাৰৰ। দেশখনত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ'ল যদিও সমান্তৰালকৈ ইছলামিক অপশক্তিও গা কৰি উঠে। আনকি খবৰ অনুসৰি নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠনো এতিয়া এই দেশৰ নীতি নিৰ্ধাৰক হৈ পৰিছে।
যি ইছলামাবাদে বাংলাদেশৰ ৩ লাখৰো অধিক সাধাৰণ লোকক হত্যা কৰিছিল সেই ইছলামাবাদেই এতিয়া ঢাকাৰ বুকুৰ কুটুম হৈ পৰিছে। তাৰ বিপৰীতে ঢাকাৰ বাবে নতুন দিল্লী হৈ পৰিল অস্পৃচ্ছ। অথচ বাংলাদেশৰ স্বাধীনতাৰ কথা বাদেই শেহতীয়াকৈ দেশখনত চকুতলগাকৈ হোৱা আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰতো ভাৰতৰ অৱদান আছিল অভূপূৰ্ব।
ভাৰত-বাংলাদেশৰ সম্পৰ্কৰ এনে অৱনতি বিশ্ব ৰাজনীতিৰো এতিয়া এক চৰ্চাৰ বিষয়। ভাৰতক অগ্ৰাহ্য কৰিলেও অৱশ্যে ঢাকাই নস্যাৎ কৰিব নোৱাৰে। ভাৰত অবিহনে বাংলাদেশৰ বিকাশ, অৰ্থনৈতিক উন্নয়নো সম্ভৱ নহয়।
কিছু পলম হ'লেও অৰ্থনীতিত নোবেল বিজয়ী বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ড০ মহম্মদ ইউনুছে হয়তো উপলব্ধি কৰিছে সেই কথা। ইছলামাবাদৰ শৰনাপন্ন হলেও এই কথা হয়তো সহজেই উপলব্ধি কৰিছে দেশখনৰ উন্নয়নৰ বাবে ইছলামাবাদ নহয়, বৰঞ্চ নতুন দিল্লীহে গুৰুত্বপূৰ্ণ।
সেয়ে মুকলিকৈ ইউনুছে মুকলিকৈয়ে কৈছে ভাৰত-বাংলাদেশ এই দুই দেশৰ সৈতে তেওঁ বিচাৰিছে যৌথ অৰ্থনীতি। আনকি এঢাপ আগুৱাই তেওঁ এই কথাও দাবী কৰিছে, দুয়ো দেশৰ মাজত যৌথ অৰ্থনীতি গঢ়ি তোলাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। দেশ দুখনৰ ভৌগলিক অৱস্থানৰ বাবেই এই যৌথ অৰ্থনীতি গুৰুত্বপূৰ্ণ বুলিও তেওঁ কৈছে।
দেওবাৰে বাংলাদেশৰ এডমিনিষ্ট্ৰেছন ছাৰ্ভিচেছ এছোচিয়েছনৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ পাছতে ঢাকাত বাংলাদেশ-চীন মৈত্ৰী সন্মিলনত অংশগ্ৰহণ কৰিছিল মহম্মদ ইউনুছে। কৌশলগত কাৰণত অতি গুৰুত্বপূৰ্ণ হিচাপে চিহ্নীত এই সন্মিলনতে ইউনুছে ভাৰতৰে যৌথ অৰ্থনীতি গঢ়ি তোলাৰ দাবী কৰিছে।
ইউনুছে ব্যাখ্যা কৰে ভাৰত, বাংলাদেশ, নেপাল আৰু ভূটানৰ ভৌগলিক অৱস্থান চুবুৰীয়া। সেয়ে এই চাৰিওখন দেশৰ মাজত যৌথ অৰ্থনীতি গঢ়ি তোলাৰ দৰকাৰ। এই যৌথ অৰ্থনীতিৰ ফলত আটাইকেইখন দেশেই লাভৱান হ’ব।
অৱশ্যে নেপাল আৰু ভূটানৰ সৈতে বাংলাদেশে ভূমিগত সীমা ভাগ বতোৱাৰ কৰা নাই। কেৱল ভাৰতৰ সৈতেহে বাংলাদেশৰ তেনে সম্পৰ্ক আছে। তাৰোপৰি ম্যানমাৰৰ সৈতেও আছে তেনে ভৌগলিক সম্পৰ্ক। সেয়ে ম্যানমাৰৰ লগতে ভাৰতৰ সৈতেও শক্তিশালী অৰ্থনৈতিক সম্পৰ্ক গঢ়ি তোলাৰ বাবে আগ্ৰহী মহম্মদ ইউনুছ।
কিন্তু ভাৰতৰ পৰৱৰ্তিত পৰিস্থিতিত এই ক্ষেত্ৰত ভূমিকা কি হয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে মহম্মদ ইউনুছে যিসময়ত মুকলিকৈ এই দাবী কৰিছে সেই একেটা দিনতে ওমানত অনুষ্ঠিত হোৱা ভাৰত মহাসাগৰীয় সন্মিলনত দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰীৰ মাজত এক দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হয়।
ভাৰত-বাংলাদেশৰ অৱনমিত বৈদেশিক সম্পৰ্কৰ মাজতে অনুষ্ঠিত হোৱা এই বৈঠকত ড০ এছ জয়শংকৰ আৰু তৌহিদ হুছেইনে দুয়ো দেশৰ মাজত প্ৰতিকূলতাৰ মাজতো বন্ধুত্বপূৰ্ণভাৱে কাম কৰাৰ ওপৰত গুৰুত্ব দিছে বুলি জানিব পৰা গৈছে।
মন কৰিবলগীয়া যে, শ্বেইছ হাছিনাৰ কাৰ্যকালত ভাৰত চৰকাৰৰ সহযোগিতাত বহু কেইটা প্ৰকল্প ৰূপায়ণ হৈছিল বাংলাদেশত। এই প্ৰকল্পসমূহৰ জৰিয়তে দুয়োখন দেশেই অৰ্থনৈতিকভাৱে টনকিয়াল হোৱাৰ লগতে বাংলাদেশৰ যোগাযোগ ব্যৱস্থাৰ লগতে আন্তঃগাঁথনি উন্নয়নত যথেষ্ট সহায়ক হৈছিল।
অতি শেহতীয়াকৈ ২০২৩ ৰ নৱেম্বৰত দুয়োখন দেশৰ মাজত বহু কেইটা অভিলাষী প্ৰকল্প উদ্বোধন কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীআৰু তদানীন্তন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই যুটীয়াভাৱে ভাৰ্চুৱেলী উদ্বোধন কৰা এই প্ৰকল্পসমূহৰ ভিতৰত আছিল ত্ৰিপুৰাৰ নিচিন্তপুৰ আৰু গংগাসাগৰৰ মাজৰ গুৰুত্বপূৰ্ণ ৰে'ল সংযোগ, বাংলাদেশৰ ৰামপালৰ মৈত্ৰী চুপাৰ থাৰ্মাল পাৱাৰ প্লাণ্টৰ ইউনিট-২ আৰু ৬৫ কিলোমিটাৰ খুলনা-মংলা পোৰ্ট ৰে'ল লাইন।
তাৰোপৰি তিষ্ঠা জলবিদ্যুৎ প্ৰকল্পতো চীনৰ পৰিবৰ্তে ভাৰতকে অগ্ৰাধিকাৰ দিছিল হাছিনাই। ভাৰতে বৃদ্ধি কৰিছিল বাংলাদেশলৈ জাৰি কৰা ভিছাৰ সংখ্যাও। হাছিনাৰ পতনৰ আগলৈকে মাত্ৰ ৯ টা বছৰতে ভাৰত-বাংলাদেশে সীমান্তত শান্তি, নিৰাপত্তা আৰু স্থিৰতা স্থাপনৰ বাবে ভূমি সীমা চুক্তি স্বাক্ষৰ কৰাৰ লগতে নিষ্পত্তি কৰিছিল সামুদ্ৰিক সীমা বিবাদ। ঢাকা, শ্বিলং, আগৰতলা, গুৱাহাটী আৰু কলকাতাৰ মাজত আৰম্ভ হৈছি বাছ সেৱা। আখাউৰা-আগৰতলা ৰে'ল সংযোগ আছিল ঐতিহাসিক।
এনে সম্পৰ্কই দুয়োখন দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ককেই নহয়, বাণিজ্যি আৰু অৰ্থনৈতিক শক্তিশালী সম্পৰ্কৰ নিদৰ্শন দাঙি ধৰিছিল। এনে সম্পৰ্কৰ বাবেই বাংলাদেশত থিতাপি লৈ ভাৰতৰ আভ্যন্তৰীণ শান্তি বিঘ্নিত কৰিব পৰা সকলো শক্তিকে দুয়োখন দেশেই দমন কৰিবলৈও সক্ষম হৈছিল। কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত সেই সম্পৰ্ক এতিয়া অটুট থকা নাই।
অৱশ্যে মহম্মদ ইউনুছে দেওবাৰে মুকলিকৈ পুনৰ ভাৰতৰ সৈতে যৌথ অৰ্থনীতি গঢ়ি তোলাৰ আগ্ৰহে বহু কথাই স্পষ্ট হৈছে। ইছলামাবাদৰ কাষ চাপিলেও ঢাকা অৰ্থনৈতিকভাৱে বা আন্তঃগাঁথনি বিকাশত সফল নহ’ব।
ইতিমধ্যে আমেৰিকাই দেশখনলৈ আগবঢ়াই অহা সাহায্য বন্ধ কৰিছে। চীনে কেৱল নিজৰ স্বাৰ্থৰ বাবেই বাংলাদেশত বিনিয়োগৰ বাবে জাল পাতিছে। চীনৰ এনে জালত পৰিয়েই অৰ্থনৈতিকভাৱে কোঙা হৈ পৰিছিল শ্ৰীলংকা। সেয়ে তিষ্ঠা প্ৰকল্পত চীনে বিনিয়োগ কৰিবলৈ উদ্বাউল হৈ থকাৰ পাছতো বাংলাদেশে বাৰে বাৰে চিন্তা কৰিবলগীয়া হৈছে।
দেশখনৰ অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে ভাৰতেই যে একমাত্ৰ বিশ্বাসযোগ্য ৰাষ্ট্ৰ সেয়া বুজি উঠিছে ইউনুছে। সেয়ে হয়তো এতিয়া ইউনুছৰ দৰে বিদগ্ধ অৰ্থনীতিবিদে নতুন দিল্লীৰ কাষ চপাৰ চেষ্টা কৰিছে। নতুন দিল্লীয়েও এই সুযোগ কোনো কাৰণতে এৰি দিয়াতো নিশ্চয়কৈ উচিত নহ’ব।
ইতিমধ্যে গ্লে’বেল ছাউথত দুৰ্বল হৈ পৰা ভাৰতক শক্তিশালী হোৱাত এনে সুযোগে যথেষ্ট সহায় কৰিব। এতিয়া বহু কথাই নিৰ্ভৰ কৰিব ভাৰতৰ ওপৰত। পৰিৱৰ্তিত পৰিস্থিতিত ভাৰতৰ বৈদেশিক নীতিত বাংলাদেশৰ ক্ষেত্ৰত কেনে পৰিবৰ্তন হয় সেয়া হ’ব লক্ষ্যণীয়।