/asomiyapratidin/media/media_files/2025/04/28/Erm9VT4CSGL3vL9wYF11.jpg)
তুষাৰ প্ৰতিম
সন্ত্ৰাসবাদ বিশ্বৰ বাবে অভিশাপ। সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা কোনো অপশক্তিয়েই মানৱ সমাজৰ বন্ধু হ’ব নোৱাৰে। চুবুৰীয়া পাকিস্তানো তেনে এক অপশক্তি যি অহৰহৰ সন্ত্ৰাসবাদক লালন-পালন কৰি আহিছে।
অৱশ্যে পাকিস্তানৰ ভূমিত লালিত-পালিত হোৱা সন্ত্ৰাসবাদ সেই দেশৰ বাবেও মূৰৰ কামোৰণি হৈ পৰিছে। তথাপিও সেই দেশৰ ক্ষমতালুভী ৰাজনৈতিক নেতাৰ বাবে সন্ত্ৰাসবাদ আজিও বুকুৰ আপোন।
এই কথাও সত্য যে, পাকিস্তানৰ দৰে অৰ্থনৈতিকভাৱে বিপৰ্যস্ত ৰাষ্ট্ৰসমূহক আমেৰিকাৰ দৰে একাংশ শক্তিয়েও তেওঁলোকৰ স্বাৰ্থত সন্ত্ৰাসবাদক পোহপাল দিবলৈ অনুপ্ৰাণিত কৰি আহিছে। পাকিস্তানে আমেৰিকা, ব্ৰিটেইনৰ দৰে একাংশ দেশৰ স্বাৰ্থৰ বাবে এসময়ত কিদৰে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰিছিল সেয়া আনুষ্ঠানিকভাৱেই স্বীকাৰ কৰিছে।
ভৌগলিকভাৱে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক এই ৰাষ্ট্ৰখন ভাৰতৰ চুবুৰীয়া হোৱাৰ বাবেই আজি ভাৰতো সন্ত্ৰাসবাদৰ কৰাল গ্ৰাসত পৰি বিপৰ্যয়ৰ সুন্মুখীন হৈছে। পাক মদদপুষ্ট সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে ভাৰতৰ অগণন সেনা, সুৰক্ষা বাহিনীৰ কৰ্মীৰ পৰা আৰম্ভ কৰি সাধাৰণ নাগৰিকলৈ।
সেয়ে এই দেশখনক শেষ কৰি দিয়াটোৱেই বিচাৰে ভাৰতৰ সাধাৰণ নাগৰিকে। পেহেলগামৰ আক্ৰমণৰ পাছত সমগ্ৰ ভাৰতেই ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ঘৃণাৰে উপচাই দিছে পাকিস্তানক। বিচাৰিছে সেই দেশখনৰ বিৰুদ্ধে এখন যুদ্ধ।
সামৰিক যুদ্ধ নকৰিলেও ইতিমধ্যে ভাৰতে কূটনৈতিক যুদ্ধ আৰম্ভ কৰিছে। ভাৰতে সিন্ধু জল চুক্তিকে ধৰি পাকিস্তানৰ সৈতে থকা কেইবাখনো চুক্তি বাতিল কৰিছে। একেদৰে পাকিস্তানেও ভাৰতৰ সৈতে বাতিল কৰিছে ছিমলা চুক্তি, বাণিজ্যিক সম্পৰ্ক।
সেই দৰেই ভাৰতে পাকিস্তানী নাগৰিকক ভিছা দিয়াৰ প্ৰক্ৰিয়া বন্ধ কৰিছে। পাকিস্তানেও সেই দেশৰ আকাশমাৰ্গৰে ভাৰতৰ বিমান চলনত বাধা প্ৰদান কৰিছে। একেদৰেই বন্ধ কৰা হৈছে বাঘা সীমান্তও।
ভাৰতীয় সেনাই পেহেলগাম আক্ৰমণৰ পাছতে বৃদ্ধি কৰিছে সামৰিক অনুশীলনো। এনে পৰিস্থিতিত একাংশ সংবাদ মাধ্যমে অৱশ্যে ঢৌ টোকে ৰৌ টো কৰাত উঠিপৰি লাগিছে। ষ্টুডিঅ’ৰ মজিয়াৰ পৰা ‘‘টিক টিক-১, টিক টিক-২, টিক টিক-৩’’ বুলি যুদ্ধ আৰম্ভ কৰিছে।
২৬ জনকৈ নিৰীহ লোকে প্ৰাণ হেৰুওৱা ঘটনাত মৰ্মাহত ভাৰতীয়ই পাকিস্তানৰ সৈতে যুদ্ধ বিচাৰিছে যদিও সংবাদ মাধ্যমৰ পৰা এই সময়ত এনে ভুল, অসত্যক বাহুল্য ৰূপত উপস্থাপনৰ ভূমিকা নিশ্চয় আশা নকৰে। দেশ দুখনৰ মাজত চলি থকা কূটনৈতিক যুদ্ধহে এই সময়ত অধিক গুৰুত্বপূৰ্ণ।
ভাৰতে সিন্ধু চুক্তি বাতিল কৰাৰ দৰেই পাকিস্তানে ছিমলা চুক্তি বাতিল কৰিছে। ভাৰতে ভিছা বাতিল কৰাৰ দৰে পাকিস্তানে তেওঁলোকৰ আকাশ মাৰ্গৰে ভাৰতীয় বিমানৰ উৰণ বাতিল কৰিছে। একেদৰে দুয়ো দেশে দুয়োখন দেশত থকা উচ্চায়ুক্তকো ঘূৰাই পঠিয়াইছে। ভংগ হৈছে বাণিজ্যিক সম্পৰ্ক।
এই সম্পৰ্কে কম, বেছি পৰিমাণে সকলোৱেই জ্ঞাত। মন কৰিবলগীয়া যে, এই কেইখন দ্বিপাক্ষীক চুক্তি বাতিল হৈছে যদিও পাকিস্তানৰ সৈতে ভাৰতৰ কম, বেছি পৰিমাণে আছে ৪০ খনলৈ দ্বিপাক্ষিক চুক্তি। এই আটাইবোৰ চুক্তি অৱশ্যে এতিয়ালৈকে বাতিল হোৱা নাই।
ভাৰত বৈদেশিক মন্ত্ৰণালয়ৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি দুয়োখন দেশৰ মাজত বাণিজ্য, ভিছা, পাৰমাণৱিক অস্ত্ৰৰ তালিকাৰ বিনিময়, পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষাৰ আগতীয়া সতৰ্কীকৰণ, সীমান্ত সুৰক্ষা, পানীকে ধৰি প্ৰায় ৪০ খন দ্বিপাক্ষিক চু্ক্তি আছে।
এনে চুক্তিৰ ভিতৰত আছে পাৰমাণৱিক অস্ত্ৰৰ দুৰ্ঘটনা প্ৰতিৰোধ, বেলিষ্টিক মিছাইল পৰীক্ষণৰ আগতীয়া অধিসূচনা, লাহোৰ ঘোষণা, দুয়ো দেশৰ আকাশমাৰ্গ উলংঘা ৰোধ, সামৰিক বিমানৰ অৱতৰণ আৰু উৰণ, সামৰিক অনুশীলন আৰু সৈন্যৰ গতিবিধিৰ ওপৰত আগতীয়া তথ্য বিনিময়, পাৰমাণৱিক প্ৰতিষ্ঠানত আক্ৰমণ নিষিদ্ধ কৰা, সাংস্কৃতিক সহযোগিতা আৰু প্ৰসাৰ, বাণিজ্য, শিক্ষা, স্বাস্থ্য, পৰ্যটন আৰু উদ্যোগ খণ্ডত উমৈহতীয়া স্বাৰ্থৰ বাবে যৌথ আয়োগ স্থাপন, চেনাব নদীৰ ছালাল জলবিদ্যুৎ শক্তি কেন্দ্ৰ সম্পৰ্কীয়, দূৰসংযোগ, বিমান সেৱা, ৰে’লৱে যোগাযোগ, পাৰস্পৰিক বাণিজ্যৰ বিভিন্ন সময়ছোৱাত সম্পাদিত চুক্তি।
তাৰোপৰি আছে ভিছা লাভৰ চুক্তি, মাজত মুক্তি আৰু প্ৰত্যাৱৰ্তনৰ চুক্তি, ছিমলা চুক্তি, ভাৰত আৰু পাকিস্তানৰ মাজত সৈন্য প্ৰত্যাহাৰৰ চুক্তি, তাছকেণ্ড চুক্তি, সিন্ধু জল চুক্তি, নেহৰু-লিয়াকট বা দিল্লী চুক্তি আদি। ভাৰতে সিন্ধু জল চুক্তি বাতিলৰ পাছতে ছিমলা চুক্তি বাতিল কৰিছে পাকিস্তানে।
১৯৬০ চনত স্বাক্ষৰিত সিন্ধু জল চুক্তি অনুসৰি সিন্ধু আৰু ইয়াৰ উপনৈসমূহৰ জলভাগ ভাগ কৰিবলৈ ভাৰত আৰু পাকিস্তানৰ হৈ সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ জেনেৰেল আয়ুব খানৰ মাজত কৰাচিত এই চুক্তি স্বাক্ষৰ কৰিছিল। এই চুক্তিৰ পাছত দুখনকৈ যুদ্ধ আৰু পৰিবৰ্তিত কূটনৈতিক সম্পৰ্কৰ মাজতো ৬৫ বছৰ ধৰি এই চুক্তি বাহাল আছিল।
এই চুক্তি অনুসৰি ভাৰতক বিপাশা, ইৰাৱতী, আৰু ছাটলেজ নদীৰ পানীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ দিয়া হৈছিল। আনহাতে পাকিস্তানক পশ্চিমৰ তিনিখন নদী সিন্ধু, চেনাব, আৰু ঝেলুম নদীৰ পানীৰ ওপৰত নিয়ন্ত্ৰণ দিয়া হৈছিল।
পশ্চিমৰ এই নদী কেইখনৰে বৈ যোৱা পানীৰ পৰা ভাৰতৰ বিদ্যুৎ উৎপাদনৰ অধিকাৰ আছে ঠিকেই কিন্তু পানী জমা কৰি ৰাখিব নোৱাৰে বা ইয়াৰ সোঁত কমাব নোৱাৰে। ইয়াৰ বিপৰীতে পূবৰ ইৰাৱতী, বিপাশা, ছাটলেজ আদিত যিকোনো ধৰণৰ প্ৰকল্প নিৰ্মাণ কৰাৰ অধিকাৰ ভাৰতৰ আছে। ইয়াত পাকিস্তানে আপত্তি কৰিব নোৱাৰে।
ভাৰতে এই চুক্তি বাতিল কৰাৰ পাছতে পাকিস্তানে বাতিল কৰিছে ছিমলা চুক্তি। ১৯৭১ চনত বাংদাশেৰ মুক্তি যুদ্ধৰ পাছত ১৯৭২ চনৰ ২ জুলাইত ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভূট্টোৰ স্বাক্ষৰিত হৈছিল এই চুক্তি। হিমাচল প্ৰদেশৰ ছিমলাত স্বাক্ষৰিত হোৱাৰ বাবেই এই চুক্তিক ছিমলা চুক্তি আখ্যা দিয়া হৈছিল।
এই চুক্তিৰ মূল বিষয় হৈছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সকলো বিবাদ শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰা আৰু তৃতীয় পক্ষৰ হস্তক্ষেপ অবিহনে দ্বিপাক্ষিক আলোচনা আৰু বুজাবুজিৰ জৰিয়তে সেইবোৰ সমাধানৰ প্ৰয়াস, কাশ্মীৰ সমস্যা আৰু অন্যান্য বিবাদ শান্তিপূৰ্ণভাৱে সমাধান, সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি সন্মান, ৰাজনৈতিক স্বাধীনতা, আৰু আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা।
এই চুক্তিয়েই জম্মু-কাশ্মীৰৰ মাজৰ সীমান্তক "নিয়ন্ত্ৰণ ৰেখা" হিচাপে মানি লোৱা হৈছিল আৰু দুয়োপক্ষই একপক্ষীয়ভাৱে ইয়াৰ পৰিৱৰ্তন নকৰিবলৈ সন্মত হৈছিল। এই একেখন চুক্তিৰ অধীনতে বাংলাদেশে মুক্তিযুদ্ধৰ সময়ত বন্দী হোৱা ৯৩ হাজাৰ পাকিস্তানী যুদ্ধবন্দীক মুকলি কৰি দিবলৈয়ো সন্মত হয়। এই চুক্তিখনেই এতিয়া বাতিল কৰিছে পাকিস্তানে। তাৰ পাছতেই নিয়ন্ত্ৰণ ৰেখাৰ ভিন্ন স্থানত গুলী চালনা কৰাৰ দৰে ঘটনা ঘটিছে।
ভাৰত আৰু পাকিস্তান দুয়োখনেই এতিয়া পাৰমাণৱিক অস্ত্ধাৰী দেশ। অৱশ্যে ভাৰতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাৰে পৰা যুদ্ধ বিৰতি নীতি অনুসৰণ কৰি আহিছে। সেয়ে ভাৰতে পাৰমাণৱিক অস্ত্ৰ কেতিয়াও প্ৰথমে ব্যৱহাৰ কৰাৰ পক্ষত নথকাৰ কথাও ঘোষণা কৰিছে। ভাৰতৰ পাৰমাণৱিক অস্ত্ৰ কেৱল আত্ম সুৰক্ষাৰ বাবেহে।
কিন্তু পাকিস্তান তেনে কোনো নীতিৰ প্ৰতি দায়বদ্ধ নহয়। সেয়ে হয়তো বাৰে বাৰে দেশখনে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দি আহিছে। অৱশ্যে ভাৰত আৰু পাকিস্তানৰ মাজত এই সম্পৰ্কীয়ও এক দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত আছে। ১৯৮৮ চনৰ ৩১ ডিচেম্বৰত ভাৰত পাকিস্তানে
পাৰমাণৱিক কেন্দ্ৰৰ ওপৰত আক্ৰমণ নকৰা সম্পৰ্কীয় এখন চুক্তিত স্বাক্ষৰ কৰিছিল আৰু ১৯৯১ চনৰ ২৭ জানুৱাৰীৰ পৰা ই কাৰ্যকৰী হৈ আছে।
এই চুক্তিৰ মূল বিষয় হৈছে দেশেই দুয়ো দেশৰ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ নকৰিব। প্ৰতিবছৰে ১ জানুৱাৰীত দুয়োখন দেশেই এখনে আনখনৰ সৈতে নিজৰ নিজৰ পাৰমাণৱিক কেন্দ্ৰৰ তালিকা বিনিময় কৰিব। সামৰিক অনুশীল আৰু গতিবিধিৰ ওৰতো আগতীয়া অধিসূচনা বা জাননী সম্পৰ্কীয়ও এক চুক্তি স্বাক্ষৰিত হৈ আছে ভাৰত-পাকিস্তানৰ মাজত।
১৯৯১ চনৰ ৬ এপ্ৰিলত স্বাক্ষৰিত এই চুক্তিৰ মূল বিষয় হৈছে দুয়োখন দেশে সামৰিক অনুশীলন, সৈন্যৰ গতিবিধি, বা সীমান্তৰ ওচৰত বা স্পৰ্শকাতৰ অঞ্চলত সামৰিক কাম-কাজৰ বিষয়ে আগতীয়াকৈ অৱগত কৰা। কোনোৱে সীমা অতিক্ৰম কৰিলে সেই বিষয়ে অৱগত কৰা।এই চুক্তিখনত দ্বিপাক্ষিক সামৰিক তথ্য প্ৰদানৰো ব্যৱস্থা আছে।
আকাশমাৰ্গ উলংঘা প্ৰতিৰোধ আৰু আকাশমাৰ্গৰ ওপৰেৰে সামৰিক বিমান উৰণ আৰু অৱতৰণৰ অনুমতি সম্পৰ্কীয় ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা চুক্তিখনো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উদ্দেশ্য হৈছে আকাশমাৰ্গৰ আকস্মিক বা অকৰ্তৃত্বশীলভাৱে ব্যৱহাৰ ৰোধ কৰা আৰু নিৰাপদে আকাশ পৰিবহণ সুনিশ্চিত কৰা।
এই চুক্তিখনো ১৯৯১ চনৰ ৬ এপ্ৰিলত স্বাক্ষৰিত হৈছিল। চুক্তি অনুসৰি ভাৰত আৰু পাকিস্তানে দেশ দুখনৰ আকাশমাৰ্গত সামৰিক বিমান প্ৰৱেশৰ পূৰ্বে আগতীয়াকৈ জাননী দিব লাগিব। জৰুৰীকালীন পৰিস্থিতিত এখন দেশে আনখন দেশৰ আকাশমাৰ্গৰ ওপৰেৰে উৰণৰ অনুমতি ল’ব লাগিব।
ভাৰত আৰু পাকিস্তানৰ মাজত বেলিষ্টিক ক্ষেপণাস্ত্ৰ পৰীক্ষণ সন্দৰ্ভতো স্বাক্ষৰিত হৈ আছে চুক্তি। ২০০৫ চনৰ ৩ অক্টোবৰত স্বাক্ষৰিত হোৱা এই চুক্তিৰ অধীনত দুয়োখন দেশে যিকোনো বেলিষ্টিক মিছাইল পৰীক্ষাৰ বিষয়ে আগতীয়াকৈ অৱগত কৰিব লাগে। পাৰমাণৱিক দুৰ্ঘটনা ৰোধ কৰা আৰু অনাকাংক্ষিত পাৰমাণৱিক সংঘাতৰ আশংকা হ্ৰাস কৰাৰ বাবেও দুয়ো দেশৰ মাজত ২০০৭ চনৰ ২১ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈ আছে চুক্তি।
ভাৰত আৰু পাকিস্তানৰ দ্বিপাক্ষিক সম্পৰ্কীয় অতি গুৰুত্বপূৰ্ণ এখন চুক্তি হৈছে লাহোৰ ঘোষণা বা লাহোৰ চুক্তি। ১৯৯৯ চনৰ ২১ ফেব্ৰুৱাৰীত এই চুক্তি তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী মহম্মদ নৱাজ শ্বৰীফে স্বাক্ষৰ কৰিছিল। লাহোৰত ঐতিহাসিক আলোচনাৰ অন্তত স্বাক্ষৰিত হোৱাৰ বাবেই এই চুক্তিৰ নাম লাহোৰ চুক্তি বা লাহোৰ ঘোষণা।
দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত এক বৃহৎ অগ্ৰগতি হিচাপে দুয়োখন দেশৰ পাৰমাণৱিক পৰীক্ষাৰ পিছত এইখনেই আছিল প্ৰথম বৃহৎ চুক্তি। এই চুক্তিৰ লক্ষ্য আছিল দুয়োখন দেশৰ মাজত শান্তি আৰু স্থিতিশীলতা বৃদ্ধি কৰা। শান্তিপূৰ্ণ আলোচনা আৰু দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে জম্মু-কাশ্মীৰকে ধৰি সকলো বিবাদ সমাধানৰ ক্ষেত্ৰতো দুয়োখন দেশৰ সন্মতি প্ৰকাশ কৰিছিল এই চুক্তিৰ আধাৰতে।
এই চুক্তিত পাৰমাণৱিক সংঘাতৰ আশংকা হ্ৰাস কৰা আৰু পাৰমাণৱিক সুৰক্ষা আৰু নিৰাপত্তা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই চুক্তি অনুসৰি দুয়ো দেশে এখনে আনখনৰ সাৰ্বভৌমত্ব, ভূখণ্ডৰ অখণ্ডতৰ প্ৰতি সন্মান জনাই আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ সন্মত হৈছিল। এই চুক্তিতেই সন্ত্ৰাসবাদক গৰিহণা দিয়া হৈছিল। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দুয়ো দেশ সন্মত হৈছিল।
ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৭৪ ৰ ১৪ ছেপ্টেম্বৰত ধৰ্মীয় পৰ্যটন সন্দৰ্কেও এখন চুক্তি স্বাক্ষৰিত হৈ আছে। এই চুক্তি অনুসৰি দুয়ো দেশৰ তীৰ্থযাত্ৰীসকলক ভিছা অবিহনে যাত্ৰা কৰাৰ অনুমতি দিয়া বা নিৰ্দিষ্ট ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে বিশেষ ভিছা প্ৰদান কৰা। ১৯৫০ চনৰ ৮ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী লিয়াকট আলী খানৰ মাজত স্বাক্ষৰিত হৈছিল ল নেহৰু-লিয়াকট চুক্তি।
এই চুক্তিখনৰ মূল বিষয় আছিল দুয়ো দেশৰ সংখ্যালঘুসকলৰ অধিকাৰ সুৰক্ষিত কৰা যেনে সংখ্যালঘুসকলৰ জীৱন, সম্পত্তি আৰু মৰ্যাদা ৰক্ষাৰ প্ৰতিশ্ৰুতি পালন কৰা। ইয়াত ধৰ্ম, জাতি, জাতি নিৰ্বিশেষে সকলো নাগৰিককে সম অধিকাৰ আৰু কৰ্মসংস্থাপনকে ধৰি অন্যান্য সুযোগ প্ৰদান কৰাত গুৰুত্ব দিয়া হৈছিল।
এই চুক্তি অনুসৰি বিভাজনৰ সময়ত দুয়োখন দেশত হোৱা সংঘাতৰ সময়ত অপহৰণ কৰা মহিলা আৰু সম্পত্তি ঘূৰাই অনাৰ সকলো সম্ভাৱ্য সহযোগিতা আৰু প্ৰচেষ্টা হাতত লোৱা। এই চুক্তি কাৰ্যকৰীকৰণৰ বাবে দুয়োখন দেশত গঠন কৰা হৈছিল সংখ্যালঘু আয়োগ।
ভাৰত আৰু পাকিস্তানৰ মাজত সৃ্ষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিত এতিয়া ইয়াৰে কেইবাখনো চুক্তি চৰ্চাৰ মাজত আছে। বিশেষতৈ সিন্ধু জল চুক্তি, ছিমলা চুক্তি সৰ্বাধিক চৰ্চা হৈছে। এই দুই চুক্তি দুয়োখন দেশৰ বাবে যিদৰে অতি গুৰুত্বপূৰ্ণ সেইদৰেই প্ৰতিৰক্ষা বা সামৰিক, পাৰমাণৱিক আদি বিষয়ক লৈ থকা চুক্তিসমূহো কিন্তু সমানেই গুৰুত্বপূৰ্ণ।
এই সমূহ চুক্তি বাতিল কৰা মানেই দুয়োখন দেশৰ মাজৰ উত্তেজনা আৰু অধিক বৃদ্ধি হোৱাতো নিশ্চিত। বিশেষকৈ পাৰমাণৱিক সম্পৰ্কিয় চুক্তি কেইখন কেৱল ভাৰত আৰু পাকিস্তানৰ বাবেই নহয়, সমগ্ৰ দক্ষিণ এছিয়াৰ বাবেই অতি গুৰুত্বপূৰ্ণ। এই চুক্তিও যদি বাতিল হয় তেন্তে পাকিস্তানৰ ক্ষমতাত বহি থকা অবিবেচকি একাংশ নেতাই ইয়াৰ অপ্ৰপয়োগ কি পৰ্যায়ত কৰে সেয়া হ’ব লক্ষ্যণীয়।
এই চুক্তিসমূহৰ বাতিলে দুয়োখন দেশৰ মাজৰ কূটনৈতিক যুদ্ধৰ অৱসান ঘটনাই সামৰিক যুদ্ধ নিশ্চিত হৈ পৰিব। অৱশ্যে এই কথাও নিশ্চিত যে, ভাৰত আৰু পাকিস্তান সামৰিক যুদ্ধৰ পৰ্যায়লৈ যোৱাৰ ক্ষেত্ৰত বাধাৰ হেঙাৰ হৈ থিয় দিব পাৰে আন্তৰ্জাতিক মহল।
পাকিস্তানৰ সৈতে আজিৰ তাৰিখত সামৰিক পৰ্যায়ত যুদ্ধ হলেও ভাৰতৰ সাধাৰণ জনতাই সততে যুদ্ধৰ বিৰোধিতা কৰাৰ দৰে নকৰে। কিন্তু এই কথাও ঠিক যে ভাৰতে চৰকাৰে সামৰিক যুদ্ধৰ পৰিবৰ্তে কূটনৈতিক যুদ্ধৰেই পাকিস্তানক এক শিক্ষা দিয়াতহে গুৰুত্ব দিছে।
এই কূটনৈতিক যুদ্ধ কোনটো পৰ্যায়লৈ যায় অথবা কিদৰে ইয়াৰ পৰা পাকিস্তানে শিক্ষা ল’ব সেয়া সময়ে ক’ব। কিন্তু সিদ্ধু, ছিমলা চুক্তিৰ দৰেই যদি বাকীবোৰ চুক্তিও বাতিল হয় তেন্তে কূটনৈতিক যুদ্ধৰ গুৰুত্ব আৰু হয়তো নাথাকিব।