/asomiyapratidin/media/media_files/2025/05/11/JZUIuyE1gpQ8wy6EVeoG.jpg)
মৃদুল কুমাৰ সন্দিকৈ
আমি যুদ্ধবাজ নহয়! পাকিস্তানৰ দৰে আমাৰ দেশ নহয় বিশ্বাসঘাটক। এটাই স্থিতি ভাৰতৰ। বিশ্ব সমুদায়ক ভাৰতে সন্মান কৰে, ভয় নকৰে। সিদ্ধান্ত লোৱাৰ পূৰ্বে বহু কথা আমাৰ দেশৰ শাসকসকলে ভাবে।
যুদ্ধ বিৰতি উলংঘনেৰে পাকিস্তানে আকৌ এবাৰ নিজৰ পৰিচয় নিজেই দাঙি ধৰিলে। চীনৰ সুৰ সলনি হোৱাৰ লগে লগে পাকিস্তানে স্থিতি সলালে। মাত্ৰ চাৰি ঘণ্টাৰ ব্যৱধানত নিশা বিশ্বাসঘাটক দেশখনৰ বন্দুক, বাৰুদ বোৰ গৰজি উঠিলে।
যুদ্ধ মানেই কেৱল আৱেগ নহয়। পাকিস্তানক উচিত শিক্ষা দিয়াৰ প্ৰয়োজন বুলি ভালদৰে উপলব্ধি কৰে নতুন দিল্লীয়ে। কেনেকৈ সেই শিক্ষা দিব লাগে দিল্লীয়ে সেই কথা ভালদৰে জানে। সেই অনুযায়ী যুদ্ধৰ ৰণনীতি তৈয়াৰ কৰে।
যুদ্ধক লৈ আমি উৎসাহী। আমাৰ দেশৰ বীৰ জোৱানৰ সাহসীকতা আৰু দেশ মাতৃৰ প্ৰতি থকা দায়িত্বই কোটি কোটি ভাৰতীয়ক গৌৰৱাম্বিত কৰে। তাৰ মাজতে যুদ্ধ দিনৰ ক্ষয়, ক্ষতিয়ে আমাৰ ভৱিষ্যতক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিব নেকি তাক লৈয়ো সতৰ্ক হ’ব লগাত পৰে।
যুদ্ধ এতিয়া কেৱল এতিয়া বন্দুক, বাৰুদৰ খেল নহয়। আধুনিক যুদ্ধ ৰক্তপাতহীন হয়। ফলাফল আহে লাহে লাহে। আন পক্ষবোৰে যাতে ইয়াৰ মুনাফা বুটলিব নোৱাৰে তাৰ প্ৰতিও সচেতন হ’ব লাগে।
দেশ মাতৃৰ প্ৰতি প্ৰতিজন ভাৰতীয়ৰ আৱেগ আৰু দায়বদ্ধতা বহু বেছি। যুদ্ধৰ এই পৰিবেশৰ মাজত পাকিস্তানে তুলি ল’লে হাতত ভিক্ষাৰ পাত্ৰ। ভিক্ষা বিচাৰিলে আই এম এফৰ পৰা। আমেৰিকাৰে সিংহভাগ অংশ থকা আই এম এফেও পাকিস্তানৰ ভিক্ষাৰ পাত্ৰত তুলি দিলে ১ বিলিয়ন মাৰ্কিন ডলাৰ।
ভাৰত কিন্ত ব্যতিক্ৰম। দেশবাসী নিজেই ওলাই আহিল। প্ৰধানমন্ত্ৰী আৰু সামৰিক পুঁজিলৈ স্বত্বঃস্ফূৰ্তভাৱে আগবঢ়ালে আৰ্থিক অনুদান। কোনো আহ্বান নাই। জনতাই নিজেই তুলি দিলে সেই ধন।
আমেৰিকাই সাপ হৈ খুটে। তাৰ পাছত বেজ হৈ জাৰে। সেয়া আমেৰিকাৰ চৰিত্ৰ। ড’নাল্ড ট্ৰাম্প ইয়াতকৈ এখোপ চৰা। নিজৰ কৃতিত্ব নিজেই ল’ব বিচৰা মানুহ। ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ খবৰ এক্স হেণ্ডেলত দি তাকেই কৰিলে।
সেই খবৰ ভাৰত বা পাকিস্তানক আনুষ্ঠানিকভাৱে দিবলৈয়ো নিদিলে। কিন্তু ট্ৰাম্পে পাহৰিলে নহ’ব সহনশীল হলেও ভাৰত সময়ত হৈ পৰে কঠোৰ। ইন্দিৰা গান্ধীয়েইতো তাৰ প্ৰমাণ। আমেৰিকাক ৰঙা চকু দেখুৱাব পৰা নেতা ভাৰতত আছিল, আছে।
ভাৰত এক সংস্কাৰৰ নাম। পৰিবেশ, পৰিস্থিত বুজি ভাৰতে সামগ্ৰীক কল্যাণৰ হকে কাম কৰে। জনতাৰ ওচৰত আমাৰ দেশৰ নেতা দায়বদ্ধ। তাৰ জৰিয়তেই দেশলৈ সমৃদ্ধি আহে, একতা গঢ়ে। পাকিস্তানত সেয়াই অভাব। নেতা-সেনাৰ যুদ্ধবাজ প্ৰবণতাই দেশখনৰ জনতাক পণবন্দী কৰে।
সেই দেশৰ নেতাই ভৱিষ্যতৰ কথা নাভাবে। যুদ্ধ ঠিকেই আৰম্ভ কৰে পাকিস্তানৰ সেনাৰ মুৰব্বী বা শাসকসকলে। ভৱিষ্যতৰ ফলাফলৰ কথা নাভাবে। জটিল আৰু সংকটকালীন পৰিস্থিতিত দেশ এৰি বিদেশত আশ্ৰয় লয়।
মুছাৰফৰ দৰে জেনেৰেলেও একেই বাটেৰে বাট লৈছিল। আমাৰ সেনা প্ৰধানসকলৰ এইবোৰ কল্পনাৰো অতীত। কাৰ্যকাল অন্ত পৰাৰ পাছত দেশতেই সাধাৰণ নাগৰিক হৈ ৰৈ যায়। শাসক সকলেও শাসনৰ অন্তত সাধাৰণ জনতা হৈ বাস কৰে দেশত।
আমি সৌভাগ্যবান। এনে এখন দেশ আমাৰ। আমেৰিকা আমাৰ প্ৰভু নহয়। ট্ৰাম্প আমাৰ গাৰ্জেন, ৰাষ্ট্ৰপতি নহয়। আমি সকলোৱে সেই কথা বুজো। নতুন দিল্লীয়েও সেই কথা অনুধাৱন কৰে ভালকৈ।
ভাৰতে যুদ্ধৰ নামত নিলাম কৰিব নোৱাৰে দেশক, জনতাক। পৰিস্থিতগত সিদ্ধান্ত কেতিয়াবা ল’বলগা হয়। আক্ষেপ থাকিলেও তেনে সিদ্ধান্ত বিৰোধিতা কৰা নাযায় দেশৰ স্বাৰ্থতেই। ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে পুৰস্কাৰ।
ভাৰত-পাকিস্তানৰ সৈতে আমেৰিকাৰ বাণিজ্য বৃদ্ধি কৰিব বুলি ট্ৰাম্পে কৰিলে ঘোষণা। কাশ্মীৰ সমস্যা সমাধানত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰাৰ ইংগিত মাৰ্কিন ৰাষ্ট্ৰপতিৰ। সেই কৌশলী নেতাৰ স্থিতিৰ মাজতো ভাৰতে নিজস্ব স্থিতি বাহাল ৰাখিব লগা হয়। প্ৰতিশোধৰ জুই চকু আৰু বুকুত লৈ ক’বলগা হয়- ‘আমিও বিচাৰো শান্তি…’।