/asomiyapratidin/media/media_files/2025/04/03/AiHn4FQYJIT7SGe3EW5M.jpg)
তুষাৰ প্ৰতিম
সোণসেৰিয়া ঐতিহ্য আৰু স্বকীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ অসমীয়া গহনাই লাভ কৰিলে জি আই টেগ। বাপতি সাহোন ৰঙালী বিহুৰ ঠিক প্ৰাক ক্ষণতেই অসমীয়া গহনালৈ অহা এই স্বীকৃতিয়ে স্বাভাৱিকতে অসমবাসীক গৌৰৱবোধ কৰাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই খবৰ দিয়াৰ লগে লগে উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী।
কিন্তু একে সময়তে অসমীয়া গহনাৰ স্বকীয়তালৈ নামি অহা ভাবুকিয়ে বহুতৰে মনত উদ্বেগৰো সৃষ্টি কৰিছে। বিশেষকৈ গামোচা, আৰনাইকে ধৰি অসমীয়া সাজ-পাৰ বৰ্হি ৰাজ্যত মেচিনত উৎপাদনেৰে অসমৰ বজাৰ ভৰাই পেলোৱা অসাধু ব্যৱসায়ীৰ কৱলত ইতিমধ্যে পৰিছে অসমীয়া গহনাও।
অতি সস্তীয়া এই নকল অসমীয়া গহনাই যিদৰে বজাৰ ভৰিছে, ঠিক সেইদৰে অসমীয়া মানুহখিনিয়েও এই গহনাকে আদৰি লৈছে। সেয়ে জি আই টেগে অসমীয়া গহনাৰ স্বকীয়তাক সংৰক্ষণ কৰিব যদিও অসমীয়া মানুহখিনি ইয়াক লৈ সচেতন নহ’লে প্ৰকৃত অসমীয়া গহনা যে সময়ৰ চাকনৈয়াত হেৰাই নাযাব তাৰ কোনো নিশ্চয়তা নাই।
অসমীয়া গহনা অসমৰ এক আপুৰুগীয়া সম্পদ বুলিলেও অত্যুক্তি কৰা নহয়। অসমীয়া গহনাৰ ইতিহাস আহোম ৰাজত্বৰ সময়ৰে পৰা আৰম্ভ হৈছে। আহোম ৰাজত্বৰ সময়ত কিদৰে সোৱণশিৰীত সোণৰ কণিকা পোৱা গৈছিল আৰু তাৰ পৰা সোণ তোলা হৈছিল সেয়া ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ থকাই নহয়, অসমৰ ৰাইজেও ভালকৈ জানে।
সেয়ে আহোমসকলৰ শাসনৰ সময়ছোৱাত ৰজাঘৰত সোণৰ গহনাৰ যথেষ্ট প্ৰয়োভৰ ঘটিছিল। অসমীয়াৰ বুকুৰ আমঠু এই গহনাসমূহে ৰাজঘৰৰ শৌৰ্যবীৰ্য বহণ কৰি আহিছিল। আহোম ৰাজত্বৰ সময়ছোৱাত কেৱল ৰজাঘৰীয়া আৰু উচ্চ বিষয়াসকলেহে এই গহনাসমূহ পৰিধান কৰিছিল।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈষ্ণৱ সাহিত্যতো আছে অসমীয়া গহনাৰ আভাস। ’ৰুক্মিণী হৰণ’ নাটত ৰুক্মিণীয়ে পৰিধান কৰা গহনাত পোৱা যায় অসমীয়া গহনাৰ আভাস। এনে স্বকীয় ঐতিহ্যৰে পৰিপূৰ্ণ অসমীয়া গহনা পিছে এতিয়া বিপদাপন্ন।
অসমীয়া গহণা প্ৰধানকৈ দুই প্ৰকাৰৰ। উজনি অসমৰ যোৰহাট, মধ্য অসমৰ নগাঁও জিলাৰ প্ৰখ্যাত কেঁচাসোণৰ গহনা আৰু নামনি অসমৰ বৰপেটাৰ সোণৰ পানী চৰোৱা অসমীয়া গহনা। কেঁচাসোণৰ গহণাসমূহ তৈয়াৰ কৰোতে গহনাসমূহৰ ভিতৰত ৰূপৰ বা সোণৰ সাঁজৰ ভিতৰত প্ৰথমতে ‘লা’ সোমোৱাই এটা নিৰ্দিষ্ট আকৃতি দিয়া হয়।
তাৰ পাছত সেই সাঁজৰ ওপৰত সোণপাত বা সোণপানী লগোৱা হয়। এতিয়া বজাৰত উপলব্ধ সস্তীয়া গহনাৰ দৰে কপাৰ বা আন ধাতুৰ ইয়াত ব্যৱহাৰ নহয়। এই গহনাক আকৌ বিভিন্ন পাথৰ, মিনাৰ সমাহাৰেৰে অধিক আকৰ্ষণীয় কৰি তোলে।
এই গহনাসমূহ অসমীয়া জীয়ৰী, বোৱাৰী, মহিলাই কাণ, ডিঙি, হাতৰ বাহু, হাতকে আদি কৰি দেহৰ বিভিন্ন অংগত পৰিধান কৰি সৌন্দৰ্যশালী হৈ উঠে। এই গহনাসমূহৰ ঐতিহ্য ফুটি উঠে সেইসমূহৰ নামসমূহত। অসমীয়া সমাজ জীৱনৰ সৈতে জড়িত ফুল, বাদ্য, চৰাই-চিৰিকতি ইত্যাদিৰ দ্বাৰা প্ৰভাৱিত এই গহনাসমূহ। ঢোলবিৰি, জোনবিৰি, কেৰু, থুৰীয়া, জাংফাই, গোলপতা, সাতসৰী, গেজেৰা, ডুগডুগী, বিৰি মণি, পোৱাল মণি, শিলিখা মণি, সেনপটা, হৰিনসকুৱা আদি নামসমূহ অসমৰ সমাজ, সংস্কৃতিৰ সৈতে নিবিড়ভাৱে জড়িত।
পৰিতাপৰ কথা, যিদৰে অসমৰ পাটৰ ঠাইত কাঞ্চিপুৰমৰ পাট, মুগাৰ ঠাইত টচ মুগা, অসমীয়া শিপিনীৰ গামোচাৰ ঠাইত পাৱাৰলুমৰ গামোচা আদিয়ে অসমৰ বজাৰ দখল কৰাই নহয়, অসমীয়া মানুহৰ বৰঘৰৰ ভিতৰৰ ঠাই আগুৰি ধৰিলে ঠিক সেইদৰেই এতিয়া অসমীয়া গহনাৰ নামত বিভিন্ন অনলাইন প্লেটফৰ্মত সস্তীয়া বৰ্হি ৰাজ্যত উৎপন্ন গহনাই অসমৰ জীয়ৰী, বোৱাৰীৰ দেহৰ বিভিন্ন অংগ শুৱনি কৰিছে।
সোণৰ মূল্য বৃদ্ধি, অসমীয়া গহনাৰ অন্য গহনাৰ তুলনাত অধিক ওজন হোৱা আদি অনেক কাৰণত অসমীয়া গহনা বহু মানুহে ক্ৰয় নকৰে বা কৰিব নিবিচাৰে। কিন্তু অসমীয়া গহনাৰ প্ৰতি আজিৰ তাৰিখতো মানুহৰ আকৰ্ষণ হ্ৰাস হোৱা নাই। সেয়ে জি আই টেগ লাভ কৰাৰ এই সুবৰ্ণ সময়তে অসম চৰকাৰেও এই বিষয়টোত কিছু চিন্তা কৰাৰ অৱকাশ আছে।
অসমীয়া গহনাৰ আৰ্হিৰে বৰ্হি ৰাজ্যত তৈয়াৰ কৰা, অনলাইন প্লেটফৰ্ম, মুকলি বজাৰত অসমীয়া গহনা বুলি বিক্ৰী কৰা তেনে গহনাৰ ক্ষেত্ৰত কিছু ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চয়কৈ অসমীয়া গহনাৰ হেৰুওৱা স্বকীয়তা উদ্ধাৰ হ’ব। তেনে গহনাক অসমীয়া গহনা নুবুলি অসমীয়া গহনাৰ আৰ্হিৰ গহনা বা তেনে কোনো বিকল্প নাম ব্যৱহাৰতহে বাধ্যবাধকতাৰ ব্যৱস্থা কৰিব লাগে। অন্যথা জি আই টেগ লাভ কৰিলেও কিন্তু অসমীয়া গহনাৰ প্ৰকৃত স্বকীয়তা, ঐতিহ্য বিলুপ্তি যে নঘটিব সেই নিশ্চয়তা কিন্তু নাথাকিব।