/asomiyapratidin/media/media_files/2025/02/27/IWVlH6YK2BxWRbjq8EPE.png)
তুষাৰ প্ৰতিম
হিন্দীৰ আগ্ৰাসনে দেশৰ প্ৰায় ২৫ টা ভাষাক নিঃশেষ কৰিছে। কেন্দ্ৰই বলপূৰ্বকভাৱে ৰাজ্যসমূহৰ ওপৰত হিন্দী জাপি দিয়াৰ বাবেই এইদৰে ২৫ টাকৈ ভাষা ধ্বংস হৈছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডি এম কেৰ নেতা এম কে ষ্টেলিনে আজি এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
বিজেপিয়ে তেওঁৰ এই দাবীক যদিও আগন্তুক নিৰ্বাচনৰ ৰাজনীতিৰ এক অংশ বুলি প্ৰতিঅভিযোগ কৰিছে তথাপিও বিষয়টোৰ গুৰুত্ব নথকা নহয়। ষ্টেলিনৰ এই মুকলি অভিযোগ এনে এক সময়ত আহিছে যি সময়ত ৰাষ্ট্ৰীয়তাবাদৰ নামত বিজেপিয়ে হিন্দী ভাষাক অধিক গুৰুত্ব প্ৰদান কৰি প্ৰকাৰন্তৰে ৰাজ্যসমূহত প্ৰায় বাধ্যতামূলক কৰিবলৈ চেষ্টা কৰিছে।
ভাৰতত ভাষিক জাতিয়তাবাদৰ অস্তিত্ব পূৰ্বৰে পৰাই আছে। দক্ষিণৰ ৰাজ্য কেইখনত এই ভাষিক জাতিয়তাবাদ দেশৰ আন প্ৰান্ততকৈ যথেষ্ট শক্তিশালী। এই ভাষিক জায়িতাবাদো দক্ষিণত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ প্ৰদৰ্শনৰ দুৰ্বলতাৰ এক কাৰণ বুলি চিহ্নিত হৈ আহিছে।
কিন্তু কেন্দ্ৰত বিজেপি ক্ষমতালৈ অহাৰ পাছতে বিজেপিয়ে দেশৰ প্ৰতিখন ৰাজ্যতে হিন্দী জাপি দিবলৈ চেষ্টা কৰাৰ অভিযোগ অধিক শক্তিশালী হৈ উঠিছে। আনকি ৰাষ্ট্ৰীয় শিক্ষা নীতিতো প্ৰকাৰন্তৰে হিন্দী জাপি দিবলৈ চেষ্টা কৰাৰ অভিযোগ আছে।
স্পষ্টকৈ হিন্দী বাধ্যতামূলক কৰা নাই যদিও কাৰিকৰী দিশসমূহৰ প্ৰতি লক্ষ্য কৰি হিন্দী জাপি দিবলৈ কৰা অপচেষ্টা ওলাই পৰিছে বুলি একাংশই দাবী কৰিছে। ষ্টেলিনে হিন্দীৰ বাবেই ২৫ টা ভাষাৰ নিঃশেষ হোৱাৰ যি দাবী সেই দাবীক বিজেপিয়ে নস্যাৎ কৰিলেও কিন্তু সেয়া সম্পূৰ্ণৰূপে অসত্য নহয়।
ডি এম কেৰ নেতাগৰাকীয়ে আজি এক্সত লিখিছে, ভোজপুৰী, মৈথেলী, আৱাধি, ব্ৰজ, বুণ্ডেলী, গড়হোৱালী, কুমাওনী, মগাহী, মাৰোৱাৰী, মালৱী, ছত্তীশগড়ী, চান্থালী, অংগিকা, হো, খৰিয়া, খোৰঠা, কুৰমালি, কুৰুখ, মুণ্ডাৰী আদি ভাষাই হিন্দীৰ গ্ৰাসত পৰি অস্তিত্বৰ সংকটত ভূগিছে। হিন্দীৰ আগ্ৰাসনত বহু প্ৰাচীন মাতৃভাষা ধ্বংস হৈছে। উত্তৰ প্ৰদেশ, বিহাৰৰ প্ৰকৃত ভাষাও এতিয়া ধ্বংসাৱশেষ।
তেওঁ দাবী কৰিছে হিন্দী আগ্ৰাসনৰ বাবে দেশৰ কমেও ২৫ টা ভাষা বিলুপ্তিৰ পথত। এই কথা নিশ্চিত যে, দেশৰ কেৱল ২৫ টা ভাষাই নহয়, আৰু বহু ভাষা বিলুপ্তিৰ দিশে অগ্ৰসৰ হৈছে। যোৱা সময়ছোৱাত একাধিক প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি ভাৰতৰ বহু ভাষাই ইতিমধ্যে মৃত্যু হৈছে বা মৃত্যুৰ ক্ষণ গণিছে।
ৰাষ্ট্ৰীয় শিক্ষা নীতিতে উল্লেখ কৰা অনুসৰি যোৱা ৫০ টা বছৰত ভাৰতে ২২০ টা ভাষা হেৰুৱালে। ইউনেস্কোৱে ১৯৭ টা ভাৰতীয় ভাষা বিলুপ্তিৰ পথত বুলি ঘোষণা কৰিছে। লিপিবিহীন বহু ভাষা বিলুপ্তিৰ গৰাহত।
একোটা নৃগোষ্ঠীৰ এজন জ্যেষ্ঠ লোকৰ মৃত্যুৰ লগে লগে একোটা ভাষাৰ অৱলুপ্তি ঘটে বুলি ৰাষ্ট্ৰীয় শিক্ষা নীতিতে উল্লেখ। ভাৰতীয় সংবিধানৰ অষ্টম সূচীৰ ২২ টা ভাষাৰো বহু কেইটা জটিলতাৰ সন্মুখীন হৈছে। তাৰোপৰি বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৩১ টা স্থানীয় ভাষাক চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছে। এই ভাষা সমূহো এতিয়া বিপদাপন্ন।
অষ্ট্ৰেলিয়াৰ ভাষাতাত্ত্বিক খ্ৰীষ্ট’ফাৰ ম’ছেলৰ তত্ত্বাৱধানত উইনেস্কোৱে চলোৱা ভাষাৰ বিলুপ্তি সম্পৰ্কীয় অধ্যয়নত স্পষ্ট হৈছে বিশ্বৰ মুঠ ৭৩৫৮টা ভাষাৰ ভিতৰত ইতিমধ্যে ৪৪৬টা ভাষাৰে মৃত্যু হৈছে। বাকী ৬৯১২ টা ভাষাৰ ২৫০০টা ভাষাই সংকটাপন্ন৷
অষ্ট্ৰেলিয়াৰ নিজা জৰীপ অনুসৰি তেওঁলোকৰ ২৫০ টাতকৈয়ো অধিক থলুৱা ভাষাৰ ভিতৰত ১৪৫ টাহে জীয়াই আছে। তাৰো ১১০টা গুৰুতৰভাৱে সংকটত আছে৷ অষ্ট্ৰেলিয়াৰ মাত্ৰ ১৮ টা ভাষাহে বিপদমুক্ত৷
মন কৰিবলগীয়া যে, ভাৰতত কথিত মুঠ ১৩৫২ টা ভাষাৰ সিংহভাগেই বিপদগ্ৰস্ত৷ ভাৰতৰ বিশেষকৈ জনজাতিয় অঞ্চলৰ ভাষাবোৰ গভীৰভাৱে সংকটাপন্ন। উত্তৰ পূবৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতি, জনগোষ্ঠীৰ কথা বাদেই প্ৰায় ডেৰ হাজাৰ বছৰীয়া সুদীৰ্ঘ কালৰ লিখিত ঐতিহ্যেৰে মহিমামণ্ডিত অসমীয়া ভাষাও বিপদাপন্ন।
এটা ভাষাই এটি জাতি বা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে। ভাষা অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে। ভাষাক কেন্দ্ৰ কৰিয়েই এটা জাতিৰ কৃষ্টি-সংস্কৃতি, পৰম্পৰা গঢ় লৈ উঠে৷
তাৰ পাছতো ভাৰতত যোৱা সময়ছোৱাত বহু ভাষাৰ মৃত্যু হ’ল। অৰ্থাৎ মৃত প্ৰতিটো ভাষাৰ সৈতে একো একোটা জাতি, জনগোষ্ঠীৰো মৃত্যু হৈছে।জনসংখ্যা গণনা নিৰ্দেশালয়ৰ এক পিয়লৰ তথ্য অনুসৰি ভাৰতত এনে ৪২ টা ভাষা আছে যি ভাষা ব্যৱহাৰ কৰা লোকৰ সংখ্যা ১০০০০ জনতকৈয়ো কম।
এই ৪২ টা ভাষা মৃত্যুৰ দিশে অগ্ৰসৰ হৈছে। মৃত্যুৰ দিশে গতি কৰা এই ভাষা সমূহৰ ১১ টা আছে আণ্ডামান নিকোবৰ দ্বীপ পুঞ্জত, ৭টা আছে মনিপুৰত আৰু হিমাচল প্ৰদেশত আছে ৪ টা তেনে ভাষা।
ভাষা হৈছে এটা জাতিৰ আয়ুস ৰেখা। একো একোটা ভাষাৰ মৃত্যুৰ লগে লগে সেই জাতিও অস্তিত্বহীন হৈ পৰে। এটা ভাষাৰ মৃত্যু হয় তেতিয়া, যেতিয়া সেই ভাষা কোৱা অন্তিমজন বক্তা হেৰুৱায়।
ইউনেস্কোৱেও এই কথা উল্লেখ কৰিছে যে, একোটা নৃগোষ্ঠীৰ এজন জ্যেষ্ঠ লোকৰ মৃত্যুৰ লগে লগে একোটা ভাষাৰ অৱলুপ্তি ঘটে। এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে, মৃত ভাষা আৰু বিলুপ্ত ভাষাৰ মাজত প্ৰাৰ্থক্য আছে।
ভাষাবিদৰ মতে মৃত ভাষা কিছু প্ৰসংগত এতিয়াও ব্যৱহাৰ হয় বা তাৰ অধ্যয়ন হয়। ইয়াৰ বিপৰীতে বিলুপ্ত ভাষা কোনো প্ৰসংগত ব্যৱহাৰ কৰা নহয়। এনে ভাষা ইতিহাস হৈ পৰিছে।
নেচনেল জিঅ’গ্ৰাফিক চ’চাইটিৰ মতে বিশ্বৰ ৭০০০ তৈ অধিক ভাষাৰ ভিতৰত প্ৰতি দুসপ্তাহত এটাকৈ ভাষাৰ মৃত্যু হয়। ভাষাৰ এনে মৃত্যুৰ মূল কাৰণ তাৰ ওপৰত প্ৰভাৱ পেলোৱা প্ৰভাৱশালী ভাষা।
যদিও এটা ভাষাৰ মৃত্যু এদিনতে বা এমাহ, এবছৰতে নহয় তথাপিও ভাষাৰ মৃত্যু তেতিয়াই আৰম্ভ হয়, যেতিয়াই সেই ভাষা ব্যৱহাৰ কেৱল শিশুৱে ঘৰতহে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। ভাৰতৰ ভাষিক বৈচিত্ৰতা দেশখনৰ এক সৌন্দৰ্য।
তথাপিও বিশ্বৰ অন্যান্য দেশৰ দৰেই ভাৰততো চৰকাৰী পক্ষই থলুৱা ভাষাক সংকটৰ গৰাহলৈ থেলি দিয়াৰ অভিযোগ কুৰি শতিকাৰ স্বাধীনোত্তৰ কালত প্ৰৱল হৈ উঠিছিল। শেহতীয়াকৈ ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ গ্ৰহণ কৰাৰ পাছৰে পৰা বলপূৰ্বকভাৱে হিন্দী জাপি দিয়াৰ অভিযোগ ভাষিক জাতিয়তাবাদী শিবিৰে প্ৰৱল কৰি তুলিছে।
তাকেই আজি মুকলিকৈ প্ৰকাশ কৰি এক ইছ্যু কৰি তুলিলে এম কে ষ্টেলিনে। ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ত তিনিটা ভাষা পদ্ধতিত শিক্ষা দিয়াৰ কথা উল্লেখ কৰা আছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৬৮ তো তিনিটা ভাষাৰ পদ্ধতিত শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল।
সেই একে পদ্ধতি অনুসৰণ কৰা হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০। ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৬৮ য়ে ৰাজ্যসমূহৰ বাবে নিৰ্দিষ্ট ভাষাৰ প্ৰয়োজনীয়তাৰ সৈতে সমগ্ৰ দেশতে হিন্দী বাধ্যতামূলক কৰিছিল।
যিসমূহ ৰাজ্য হিন্দীভাষী নাছিল সেই সমূহত অৱশ্যে হিন্দী, ইংৰাজী আৰু আধুনিক ভাৰতীয় ভাষা শিকোৱাৰ কথা আছিল। অহিন্দী ভাষী ৰাজ্যসমূহে স্থানীয় ভাষা, হিন্দী আৰু ইংৰাজী শিকাব বুলি আশা কৰা হৈছিল।
ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ য়ে সেই তিনিটা ভাষাৰ সূত্ৰই প্ৰয়োগ কৰিছে যদিও ইয়াত উল্লেখ কৰিছে শিক্ষাৰ্থীসকলে তিনিটা ভাষা বাছনি কৰিব পাৰিব। ইয়াৰে দুটা ভাষা ভাৰতৰ স্থানীয় ভাষা হ’ব লাগিব। ৰাজ্যিক ভাষাৰ উপৰিও, শিশুৱে আন এটা ভাৰতীয় ভাষা শিকিব লাগিব।
কিন্তু সেই ভাষা কি হ’ব সেয়া স্পষ্ট কৰা নাই। ইয়াতেই কাৰকিৰী ভাৱে হিন্দীকেই জাপি দিবলৈ বিচৰা হৈছে বুলি দাবী কৰা হৈছে। অৱশ্যে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে কোনো ভাষা জাপি দিবলৈ বিচৰা নাই বুলি স্পষ্ট কৰিছে।
সেয়া যিয়েই নহওক এম কে ষ্টেলিনে ভাষিক জাতিয়তাবাদৰ যি বিষয় উত্থাপন কৰিলে, ভাষাৰ বাবে যুঁজ দিবলৈ তামিল লোকসকলক আহ্বান জনালে সেই আহ্বানে হিন্দী বলয়ৰ বিৰুদ্ধে ভাষিক জাতীয়তাবাদী শিবিৰক যে পুনৰ এবাৰ জগাই তুলিব সেয়া প্ৰায় স্পষ্ট হৈছে। এই ভাষিক জাতীয়তাবাদে কিদৰে নিৰ্বাচন আৰু সামাজিক ব্যৱস্থাত প্ৰভাৱ পেলাই সেয়াহে হ’ব লক্ষ্যণীয়।