দৃষ্টিহীনক দৃষ্টি দিয়া, ব্ৰেইল হেমকোষত বিশ্বজুৰি পৰিছে পুষ্পবৃষ্টি

দৃষ্টিহীনক দৃষ্টি দিয়া, ব্ৰেইল হেমকোষত বিশ্বজুৰি পৰিছে পুষ্পবৃষ্টি

- মৃদুল কুমাৰ সন্দিকৈ

এটা জাতিৰ বাবে, এটা ভাষাৰ বাবে আশা আৰু ভৱিষ্যতৰ আধাৰ আছিল এখন অভিধান । সেইয়া আজিৰ পৰা ১২৩ বছৰ আগৰ কথা । ১৯শ চনত হেমচন্দ্ৰ গোস্বামীয়ে প্ৰণয়ন কৰা প্ৰথমখন অসমীয়া ভাষাৰ অভিধান প্ৰকাশ পাইছিল । সেই সময়ত এহেজাৰ পৃষ্ঠাৰ এই অভিধানখনৰ মুঠ শব্দ আছিল ২২ হেজাৰ ৩৪৪ টা ।

তাৰ পাছত হেমচন্দ্ৰ বৰুৱাৰ নাতি হেমকোষপ্ৰাণ দেৱ‍ানন্দ বৰুৱাই হেমকোষ প্ৰনয়ণৰ দায়িত্ব মূৰ পাতি লৈছিল । ১৯৬৫ চনৰ পৰা ২০১১ চনলৈকে হেমকোষৰ সংবধিত সংস্কৰণ প্ৰকাশ কৰা হয় । এতিয়া সেইখন হেমকোষত আছে লক্ষাধিক শব্দ । অসমীয়া ভাষাক তুলি ধৰাৰ ক্ষেত্ৰত হেমচন্দ্ৰ বৰুৱাৰ এই অৱদান জাতিয়ে কোনো দিনেই পাহৰিব নোৱাৰে ।

এইগৰাকী প্ৰজ্ঞাৰ সাধক, সমাজ সচেতক-সংস্কাৰক হেমচন্দ্ৰ বৰুৱাৰ আজোনাতি জয়ন্ত বৰুৱাই সেই ধাৰাবাহিকতাত যতি পৰিব নিদিলে । হেমকোষে সকলো লোককেই স্পৰ্শ কৰিব পাৰিলেও দৃষ্টিহীন সকলৰ বাবে নতুন চিন্তাৰে তেওঁ প্ৰকাশ কৰি উলিয়াইছিল ব্ৰেইল হেমকোষ । অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ এই চিন্তাই নতুন মাত্ৰা বহন কৰিছিল ।

কিয়নো অক্সফ'ৰ্ডৰ অভিদানৰ বাহিৰে ভাৰতীয় কোনো ভাষাতেই ব্ৰেইল পদ্ধতিত পূৰ্ণাংগ অভিধান নাছিল । সেয়াই আছিল চিন্তাৰ উন্মেষৰ এক অন্যতম কাৰণ । সমাজ কল্যাণ বিভাগৰ ব্ৰেইল ছপাশালত বহু কেইজন ব্যক্তিৰ সহযোগত প্ৰকাশ কৰা হৈছিল চতুৰ্দশ হেমকোষ ব্ৰেইল সংস্কৰণ ।

২০২২ বৰ্ষৰ ১৬ ছেপ্তেম্বৰত এই ব্ৰেইল লিপি অভিধানখন উদ্বোধন কৰা হৈছিল গুৱাহাটী মহানগৰীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত । সেইদিনাই সকলো উৎফুল্লিত হৈ পৰিছিল । এনে অগতানুগতিক চিন্তাৰ শলাগ লৈছিল ।

তেতিয়া অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে এই অভিধানখন উন্মোচন কৰিছিল আৰু উক্ত অনুষ্ঠানত উপস্থিত আছিল দিল্লী বিশ্ববিদ্যালয়ৰ বিশিষ্ট গৱেষক, অধ্যাপক ভাৰতেন্দু পাণ্ডেকে ধৰি ৰাজ্যৰ বহু বিশিষ্ট ব্যক্তি । সেইদিনা ৰাজ্যপাল মুখীয়ে এই ব্ৰেইল হেমকোষ উন্মোচনৰ দিনটো অসমৰ বাবেই এক গৌৰৱৰ দিন হৈ ৰ'ব বুলি ভৱিষ্যত বাণী কৰিছিল ।

"দৃষ্টিহীন সকলৰ হৃদয়লৈ গংগা বোৱাই দিলে । সেই গংগা জয়ন্ত বৰুৱাই বোৱাই আনিলে ।" - বিশিষ্ট অধ্যাপক, পণ্ডিত ভাৰতেন্দু পাণ্ডেৰ মন্তব্য আছিল এইয়া । উন্মোচনী অনুষ্ঠানটোত অংশ লৈ তেওঁ জয়ন্ত বৰুৱাক ধন্যবাদ জনাই এইদৰে কোৱাৰ লগতে নিজেও এজন দৃষ্টিহীন হোৱাৰ বাবে এনে কৰ্মৰ বাবে অধ্যাপক গৰাকীয়ে জয়ন্ত বৰুৱাক সেইদিনা ধন্যবাদ জনাইছিল । সেই যাত্ৰাৰ আৰম্ভণি এনেদৰেই হৈছিল ।

এই সুখ আৰু স্বীকৃতি আৰু অধিক ঘণীভূত হৈছিল যেতিয়া জয়ন্ত বৰুৱাই এই হেমকোষখন প্ৰধানমন্ত্ৰীৰ হাতত তুলি দিছিল । ভাল কামৰ মূল্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও দিব জানিছিল । তেওঁ দেওবৰীয়া জনপ্ৰিয় অনুষ্ঠান "মন কি বাত"ত আলোচনা কৰিছিল এই অভিধানখন প্ৰণয়েতা কৰা হেমচন্দ্ৰ বৰুৱা আৰু হেমকোষৰ সন্দৰ্ভত । বিভিন্ন মঞ্চত চৰ্চা হৈছিল এই ব্যতিক্ৰমী পদক্ষেপৰ কথা । এইয়া আছিল এটা সপোন ।

প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱালৈ সম্বোধন কৰি লিখা সেই বাৰ্তাত উল্লেখ আছিল অসম আৰু অসমীয়াক গৌৰৱাম্বিত কৰিব পৰা সেই খবৰ । য'ত লেখিছিল "Dear Mr. Rishi Baruah, we are thrilled to inform you that your application for largest bilingual Braille dictionary has been successful and you’re now the Guinness World Record title holder !"

এই সন্দৰ্ভত গিনীজ ৱৰ্ল্ড ৰেকৰ্ডছৰ ৱেবচাইটত গিনীজ ৱৰ্ল্ডৰ কৰ্তৃপক্ষই হেমকোষৰ  ব্ৰেইল সংস্কৰণ সম্পৰ্কে উল্লেখ কৰিছে এইদৰে -

The largest bilingual braille dictionary is 90,640 word entries and was achieved by Jayanta Baruah and Hemkosh Prakashan (both India), in Guwahati, Assam, India, as verified on 24 April 2023. Jayanta Baruah, in a bid to continue the ‘HEMKOSH’ legacy, as the grandson of Late Hemchandra Baruah, conceptualised, and published the Largest bilingual braille dictionary, named ‘Hemkosh’. This edition of ‘Hemkosh’ comprises of approximately 10,000 pages comprising more than 15 volumes. Jayanta Baruah has also donated (free of cost), the dictionary copies to all the educational institutions for the visually impaired students, universities, state and central libraries, as well as the national library.

অসমৰ বৌদ্ধিক ক্ষেত্ৰখনৰ বাবেও এইয়া সুখবৰ । এইয়া এক অভিলেখেই নহয় হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিও বিশ্বজুৰি এক সন্মান । একেদৰেই দৃষ্টিহীন সকলৰ কথা ভাবি এনে মহৎ চিন্তাৰে এই কাম সমাধা কৰা সকলৰ বাবেও পৰম প্ৰাপ্তি ।

ৰাজ্যজুৰি এতিয়া হেমকোষৰ বিশ্ব অভিলেখৰ খবৰে সকলোকে সুখী কৰিছে । নিৰৱে হৈ থকা এই কামবোৰৰ প্ৰতি ৰাইজে জনাইছে অলেখ শুভকামনা । এই ব্ৰেইলী সংস্কৰণৰ হেমকোষত আছে মুঠ ৯০ হেজাৰ ৬৪০টা শব্দ । মুঠ ২১টা খণ্ড আৰু ৬টা উপ-খণ্ড আছে হেমকোষৰ ব্ৰেইল সংস্কৰণত ।

কেৱল হেমকোষৰ ব্ৰেইল সংস্কৰণ চপা কৰাতেই দায়িত্ব শেষ কৰা নাই জয়ন্ত বৰুৱাই । দৃষ্টিহীনসকলৰ বিদ্যালয় গুৱাহাটী, ডিব্ৰুগড়কে ধৰি ৰাজ্যৰ বিশ্ববিদ্যালয় সমূহ, ৰাষ্ট্ৰীয় দৃষ্টিহীনসকলৰ শিক্ষা-গৱেষণাৰ সৈতে জড়িত প্ৰতিষ্ঠানক এই দ্বিভাষিক হেমকোষ বিনামূলীয়াকৈ বিতৰণ কৰা হৈছে ।

হেমকোষৰ এনে স্বীকৃতিয়ে পৰম সুখ দিছে ৰাজ্যবাসীৰ লগতে দৃষ্টিহীন সকলকো । তেওঁলোকৰ বাবে কৰা এই কামে বিশ্বৰ স্বীকৃতি আজুৰি অনাতো পৰম সৌভাগ্যৰ কথা বুলি তেওঁলোকে মন্তব্য কৰিছে । বিশ্বৰ সৰ্ববৃহৎ ব্ৰেইল অভিধান হ'ল হেমকোষ । ইয়াতকৈ আৰু ভাল খবৰ ৰাজ্যবাসীৰ বাবে, দৃষ্টিশক্তিহীন সকলৰ বাবে আৰু কি থাকিব পাৰে ?

এই মহৎ ক্ষণত সশ্ৰদ্ধাৰে সকলোৱে সোৱৰিছে অসমীয়া জাতিৰ সেই কাণ্ডাৰী পুৰুষক । যি হেমচন্দ্ৰ বৰুৱাই ভাষাৰ প্ৰতি দৃষ্টি ৰাখি প্ৰণয়ন কৰা হেমকোষে এতিয়া সাত সাগৰ তেৰ নদীৰ সিপাৰলৈকে সুবাস বিয়পাইছে । সেই সুবাসে অসমীয়াক, দৃষ্টিহীনসকলক আৱেগিক কৰি তুলিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in