মৃদুল কুমাৰ সন্দিকৈ
২০২৫ ৰ প্ৰথম দিনটোতে আহিল এটা ভাল খবৰ। ২০২৪ ৰ নৱেম্বৰৰ প্ৰথম সপ্তাহত গোলাঘাটলৈ যাওঁতে বনৌষধি সম্ৰাট ৰূপে পৰিচিত গুণাৰাম খনিকৰ উদ্যান আৰু সংগ্ৰহালয়লৈ যোৱা হৈছিল।
এসময়ত আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই অসমৰ সম্পদস্বৰূপ ঔষধি গছৰ উদ্যান আৰু সংগ্ৰহালয়ৰ অৱস্থা দেখি চকু কপালত উঠিছিল। গুণাৰাম খনিকৰৰ মৃত্যুৰ পাছত প্ৰায় ৮ বছৰ ধৰি সেই উদ্যানখন অবহেলিত হৈ পৰি থকাৰ ফলত সেইখন এৰাবাৰী সদৃশ হৈ পৰিছিল।
অসমীয়া প্ৰতিদিন ডিজিটেলত ৭ নৱেম্বৰ ২০২৪ ত গুণাৰাম খনিকৰৰ এই উদ্যানখনৰ দুৰৱস্থা সন্দৰ্ভত প্ৰকাশ হৈছিল এটা বিশেষ লেখা। এই লেখাটোৰ শিৰোনাম আছিল- ‘গুণৰামক পাহৰিলো, ৰাম দেৱক আদৰিলো’।লগতে আয়ুষ মন্ত্ৰণালয়কো বিষয়টো দৃষ্টিগোচৰ কৰি এনে সম্পদক কিয় অপচয় হ’বলৈ এৰি দিয়া হৈছে সেয়া আলোচনা কৰা হৈছিল।
এই সন্দৰ্ভত প্ৰকাশ কৰা বিশেষ লেখাটোৱে মানুহৰ মনত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। সামাজিক মাধ্যমত সেই সন্দৰ্ভত বিভিন্নজনে নিজস্ব মন্তব্য ব্যক্ত কৰি এই উদ্যান আৰু সংগ্ৰহালয় সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল। সামাজিক মাধ্যমত এই সংক্ৰান্তীয় লেখাটোৱে প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পিছত জিলাখনৰ এজন বিষয়াই উদ্যান আৰু সংগ্ৰহালয়টোক লৈ সক্ৰিয় হৈছিল।
২০২৫ ৰ ১ জানুৱাৰী দিনা গোলাঘাটৰ প্ৰতিদিন টাইমৰ সাংবাদিক মুস্তাক হুছেইনে টেলিফোন যোগে গুণাৰাম খনিকৰৰ বনৌষধি উদ্যান আৰু সংগ্ৰহালয়ৰ সন্দৰ্ভত এক সুখবৰ দিলে। যিটো খবৰ আছিল ২০২৫ ৰ আৰম্ভণিৰ দিনটোত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বাবে অত্যন্ত এটা সুখবৰ।
অসমীয়া প্ৰতিদিন ডিজিটেলৰ লগতে এই খবৰক লৈ সজাগ, সচেতন হৈ এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে সামাজিক মাধ্যমত জনমত গঠন কৰা লোকসকলো এই সুখবৰটোৰ অন্যতম অংশীদাৰ। খবৰটো হ’ল- আকৌ পূৰ্বৰ দৰে গুণাৰাম খনিকৰৰ এই বনৌষধি উদ্যান আৰু সংগ্ৰহালয়টো প্ৰাণ পাই উঠিব।
ইয়াক উজ্জীৱিত কৰাৰ বাবে আগবাঢ়ি আহিছে বেংগালুৰুৰ এটা প্ৰতিষ্ঠান। ১ জানুৱাৰী ২০২৫ ত গোলাঘাটত উপস্থিত হৈছিলহি ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ৰ বিজ্ঞানীসহ এটা বিশেষ দল।
ইকম ছায়েন্স কনচাল্টিং প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ উদ্যোগত অহা এই দলটোত আছিল কোম্পানীটোৰ অধ্যক্ষ দিলীপ ভাৰতী, আয়ুষ মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিজ্ঞানী দেৱাঞ্জল বৰা, যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ প্ৰবক্তা চন্দন হাজৰিকা আৰু অৱসৰপ্ৰাপ্ত ভাৰতীয় বন সেৱা বিষয়া চন্দন বৰা আদি।
বিশেষজ্ঞ দলটোৱে গোলাঘাটলৈ আহি প্ৰথমে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত বাৰুকিয়ালক সাক্ষাৎ কৰে। তাতেই তেওঁলোকে এখন সভা অনুষ্ঠিত কৰি কিধৰণে এই উদ্যানখন আৰু সংগ্ৰহালয়টো উজ্জীৱিত কৰিব পাৰি তাক লৈ এক ৰূপৰেখা প্ৰস্তুত কৰে।
এই সন্দৰ্ভত অতি শীঘ্ৰেই দেৱৰাজ ৰয় মহাবিদ্যালয়ত এখন ৰাষ্ট্ৰীয় পৰ্যয়াৰ আলোচনা চক্ৰ অনুষ্ঠিত কৰিব। মহাবিদ্যালয়খনত এইবোৰ কথা আলোচনা কৰি গোলাঘাটৰ চকৰধাৰাত থকা 'ভেষজৰত্ন' গুণাৰাম খনিকৰ উদ্যান আৰু সংগ্ৰহালয় এই বিশেষজ্ঞ দলটোৱে পৰিদৰ্শন কৰে।
পৰিদৰ্শন কালত বিশেষজ্ঞ দলৰ লগতে ইকম ছায়েন্স কনচালটিং প্ৰাইভেট লিমিটেডে জানিবলৈ দিয়া মতে অতি শীঘ্ৰেই তেওঁলোকে ইয়াৰ কাম-কাজ আৰম্ভ কৰিব। এনে উদ্যোগক স্থানীয় লোকসকলৰ লগতে গুণাৰাম খনিকৰৰ পৰিয়ালৰ লোকসকলেও আদৰণি জনাইছে।
এটা খবৰৰ বা এটা লেখাৰ এনে ইতিবাচক প্ৰভাৱে নিঃসন্দেহে উৎসাহিত কৰে। অসমীয়া প্ৰতিদিন ডিজিটেলে এই সন্দৰ্ভত উদ্যানখনৰ দূৰৱস্থা তুলি ধৰি দৃশ্য শ্ৰাব্য মাধ্যমৰ জৰিয়তেও এক ‘গ্ৰাউণ্ড জিৰ’ ৰিপ’ৰ্ট প্ৰস্তুত কৰিছিল।
সেই সময়ত এই উদ্যানখন পৰিভ্ৰমণ কৰোঁতে দেখা পোৱা গৈছিল হাবি বনৰ মাজত পোঁত গৈ থকা মূল্যবান ঔষধি গছবোৰ, দুৱাৰ, খিৰিকী ভাঙি তথৈবছ হৈ পৰা সংগ্ৰহালয়টো আৰু উদ্যানখনৰ সমীপতে জহি-খহি যোৱা চলন্ত সংগ্ৰহালয়।
উল্লেখযোগ্য যে, ২০১৬ চনৰ ৭ জানুৱাৰীত গুণাৰাম খনিকৰৰ মৃত্যুৰ পাছত এই উদ্যানখন আৰু সংগ্ৰহালয় অবহেলিত হৈ আছে। প্ৰায় ৪৩ খনৰো অধিক বন দৰৱ সন্দৰ্ভত গ্ৰন্থ লিখা গুণাৰাম খনিকৰে ১৯৭০ চনৰ পৰা একেধাৰে মৃত্যু পৰ্যন্ত এই কামত নিজকে উৎসৰ্গা কৰিছিল।
এনেকৈয়ে শেষ হ’বলৈ ধৰা গুণাৰাম খনিকৰৰ প্ৰচুৰ সম্ভাৱনা থকা বনৌষধি উদ্যান আৰু সংগ্ৰহালয়ৰ লগতে ইয়াত এই ঔষধৰ এক গৱেষণা প্ৰতিষ্ঠান আৰম্ভ কৰিছিল গুণাৰাম খনিকৰে। আয়ুষ মন্ত্ৰণালয়ে লোৱা এই উদ্যোগ আৰু উদ্যানখন পুনৰুজ্জীৱিত কৰিবলৈ দায়িত্ব ল’বলৈ বিচৰা প্ৰতিষ্ঠানৰ মহৎ প্ৰয়াসে এই দিশত নতুন মাত্ৰা যে প্ৰদান কৰিব সেয়া নিশ্চিত।
নতুন বছৰৰ প্ৰথম দিনটোত এয়া অসমবাসীৰ বাবে ভাল খবৰ। গুণাৰাম খনিকৰৰ নিঃশেষ হোৱাৰ দিশে আগবঢ়া বনৌষধি উদ্যানখনক লৈ চিন্তিত অনুৰাগীৰ বাবে নিঃসন্দেহে এক সুখবৰ।