/asomiyapratidin/media/media_files/2025/05/16/PPds2tlm5bYXm2ZzKfBe.jpg)
মৃদুল কুমাৰ সন্দিকৈ
জীৱন কচু পাতৰ পানী। কাৰোবাৰ অৱহেলাৰ বাবে যদি কোনোবাই হেৰুৱাব লগীয়া হয় প্ৰাণ, তাৰ বাবে ভগৱানক দোষ দি লাভ কি? মূল্যহীন হৈ পৰা জীৱনৰ কাহিনী এটা। সংগ্ৰামৰ মাজেৰে এটা পৰিয়াল ধৰি ৰখা এগৰাকী সাদৰি মহিলাৰ সৈতে দুৰ্ভাগ্যই খেলা কৰা দুখৰ গাথা এয়া।
শনি আৰু দেওবাৰে তেওঁ লগৰীয়াৰ সৈতে প্ৰায়ে আহে সেই চিনাকী ঠাইখনলৈ। বহু বছৰ ধৰি সপ্তাহৰ এই দুটা দিনৰ বাবে আগ্ৰহেৰে ৰৈ থাকে তেওঁ। গাঁৱতে পোৱা কচু,ঢেঁকীয়া,নেমু,মানিমুনি,কলডিল,থলুৱা বেঙেনা আদি সম্ভাৰ থাকে তেওঁৰ বেগত।
কাহিলী পুৱাতে ওলাই আহে ক্ষেত্ৰীৰ বৰবিতলীৰ ঘৰখনৰ পৰা। লগত সেই পাচলীৰ মোনা দুখন। আহিয়েই তেওঁ মেলি লয় সামগ্ৰী সমূহ। মানুহবোৰো তেওঁৰ চিনাকী হৈ পৰিছিল। মেঠনি মাৰি বুকুত পিন্ধা সেই জনগোষ্ঠীয় পোচাকজোৰে কৈ গৈছিল যে তেওঁ খিলঞ্জীয়া।
খিলঞ্জীয়া মানুহগৰাকীৰ খিলঞ্জীয়া সামগ্ৰী। লোকেল বস্তু বিচাৰিয়েই বহু মানুহ বেলতলা বজাৰলৈ আহে। সেই মানুহবোৰৰ বাবে এই বজাৰখনত এনে সামগ্ৰী ক্ৰয় কৰাৰ বাবে এই সকল মহিলাই লক্ষ্য আৰু ঠিকনা হৈ পৰে।
বৰ বেছি কথা নকয় তেওঁ। মুখ আৰু চকুত লাগি থাকে এটা সহজ-সৰল হাঁহি। ১৫ মে'ৰ দিনাও তেওঁৰ লগতে আহিছিল ভগ্নী। নাম তেওঁৰ অকণি টুমুং। এওঁ পিছে ৰংপিলৈ বিয়া হোৱা বাবে টুমুঙৰ ঠাইত লিখিছিল অঞ্জু ৰংপি। সেই অঞ্জু ৰংপি হেৰাই গ'ল হঠাৎ।
এইগৰাকী অঞ্জু ৰংপিৰে কথা কৈ আছো আমি। বজাৰ মেলি বহিছিল,কেটলি লৈ চাহ দি যোৱা মানুহটোৰ পৰা একাপ চাহো খাইছিল। বজাৰলৈ অনা তেওঁৰ সামগ্ৰীবোৰো শেষ হৈ আহিছিল। আৰু হয়তো কেইটামান ঘন্টাৰ পাছতে তেওঁ উভতিল হেতেন পুৱা ওলাই অহা ঘৰখনলৈ।
দুপৰীয়া তেতিয়া ডেৰ-দুই মান বাজিছিল নেকি। হঠাৎ আহিল দুৰ্ভাগ্যৰ এক জোৱাৰ ভাটা। তলকিবই নোৱাৰিলে কোনোৱে। খহি পৰিল তেওঁলোকে বজাৰ মেলি লোৱা স্থানৰ সমীপতে থকা এখন গাৰ্ডৱাল। বাহিনী নদীৰ গাৰ্ডৱাল আছিল সেইখন।
লক্ষ্য কৰিছিল বহু দিন ধৰি হেলনীয়া হৈ আছিল সেই গাৰ্ডৱালখন। ভৱা নাছিল সেইখনেই হ'ব তেওঁৰ মৃত্যুদূত। ৱালখন ভাঙি খহি পৰা সামগ্ৰীয়ে হেঁচি ধৰিছিল মানুহজনীক। আন তিনিগৰাকীকো সেই সামগ্ৰীয়ে হেঁচি ধৰিছিল যদিও তেওঁলোকৰ দুৰ্ভাগ্য মৃত্যু হৈ নাহিল।
তাৰ পাছত মানুহ গৰাকীক উদ্ধাৰ কৰা হ'ল যদিও ৰক্ষা নহ'ল তেওঁৰ প্ৰাণ। এটা সৰু খবৰ হৈ ৰৈ গ'ল এই ঘটনা- "বেলতলাৰ বজাৰত বাহিনী নদীৰ গাৰ্ডৱাল খহি মৃত্যু হ'ল এগৰাকী মহিলাৰ।":
কাৰ ভূলৰ বাবে এয়া হ'ল?- এই প্ৰশ্ন এই সৰু মানুহবোৰে সুধিব কাক? জিএমচি,জিএমডি,প্ৰশাসন মৌন হৈয়ে ৰ'ল। কৰ-কাটাল সংগ্ৰহ কৰাতেই যেন তেওঁলোকৰ দায়িত্ব শেষ। নিৰ্মাণ কৰি থকা বেলতলাৰ স্থায়ী বজাৰখন সম্পূৰ্ণ নহ'ল আজিও।
মানুহবোৰৰ খং উঠিছিল,প্ৰচণ্ড খং। সেই খং প্ৰশমন কৰিবলৈ নামিছিল আৰক্ষী। কচু,ঢেঁকীয়া বিক্ৰী কৰা পদপথৰ এই সৰু মানুহবোৰৰ জীৱনৰ মূল্যই বা দিয়ে কোনে? বজাৰ আমাৰ-খেতি আমাৰ বুলি শ্লোগান দিয়া মানুহবোৰো এতিয়া ঘোৰ টোপনিত।
পদপথৰ ব্যৱসায়ীৰ বাবে আইন আছে। আছে তেওঁলোকৰ বাবে নামত বহু সা-সুবিধা। সেইবোৰৰ বেছিভাগেই কাগজতে ৰৈ গৈছে। আৰক্ষীৰ গালি,বজাৰৰ মহলদাৰৰ দাবী-ধমকিৰ মাজেৰেই তেওঁলোকে ব্যৱসায় চলাই নিব লাগে।
ইয়াৰ গত্যন্তৰ নাছিল অঞ্জু ৰংপিৰো। ভগা গাৰ্ডৱালৰ তলতে বহি জীৱিকাৰ পথ বাছি ল'ব লগা হৈছিল। নহ'লে নচলে ঘৰ। ৩ বছৰ পূৰ্বে ঢুকাইছিল স্বামী। এবছৰৰ পূৰ্বে হেৰুৱাইছিল পুত্ৰক। তাৰ পাছত হেৰাই গ'ল নিজে।
ঘৰখনত কেৱল কান্দোনৰ ৰোল। শোকে খুন্দা মাৰি ধৰা গাঁও আৰু পৰিয়ালৰ মানুহবোৰৰ চকুত চকু পানীৰ ঢল। দৰিদ্ৰতাক জয় কৰিব নোৱাৰিলেও স্বাৱলম্বনৰ এই সংগ্ৰামী বাটেৰে বাট লোৱা এগৰাকী মহিলাৰ মৃত্যুৰ অন্তত সংকটত পৰিছে পৰিয়ালটো।
খবৰ ল'বলৈ আহৰি নাই ৰজাঘৰৰ। ভূল স্বীকাৰ কৰি কাষত থিয় দিবলৈ সাহস আৰু দায়িত্ববোধ নাই জিএমচি, জিএমডিৰ। ওচৰ-চুবুৰীয়াই বুজিছে কি অৱস্থা হ'ব পৰিয়ালটোৰ। মুখ্যমন্ত্ৰীকে ধৰি চৰকাৰলৈ দাবী তেওঁলোকৰ। কিবা এটা কৰক এই পৰিয়ালটোৰ বাবে।
কাৰ ভূলৰ বাবে এই অঘটন ঘটিল তাৰ বিচাৰ হ'ব নে কেতিয়াবা? কোনো বনাইছিল এই গাৰ্ডৱাল? কোনে দিছিল এনেকৈ এখন গাৰ্ডৱাল বনোৱাৰ অনুমতি? বৰষুণ দিলেই দুৰ্গতিৰ সীমা নাইকিয়া হয় এই মহানগৰীত। বিদ্যুৎস্পৃষ্ট হৈও মৰে মানুহ। নলা-নৰ্দমাত পৰি মৃত্যু হোৱা খবৰ এতিয়া পুৰণি।
অঞ্জু ৰংপি নহৈ আন কোনোবা ক্ষমতাৱান বা ধনৱন্ত লোক হোৱা হ'লে এই খবৰ হ'ল হেতেন বিগ ব্ৰেকিং। শোকত ভাগি পৰা, দুখত সমবেদনা জনোৱা মানুহেৰে ভৰি পৰিল হেতেন তেওঁৰ ঘৰ। এতিয়া এনে কোনো হোৱা দেখা নাই। সকলো স্বাভাৱিক। অঞ্জুৰ মৃত্যুৱে এটা কথাই কৈ গ'ল- লোকেল শাক-পাচলি বিক্ৰী কৰা মানুহজনী নিজেই ভেজালৰ বলি হ'ল।