/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/10756270-c763-498f-a787-37d865aa2bd8/AP_FOR_WEB_NEW____bikhekh_lekha_.jpg)
দেৱেন দত্ত
মৃদুল কুমাৰ সন্দিকৈ
মানুহজন স্বাভিমানী। সমানে আছিল তেওঁ সজাগ আৰু সচেতন। মাতৃভূমি আৰু মাতৃ ভাষাৰ প্ৰতি তেওঁৰ আছিল দুৰ্দান্ত প্ৰেম। কোনো কথা ক'বলৈ তেওঁ সংকোচ নকৰিছিল। মুখৰ সন্মুখতেই ভুলটো আঙুলিয়াই দি বহুতৰে অপ্ৰিয়পাত্ৰও হৈছিল।
কাকতে-পত্ৰে তেওঁ প্ৰায়ে লিখা-মেলা কৰিছিল। উচ্চাৰণৰ ক্ষেত্ৰত কোনো খূঁত ৰৈ যোৱাতো বিচৰা নাছিল। নিজৰো ভুল হ'লে তেওঁ মুকলিকৈ ভুল স্বীকাৰ কৰিছিল। এবাৰ তেওঁ এটা লেখাত এটা ভুল তথ্য উল্লেখ কৰিছিল।
সেই ভুল শুধৰাবলৈ তেওঁ সম্পাদকলৈ এখন চিঠি লিখিছিল। সেই চিঠিত তেওঁ উল্লেখ কৰিছিল যে, তেওঁ 'অকুতোভয়' শিতানটোত প্ৰকাশিত লেখাত এটা ভুল থাকি গ'ল। এই লেখাটোত তেওঁ লিখিছিল- ''কনমাণ বৰশীৰে চিপ্/ তাৰে মাজত ৰঙা জিঞা/ ৰাজকন্যা/ নাচে দিপলিপ/''- গীতটো মই, প্ৰয়াত দ্বীজেন মোহন শৰ্মাই ৰচনা কৰা আৰু বিউটি শৰ্মা বৰুৱাই সুৰ দি গোৱা বুলি লিখিছিলো। কিন্তু দৰাচলতে সেই কথা শুদ্ধ নাছিল।''
এই পত্ৰখনতেই সেই গীতটো কোনে লিখিছিল সেই বিষয়েও তেওঁ সবিস্তাৰ তথ্য উল্লেখ কৰিছিল। পত্ৰখনত তেওঁ লিখিছিল- 'প্ৰকৃতপক্ষে এই গীতটো ৰচয়িতা, তেজপুৰৰ প্ৰয়াত জয়ন্ত বৰুৱা। আনহাতে, গীতটি প্ৰথমতে 'আকাশবাণী'- গুৱাহাটী কেন্দ্ৰত গাইছিল ড০ বীৰেন্দ্ৰনাথ (বীৰেন্দ্ৰ আৰু নাথ একেলগে) দত্তই।''
শেষত তেওঁ উল্লেখ কৰিছিল- ''উল্লেখিত ভুলটোৰ বাবে মই, গীতটিৰ লগতে বিভিন্ন প্ৰকাৰে জড়িত, জীৱিত তথা প্ৰয়াত আটাইৰে উপৰি পাঠকসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ।''- এয়াই তেওঁৰ সচেতনতা।
নামটো মনলৈ আহিলেই তেওঁৰ সেই মুখখন মনৰ ভিতৰত প্ৰতিফলিত হয়। কোনোদিনেই ভাষাৰ ক্ষেত্ৰত আপোচ নকৰা মানুহজনৰ সন্দৰ্ভত এক স্বাভাৱিক ধাৰণা আছে সাধাৰণ লোকৰ। সেয়া হ'ল মানুহজন অত্যন্ত খঙাল।
৮১ বছৰ বয়সত ভৰি থোৱা সজাগ, সচেতন মানুহজনে আনৰ অধিকাৰৰ হকে যুঁজ কৰি গৈছিল। অন্যায়ৰ বিৰুদ্ধে কঠোৰ হৈ মাত মাতিছিল। কিন্তু তেওঁ নিজেই যেন অন্তিম সময়ত পাবলগা অধিকাৰৰ পৰা বঞ্চিত হৈ ৰ'ল।
৫ আগষ্ট ২০২৩ ত তেওঁক মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ১০ আগষ্টত সুস্থ হৈ ঘৰলৈ উভতা মানুহজনক পুনৰ ১১ আগষ্টত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।
সেয়াই আছিল ঘৰৰ পৰা তেওঁৰ অন্তিম যাত্ৰা। ১৮ আগষ্টৰ নিশা ১২-১০ মিনিটত হৃদৰোগত আক্ৰান্ত হৈ এই সংসাৰৰ ঠিকনা এৰি গুছি গ'ল তেওঁ। অন্তিম সময়ত তেওঁৰ বাবে প্ৰয়োজনীয় এবটল তেজ যোগান ধৰিব নোৱাৰিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে।
যিটো বিষয়ক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল। সৰুৰে পৰাই জ্ঞান অন্বেষণৰ সৈতে জড়িত আছিল তেওঁ। শিৱসাগৰৰ নাজিৰাত ১৯৪৪ চনৰ ৫ এপ্ৰিলত জন্মগ্ৰহণ কৰিছিল এইগৰাকী শিক্ষাবিদ তথা সক্ৰিয় সমাজ কৰ্মীয়ে।
সৰুতে ঘৰতে দেউতাকে প্ৰাথমিক শিক্ষা প্ৰদান কৰি নামভৰ্তি কৰি দিছিল উচ্চ ইংৰাজী বিদ্যালয়ত। ইংৰাজী বিষয়ত অগাধ দখল আছিল তেওঁৰ। শিৱসাগৰ কলেজৰ পৰা আই এ উত্তীৰ্ণ হৈ তেওঁ স্নাতক শ্ৰেণীৰ পাঠ্যক্ৰমৰ বাবে কটন কলেজত নামভৰ্তি কৰিছিল।
তাৰ পাছত দিল্লীৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লৈ কিছুদিন তেওঁ গড়গাওঁ কলেজত অধ্যাপনা কৰিছিল। শেষত কটন কলেজত যোগদান কৰি ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক আৰু কটনৰ উপাধ্যক্ষ হিচাপে ২০০২ চনত অৱসৰ গ্ৰহণ কৰি কৰ্মজীৱন সামৰিছিল।
কঠোৰ বুলি ভবা মানুহজন আছিল অত্যন্ত সৰল আৰু খাদ্যৰসিক। মাছ তেওঁৰ বৰ প্ৰিয় আছিল। সেয়েহে পত্নীয়ে তেওঁক বিভিন্ন উপ-নামেৰে জোকাই ধেমালি কৰিছিল। সেই কথা উল্লেখ তেওঁ নিজ মুখেৰে কৰি গৈছে- মই খাদ্যৰসিক মানুহ। বজাৰলৈ যাওঁতে মই এনেকৈ বজাৰ কৰোঁ কোনটোৰ লগত কি মিলিব। মাছ মোৰ বৰ প্ৰিয় আছিল। অৰুন্ধতিয়ে মোক সেই কাৰণে কণামুছৰী, বগলী, মাছৰোকা, হাপা, জলবাক আদি নামেৰে মাতিছিল ধেমালিতে।
হাঁহ মাংস আছিল তেওঁৰ প্ৰিয়। হাঁহৰ মাংসৰ প্ৰসংগ আহিলেই মনত পৰিছিল তেওঁৰ গাঁৱৰ ঘৰখনলৈ। লুচী খাই ভাল পোৱা মানুহজনে কটনৰ হোষ্টেলত থাকোঁতে হেনো ৩২ খন লুচী খাইছিল। এইবোৰ তেওঁৰ পুৰণি দিনৰ স্মৃতি আছিল। মনে মিলা মানহ পালে সেই স্মৃতি সোঁৱৰণ কৰিছিল।
ইংৰাজী বিষয়ৰ উপৰিও বুৰঞ্জী তেওঁৰ অন্য এক প্ৰিয় বিষয় আছিল। হাইস্কুলত পঢ়ি থাকোতে অসমীয়া মাধ্যমৰ বিদ্যালয়ত কেনেদৰে ইংৰাজী শিক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক আগ্ৰহীত কৰিছিল সেই কথা তেওঁ প্ৰায়ে উল্লেখ কৰিছিল।
তেওঁলোকে পঢ়াৰ সময়ত ইংৰাজী বিষয়ৰ ৩ খন কাকত আছিল। তাৰে এখন আছিল গদ্যৰ, এখন আছিল পদ্যৰ আৰু আনখন আছিল ব্যাকৰণৰ। আনবোৰ বিষয়ত উত্তীৰ্ণ হ'বলৈ ১০০ ৰ ভিতৰত ৩০ নম্বৰ পাব লাগিছিল যদিও ইংৰাজীত ১০০ ৰ ভিতৰত ৩৬ নম্বৰকৈ ৩০০ নম্বৰৰ ভিতৰত ১০৮ পালেহে উত্তীৰ্ণ হৈছিল।
বহু অসমীয়া অভিভাৱকে ইংৰাজী মাধ্যমত সন্তানক অধ্যয়ন কৰালে মেম, চাহাব হ'ব বুলি ধাৰণা তেওঁ নস্যাৎ কৰিছিল। সঠিক অসমীয়া ভাষাৰ ব্যৱহাৰৰ প্ৰতি তেওঁ আছিল অতি সজাগ। একেদৰে উচ্চাৰণৰ ক্ষেত্ৰতো তেওঁ গুৰুত্ব দিছিল।
তেওঁ নিজেই জানিছিল তেওঁৰ খং বেছি। কিন্তু তেওঁ সেই খঙক বহু সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো উপলব্ধি কৰিছিল। বয়সে লাহে লাহে লহিয়াইছিল। কঠোৰ মানুহজনো যেন ক'ৰবাত সময়ৰ সৈতে খোজ মিলাবলৈ গৈ নিজক সলনি কৰিবলৈ বাধ্য হৈছিল।
তেওঁৰ মন্তব্যতে এই কথাবোৰ ফুটি উঠিছিল।বাতৰিৰ বাকছ বুলি তেওঁ বাতৰি চেনেলক কটাক্ষ কৰি জাতি, ভাষাৰ প্ৰতি পালন কৰিবলগীয়া দায়বদ্ধতাক উপেক্ষা কৰাৰ অভিযোগ তেওঁ তুলিছিল।
অসমীয়া মানুহক হাড়ে হাড়ে চিনিছো বুলি খোলাখুলিকৈ তেওঁ কটাক্ষ কৰিছিল। সেই উদাসীনতাতেই তেওঁৰ ক্ষোভৰ আৰু কৰিম বুলি ভাবিও কৰিব নোৱাৰা কামবোৰক লৈ আক্ষেপ ফুতি উঠিছিল।
তেওঁ চিধাচিধিকৈ কৈছিল- চৰকাৰী বিদ্যালয়ত গণিত, বিজ্ঞান ইংৰাজী মাধ্যম কৰিব বিচৰা মন্ত্ৰীয়ে ইংৰাজীত নালাগে অসমীয়াতে শুদ্ধকৈ এটা ৫ মিনিটৰ ভাষণ দিব নোৱাৰে। গ্ৰাহক সুৰক্ষা আন্দোলনৰ তেওঁ আছিল অন্যতম প্ৰবক্তা।
ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ মৃত্যুৰ আগলৈকে বিভিন্ন ৰাজহুৱা অনুষ্ঠানত অংশলৈ ঘূৰি ফুৰা মানুহজন ইমানেই সচেতন আছিল যে, এবাৰ চিটি বাছত উঠোতে গাড়ী পৰিচালকে টিকট দিবলৈ অস্বীকাৰ কৰাত গাড়ী চালক, পৰিচালক তথা মালিকক চকুৰে সৰিয়হ ফুল দেখুৱাইছিল।
তেওঁক সকলোৱে সমীহ কৰিছিল। কথাবোৰ তেওঁ খুব স্পষ্টকৈ যুক্তিসহকাৰে দাঙি ধৰিছিল। অসমীয়া ভাষা কিমান মধুৰ সেয়া উপলব্ধি কৰিবলৈ শিকাইছিল। চিগাৰেটক তেওঁ চিগাৰেট নুবুলিছিল। কৈছিল- শুভ্ৰ বগা দণ্ডিকা। গেছ চিলিণ্ডাৰক তেওঁ কৈছিল বায়ু ঢোল। মোবাইলৰ অসমীয়া প্ৰতি শব্দ তেওঁৰ মতে আছিল- কাণ ফুচ ফুচ।
ভালদৰেই পাৰ হৈছিল সময়। ২০১০ চনত প্ৰথম মানুহজনে মানসিক আঘাত পাইছিল। সেইবৰ্ষতেই তেওঁ কন্যাৰ বিয়া হৈ গৈছিল। বিয়াৰ অনুষ্ঠান হৈ যোৱাৰ দুমাহৰ পাছত আহিছিল এটা দুঃখবৰ। কৰ্কট ৰোগত আক্ৰান্ত হৈছিল পত্নী অৰুন্ধতী দত্ত।
সেইবাৰ পত্নীক গুৱাহাটীতেই চিকিৎসা কৰোৱা সুস্থ কৰি তুলিছিল। তাৰ পাছত ২০১৬ ত পুনৰ কৰ্কট ৰোগ ধৰা পৰে মগজুত। দিল্লীত কিছুদিনৰ চিকিৎসা চলিল। কিন্তু পত্নী নাবাচিল।
পত্নীৰ বিয়োগৰ পাছত মানুহজন অকলশৰীয়া হৈ পৰিছিল। সেই নিসংগতাক দূৰ কৰিবলৈ শোৱণি কোঠাটোত দিনটোৰ প্ৰায়ভাগ সময়ে দূৰদৰ্শনটো লগাই থৈছিল। পত্নী অৰুন্ধতী দত্তও আছিল গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ এগৰাকী নিয়মীয়া বাতৰি পৰিৱেশিকা।
কটনত ইংৰাজী বিভাগৰ ডেকা অধ্যাপক তেতিয়া তেওঁ। ডিব্ৰুগড়ৰ পৰা এজনী ছোৱালী আহিছিল কটনত স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ। ধুনীয়া ছোৱালীজনীৰ নাম আছিল অৰুন্ধতী বৰা।
ডেকা অধ্যাপকগৰাকীয়ে এই ছাত্ৰীগৰাকীৰ মাজত কিবা এটা বিচাৰি পাইছিল। শ্ৰেণী কোঠাত হঠাৎ ছাত্ৰীগৰাকীৰ সৈতে চকুৰ মিলন হৈছিল। তেতিয়া তেওঁৰো বিয়াৰ বয়স। কঠোৰ বুলি ভবা মানুহজনে অনুভৱ কৰিছিল যৌৱনৰ ৰাগি লাগিছে তেওঁৰ গাত।
কিন্তু কয় কেনেকৈ সেই কথা? অধ্যাপকজনৰ ভগ্নীও কটনৰ ছাত্ৰী আছিল। অৱশ্যে অৰুন্ধতীতকৈ ডাঙৰ। খবৰ লৈছিল সেই ছোৱালীজনী কাৰ ঘৰৰ, বংশৰ পৰিচয় কি? গম পাইছিল তেওঁ বিশিষ্ট শ্ৰমিক নেতা নিবাৰণ বৰাৰ জীয়াৰী।
সেই সময়ত প্ৰজা চছিয়েলিষ্ট পাৰ্টীৰ সৈতে জড়িত বৰাক সকলোৱে চিনে। সৰ্বভাৰতীয় ৰে'লৱেৰ মজদুৰ ইউনিয়নৰ সম্পাদক আছিল তেওঁ। এটা ৰাজনৈতিক সচেতন পৰিয়ালৰ জীয়াৰী বুলি জানিব পাৰি তেওঁৰ আগ্ৰহ আৰু বাঢ়িছিল।
প্ৰথমবৰ্ষৰ স্নাতক পৰীক্ষাৰ অন্তত ডিব্ৰুগড়লৈ ঘূৰি গ'ল অৰুন্ধতী। ডেকা অধ্যাপকজনে তেওঁৰে কনিষ্ঠ সহকৰ্মী এজনৰ জৰিয়তে অৰুন্ধতীৰ পৰিয়াললৈ এক খবৰ পঠিয়ালে। বিয়া পাতিব খোজে অৰুন্ধতিক তেওঁ।
সেই সময়ত দেশত জৰুৰীকালীন অৱস্থা। জে'লত বন্দী হৈ থকা শ্ৰমিক নেতা নিবাৰণ বৰা পেৰেলত মুক্ত হৈ ঘৰত আছিলহি। সহকৰ্মীজনে ডিব্ৰুগড়ৰ শান্তিপুৰত থকা ঘৰলৈ গৈ ডেকা অধ্যাপকজনৰ প্ৰস্তাৱ অৰুন্ধতীৰ পৰিয়ালক অৱগত কৰিছিল।
পিতৃ নিবাৰণ বৰাই সেই সিদ্ধান্ত জীয়ৰীয়ে ল'ব বুলি কথা সামৰনি মাৰিছিল। বন্ধৰ অন্তত ডিব্ৰুগড়ৰ পৰা অৰুন্ধতী কটনলৈ ঘূৰি আহিল। কিন্তু ডেকা অধ্যাপকজনৰ ওচৰলৈ তেওঁৰ প্ৰস্তাৱৰ উত্তৰ নাহিল।
এজন শিক্ষক আৰু ছাত্ৰীৰ এই সম্পৰ্কক লৈ মানুহৰ ধাৰণা আৰু সামাজিক কাৰণত তেওঁ নিজাকৈ বিষয়টো আগবঢ়াব নোৱাৰিলে। ইতিমধ্যে ডেকা অধ্যাপকৰ ভগ্নী বিয়া হৈ ৰাজ্যৰ বাহিৰলৈ যোৱাৰ সিদ্ধান্ত হ'ল।
হোষ্টেললৈ গৈ অৰুন্ধতীক ডেকা অধ্যাপকজনৰ ভগ্নীয়ে কথাটো সোঁৱৰাই আহিলে। তাৰ পাছতো কোনো উত্তৰ নাহিল। এবাৰ এক দুৰ্ঘটনাত পতিত হৈছিল ডেকা অধ্যাপকগৰাকী। সেইবাৰ ইংৰাজী বিভাগৰ জিৰণী কোঠাত বহি থকা ডেকা অধ্যাপকজনক চাবলৈ দুজনী লগৰীয়াৰ সৈতে অৰুন্ধতী আহিছিল।
এনেকৈয়ে পাৰ হৈছিল সময়। কেতিয়াবা দেখে অৰুন্ধতী পাৰ হৈ গৈছে ইংৰাজী বিভাগৰ শিক্ষকৰ জিৰণী কোঠাৰ আগেদি। ডেকা অধ্যাপকজনে সেই কথা লক্ষ্য কৰিছিল। লাহে লাহে তেওঁলোকৰ মাজত এক সম্পৰ্ক গঢ়লৈ উঠিল। ভাব বিনিময় হ'ল।
সেই সময়ৰ দীঘলীপুখুৰী পাৰত থকা কটনৰ অধ্যাপকৰ আৱাসগৃহত আছিল ডেকা অধ্যাপকগৰাকী। লগত আছিল দুই ভাগিন। এবছৰ সাত মাহৰ অন্তত তেওঁলোকৰ মাজৰ সম্পৰ্কই আনুষ্ঠানিকতা লাভ কৰিছিল। বিবাহপাশত আৱদ্ধ হৈছিল দুয়ো।
ডিব্ৰুগড়ত হৈছিল সেই বিবাহ অনুষ্ঠান। মানুহে অত্যন্ত কঠোৰ আৰু জেদী বুলি ভবা মানুহজনৰ প্ৰেমৰ কথা এয়া। এনেকৈয়ে তেওঁ আগবঢ়াই নিছিল জীৱন।তেওঁ কাকত, আলোচনীত প্ৰায়ে লিখিছিল।
পত্নীৰ আগ্ৰহতে প্ৰকাশ পাইছিল তেওঁৰ এখন উল্লেখযোগ্য গ্ৰন্থ- ''চিৰ এলাগী মোৰ ভাষা ফেদেলী''। পত্নী অৰুন্ধতী দত্তও আছিল এগৰাকী স্পৰ্শ কাতৰ লেখিকা। তেওঁ কৰ্কট অভিজ্ঞতাক লৈ লিখা গ্ৰন্থ আজিও কৰ্কট ৰোগীৰ বাবে সাহসৰ উৎস।
ওৰেটো জীৱন তেওঁ যুঁজ, বাগৰ কৰিয়েই গুছি গ'ল। ভুল দেখিলে উচাট মাৰি উঠিছিল তেওঁ। মুহূৰ্ততে তেওঁ হৈ পৰিছিল এজন খঙাল মানুহ। যুক্তিৰ চাকনৈয়াত তেওঁ উটি ভাহি ফুৰিছিল।
কোনোদিনেই তেওঁ কোনোবাই তেওঁৰ দম্ভক অহংকাৰ বুলি আখ্যা দিলেও কেৰেপ নকৰিছিল। যি ক'ব খুজিছিল তেওঁ কৈ গৈছিল। সেয়া লাগে লেখা বা ভাষণতে হওক। ১৮ আগষ্টত সেই চিনাকী মানুহজনৰে অন্তিম যাত্ৰা হ'ল।
অগণন গুনমুগ্ধ, ছাত্ৰ-ছাত্ৰীয়ে তেওঁক শেষ বিদায় জনালে। নৱগ্ৰহত কুন্দলী পকাই আকাশলৈ ওৰা জুই আৰু ধোঁৱাই তেওঁক সামৰি থ'লে। শেষ হৈ গ'ল এক জীৱন। কিন্তু থাকি গ'ল এজন মানুহ। যাৰ নাম - দেৱেন দত্ত।