তুষাৰ প্ৰতিম
ক’ৰবাত, কোনোবাই কৈছিল- ‘মহানগৰীবোৰ একো একোখন নিৰ্জন দ্বীপ, ইয়াৰ মানুহবোৰ ভুগি থাকে একাকিত্বত।‘ চূড়ান্ত ব্যক্তিকেন্দ্ৰিক এই মহানগৰ। ইয়াত মানুহ আৰু যন্ত্ৰৰ মাজত বৰ বেছি প্ৰাৰ্থক্য নাই।
শেহতীয়াকৈ গুৱাহাটী মহানগৰীত সংঘটিত হোৱা কেতবোৰ বিক্ষিপ্ত ঘটনাই এই কথাক পুনৰ এবাৰ প্ৰমাণ কৰিছে। কেৱল গুৱাহাটীতেই নহয় সামগ্ৰীকভাৱে সমগ্ৰ ৰাজ্যতে এনে বিক্ষিপ্ত ঘটনাৰ সংখ্যা চকুত লগাকৈ বৃদ্ধি পাইছে।
প্ৰায় প্ৰতিদিনেই হত্যা, হিংসাৰ খবৰে সংবাদ মাধ্যম ভিৰ কৰিছে। যোগাত্মক খবৰবোৰো এনে হত্যা, হিংসাৰ খবৰৰ ভিৰৰ মাজত হেৰাই গৈছে। চৌদিশৰ পৰা অহা নিৰাশাজনক খবৰবোৰে মানুহক হতাশগ্ৰস্ত কৰি তুলিছে।
এনে পৰিস্থিতিত এতিয়া কথাবোৰ নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজন হৈছে। সামগ্ৰীকভাৱে যি সামাজিক স্খলন হৈছে সেই স্খলনে গোটেই সমাজ ব্যৱস্থাকে যে ক্ষতি কৰিছে তাত কোনো সন্দেহ নাই।
আজি গুৱাহাটী মহানগৰীত সংঘটিত হোৱা হত্যাকাণ্ডও স্খলিত সমাজ ব্যৱস্থাৰে প্ৰতিচ্ছবিহে মাত্ৰ। বিশাল গুৱাহাটী মহানগৰীৰ বুকুত কোনে, কি, কৰিছে তাৰ খবৰ কোনে ৰাখে?
কোনোবাই, কাৰোবাৰ চকুৰ সন্মুখতে হত্যা কৰিছে আৰু তেওঁলোকে সেয়া চিনেমাৰ ‘এক্সন’ৰ দৃশ্যৰ দৰে চাই ৰৈছে। সৌ সিদিনা এটা শিশুক সামান্য গাখীৰৰ পেকেট চোৰ কৰিবলৈ চেষ্টা চলোৱাৰ বাবে কেইবাজনো ব্যক্তিয়ে খুঁটাত বান্ধি যি অত্যাচাৰ চলাইছিল তেনে অত্যাচাৰ যে কোনোবাই কৰিব পাৰে সেয়া কল্পনাও কৰিব নোৱাৰি। হাতৰ মুঠিত বাইকৰ চাবি লৈ এটা শিশুক উপৰ্যপুৰি কোনে ঘোচিয়াব পাৰে?
মানসিক বিকাৰগ্ৰস্ত পুত্ৰৰ লগত থকা কোনোবা মহিলাৰ ঘৰৰ ভিতৰতে মৃত্যু হ’ল। মৃতদেহ গলি শেষ হৈ গৈছে অথচ কাষৰ কোনেও একো গমেই নাপায়।
পদপথত কোনোবা মৰি পৰি আছে, কাষেৰে হাজাৰ হাজাৰ মানুহ পাৰ হৈ গৈছে কোনেও একো গমেই পোৱা নাই। কোনোবাই ঘৰৰ ভিতৰতে আত্মহত্যা কৰিছে, কোনোবা হত্যাৰ বলি হৈছে। এয়াই এতিয়া গুৱাহাটীৰ প্ৰত্যাহিক ডাঙৰ ডাঙৰ খবৰ।
গুৱাহাটীৰ বাহিৰতো একেই অৱস্থা। ইয়াৰ আঁৰৰ মূল কাৰণ কি? অপৰাধ আৰু অপৰাধজনিত ঘটনাৰ সংখ্যা হ্ৰাস কৰিব নোৱোৰাতো অসম আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতা। আইন, শৃংখলাজনিত পৰিস্থিতি দ্ৰুত অৱনতিয়ে গৃহ বিভাগৰ ব্যৰ্থতাকেই সূচায়।
কিন্তু বৰ্তমানৰ স্খলিত সমাজ ব্যৱস্থাত কেৱল আৰক্ষী, গৃহ বিভাগকে জগৰীয়া কৰিলেই শেষ হৈ নাযায়। কাষৰ ভাড়াতীয়া কোঠালিত কোন আছে, কি কৰে সেই বিষয়েও খবৰ ৰাখিবলৈ সময় নোহোৱা মানুহবোৰৰ মাজত কোন অপৰাধী বা কোনে অপৰাধ প্ৰৱণ মানসিকতাৰে পিয়াপি দি ফুৰিছে সেয়া কোনে জানে? কাষৰ কোঠালিত কোন আছে সেয়াও জানিবলৈ সময় নথকা মানুহখিনিৰ ইমান ব্যস্ততা ক’ত আৰু কিয়?
সৌ সিদিনা মহানগৰীৰ উৰণ সেঁতুত এগৰাকী বোৱাৰীয়ে দেওৰেকক চলন্ত বাইকত উৰন্ত চুমা দিয়াৰ ঘটনা ভাইৰেল হৈছিল। লিভইন সম্পৰ্কত থকা যুৱক-যুৱতীৰ মাজৰ সংঘাত আৰু সংঘৰ্ষৰ খবৰো সঘনাই আহে।
লিভইন সম্পৰ্কত থকা একাংশৰ যুক্তি গুৱাহাটী মহানগৰীত এতিয়া দুটা কোঠালিৰ ঘৰ ভাড়াত ল’বলৈ হ’লে ১০ হাজাৰ টকাতো বিচাৰি নাপায়। এটা কোঠালিৰ ঘৰৰ ভাড়ায়েই ঠায়ে ঠায়ে ১০ টকা হৈছেগৈ।
দুটা কোঠালিৰ ঘৰৰ বাবে দিব লাগে অতি কমেও প্ৰায় ১২ হাজাৰ টকা। তাৰোপৰি থাকে লাইটৰ বিল, পানীৰ খৰচ। সকলো মিলি ঘৰ ভাড়াৰ নামতেই ১৩/১৪ হাজাৰ টকা যায়। ইমান ভাড়া দিবলৈ তেওঁলোক সমৰ্থ নহয়।
সেয়ে তেওঁলোকে লিভইন সম্পৰ্কত থাকে। দুজনে মিলি ভাড়া আদায় দিয়ে। এই যুক্তিৰে লিভইন সম্পৰ্কক মান্যতা প্ৰদান কৰিব নোৱাৰি যদিও এই বিষয়টো কিন্তু চিন্তনীয়। ১৫ ৰ পৰা ২০ হাজাৰ টকাৰ দৰমহাত কাম কৰা যুৱক-যুৱতীখিনিয়ে ক’ৰ পৰা, কেনেকৈ দিব ইমান ভাড়া?
ঘৰ ভাড়ালৈ দিয়া মানুহবোৰৰো কেৱল মাহেকৰ ভাড়াৰ ওপৰতে চকু। যিমান পাৰি তেওঁলোকক সিমানেই ভাড়া বেছিকৈ লাগে। একাংশই টকাৰ বাবেই সকলো পাহৰি যায়। ২০০০ টকা বেছিকৈ দিলেই ঘৰ ভাড়াতীয়াক এৰি দি চকু, কাণ বন্ধ কৰি ৰাখে।
গুৱাহাটীৰ বাহিৰতো অবৈধ প্ৰেম, অবৈধ সম্পৰ্ক আদিৰ ঘটনাৰ কোনো সীমা, সংখ্যা নাই। এনে অবৈধ প্ৰেম আৰু সম্পৰ্কৰ বাবেই বহু অপৰাধ সংঘটিত হৈছে।
পূৰ্বে গ্ৰামাঞ্চলত মানুহবোৰৰ আজৰি সময় নাছিল। যি সময় পাইছিল সেয়াও সৃষ্টিশীল কামতেই ব্যৱহাৰ কৰিছিল। পুৰুষ-মহিলা উভয়ে কৃষি কৰ্মত নিয়োজিত হৈছিল।
আজৰি সময়ত মহিলা, যুৱতীয়ে তাঁতশালত কাপোৰ বোৱাৰ পৰা আৰম্ভ কৰি সকলো কামত লাগিছিল। সময় মতে নামঘৰলৈ গৈছিল, ৰাজহুৱা কামত নিয়োজিত হৈছিল। খেল-সংস্কৃতিৰ চৰ্চা সমানেই হৈছিল।
এতিয়া গ্ৰামাঞ্চলত প্ৰকৃত খেতিয়ক পাবলৈ নাই। কোনোবা কৃষকে বহল পৰিসৰত খেতি কৰিলেও তেওঁৰ খেতি পথাৰত কাম কৰিবলৈ শ্ৰমিক নাই। তাঁতশালত কাপোৰ নাই, নামঘৰ-লাইব্ৰেৰী আদিতো মানুহ পাবলৈ নাই। উদং হৈ থাকে খেলপথাৰ।
কোনোবাই যদি ঘৰৰ ভিতৰতে থাকি ফেচবুক কৰিছে আন কোনোবাই ইনষ্টাগ্ৰামত ৰীলছ বনাইছে। ঘৰৰ ভিতৰত মানুহবোৰ যিমানেই সোমাইছে সিমানেই সামাজিক মাধ্যমত তেওঁলোকৰ শালীনতা, লজ্জা হ্ৰাস পাইছে। অসামাজিক কাম-কাজো বৃদ্ধি হৈ আহিছে।
সামাজিক কামৰ নামত অধিকাংশ মহিলাই আকৌ চৰকাৰী আঁচনিৰ আশাত ৰাজনৈতিক দলৰ সভাই সভাই ভিৰ কৰিছে। অৰ্থনৈতিক ভাৱে জুৰুলা হৈ পৰা এই মানুহখিনিয়ে বাস্তৱক উপলব্ধি এতিয়াও কৰিব পৰা নাই। পেটত ভোক লৈয়ো ৰাজনৈতিক দলৰ, নেতাৰ জিন্দাবাদ ধ্বনি দিবলৈ কুণ্ঠাবোধ কৰা নাই।
এই কথাবোৰ মানুহে উপলব্ধি কৰিব পাৰিব লাগিব। সমাজ ব্যৱস্থা সুশৃংখল নহ’লে এইধৰণৰ ঘটনা আৰু অধিক বৃদ্ধ পাব। আৰক্ষী, প্ৰশাসনেও প্ৰতিটো অভিযোগ, ঘটনাক গুৰুত্বসহকাৰে ল’ব লাগিব।
জনতাৰ পক্ষত থাকি জনতাৰ হকে কাম কৰিব লাগিব। ৰাজনৈতিক নেতাৰ স্বাৰ্থত যিমানেই কাম কৰিব সিমানেই সাধাৰণ মানুহৰ পৰা দূৰত্ব বাঢ়ি যাব।
চৰকাৰে দিবাস্বপ্নত বিভোৰ কৰি ৰখাৰ পৰিবৰ্তে ৰাজ্যবাসীক উৎপাদনশীল কামত ব্যৱহাৰ কৰি মানৱ সম্পদৰ সঠিক ব্যৱহাৰ কৰা উচিত। কেৱল হিতাধিকাৰী আঁচনিয়ে ৰাজ্যখনক উন্নত কৰিব নোৱাৰে।
হিতাধিকাৰী আঁচনিয়ে এফালে মানুহক যিদৰে এলেহুৱা আৰু কৰ্মহীন কৰিছে ঠিক সেইদৰেই দৰিদ্ৰতাও বৃদ্ধি কৰিছে। বেংকত টকা জমা কৰিবলৈ যোৱাৰ পৰিবৰ্তে হিতাধিকাৰী আঁচনিৰ টকা উলিয়াবলৈ যোৱা মানুহৰহে সংখ্যা বৃদ্ধি পাইছে।
হাঁহি-মাতি থাকিলেও সকলো মানুহেই এতিয়া ভিতৰি ভিতৰি নিজৰ লগতে একো একোখন সংগ্ৰামত লিপ্ত হৈছে। এই মানুহখিনিৰ এটা অংশ যদি চৰকাৰ, মুখ্যমন্ত্ৰীৰ ওপৰতেই চূড়ান্ত আশাবাদী আন একাংশ চূড়ান্ত হতাশগ্ৰস্ত। এনে অৱস্থাই মানুহক এতিয়া কেৱল ব্যক্তিকেন্দ্ৰীক কৰি তুলিছে।