কনিষ্টবল মমীৰ সৃষ্টিত পৰক শুভেচ্ছাৰ বৃষ্টি...

কনিষ্টবল মমীৰ সৃষ্টিত পৰক শুভেচ্ছাৰ বৃষ্টি...
কনিষ্টবল মমীৰ সৃষ্টিত পৰক শুভেচ্ছাৰ বৃষ্টি...

মৃদুল কুমাৰ সন্দিকৈ

এজন বিপ্লৱী। তেওঁৰ সৈতে সু-সম্পৰ্ক গঢ়লৈ উঠিছিল নু নামৰ যুৱতীগৰাকীৰ। ভিতৰুৱা গাওঁখনলৈ এসময়ত নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্যৰ আহ-যাহ আছিল। ওচৰৰ পৰা শৈশৱত দেখিছিল তেওঁলোকৰ জীৱন।

জাতীয় সংগ্ৰামৰ সেইসকল যুদ্ধাৰ প্ৰতি নুৰ আছিল তীব্ৰ আকৰ্ষণ। সেয়েহে বিপ্লৱী হোৱা স্বত্বেও নীবিড় স্বপ্নীল নামৰ যুৱকজনৰ সৈতে এটা ভাল পোৱাৰ সম্পৰ্ক গঢ়ি তুলিবলৈ দ্বিতীয়বাৰ তেওঁ এবাৰো ভবা নাছিল।

গুছি গৈছিল নীবিড়ৰ সৈতে সেই পথেৰে। নীবিড়ৰ সংগ্ৰামী যাত্ৰাৰ সংগী হৈ হাবিয়ে, বননীয়ে ঘূৰি ফুৰিছিল। সংগঠনটোৰ ভিতৰচৰাৰ বহু কথা নুৱে গম পাইছিল। এদিন খবৰ আহিল নীবিড় স্বপ্নীল আৰু নাই।

আৰক্ষী, সেনাৰ অভিযানত সি ধৰা পৰিছিল। তাৰ পাছত গছত বান্ধি নিৰ্মম অত্যাচাৰ চলাই হত্যা কৰা হৈছিল মৰমৰ নীবিড়ক। সংগঠনৰ মানুহেই নীবিড়ক হিংসা কৰিছিল। ঈৰ্ষা কৰিছিল তাৰ সততাক।

তাৰ দৰে সংগ্ৰামী থাকিলে মুখাপিন্ধা বহু লোকৰ অসুবিধা হয়। সেই ঈৰ্ষাৰ পৰিণতিত নীবিড়ৰ বহু গোপন খবৰ আৰক্ষীক একেলগে সংগ্ৰাম কৰা বিশ্বাসঘাটকৰ দলে দিছিল। নীবিড়ৰ মৃত্যুৰ পিছত সংগঠনৰে আন এজন সদস্যক চিকিৎসাৰ বাবে নুৱে লৈ আহিছিল।

তেতিয়াহে নীবিড়ৰ সৈতে কি হৈছিল সেই কথাবোৰ জানিছিল। প্ৰচণ্ড ক্ষোভ আৰু খঙে তাইক ব্যাকুল কৰি তুলিছিল। সংগঠনৰ নেতৃত্বই বাৰু জানেনে তলৰ পৰ্যায়ত সংগঠনৰ মজিয়াত বিপ্লৱৰ নামত কি হৈ থাকে?

এয়া এখন উপন্যাসৰ পটভূমি। উপন্যাসখনৰ নাম 'বিপ্লৱীৰ মৰীচিকা খেদি' । ধৰি ল'ব পাৰে এয়া সঁচা কাহিনী। ধৰি ল'ব পৰা এয়া এগৰাকী লেখিকাৰ কল্পনাৰ এক পটভূমি। যি বুলিয়েই ধৰি নলওক সেয়া অবাস্তৱ বুলি আপুনি ক'ব নোৱাৰে।

লেখিকা এগৰাকী আৰক্ষী কনিষ্টবল। নাম মমী গগৈ। লেখিকাৰো আছে প্ৰচুৰ অভিজ্ঞতা আৰু এনে কাহিনী পাঠকক ক'ব পৰাকৈ দক্ষতা। সেয়েহে তেওঁ ফেচবুকৰ এটা পেজত সেই কাহিনী লিখি গৈছিল ধাৰাবাহিকভাৱে। প্ৰায় ৮০ হাজাৰ অনুসৰণকাৰী থকা 'অনুশীলন' নামৰ পেজটোত এই ধাৰাবাহিকখনে পাঠকৰ বিপুল সমাদৰ লাভ কৰিছিল।

হঠাৎ চকু পৰিল ডিব্ৰুগড়ৰ আৰক্ষীৰ উৰ্ধতম মহলৰ। সেই সময়ত এখন থানাত কৰ্মৰত লেখিকা কনিষ্টবলগৰাকীক লৈ যোৱা হৈছিল আৰক্ষী অধীক্ষকৰ ওচৰলৈ। আৰক্ষীয়ে বাধা দিছিল এই উপন্যাসখন প্ৰকাশ নকৰিবলৈ।

বিপ্লৱৰ কথা আছে তাত। আৰক্ষী সঞ্চালক প্ৰধানৰ অনুমতি লাগিব বুলি লেখিকাক কোৱা হ'ল। লেখিকায়ো আৰক্ষী অধীক্ষকক উপন্যাসৰ পাণ্ডুলিপি জমা দিলে। তাৰ পাছত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ অহা যোৱা।

আহিল নে খবৰ উপন্যাসখনৰ সন্দৰ্ভত আৰক্ষীৰ মুখ্য কাৰ্যালয় উলুবাৰীৰ পৰা? লেখিকাই অপেক্ষা কৰিলে। উপন্যাসখন প্ৰকাশ কৰিব নোৱাৰাৰ চটফটনিত তেওঁ প্ৰথমে লিখিলে এখন কাব্য সংকলন।

কিতাপখনত লিখা ৰক্তাক্ত পৃষ্ঠাবোৰ ধ্বংস কৰিবলৈ তেওঁ কেনেদৰে এৰি দিয়ে ! সেয়েহে কবিতাই হৈ পৰিল তেওঁৰ মনৰ ভাষা। প্ৰথমখন কাব্য সংকলন 'সোঁৱৰণীৰ নতুন প্ৰভাত'। তাৰ পাছত আন এখন কাব্য সংকলন 'এক অন্তহীন যাত্ৰা'।

এদিন উলুবাৰীলৈ গুছি আহিল লেখিকা মমী গগৈ। সাক্ষাত কৰিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক। ক'লে তেওঁৰ সমস্যাৰ কথা। লিখিবলৈ অনুমতি নালাগে। তেওঁক এক প্ৰকাৰৰ সেউজ সংকেত দিলে আৰক্ষী সঞ্চালক প্ৰধানে।

উৎসাহেৰে ঘূৰি গ'ল লেখিকা। আৰক্ষী অধীক্ষকক ক'লে আৰক্ষী সঞ্চালক প্ৰধানে কি কৈ পঠালে। কিন্তু এইবাৰো তেওঁক অনুমতি দিয়া নহ'ল। মুখ্য কাৰ্যালয়ৰ পৰা তেওঁক এই কথাখিনি লিখিত আঁকাৰত আনিবলৈ কোৱা হ'ল।

কনিষ্টবল মমী গগৈয়ে কেনেকৈ কয় আৰক্ষী সঞ্চালক প্ৰধানক এই কথা? বাধাৰ পাছতো নিজৰ সৃষ্টিক সামৰি থ'ব নোৱাৰিলে। ৭০০ কপি কিতাপ ছপা কৰি দিলে। প্ৰকাশক সেই ফেচবুক পেজ 'অনুশীলন'।

তাৰ পাছত কিতাপ ঘৰতেই থাকিল। অনুমতি নোপোৱাৰ বাবেই বজাৰলৈ এৰি দিয়া নহ'ল। অনুশীলনত এই উপন্যাপ পঢ়াসকলে কিতাপখন বিচাৰিব ধৰিলে। ২০২২ বৰ্ষৰ ২৩ অক্টোবৰত উন্মোচনৰ কোনো আনুষ্ঠানিকতা পূৰণ নকৰাকৈয়ে শিৱসাগৰ গ্ৰন্থমেলাৰ বিপনীত পাঠকৰ বাবে এৰি দিলে উপন্যাসখন।

মানুহে উপন্যাসখন ভাল পালে। এতিয়া কি হ'ব মমী গগৈয়ে একো নাজানে। মাথো জানে তেওঁ একো ভুল কৰা নাই। ৩৩৪ পৃষ্ঠাৰ এই কিতাপখন বজাৰত প্ৰায় শেষ হও হও। কাৰো ওপৰত আক্ষেপ নাই তেওঁৰ।

গ্ৰন্থখনৰ সেই কাহিনীভাগৰ নায়ক, নায়িকাৰ মাজত সংঘটিত কথাবোৰ, নিষিদ্ধ সংগঠনটোৰ ভিতৰভাগৰ খামখেয়ালি বোৰ তেওঁ তুলি ধৰিছে। নায়িকা নুৱে আজিও লৈ ফুৰিছে ছহিদ প্ৰেমিকক।

এখন উপন্যাস প্ৰকাশ পোৱাৰ আনন্দ তেও সম্পূৰ্ণকৈ ল'ব পৰা নাই। কি বা হয় তাক লৈ তেওঁ চিন্তিত। তথাপি মানুহৰ মৰমে তেওঁক বুৰাই ৰাখিছে। কোনোৱে কোনোৱে কিতাপখন পঢ়ি তেওঁলৈ ফোন কৰে।

সংগ্ৰামী জীৱনৰ সেই ভিতৰৰ কাহিনীবোৰ জানি আচৰিত হয়। ইমান ধুনীয়াকৈ সেইবোৰ তুলি ধৰাৰ বাবে পাঠকে ধন্যবাদ জনায়। অসম আৰক্ষীয়ে এইগৰাকী লেখিকাক বাধা দিয়াতকৈ উৎসাহিত কৰাৰ প্ৰয়োজন নাইনে?

অসম আৰক্ষীত বহু উচ্চপদস্ত বিষয়াই নিয়মীয়াকৈ সাহিত্য চৰ্চা কৰি আহিছে। হৰেকৃষ্ণ ডেকা, নিশিনাথ চাংকাকতি, শৰৎ ফুকন, প্ৰফুল্ল বৰ্মন, কুলধৰ শইকীয়া, নন্দসিং বাৰেকলা, ভাস্কৰজ্যোতি মহন্ত, প্ৰেম কান্ত মহন্ত, পাৰ্থ সাৰথী মহন্ত, ৰেণু দত্ত ফুকন, প্ৰশান্ত সাগৰ চাংমা, খবিৰ আহমেদ, মুগ্ধজ্যোতি মহন্ত (মৃত্যুঞ্জয় মহন্ত) আদি বহুতৰ নাম ল'ব পাৰি।

তেনে ক্ষেত্ৰত মমী গগৈয়ে এখন উপন্যাস প্ৰকাশ কৰাত পৰোক্ষভাৱে হ'লেও বাধা দিয়া হৈছেনে? সৰু সৰু মানুহবোৰৰো নাই জানো সেই অধিকাৰ। বেবী হালদাৰ এগৰাকী বিশ্ববিখ্যাত লেখিকা হ'বগৈ বুলি কোনে জানিছিল ?

কামবালী বাই আছিল তেওঁ। নিজ প্ৰতিভাৰ তেওঁ প্ৰমাণ দিছিল লিখাৰ মাজেৰে। মাত্ৰ ষষ্ঠ শ্ৰেণীলৈকে পঢ়িছিল বেবীয়ে। দিল্লীৰ গুৰগাঁৱত প্ৰবোধ কুমাৰ নামৰ ব্যক্তিজনৰ ঘৰত কাম কৰিছিল এইগৰাকী মহিলাই। প্ৰবোধ কুমাৰ আছিল হিন্দী সাহিত্যৰ স্বনামধন্য ঔপন্যাসিক, সাহিত্যিক মুন্সি প্ৰেমচান্দৰ নাতি।

অধ্যাপক প্ৰবোধ কুমাৰৰ ঘৰত কাম কৰাৰ সূত্ৰে এক পৰিৱেশ পাইছিল বেবীয়ে। লাইব্ৰেৰীত থকা কিতাপবোৰ চাফা কৰিছিল, চুই চাইছিল। প্ৰবোধ কুমাৰে বেবীক অনুমতি দিছিল সেই ৰেগ বোৰত থকা যিখন কিতাপেই পঢ়িব খোজে তেওঁ পঢ়িব পাৰে।

এনেকৈয়ে কিতাপৰ মাজত বুৰ গৈয়ে বেবীয়ে হাতত কলম তুলি ল'লে এদিন। এফালে ঝাড়ু আনফালে কলম। ২০০২ চনত আলু আধাৰী নামৰ গ্ৰন্থখন প্ৰকাশ হ'ল। এই কিতাপখনৰ কেইবাটাও সংস্কৰণ আৰু বিভিন্ন ভাষালৈ অনুদিত হ'ল।

প্ৰখ্যাত লেখিকা উৰ্বশী বুটালিয়াই তেওঁৰ গ্ৰন্থখন এ লাইফ লেছ অৰ্ডিনাৰী নামৰে ইংৰাজীলৈ অনুবাদ কৰিলে। ঈৰ্খৎ ৰূপান্তৰ নামেৰে দ্বিতীয়খন গ্ৰন্থ প্ৰকাশ কৰিলে ২০১০ ত। ২০১৪ ত প্ৰকাশ পালে ঘৰে ফেৰাৰ পথ।

আটাইকেইখন গ্ৰন্থৰ বিশ্বজুৰি বিক্ৰী হ'ল। কিতাপৰ পৰা বহু লাখ টকা তেওঁ ৰয়েলিটি হিচাপে পালে। কিন্তু বেবী হালদাৰ প্ৰবোধ কুমাৰৰ ঘৰতেই আজিও কাম কৰা মানুহ। কৃতজ্ঞতা তেওঁ প্ৰকাশ কৰিছে এনেদৰেই।

কনিষ্টবল মমী গগৈয়েও এদিন যে সফলতা নুবুটলিব তাৰ কোনো মানে নাই। কনিষ্টবল ৰূপে কৰ্মৰত লিখকে সাহিত্য একাডেমী পোৱাৰো উদাহৰণ আছে। সৰু সৰু মানুহৰো নিজৰ কল্পনা জগতখনত বিচৰণ কৰি লিখাৰ অধিকাৰ থাকে।

সেই অধিকাৰ কোনোবাই জানো কাঢ়ি নিব পাৰে? প্ৰবোধ কুমাৰৰ দৰেই আৰক্ষী সঞ্চালক প্ৰধানে উৎসাহিত কৰিব লাগে মমী গগৈক। তেওঁ লিখিছেহে। কোনো অপৰাধ কৰা নাই। ডিব্ৰুগড় আৰক্ষীয়ে সেই কথা নিশ্চয় বুজিব। অভিনন্দন মমী গগৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in