/asomiyapratidin/media/media_files/2025/03/15/jLeUbKr8GjEdDOOaWmO5.jpg)
তুষাৰ প্ৰতিম
‘‘মোকতো পোৱাই চিনি,মই যে ফাগুন/ অঁকৰা কবিৰ স'তে চুপতি মৰাৰ বাবে/ মোৰতো বহুত বদনাম/ চাদৰৰ আঁচলেৰে নিচান উৰুওৱা আৰু/ ধূলিৰে দুচকু ঢাকি/ অচিনাকী বান্ধৱীৰ প্ৰথম দেখাৰ মূহূৰ্তটো/ খেলিমেলি কৰি দিয়া মোৰ অতি জঘন্য অভ্যাস…’’।
ফাগুনক লৈ এইদৰে ক’ত কবি, গীতিকাৰ অথবা গল্পকাৰৰ কিমান যে কল্পনা, কিমান যে আদৰ। কেৱল ফাগুনেই নে? ব’হাগক লৈয়োতো সকলোৰে একেই মাদকতা, একেই উন্মাদনা। ইংৰাজী কেলেণ্ডাৰৰ দৰেই অসমীয়া কেলেণ্ডাৰখনো মাত্ৰ ১২ টা মাহেৰে পৰিপূৰ্ণ ।
প্ৰতিটো মাহৰে আছে গুৰুত্ব। প্ৰতিটো মাহৰে আছে বৈশিষ্ট্য। অথচ চ’তৰ সৈতে আমি কিয় কৰি আহিছো বৈষম্য? কিয় চ’তক লৈ আমি হ’ব নোৱাৰো কল্পনাবিলাসী অথবা আশাবাদী? চ’তৰ দোষেই বা কি?
ব’হাগক আদৰিবলৈ কিমান যে প্ৰস্তুতি; প্ৰকৃতিৰ পৰা মানুহলৈ ! গীত, নৃত্য, কবিতা আৰু ক’ত যে কি? জেঠ, আহাৰ, শাওনক লৈয়ো মানুহৰ ব্যস্ততাৰ শেষ নাই। গাঁৱৰ মূৰৰ নামঘৰৰ পৰা সপোন পিয়াসী কৃষকৰ পথাৰলৈ। সকলোতে ব্যস্ততা। শাওনক লৈয়ো নানান সৃষ্টি।
ভাদৰো আছে মহত্ত্ব। আছে আধ্যাত্মিকতা। আহিন মানেই আকৌ তল সৰা শেৱালি, নৈৰ পাৰৰ কঁহুৱা, শাৰদীয় উৎসৱৰ বতৰা। কঙাল হ’লেও কাতিতে অসমীয়াই পাতে কাতি বিহু। পথাৰত জ্বলাই চাকি।
আঘোণ মানেই পথাৰৰ সোণগুটি, ন-চাউলৰ ভাত মুঠি। পুহত ঠেহ পতা শীত, আইৰ জুহালৰ উম। পুহৰ পাছত মাঘ; মাঘ মানেইতো ভোগালী। ব’হাগৰ পৰা ফাগুনলৈ মানুহৰ এইদৰেই ব্যস্ততাৰ সীমা সংখ্যা নাই। তাৰ মাজতেই চ’ত আহি ওলালহি। কিন্তু মানুহৰ চোন খবৰেই নাই।
কেলেণ্ডাৰত জিলিকি আছে আজি পহিলা চ’ত। উন্মনা, উতলা, উদাস ফাগুনৰ প্ৰেমত পৰি মতলীয়া হৈ থকা কবি, গীতিকাৰ, প্ৰেমিক চৰাই বোৰে কালি ফাগুনক বিষাদ মনেৰে বিদায় দিলে। ফাগুনক লৈ চলা মহা আয়োজনৰ অন্ত পৰিল। অথচ আজি সংগোপনে আহিল চ’ত।
আদৰিবলৈ কাৰো আহৰি নাই। কিহৰ বাবে চ’তক কৰা হয় এলাগি? চ’তেই জানো নিদিয়ে বসন্তৰ ঠিকনা? চ’তেই দেখোন দিয়ে হেঁপাহৰ ব’হাগ অহাৰ বতৰা। চ’ত মাহৰো আছে বিশেষ হৈ পৰিব পৰাকৈ নিজা বৈশিষ্ট্য। আছে প্ৰকৃতিগত নিজা পৰিচয়। চ’ততো আছে আধ্যাত্মিকতাত বিলিন হ’ব পৰাকৈ মহত্ত্ব। আছে সৃষ্টিৰো শক্তি।
হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি চ’তৰ প্ৰথম দিনটোৰ পৰা ভগৱান ব্ৰহ্মাই সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছিল। চ’ত মাহতে আৰম্ভ হয় বসন্ত ঋতুৰ। চ’তৰ একাদশী তিথিৰ পৰা বাসন্তী পূজাৰ নৱৰাত্ৰি আৰম্ভ হয়। নৱমী তিথিত শ্ৰীৰাম চন্দ্ৰৰ জন্ম দিন ৰামনৱমী উদযাপন কৰা হয়।
চ’ততে কুলি, কেতেকীয়ে বিনাই ব’হাগক মাতে। ফাগুনে লঠঙা কৰা গছ, বননিত কুঁহিপাত মেলাৰ সেই শক্তি জানো চ’তৰ বৰষুণ জাকেই নদিয়ে? চ’তৰ পৰম আকাংক্ষিত সেই বৰষুণ জাকেই এই শুকান ধৰাক জীপাল কৰে। সজীৱ কৰে প্ৰকৃতি। চ’ততে হেৰাই ধূলিয়ৰি বাট। চ’তৰ বাবেই ব’হাগতে যৌৱন পাই প্ৰকৃতিয়ে।
ব’হাগত চেনাইলৈ দিয়া হেঁপাহৰ বিহুৱানখনতো দেখোন চ’ততেই বোটা বাছে যুৱতীয়ে। চ’তে আমাক কি দিয়া নাই? চ’তত শীতৰ ঠেৰেঙা জ্বাৰ নাই। গ্ৰীষ্মৰ প্ৰখৰ গৰম নাই। ফাগুনৰ ধূলিয়ে কঢ়িয়াই অনা নানান ৰোগৰ পীড়া নাই।
পলাশ, মদাৰ, শিমলুৱে ফাগুনত ৰাঙলী কৰা আকাশ নাথাকিল কি হ’ল? চ’ততেই দেখোন ফুলে চিনা, অচিনা নানান বনৰীয়া ফুল। নাহৰ, তগৰ, কপৌ, চম্পা, কেতেকী আৰু ক’ত যে কি !
বিজ্ঞান ভিত্তিক খেতি কৰা কেইজনমান কৃষকে চ’ততেই মগু আৰু মাটি মাহৰ খেতি কৰাৰ পৰামৰ্শ দিছে। যদিও ভাদ-আহিন মাহত বহু কৃষকে মাটিমাহৰ খেতি কৰে তথাপিও চ’ত মাহত এই খেতি কৰি ভাল উপাৰ্জন কৰিব পাৰি।
সম্প্ৰতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে একাংশ কৃষকে চ’তৰ প্ৰথমটো পষেকৰ ভিতৰতে মগুমাহ আৰু মাটিমাহৰ বীজ সিঁচিবলৈ প্ৰস্তুতি চলাইছে। বিজ্ঞান ভিত্তিক কৰা এই কৃষিত হেনো ভাল লাভ হয়।
চ’তত সকলো আছে। অথচ চ’তক লৈ আমাৰ কোনো আগ্ৰহ নাই। চ’ত নাহিলে আহিব জানো ব’হাগ? চ’তৰ ৩০ দিনৰ পৰাই আৰম্ভ হ’ব ৰঙালী বিহু। সেই দিনাই আমি পালন কৰিম গৰু বিহু।
চ’তৰ ইমান গুৰুত্ব থকাৰ পিছতো কিয় কৰিছো এলাগি?আহক আমি চ’তকো ভাল পাবলৈ শিকো। চ’তকো আদৰোঁ ফাগুন অথবা ব’হাগক আদৰাৰ দৰেই। চ’তকো স্থান দিওঁ গল্প, কবিতা অথবা গীতৰ কলিত। কিয়নো চ’ত নাহিলে নুফুলে ফুল, নুশুনে চেৰেকী অথবা মাকুৰ শব্দ। চ’ত নাহিলে ব’হাগতো নাবাজে ঢোল।