/asomiyapratidin/media/media_files/2025/03/08/VpUsTwVuDH8vsbsxnlj0.jpg)
তুষাৰ প্ৰতিম
অধিকাৰ প্ৰাপ্তিৰ বাবে বিপ্লৱৰ প্ৰয়োজন। বিপ্লৱ নিজেই সৃষ্টি নহয়, বিপ্লৱক জাগ্ৰত কৰিব পাৰিব লাগিব। বিপ্লৱৰ জৰিয়তে অধিকাৰ আজুৰি আনিবলৈ সময়কো সঠিক ভাৱে ব্যৱহাৰ কৰিব লাগিব। চন্দ্ৰপ্ৰভা শইকীয়াই সময়ৰ সুযোগ লৈ তেনে এক অধিকাৰ প্ৰাপ্তিৰ বিপ্লৱ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। সেই বিপ্লৱৰ ফলাফলো সেয়ে তেওঁ ক্ষন্তেকতেই পাইছিল।
নাৰীৰ অধিকাৰক লৈ বিংশ শতিকাৰ আৰম্ভণিতে বিশ্বজুৰি এক মতবাদ গঢ় লৈ উঠিছিল। ভোটাধিকাৰৰ অধিকাৰ প্ৰাপ্তি আৰু ন্যায্য দৰমাহৰ বাবে আমেৰিকান মহিলাসকলে প্ৰতিবাদ গঢ়িছিল। ১৯১৭ ৰ ৮ মাৰ্চত ৰাছিয়াৰ মহিলাসকলে নিজৰ অধিকাৰৰ বাবে ধৰ্মঘট কৰিছিল।
জুলিয়ান কেলেণ্ডাৰ অনুসৰি ১৯১৩ চনৰ ২৩ ফেব্ৰুৱাৰীত প্ৰথম বিশ্বযুদ্ধৰ বিৰুদ্ধে আৰু ১৯১৭ চনৰ ২৩ ফেব্ৰুৱাৰীত যুদ্ধ, খাদ্যৰ অভাব, দ্বিতীয় জাৰ নিকোলাছৰ শাসনৰ অন্ত পেলাবলৈ আহ্বান জনাইছিল। এই মহিলাসকলক ৰচেল ৰুথচাইল্ডৰ দৰে ইতিহাসবিদে "অবাধ্য মহিলা" আখ্যা দিছিল।
লিঅ'ন ট্ৰটস্কিৰ দৰে পুৰুষ বিপ্লৱীসকলক এই মহিলাসকলে বিৰক্ত কৰাৰ দৰেও অভিযোগ উঠিছিল। কিন্তু এই মহিলাসকলৰ সংগ্ৰাম আৰু বিক্ষোভৰ ফলতেই জাৰক উৎখাত কৰি কমিউনিষ্ট শাসন ব্যৱস্থা স্থাপন হৈছিল আৰু ৰাছিয়াৰ মহিলাসকলে ভোটাধিকাৰ পাইছিল। এনে গৌৰৱময় ইতিহাসক সোঁৱৰিয়েই পিছত ৰাষ্ট্ৰসংঘই আনুষ্ঠানিকভাৱে ১৯৭৫ চনৰ ৮ মাৰ্চত নাৰী দিৱস উদযাপনৰ বাবে স্বীকৃতি দিছিল।
১৯ শতিকাৰ সেই প্ৰথম ভাগতে ৰাছিয়া, আমেৰিকা, জাৰ্মানী, ছুইজাৰেলেণ্ড, অষ্ট্ৰিয়া, ডেনমাৰ্ক আদিৰ দৰে নাৰীয়ে অধিকাৰ প্ৰাপ্তিৰ বাবে যি সংগ্ৰাম কৰিছিল সেই সময়ত ভাৰতৰ দৰে এখন অনগ্ৰখৰ আৰু ঔপনিবেশিকতাবাদৰ গ্ৰাসত থকা দেশৰ প্ৰাথমিক শিক্ষাৰ পোহৰৰ পৰাই প্ৰায় বঞ্চিত হৈ থকা অসম মুলুকতো এগৰাকী নাৰীক নাৰী মৰ্যাদা, অধিকাৰৰ বিষয়টোৱে বৰকৈ দহিছিল।
নাৰীৰ অধিকাৰৰ বাবে এক সংগ্ৰাম গঢ়ি তোলাৰ অপেক্ষাতেই আছিল সেই মহিলাগৰাকী। অৱশেষত ১৯২৫ চনৰ নগাঁৱত বহা অসম সাহিত্য সভাৰ মুকলি অধিবেশনত অন্ত পৰিছিল সেই অপেক্ষাৰ। সেইদিনা নগাঁৱৰ অসম সাহিত্য সভাৰ মুকলি অধিবেশনত নিমন্ত্ৰিত অতিথিৰ আসনত আন বহু ব্যক্তিৰ সৈতে আছিল এগৰাকী কমবয়সীয়া মহিলা। সেই সময়ৰ অসমৰ সামাজিক পৰিবেশত এই দৃশ্য আছিল কল্পনাতিত।
সেইদিনা সভাৰ সভাপতিৰ আসনত আছিল উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ। সভাপতিৰ অভিভাষণত বৰদলৈয়ে অসমীয়া সমাজখনে সন্মুখীন হোৱা নানান সমস্যাই ঠাই পাইছিল। তেওঁ ভাষণত কৈছিল, “সমাজৰ পৰা কানি, মদ, ভাং – এই তিনিটা বৰবিহ একেবাৰে আঁতৰাবলৈ হ’লে মতা-মাইকী উভয়ে শিক্ষিত হ’ব লাগিব। বিশেষকৈ তিৰোতা জাতিটো। তিৰোতা জাতিটো শিক্ষিত হ’লে আগলৈ জন্ম লোৱা সন্তানবিলাকো শিক্ষিত হ’ব।কিয়নো সন্তানে পোন প্ৰথমে মাকৰ পৰাহে শিক্ষা পায়…।”
সমাজ সংস্কাৰৰ বাবে নাৰী শিক্ষাৰ বাণী বিলোৱা বৰদলৈৰ এই ভাষণে সেইদিনা মঞ্চত উপস্থিত থকা মহিলাগৰাকীৰ চকু-মুখ উজ্জ্বল কৰি তুলিছিল। সভাপতিৰ এনে মন্তব্যত তেওঁ দেখিছিল নাৰী মুক্তিৰ ক্ষেত্ৰত এক আশাৰ সঞ্চাৰ।কিন্তু তেওঁৰ এই উৎসাহ তাৰ ঠিক এটা মুহূৰ্তৰ ভিতৰতেই ম্লান পৰিছিল, যেতিয়া তেওঁ সভাৰ মূল মঞ্চৰ বাওঁফালে লক্ষ্য কৰিছিল।
মঞ্চৰ বাওঁফালে বাঁহৰ কাঠিৰ পৰ্দাৰ ঠিক আঁৰত উৰণি লৈ এক শ্বাসৰুদ্ধকৰ অৱস্থাত সভা উপভোগ কৰিছিল মহিলাসকলে। এই দৃশ্যই তেওঁক বিছাই ডাকাৰ দৰে ডাকিছিল। সেই সময়ত মহিলাসকলৰ এনে অৱস্থাই মঞ্চত বহি থকা মহিলাগৰাকীকো যথেষ্ট অপমানিত কৰিলে। তেওঁৰ মনত পুনৰ জাগ্ৰত হ’ল সেই একেটাই প্ৰশ্ন- তিৰোতাসকল মানুহ নহয় নেকি?
সেইদিনাই এই মঞ্চখনকেই ব্যৱহাৰ কৰি এই মহিলাগৰাকীয়ে জাগ্ৰত কৰিলে এক বিপ্লৱৰ। নাৰী মুক্তিৰ এই বিপ্লৱে সেইদিনা দিলে এক নতুন বাৰ্তা। মঞ্চৰ পৰা নামি গৈ এই ভদ্ৰ মহিলাগৰাকীও বাঁহৰ কাঠিৰ সেই পৰ্দাৰ আঁৰত আন মহিলাসকলৰ সৈতে বহিলেগৈ। মঞ্চৰ ওপৰৰ পৰা এই দৃশ্য দেখি অপমানিত বোধ কৰিলে বহু বিশিষ্ট ব্যক্তিয়েই।
সেই সভাতেই সমজুৱাৰ বক্তৃতাত ভদ্ৰ মহিলাগৰাকীয়ে অতি ক্ষোভেৰে পুৰুষ-মহিলাৰ মাজত থকা অসন্মানজনক এই ব্যৱস্থাৰ কথাবোৰ আঙুলিয়াই দিলে। তেওঁ কলে, পুৰুষে তিৰোতাৰ বাবে এনে অপমানজনক অসমান ব্যৱস্থা কৰিলে বুলিয়েই তিৰোতাই কিয় সেই ব্যৱস্থাৰ অৱসান ঘটাই বাঁহৰ কাঠিৰ বেৰ ভাঙি-ছিঙি বন্দী সিংহনীৰ দৰে বাহিৰৰ জগতলৈ ওলাই নাহে?
এই এটা বাক্যতে এটা মুহূৰ্ততে জাগ্ৰত হ’ল এক বিপ্লৱৰ। মহিলাসকলে লগে লগে বাঁহৰ কাঠিৰ সেই বেৰ ভাঙি ওলাই আহিল। সভাত উপস্থিত থকা জনতাই মহিলাসকলৰ মুক্তিৰ এই ক্ষণক হাত চাপৰিৰে স্বাগতম জনালে। অসম সাহিত্য সভাৰ দৰে এখন মঞ্চৰ পৰা এইদৰে নাৰী মুক্তিৰ পথ মুকলি কৰা সেই বিদূষী মহিলাগৰাকী আছিল চন্দ্ৰপ্ৰভা শইকীয়া। তেওঁৰ ভাষাত সেয়াই আছিল সৰ্বপ্ৰথম সমাজত মহিলাই কৰা সামাজিক বিপ্লৱ।
১৯২৫ চনৰ সাহিত্য সভাৰ নগাওঁ অধিবেশনত চন্দ্ৰপ্ৰভা শইকীয়াই নাৰীৰ মুক্তিৰ এই সফলতাৰ পাছত মন ঠিৰ কৰিলে নাৰীৰ বাবে আৰু কিছু কাম কৰাৰ। সংকল্প লৈছিল মহিলা সমিতি গঠন কৰাৰ। ১৯২৬ ত সভাৰ অধিবেশনৰ স্থান আছিল ধুবুৰী।
সভাৰ সভাপতি বেণুধৰ ৰাজখোৱাক তেওঁ জনালে এই কথা। ৰাজখোৱায়ো তেওঁক জনালে সমৰ্থন। নগেন্দ্ৰ নাৰায়ণ চৌধুৰী আৰু মহাদেৱ শৰ্মাৰ দৰে সাহিত্যিকেও তেওঁৰ প্ৰতি সহাৰি দিলে। সেই মতেই সেইবাৰ ধুবুৰীৰ বিজনী হলত গঠন হ’ল মহিলা সমিতি। সমিতিৰ সম্পাদিকাৰ দায়িত্বও লাভ কৰিলে চন্দ্ৰপ্ৰভাই।
মহিলা সমিতি গঠন কৰি তেওঁ আৰম্ভ কৰিলে গাঁৱে গাঁৱে ঘূৰি শাখা সমিতি খুলিবলৈ কাম-কাজ। এইবাৰ তেওঁ সম্বল হিচাপে ল’লে এখন চাইকেল। এই চাইকেল লৈয়ে তেওঁ ৰ’দ বৰষুণ নেওচি, গাঁৱে-গাঁৱে ঘূৰি মহিলা সমিতিৰ শাখা সমিতি গঠন কৰাত লাগিল।
আজিৰ পৰিস্থিতিত এয়া তেনেই সাধাৰণ কথা যদিও আজিৰ পৰা ১০০ বছৰৰ আগৰ সমাজখনত এনে কাৰ্য কৰিবলৈ চিন্তা কৰাটোৱেই আছিল প্ৰত্যাহ্বান জনক। সেই সময়ত ঘৰৰ চাৰি বেৰৰ মাজৰ পৰা মহিলা বাহিৰলৈ ওলোৱাৰ নিয়মেই নাছিল। উৰণিৰ তলতেই আছিল মহিলা।
শিক্ষাৰ কোনো ব্যৱস্থা নাছিল। তেনে সময়ত চাইকেল লৈ গাঁৱে গাঁৱে মহিলা সমিতি খুলিবলৈ ঘূৰি ফুৰাতো আছিল অসাধ্যজনক কাম। মানুহৰ অনেক ঠাট্টা-বিদ্ৰূপ, অশ্লীল মন্তব্য আৰু ইংগিতক নেওকি, পদে পদে বাধা অতিক্ৰম কৰি তেওঁ নিজৰ লক্ষ্য পথত আগবাঢ়িল। চন্দ্ৰপ্ৰভা সফল হ’ল। গাঁৱে গাঁৱে গঠন হ’ল বহু শাখা সমিতি।
চন্দ্ৰপ্ৰভা শইকীয়া আজিৰ অসমীয়া মহিলাৰ বাবে কিমান চিনাকী সেয়া এক পৃথক বিষয়। কিন্তু নাৰী মুক্তিৰ বাবে, অধিকাৰ প্ৰাপ্তিৰ বাবে আজিৰ নাৰীয়ে তেওঁৰ পৰা শিকিবলগীয়া বহু কথাই আছে।
একাংশ তথাকথিত নাৰীবাদীয়ে অৱশ্যে আজিও অধিকাৰ মানে কেৱল মুকলিকৈ সুৰা সেৱন কৰা, ক্লাব, বাৰলৈ যোৱা আদি বুলিয়েই ভাবে। অথচ এই মহিলাসকলে আধাতে শিক্ষা সামৰি ৰান্ধনীঘৰৰ ভিতৰতে জীৱন কটাবলগীয়া হোৱা মহিলাসকলৰ বিষয়ে এষাৰ মাত নামাতে।
বহু শিক্ষিত যুৱতীয়ে আজিও কেৱল বিবাহকেই জীৱনৰ মূল উদ্দেশ্য বুলিয়েই গণ্য কৰিছে। একাংশই জীয়ৰীক উচ্চ শিক্ষাৰে শিক্ষিত কৰিছে যদিও সেই শিক্ষাৰ উদ্দেশ্য হৈছে এজন সফল আৰু আধ্যবন্ত পাত্ৰৰ হাতত গতাই দিয়া। আত্ম সংস্থাপনৰ বিষয়টো এই ক্ষেত্ৰত এতিয়াও গৌন।
ৰাজনৈতিক দলৰ সভাই সভাই অৰুণোদয় আঁচনিৰ ১২৫০ টকা লাভৰ আশাত নাৰীক ৰাজনৈতিক দলৰ সমদলত নচুৱাই ফুৰা হয়। আশা কৰ্মীসকলক এতিয়াও সভাৰ আসন শুৱনি কৰিবলৈ ব্যৱহাৰ কৰা হয়। ৰাজনীতিত নীতি নিৰ্ধাৰণৰ ক্ষমতা দিয়াৰ পৰিবৰ্তে নাৰীক কেৱল ভোটৰ অংকৰে ব্যৱহাৰ কৰা হয়। প্ৰতিটো ৰাজনৈতিক দলেই এই অভিযোগত অভিযুক্ত। এনে বিষয়ত কিন্তু আজিও তথাকথিত একাংশ নাৰীবাদী মৌন।
চন্দ্ৰপ্ৰভা শইকীয়াই এনে একে সময়ত নাৰী শিক্ষাৰ বিষয়টোত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল যি সময়ত চৰকাৰী ভাৱেই নাৰী শিক্ষাৰ বিষয়ত কোনো বিশেষ গুৰুত্ব নাছিল। নাৰী শিক্ষাৰ বাট মুকলি কৰাৰ দাবীৰে, মহিলা সমিতিৰ জৰিয়তে চন্দ্ৰপ্ৰভাই মহিলাসকলক কেৱল এক মুকলি উশাহ ল’ব পৰা ব্যৱস্থাৰেই পোষকতা কৰা নাছিল, তেওঁ মহিলাসকলক সামাজিক, ৰাজনৈতিক ভাৱেও সৱল কৰি তুলিবলৈ চেষ্টা কৰিছিল।
এই সন্দৰ্ভত আন এগৰাকী বিদূষী মহিলা সন্দৰ্ভত ইন্দিৰা মিৰিয়ে কোৱা কেইটামান কথা মন কৰিলগীয়া। ইন্দিৰা মিৰিৰ মতে ১৮৫৪ চন পৰ্যন্ত চৰকাৰীভাৱে স্ত্ৰী-শিক্ষা বিষয়ত কোনো চিন্তা-চৰ্চা,গুৰুত্ব দিয়া হোৱা নাছিল। একমাত্ৰ ল’ৰাৰ শিক্ষাইহে কিছু গুৰুত্ব পাইছিল। দ্বিতীয়তে, নাৰী শিক্ষাৰ ক্ষেত্ৰত সমাজৰ ৰক্ষণশীলতা আছিল প্ৰধান বাধা। তৃতীয় মুখ্য কাৰণটো আছিল বাল্য বিবাহ।
আটাইতকৈ ডাঙৰ বাধা আহিছিল শিক্ষিত এচাম লোকৰ পৰা। এইসকলে নাৰী শিক্ষাৰ প্ৰচলন হ’লে সামাজিক ক্ষেত্ৰত পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে সমাজ বিপ্লৱৰেই আৱিৰ্ভাব হ’ব পাৰে বুলি ভয় কৰিছিল। ঊনবিংশ শতিকাৰ প্ৰখ্যাত বুদ্ধিজীৱী বলিনাৰায়ণ বৰাই হেনো কৈছিল “আসামৰ মানুহক মানে লণ্ড-ভণ্ড কৰিছিল, কিন্তু ভাটি সভ্যতাৰ লণ্ড-ভণ্ড তাতোকৈয়ো ভয়ানক হ’ব, যদিহে তিৰোতা পণ্ডিত হ’বলৈ খোজে।”
অৱশ্যে এইসকল পুৰুষৰ বিপৰীতে খৃষ্টান মিছনেৰীসকল আছিল স্ত্ৰী শিক্ষাৰ সপক্ষে। ‘অৰুণোদই’ৰ পাতত ইয়াৰ সমৰ্থনত প্ৰবন্ধ-পাতিও প্ৰকাশিত হৈছিল। বিট্ৰিছ চৰকাৰেও নাৰী শিক্ষাত গুৰুত্ব দিছিল। আনন্দৰাম ঢেকিয়াল ফুকন, ‘ভাষাৰ ওজা’ হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদি পণ্ডিতে নাৰী শিক্ষাৰ সপক্ষে অৱস্থান গ্ৰহণ কৰিছিল।
১৮৬০-৬১ চনত অসমত প্ৰথমখন ছোৱালী প্ৰাইমেৰী স্কুল স্থাপন হৈছিল যদিও ১৯২১ চনৰ পাছৰ পৰাহে নাৰী শিক্ষাই কিছু উন্নতি লাভ কৰিছিল। ঊনৈশ শতিকাৰ তেনে এক সামাজিক পৰিবেশ-পৰিস্থিতিৰ মাজতে ১৯০১ চনৰ ১৬ মাৰ্চত জন্ম হৈছিল চন্দ্ৰপ্ৰভা শইকীয়াৰ।
আজিৰ নাৰীয়ে সেয়ে চন্দ্ৰপ্ৰভা শইকীয়াক অধ্যয়ন কৰা উচিত। অসমৰ সমাজ জীৱনত চন্দ্ৰপ্ৰভা শইকীয়াৰ গুৰুত্ব আজিও বহু আছে। তেওঁৰ আদৰ্শক জীয়াই ৰখাটো দূৰৰে কথা তেওঁ যি নাৰী অধিকাৰ, মুক্তি আৰু সংস্কাৰৰ বাবে যুঁজ দিছিল সেয়া আজিৰ তাৰিখতো কিন্তু সম্পূৰ্ণ সফল হৈ উঠা নাই।
আনহে নালাগে তেওঁ অসম সাহিত্য সভাৰ যিখন মঞ্চ ব্যৱহাৰ কৰি নাৰী মুক্তিৰ প্ৰথমটো বিপ্লৱ গঢ়ি তুলিছিল সেই মঞ্চখনত আজিও নাৰী উপেক্ষিত। অসম সাহিত্য সভাৰ ইতিহাসত এই পৰ্যন্ত ৮২ গৰাকী স্বনামধন্য সাহিত্যিকে সভাপতিৰ আসন শুৱনি কৰিলে। কিন্তু ইয়াৰ মাজত এই পৰ্যন্ত সভাপতিৰ আসনত বহিছে মাত্ৰ ২ গৰাকীহে মহিলা। ইয়াৰ পৰাই অনুমান কৰিব পাৰি চন্দ্ৰপ্ৰভাৰ সেই বিপ্লৱৰ এতিয়াও প্ৰয়োজন আছে। কিন্তু আজিৰ এই সামাজিক পৰিস্থিতিত ওলাই আহিব পাৰিবনে আন এগৰাকী চন্দ্ৰপ্ৰভা?