/asomiyapratidin/media/media_files/2025/04/14/UTIKZdy9OrCAJmvLaVEb.jpg)
তুষাৰ প্ৰতিম
আজি ৰাজ্যজুৰি অসমীয়া ৰাইজে পালন কৰিলে গৰু বিহু। পুৱাই নৈ, জান, জুৰি, পুখুৰী, কোঁৱা, দমকল যিয়ে য’ত যেনেকৈ পাৰিলে গৰু গা ধুৱাই, দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খোৱাই ঘৰৰ গোঁহালিৰ গৰু কেইটাৰ দীৰ্ঘায়ু আৰু ন-শক্তি কামনাৰে ৰক্ষা কৰিলে গৰু বিহুৰ পৰম্পৰা।
একেদৰেই সন্ধিয়ালৈ ৰক্ষা কৰিলে জাগ দিয়া পৰম্পৰা। এই পৰম্পৰা অনুসৰি পদূলিয়ে পদূলিয়ে খেৰ, বিহলঙনী আদিৰে জাগ দি তাৰ ধোঁৱা বিচনীৰে বিচি দিয়া হয়। যাতে ম’হ-দাহ আদিৰ পৰা গোঁহালিৰ গৰু কেইটা ৰক্ষা পৰে। গৰুৰ ৰোগ প্ৰতিৰোধৰ বাবে মাহ, হালধি, তেল আদি সানি নতুন পঘা আৰি দিলে গৰুৰ ডিঙিত।
এইদৰেই গৰু বিহুৰ পৰম্পৰাৰে বিহু সজীৱ পৰিল যদিও আমাৰ মনত যোৱা কিছু বছৰৰ পৰা সৃষ্টি হোৱাৰ দৰেই এইবাৰো কিছু সংশয় সৃষ্টি নোহাৱাকৈ নাথাকিল। বিহু অসমীয়া জাতিৰ আয়ুস ৰেখা। বিহু আৰু কৃষি দুয়োটা অঙ্গাঙ্গিক। এটা আনটোৰ পৰিপূৰক।
কৃষি অবিহনে বিহুৰ পৰম্পৰা, ঐতিহ্য ৰক্ষা কৰা অসম্ভৱ। কেৱল ঢোল, পেঁপা, গগণাই বিহু নহয়। কিন্তু যোৱা বছৰসমূহত আমি বিহু জাকমকতাৰে উদযাপনৰ বাবে যিদৰে সক্ৰিয় হৈ পৰিলো সেইদৰেই কৃষি কৰ্মৰ পৰা, পথাৰৰ পৰা বহু দূৰলৈ আঁতৰি আহিলো।
ৰাজ্যৰ প্ৰায় ৭০ শতাংশ লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৃষিকাৰ্যৰ লগত জড়িত যদিও যোৱা সময়ছোৱাত কৃষিভূমিৰ পৰিমাণ দ্ৰুত গতিত হ্ৰাস পালে। অসম বিধানসভাৰ বাজেট অবিধেশনত অসম চৰকাৰে আগবঢ়োৱা তথ্য অনুসৰি অসমত যোৱা ৯ বছৰত মুঠ ৪৪৯৮০ হেক্টৰ কৃষিভূমি হ্ৰাস পাইছে।
কৃষি মন্ত্ৰী অতুল বৰাই জনোৱা অনুসৰি ২০১৫-১৬ বিত্তীয় বৰ্ষত ৰাজ্যখনত মুঠ কৃষিভূমিৰ পৰিমাণ আছিল ২৮০১৪৭২ হেক্টৰ। কিন্তু যোৱা বিত্তীয় বৰ্ষত অর্থাৎ ২০২৩-২৪ বৰ্ষত এই ভূমিৰ পৰিমাণ ২৭৫৬৪৯২ হেক্টৰলৈ হ্ৰাস পাইছে। অৰ্থাৎ যোৱা ৯ বছৰত ৰাজ্যখনত ৪৪৯৮০ হেক্টৰ কৃষিভূমি হ্রাস পালে।
মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণ, উদ্যোগীকৰণ, খহনীয়া, বানপানী আদিৰ বাবেই ৰাজ্যত কৃষিভূমি হ্ৰাস পাইছে।তাৰোপৰি জনসংখ্যা বৃদ্ধি, বান-খহনীয়া, কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন, বতৰৰ পৰিবৰ্তন, ব্যাপক নগৰীকৰণ, উন্নয়নমূলক কাম, কৃষিকৰ্ম লাভজনক নোহোৱা আদি বিভিন্ন কাৰণত বছৰি ধান খেতি আৰু অন্য খাদ্য শস্যৰ খেতি কৰা মাটিৰ পৰিমাণ কমি আহিবলৈ ধৰিছে।
অসমৰ গ্ৰামাঞ্চলৰ লোকসকলক আজিৰ পৰা কিছু বছৰৰ আগলৈকে পশু ধনৰ জৰিয়তেও স্বাৱলম্বী হৈ আছিল। প্ৰতিঘৰতে আছিল গোহালি। পালন কৰিছিল গৰু, ছাগলী, ম’হ, হাঁহ, কুকুৰা, গাহৰি আদি। কিন্তু যোৱা সময়ছোৱাত অসমৰ ৰাইজে পশুপালনৰ পৰাও আঁতৰি আহিছে।
আজি ৰাজ্যজুৰি গৰু বিহু পালন কৰাৰ দৃশ্য সংবাদ মাধ্যমৰ জৰিয়তে, সামাজিক মাধ্যমৰ জৰিয়তে দেখিছে যদিও সেই কৃত্ৰিমতাৰ মাজত অৱশ্যে আন এক কৰুণ দৃশ্যও আছে। সেই দৃশ্য মানুহে উপলব্ধি কৰিছে যদিও তাৰ পৰিণাম এতিয়াও উপলব্ধি কৰিব পৰা নাই।
আজিৰ তাৰিখত পূৰ্বৰ দৰে অসমত নাই গৰু, ম’হ। নাই গোহালি। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমত কৃষকৰ সংথ্যা আছিল ২৭ লাখ। কিন্তু এই পৰিমাণ এতিয়া ১১ লাখলৈ হ্ৰাস পাইছে বুলি এক তথ্যত প্ৰকাশ।কৃষি মন্ত্ৰণালয়ৰ ডিপাৰ্টমেণ্ট অফ এনিমেল হাছবেন্দেৰী, ডায়েৰিং এণ্ড ফিছ বিভাগে চলোৱা পোহনীয়া জীৱ-জন্তৰ ২০১৯ চনৰ পিয়লৰ তথ্য অনুসৰি অসমৰ পশু ধনৰ ভিতৰত ৬০ শতাংশই গৰু।
তাৰোপৰি ২৪ শতাংশ ছাগলী, ১২ শতাংশ গাহৰি, ২ শতাংশ মহ আৰু ২ শতাংশ ভেড়া। ৰাজ্যত সৰ্বাধিক পশুধন আছে লখিমপুৰত। তাৰ পাছতে আছিল গোলাঘাট, ধেমাজি, নগাওঁ আৰু শোণিতপুৰ। ২০১২ চনৰ তুলনাত ২০১৯ চনত অসমত গো-ধনৰ পৰিমাণ ১৬ শতাংশ হ্ৰাস হৈছে। দুগ্ধ উৎপাদনৰ বাবে অৱশ্যে জাৰ্ছী গৰুৰ সংখ্যা কিছু বৃদ্ধি পাইছে যদিও থলুৱা গৰুৰ সংখ্যা হ্ৰাস হোৱা বিষয়টো নিশ্চয়কৈ চিন্তনীয়।
অসমৰ গ্ৰাম্য অৰ্থনীতি মূলতঃ কৃষিৰ সৈতে সম্পৰ্কিত। যোৱা সময়ছোৱাত অসমত যিদৰে কৃষি ভূমিৰ পৰিমাণ হ্ৰাস হৈছে, সেইদৰেই কৃষকৰ সংখ্যা, পশুধন, পশুপালকৰ সংখ্যাও হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে নিশাৰ ভিতৰতে বৃদ্ধি হৈছে হিতাধিকাৰীৰ সংখ্যা। অৰুণোদয়ৰ দৰে ১২৫০ টকাৰ হিতাধিকাৰীৰ পাছত দৌৰিছে মানুহবোৰ।
অথচ এই মানুহখিনিয়েই আজিৰ পৰা কিছু বছৰৰ আগলৈকে পশুপালনৰ জৰিয়তে স্বাৱলম্বী আছিল। প্ৰয়োজনত গোহালিৰ গৰু অথবা ছাগলী দুই, এটা বিক্ৰী কৰি প্ৰয়োজন পূৰাইছিল। বিপদে আপদে পশুধনে সকাহ দিছিল। ভঁৰালৰ ধানো আছিল সাহস। পিছে এতিয়া সেই দিন নাই।
অসমত দৈনিক ৪২ লাখ লিটাৰ গাখীৰৰ প্ৰয়োজন। অথচ ইয়াৰে ১০ শতাংও উৎপাদন নহয় অসমত। চহাৰাঞ্চলৰ সমান্তৰালকৈ এতিয়া গ্ৰামাঞ্চলতো বহুজাতিক প্ৰতিষ্ঠানৰ পেকেটিং গাখীৰেই সকলোৰে ভৰসা। অথচ আজি কিছু বছৰৰ আগলৈকে গ্ৰামাঞ্চলৰ প্ৰায় প্ৰতিঘৰতে গাখীৰ উপলব্ধ আছিল।
এয়াই এতিয়াৰ বাস্তৱিক পৰিবেশ। বাপতিসাহোন ৰঙানী বিহুৰ বতৰত ঋণাত্মক কথা-বতৰা উল্লেখৰ ইচ্ছা নাথাকিলেও বাস্তুৱিক ছবিখন উপলব্ধি কৰাৰ এয়াই সঠিক সময়। অন্যথা এনেকুৱা এক সময়ো আহিব যেতিয়া গৰু বিহু পালন কৰিবলৈ অসমীয়াই গৰুও ভাড়াত আনিবলগীয়া হ’ব।
ৰঙালী বিহুৰ এই শুভ ক্ষণত, জাতিয়ে নপন লোৱাৰ সময়। কৃষি, মাটিৰ সৈতে অসমীয়াই আকৌ সম্পৰ্ক দৃঢ় কৰিব লাগিব। হিতিধিকাৰী হোৱাৰ পৰিবৰ্তে পশধন পালনেৰে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ লগতেও নিজেও স্বাৱলম্বী হ’ব লাগিব। শিপাক ধৰি ৰাখিবলৈ মাটিৰ সৈতে সম্পৰ্ক ৰাখিবই লাগিব। এই ব’হাগেই হওঁক সকলো সংশয়ৰ অৱসান।