দ্বিতীয়বাৰলৈ হত্যা বংগবন্ধুক : কি হ'ব ভাৰতৰ স্থিতি?

ভাৰতৰ প্ৰত্যক্ষ সহযোগিতাত ১৯৭১ ত জন্ম হৈছিল বাংলাদেশ। আজি সেই বাংলাদেশই ৰঙা চকু দেখুৱাইছে ভাৰতক। কলকাতা, পশ্চিমবংগ, ত্ৰিপুৰা দখলৰ কথা ক'বলৈয়ো সাহস কৰিছে।

author-image
Tushar Pratim
New Update
দ্বিতীয়বাৰলৈ হত্যা বংগবন্ধুক : কি হ'ব ভাৰতৰ স্থিতি?

ভাৰতৰ প্ৰত্যক্ষ সহযোগিতাত ১৯৭১ ত জন্ম হৈছিল বাংলাদেশ। আজি সেই বাংলাদেশই ৰঙা চকু দেখুৱাইছে ভাৰতক। দেশখনৰ কোনো ধৰ্মান্ধ সেনা বিষয়াই এফালে যদি অসম আৰু বংগ দখলৰ কথা মুকলিকৈ কৈছে, আনফালে আকৌ বি এন পিৰ দৰে ইছলামিক আদৰ্শৰে অনুপ্ৰাণিত ৰাজনৈতিক দলে ভাৰতৰ আন এখন অংগৰাজ্য ত্ৰিপুৰাৰ ৰাজধানী আগৰতলা দখলৰ কথাও ক’বলৈ সাহস কৰিব পৰা হৈছে।

Advertisment

সৌসিদিনালৈকে ভাৰতৰ আশীৰ্বাদতে যোগাযোগ, আন্তঃগাঁথনি উন্নয়নত মনোনিবেশ কৰা বাংলাদেশ নামৰ দেশখন আন বহু ক্ষেত্ৰতে ভাৰতৰ ওচৰতে নিৰ্ভৰশীল যদিও এই দেশখনত ইছলামিক শক্তিৰ উত্থানৰ লগে লগেই ভাৰত বিৰোধীস্থিতিও সৰ্বত্ৰে দিনৰ পোহৰৰ দৰেই স্বচ্ছ হৈ পৰিছে।

কেইদিনমানৰ আগলৈকে গণতানন্ত্ৰিক ধ্যান, ধাৰণাৰে পৰিচালিত এই দেশখনত যদিও এখন সংবিধান আছে, আইন-আদালত আছে, সংবিধান অনুসৰিয়েই ন্যায় ব্যৱস্থাও আছে সেই সকলোবোৰেই এতিয়া হৈ পৰিছে ভালুকৰ সাঙি সদৃশ। দেশখনত এতিয়া ইছলামিক শক্তিয়ে যি বিচাৰিব সেয়াই হ’ব।

হিন্দু ধৰ্মীয় নেতা চিন্ময়কৃষ্ণ দাসৰ লগত যি হৈছে, তেওঁৰ অধিবক্তাৰ সৈতে যি হৈছে সেইবোৰে এতিয়া গণতান্ত্ৰিক চিন্তা, চেতনাৰে সমৃদ্ধ সকলোকেই চিন্তিত কৰি তুলিছে।  দেশখনৰ হিন্দু ধৰ্মীয় নেতা চিন্ময়কৃষ্ণ দাসক দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগত যোৱা ২৫ নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

২৬ নৱেম্বৰত চট্টগাম আদালতত হাজিৰ কৰাৰ সময়তে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। তেওঁৰ সমৰ্থক আৰু সুৰক্ষা কৰ্মীৰ মাজৰ সংঘাতত নিহত হৈছিল অধিবক্তা চাইফুল ইছলাম।

ইয়াৰ পিছতেই সমগ্ৰ দেশখনতে হিন্দু, হিন্দু ধৰ্মীয় সংগঠনৰ বিৰুদ্ধে ইছলামিক শক্তি ঐক্যবদ্ধভাৱে মুকলিকৈ ওলাই আহিছে। আনকি চিন্ময়কৃষ্ণ দাসৰ হৈ আদালতত যুক্তি দিবলৈ অহাৰ ক্ষেত্ৰতো অধিবক্তাক বাধা দিছে।

৬০ জনৰো অধিক অধিবক্তাৰ ওপৰত মিছা গোচৰ জাপি দিয়া হৈছে। 
বাংলাদেশত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ বাবে পশ্চিমবংগ, অসম আৰু ত্ৰিপুৰাত বাংলাদেশৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে।

আগৰতলাত তেনে এক প্ৰতিবাদৰ সময়তে বাংলাদেশৰ উচ্চায়ুক্তৰ কাৰ্যালয়ত আক্ৰমণৰ দৰে ঘটনাও সংঘটিত হয়।অভিযোগ অনুসৰি প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল বাংলাদেশী পতাকা।

ইয়াৰ পিছতে এতিয়া বাংলাদেশৰ খালেদা জিয়া নেতৃত্বাধীন বি এন পি নামৰ ৰাজনৈতিক দলটোৱে আগৰতলা দখলৰ হুংকাৰ দিছে। দলটোৰ তিনিটাকৈ ভাতৃ সংগঠন জাতীয়তাবাদী যুৱ দল, স্বেচ্ছাসেৱক দল আৰু ছাত্ৰদলে আগৰতলাৰ দিশে আৰম্ভ কৰিছে লংমাৰ্চ।

বাংলাদেশত এতিয়া যি পৰিস্থিতিৰ সূচনা হৈছে সেয়া হঠাৎ সৃষ্টি হোৱা পৰিস্থিতি নহয়। এক দীৰ্ঘম্যাদী পৰিকল্পনাৰ ফচল এয়া। শ্বেইখ হাছিনাৰ চৰকাৰ পতনো আছিল এই পৰিকল্পনাৰে এক অংশ।

দেশখনত যোৱা আগষ্ট মাহত যি পৰিস্থিতিৰ সূচনা হ’ল, ছাত্ৰ বিপ্লৱৰ নামত যি ৰক্তক্ষয়ী সংগ্ৰাম হ’ল তাৰ আঁৰত যে ইছলামিক শক্তি জড়িত আছিল সেয়াও স্পষ্ট হৈছে। শ্বেইখ হাছিনাৰ চৰকাৰৰ পতনৰ পাছতে দেশখনত হিন্দু ধৰ্মীয় লোকৰ ওপৰত আক্ৰমণ, মন্দিৰ আক্ৰমণ আদিৰ দৰে ঘটনাও বৃদ্ধি হৈছে।

এনে পৰিস্থিতিতে বাংলাদেশৰ হিন্দু ধৰ্মীয় সংগঠনসমূহে একত্ৰিতভাৱে হিন্দু জাগৰণ মঞ্চ নামেৰে এখন বেনাৰৰ তললৈ আহি দেশখনত হিন্দুসকলৰ সুৰক্ষা, ব্যক্তি, সম্পত্তিৰ স্বাধীনতা সুৰক্ষা বিচাৰি সভা, সমিতি আয়োজন কৰি প্ৰতিবাদ কৰি আহিছে। চিন্ময়কৃষ্ণ দাস এই হিন্দু জাগৰণ মঞ্চৰে এগৰাকী নেতা।

তেওঁৰ আহ্বানত হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে। সেয়ে তেওঁৰ বিৰুদ্ধে বি এন পিৰে এগৰাকী নেতাই ৰাষ্ট্ৰদ্ৰোহৰ এক গোচৰ ৰুজু কৰাৰ পিছত সেই গোচৰৰ আধাৰতে গ্ৰেপ্তাৰ কৰিছে।

১৯৭১ ত ইছলামিক শক্তিৰ হাতোৰাৰ পৰা মুক্ত হোৱা দেশখনত হাছিনা চৰকাৰৰ পতনৰ পাছতে পুনৰ এবাৰ ইছলামিক শক্তিৰ উত্থান হৈছে। ইছলামিক শক্তিৰ এই উত্থানকে এতিয়া আকৌ তেওঁলোকে স্বাধীনতা আখ্যা দিছে।

সন্ত্ৰাসবাদে এখন দেশক কিদৰে পিছুৱাই নিয়ে তাৰ উৎকৃষ্ট উদাহৰণ এই ইছলামিক শক্তিৰ পীঠস্থান পাকিস্তানেই যদিও সেই উদাহৰণ দেখিও দেখা পোৱা নাই ধৰ্মান্ধসকলে। দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী অৰ্থনীতিৰ নোবেল বিজয়ী মহম্মদ ইউনুছ এতিয়া হৈ পৰিছে ধৃতৰাষ্ট্ৰ।

ইছলামিক শক্তিৰ ইংগিত নাপালে তেওঁ চকুৰ এটা টিপো মাৰিব নোৱাৰা অৱস্থা। এইগৰাকী নেতাৰ বিৰুদ্ধেও আকৌ শেহতীয়াকৈ উত্থাপন হৈছে কেতবোৰ গুৰুতৰ অভিযোগ।

ভাষা আৰু সংস্কৃতিক কেন্দ্ৰ কৰিয়েই গঢ়লৈ উঠা বাংলাদেশৰ জাতীয় শ্লোগান ‘ ‘জয় বাংলা’’। অথচ এই ‘‘জয় বাংলা’’ক লৈয়ো আপত্তি ইউনুছ চৰকাৰৰ।

তেওঁৰ চৰকাৰৰ আবেদনৰ ভিত্তিতে ২০২০ চনৰ হাই কোৰ্টৰ এক নিৰ্দেশনাত স্থগিতাদেশ দিছে বাংলাদেশৰ চুপ্ৰিম কোৰ্টে। ২০২০ ৰ সেই নিৰ্দেশত কোৱা হৈছিল যে, জয় বাংলা বাংলাদেশৰ জাতীয় শ্লোগান।

২০২২ ৰ ২০ ফেব্ৰুৱাৰীত শ্বেইখ হাছিনা চৰকাৰেও জয় বাংলাকে বাংলাদেশৰ জাতীয় শ্লোগান হিচাপে স্বীকৃতি দিছিল। এতিয়া এই সিদ্ধান্তৰ বিৰুদ্ধে চুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে ইউনুছ চৰকাৰ।

চৰকাৰৰে আবেদনৰ ভিত্তিতে চুপ্ৰিম কোৰ্টেও পূৰ্বৰ সেই নিৰ্দেশত স্থগিতাদেশ জাৰি কৰিছে। তাৰোপৰি ১৫ আগষ্টত বাংলাদেশে পালন কৰি আহিছিল জাতীয় শোক দিৱস। ইয়াৰ বিৰুদ্ধে চুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে ইউনুছৰ চৰকাৰ।

১৯৭৫ ৰ এই দিনটোতে পৰিয়ালসহ বংগবন্ধু মুজিবৰ ৰহমানক হত্যা কৰা হৈছিল। সেই ঘটনাৰ স্মৃতিতে বাংলাদেশৰ প্ৰতি ১৫ আগষ্টত শোক দিৱস। ইয়াৰো বিৰোধিতা কৰিছে ইউনুছ চৰকাৰে।

বিশ্লেষকসকলৰ মতে বংগবন্ধুক হত্যাকৰা হত্যাকাৰীসকলৰে শিষ্য মহম্মদ ইউনুছ। সেয়ে তেওঁ কেৱল শত্ৰু হাছিনাকে নহয়, বংগবন্ধু মুজিবুৰ ৰহমানকো বাংলাদেশৰ ইতিহাসৰ পৰা মচি পেলাবলৈ চেষ্টা কৰিছে। 

দেশখনত থকা মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভঙা, পাঠ্যপুথিৰ পৰা মুজিবুৰ ৰহমানৰ তথ্য আঁতৰ কৰোৱা, মুদ্ৰাৰ পৰা আঁতৰাই পেলোৱাৰ দৰে সিদ্ধান্ত লোৱা হৈছে। সকলো সিদ্ধান্তৰে মূল লক্ষ্য হৈ পৰিছে মুজিবুৰ ৰহমান।

মুজিবুৰ ৰহমান আছিল জাতি, ধৰ্ম, বৰ্ণ সকলোৰে উৰ্ধত। ১৯৭১ চনৰ ৭ মাৰ্চ তাৰিখে মুজিবুৰ ৰহমানে গৰ্জন দিছিল – 'এইবাৰ সংগ্ৰাম, মুক্তিৰ সংগ্ৰাম'। তেওঁৰ এই গৰ্জন আছিল বংলা ভাষী জনতাৰ গৰ্জন।

এই বাংলা ভাষাৰ আৱেগেৰেই সৃষ্টি হৈছিল বাংলাদেশ। বাংলাদেশ গঠনৰো বহু পূৰ্বে ১৯৫২  ত এই অঞ্চলটোৰ জনতাৰ ওপৰত চলিছিল ভাষিক আগ্ৰাসন।

ভাৰত বিভাজন হৈ পাকিস্তান সৃষ্টি হোৱাৰ ঠিক ৫ বছৰ পিছতে পশ্চিম পাকিস্তানে পূৱ পাকিস্তানৰ ওপৰত জাপি দিছিল উৰ্দু ভাষা। এই সিদ্ধান্তৰ বিৰুদ্ধে ৰক্তক্ষয়ী সংগ্ৰাম হৈছিল।

সেই সংগ্ৰামৰ আধাৰতে পৰৱৰ্তী সময়ত ১৯৭১ ত ভাষিক আৱেগৰ বান্ধোনেৰে গঠন হৈছিল বাংলাদেশ। মহম্মদ ইউনুছৰ চৰকাৰে এতিয়া বঙালী ভাষী সেই আৱেগক আঘাত কৰিছে। 

১৯৭১ ৰ নায়ক বংগবন্ধু মুজিবুৰ ৰহমানৰ সকলো স্মৃতি ধ্বংস কৰিবলৈ গৈ ইউনুছৰ চৰকাৰে বাঙালী জাতিসত্বাতো আঘাত হানিবলৈ কুণ্ঠাবোধ কৰা নাই। চৰকাৰখনে জাতীয় শ্লোগান জয় বাংলাক আঁতৰাই ইছলামিক শক্তিক পাকিস্তানপন্থী এখন বাংলাদেশ গঢ়াৰ পথ মুকলাই দিয়াৰ চেষ্টাত ব্ৰতী হৈছে। 
বিশ্লেষকসকলৰ দাবী এই নতুন বাংলাদেশত বাংলাদেশৰ মুক্তি যুদ্ধৰ কোনো স্মৃতি নাথাকিব। থাকিব কেৱল যোৱা আগষ্ট মাহত ইছলামিক শক্তি উত্থানৰ কাহিনীহে।

হাছিনা চকাৰৰ সময়ত এই শক্তিক দেশখনত ৰোধ কৰা হৈছিল যদিও এতিয়া  ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাতে পুনৰ গা কৰি উঠিছে। যিদৰে এসময়ত খালেদা জিয়াৰ আমোলতে দেশখন সন্ত্ৰাসবাদীৰ ৰম্যভূমিলৈ পৰিণত হৈছিল।

বাংলাদেশকে সুৰক্ষিত স্থান হিচাপে বাচি লৈ উত্তৰ পূৰ্বাঞ্চলৰো নিষিদ্ধ ঘোষিত সংগঠনসমূহে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন কূটাঘাতমূলক কাম-কাজত লিপ্ত হৈছিল। শ্বেইখ হাছিনাৰ আমোলত এইবোৰ কাৰ্য প্ৰায় বন্ধ হৈছিল।

হাছিনাৰ সময়তে ভাৰতৰ উত্তৰ পূব প্ৰান্তলৈ শান্তি ঘূৰিছিল যদিও বাংলাদেশত ইছলামিক শক্তিৰ পুনৰুত্থানে আকৌ যে এই অঞ্চলটোৰ শান্তিত ব্যাঘাত জন্মাবলৈ চেষ্টা  নকৰিব তাত কোনো নিশ্চয়তা নাই। 
ইতিমধ্যে তাৰ ৰূপৰেখা অংকন হৈছেই।

সেই খালেদা জিয়াৰ নেতৃত্বে বি এন পিয়ে ভাৰত বিৰোধী শক্তিক সাৰ-পানী যোগান ধৰাৰ লগতে ত্ৰিপুৰাৰ দিশে লংমাৰ্চ আৰম্ভ কৰিছে। এনে পৰিস্থিতিত বাংলাদেশ সন্দৰ্ভত ভাৰতৰ স্থিতি কি হয় সেয়া অতি লক্ষ্যণীয় হৈ পৰিছে।  

মহম্মদ ইউনুছ শ্বেইখ হাছিনা বাংলাদেশ