পলিটিকেল ফিক্সিং...

special writing
special writing

মৃদুল কুমাৰ সন্দিকৈ

ক্ৰিকেটৰ ইতিহাসত এনে কাণ্ড বহুবাৰ ঘটিছে। ভদ্ৰ লোকৰ খেলত অভদ্ৰামি ! হঠাৎ দুই পক্ষৰ খেলুৱৈৰ মাজত কথাৰ কটা-কটি। চকুৰ ইচাৰাতেই, দেহৰ অংগী-ভংগীয়েও প্ৰতিপক্ষ খেলুৱৈৰ প্ৰতি অভদ্ৰ আচৰণ কৰা এই মানসিকতা আজিও অন্ত পৰা নাই।

ক্ৰিকেটৰ ভাষাত এয়া শ্লেজিং। প্ৰথম অষ্ট্ৰেলিয়াৰ কাকতত খেলপথাৰৰ এই কথাবোৰ আলোকপাত কৰা হৈছিল। ১৯৭০ চন মানৰ পৰা ক্ৰিকেটত শ্লেজিং তীব্ৰতৰ হৈছিল। তেনে বহু ঘটনাৰ সাক্ষী ক্ৰিকেট প্ৰেমী দৰ্শক হৈছে।

ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য খেলুৱৈ জনৰ মনোযোগ, খেলৰ সলনি এইবোৰ কথালৈ লৈ যোৱা। খঙত খেলুৱৈজনে কিবা এটা ভুল কৰি পেলোৱাটো ইয়াৰ মূল উদ্দেশ্য। সাধাৰণতে বলাৰ আৰু ক্ৰীজত থকা বেটছমেনৰ মাজত এই সংঘাত বা কথাৰ কটা-কটি হয়।

অষ্ট্ৰেলিয়াৰ খেলুৱৈ সকলৰ শ্লেজিঙত নাম বা বদনাম আছে। ক্ৰিকেটৰ কথা সুকীয়া। কিন্তু ৰাজনীতিতো এতিয়া শ্লেজিঙৰ প্ৰভাৱ মন কৰিবলগা। পৰিকল্পিতভাৱেই বহু গালি-গালাজ শাসক বিৰোধীয়ে পাৰে। তাৰ ফল কি হয় বা কি হ'ব পাৰে তাৰো এক আগতীয়া অংক থাকে।

মুখৰ জোৰতেই বহু নেতা চলি যায়। কৰবাত নক'ব লগা কথা ক'ব লগা হোৱাৰ বাবেই তেওঁলোকে কয়। আমি মাত্ৰ সেই কথাবোৰত লাগি থাকো। ভাৰতীয় সংস্কাৰে এনেবোৰ প্ৰেক্ষাপটৰ সমৰ্থন নকৰে।

তথাপিও নেতাৰ এই মুখ চুপতিবোৰ, অশ্লীল কথাবোৰ পাগুলিয়াই পাগুলিয়াই আমাৰ দৰে সাধাৰণ মানুহবোৰে ডাঙৰ ইছ্যু কৰে। তেনে বহুবল্কী নেতাক আখৈ দিও। নিৰ্বাচন আহিলে বা নিৰ্বাচন চলি থাকিলে কোনে ক'ত কি অংকত কি কয় বুজি পোৱাটোৱেই কঠিন।

সাধাৰণ অশিক্ষিত মানুহে এনে কথা নকয়। শিক্ষিত আৰু সাংসদৰ দৰে দায়িত্বশীল জনপ্ৰতিনিধি সকলে এই ধৰণৰ সমাজত বিভেদৰ বীজ সিঁচিব পৰা মন্তব্য কৰিলে তাক শাসকীয় পক্ষই কি কৰিব লাগে ভালদৰে জানে।

ৰুচীহীন এই মানুহবোৰক পাগলে নকয় কি, ছাগলে নাখায় কি বুলি এৰি দিব নোৱাৰি। বাৰে বাৰে তেওঁলোকে এই কাম কৰি আহিছে। এচাম লোকৰ চৰ্দাৰ ৰূপত ৰাজনীতিৰ ক্ষেত্ৰখনত শাসকীয় পক্ষৰ বিৰুদ্ধে গালি-গালাজ পাৰিলেও এই সকলে কিন্তু বন্ধ কোঠাত ক্ষমতাশালী লোকৰ সৈতে মহৰম-দহৰম ঠিকেই কৰে।

ব্যৱসায়িক স্বাৰ্থত তেওঁলোকে ৰাজনীতিক ব্যৱহাৰ কৰে আৰু ৰাজনীতিৰ বাবে সাধাৰণ লোকৰ আৱেগক, অধিকাৰক তুলি ধৰাৰ মিছা অভিনয় কৰি আহিছে। এনে হ'বও পাৰে বিপক্ষই লিখি দিয়া চিত্ৰ-নাট্যত তেওঁলোকে অভিনয় কৰি বচন মাতে।

বিশ্বাসঘাতক ৰূপত তেওঁলোক বহুবাৰ প্ৰতিষ্ঠিত হৈছে। দিনত এটা, ৰাতি এটা তেওঁলোকৰ কেইবাটাও কথা। ইমান সাহস তেওঁলোকক কোনে দিছে। কি সাহসত এই সকলে হিন্দু ধৰ্মৰ পুৰুষ-নাৰীক অপমান কৰিছে।

মুখ্যমন্ত্ৰীক লাভ জেহাদ কৰিবলৈ উপদেশ দি মুছলমান ছোৱালী পলুৱাই নিবলৈ কোৱা সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা কেতিয়া ল'ব চৰকাৰে। নে ধনী এই নেতা সকলক ঢুকি নাপাই বা জোকাই লোৱাৰ সাহস নাই।

গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ চলি আছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অন্ত পৰাৰ পিছতেই লক্ষ্য়ণীয়ভাৱে এই ভাষ্য বদৰুদ্দিন আজমলৰ। আছে নেকি তাৰ সৈতে কিবা সম্পৰ্ক।

মেৰুকৰণৰ ৰাজনীতিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুঘটক ৰূপত আজমল নেকি এইবাৰ। যি কাৰণতেই নহওক, এনে ভাষা আৰু কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এনে নেতাক ধিক্কাৰ। সভ্য সমাজৰ বাবে তেওঁলোক উপযুক্তই নহয়।

ৰাজহুৱাকৈ এই অশালীন মন্তব্যৰে এই সকলে নিজৰ পৰিচয়, চিন্তাৰ শক্তিৰ প্ৰমাণ দিলে তেওঁলোক কিমান তললৈ যাব পাৰে তাৰ নমুনা এইয়া। হিন্দু, মুছলমানৰ মাজত বিভেদ নানিলে তেওঁলোকৰ ৰাজনীতিৰ দোকান নচলে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in