/asomiyapratidin/media/media_files/2025/03/25/8okYlDS8aNVvRlhHA0mj.jpg)
তুষাৰ প্ৰতিম
আজি অন্ত পৰিল অসম বিধানসভাৰ বাজেট অধিবেশন। ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এইবাৰৰ বাজেট অধিবেশনৰ প্ৰথম দিনটোৰ কাৰ্যসূচী দিছপুৰৰ পৰা বাহিৰলৈ আহি কোকৰাঝাৰৰ বিটিচি পৰিষদীয় ভৱনত অনুষ্ঠিত কৰা হৈছিল।
এইদৰেই বাজেট অধিবেশনৰ প্ৰথমটো দিনতে এক যোগাত্মক বাৰ্তা দিছিল যদিও অধিবেশন অন্ত পৰালৈকে বিধানসভাৰ মজিয়াত যিবোৰ ঘটনা ঘটিল সেই ঘটনাৰাজিয়ে কাললৈ অসম বিধানসভাৰ গৰিমাক ম্লান পেলোৱাই নহয়, ৰাইজক প্ৰতিনিধিত্ব কৰি বিধানসভালৈ অহা প্ৰতিনিধিসকলৰ আচৰণ, ব্যৱহাৰ আৰু দায়বদ্ধতাক লৈ নানান প্ৰশ্নৰো সৃষ্টি কৰিছে।
১৯৩৭ চনৰ পৰা ৮৮ বছৰীয়া ইতিহাসেৰে সমৃদ্ধ অসম বিধানসভাৰ আছে বৰ্ণিল ঐতিহ্য। এই ঐতিহ্যক মহীয়ান কৰিছিল বিষ্ণুৰাম মেধি, শৰৎ চন্দ্ৰ সিংহ, বিষ্ণুপ্ৰসাদ ৰাভা, গৌৰীশংকৰ ভট্টাচাৰ্য, লক্ষ্যধৰ চৌধুৰী, বিমলা প্ৰসাদ চলিহা, ভূপেন হাজৰিকা, গোলাপ বৰবৰা, হেমেন দাস আদিৰ দৰে জন প্ৰতিনিধিয়ে।
সেই গৰিমাময় অসম বিধানসভাক আজিৰ জনপ্ৰতিনিধিসকলে কি পৰ্যায়লৈ লৈ গ’ল সেয়া অসমৰ ৰাইজে দেখিলে, শুনিলে। কি শাসক, কি বিৰোধী সকলোৱোই হাত উজান দিলে বিধানসভাৰ গৰিমাক ম্লান কৰাত।
ৰাইজৰ সমস্যা সমাধান, ৰাজ্যৰ উন্নয়ন আদিৰ বিষয়ত আলোচনাৰ পৰিবৰ্তে অধিক সময়েই কেৱল চলিল ব্যক্তিগত আক্ৰমণ, প্ৰত্যাক্ৰমণ। কোনেৱে যদি কাৰোবাক ব্যক্তিগত আক্ৰমণেৰে চৰিত্ৰ হনন কৰিলে, আন কোনোৱে আকৌ নিজৰ আসনৰ পৰা উঠি গৈ প্ৰহাৰ কৰিবলৈ উদ্যত হ’ল।
মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তেওঁৰ ভাষণ দিয়াৰ সময়ত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মাত দিয়াৰ বাবেই বিধানসভাৰ সম্পত্তি মাইক ভাঙি পেলোৱাৰ ভাবুকি দিয়াতেই শান্ত নাথাকি তেওঁৰ গালৈ চোচা ল’লে। এই কাৰ্যত বাধা দিয়াৰ বাবেই বিধায়ক শ্বেৰমান আলী আহমেদকো প্ৰহাৰ কৰিবলৈ উদ্যত হ’ল।
বিৰোধী দলপতি দেবব্ৰত শইকীয়াকো হেনো কুৰ্মীয়ে সেই সময়তে বান্দৰো আখ্যা দিলে ! এনে অভব্য আচৰণ কৰাৰ পাছতো কিন্তু ৰূপজ্যোতি কুৰ্মীক কোনো ধৰণৰ শাস্তি নিবিহিলে অধ্যক্ষৰ আসনত বহি থকা উপাধ্যক্ষ ডাঃ নুমল মমিনে।
সেইগৰাকী নুমল মমিনকেই আকৌ কংগ্ৰেছে কৰি থকা প্ৰতিবাদৰ মাজতেই বিধানসভাত প্ৰৱেশৰ সময়ত কংগ্ৰেছী বিধায়ক নুৰুল হুদাই শাৰীৰিকভাৱে আক্ৰমণ কৰি আঘাত কৰাৰো অভিযোগ উঠিছে। এই বিষয়টো বিধানসভাৰ পৰা গৈ আৰক্ষীৰ কাষ চাপিছে।
৪ বাৰৰ বিধায়ক, অসম বিধানসভাৰ অন্যতম জ্যেষ্ঠ সদস্য ৰূপজ্যোতি কুৰ্মীৰ এনে আচৰণক তেওঁ প্ৰতিনিধিত্ব কৰা জনগোষ্ঠীটোৰ সৈতে সাঙুৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা কলে সেয়া কোনো কাৰণতেই যে গ্ৰহণযোগ্যতো নহয়েই বৰঞ্চ সেই জনগোষ্ঠীটোৰ বাবেহে অসন্মানজনক।
অৱশ্যে মুখ্যমন্ত্ৰী কুৰ্মীৰ বিৰুদ্ধে কঠোৰ নহলেও কুৰ্মীয়ে প্ৰতিনিধিত্ব কৰা দলটোৰ সভাপতি দীলিপ শইকীয়াই তেওঁক ক্ষমা খুজিবলৈ পত্ৰ লিখি দলটোৰ ভাৱমূৰ্তি ম্লান কৰিবলৈ সময়পযোগী সিদ্ধান্ত ল’লে। তাৎপৰ্যপূৰ্ণভাৱে কিন্তু বিধানসভাৰ হেৰুৱা মৰ্যাদাৰ পুনৰুদ্ধাৰৰ বাবে অধ্যক্ষই কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে।
এয়া মাত্ৰ দুটা উদাহৰণ হে। এইদৰেই অসম বিধানসভাত এইবাৰ বাজেট অধিবেশনত জনপ্ৰতিনিধিসকলে কৰা আচৰণে বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। বিধানসভাক যুক্তি তৰ্কৰে নীতি নিৰ্ধাৰণৰ মন্দিৰ আখ্যা দিয়া হয়। সেয়ে প্ৰশ্ন হয়, এনে মন্দিৰত জনপ্ৰতিনিধিৰ এই আচৰণ কিমান গ্ৰহণযোগ্য?
অসম বিধানসভাৰ কামকাজ পৰিচালনা কৰাৰ বাবে ১৯৫৭ চনতে প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী প্ৰণয়ন কৰা হৈছিল। লোকসভাৰ নিয়মাৱলীৰ আধাৰতে প্ৰণয়ন কৰা এই নিয়মাৱলী ১১ বাৰকৈ সংস্কৰণ কৰা হৈছে। এই নিয়মাৱলী গ্রন্থত সর্বমুঠ ২৭ টা অধ্যায়ত ৩১৬টা নিয়মাৱলী আছে।
২৬ আৰু ২৭ নং নিয়মাৱলীৰ মতে বিধানসভা চলি থকাৰ সময়ত কাৰ্যৱলীৰ সৈতে সম্পৰ্ক নথকা কোনো কিতাপ, কাগজ আদি পঢ়িব নালাগে। বিধায়কে ভাষণ দিয়াৰ সময়ত আন বিধায়কে বাধা অশিষ্ট আচৰণ, অভব্য আচৰণেৰে বাধা দিব নালাগে। নিয়মাৱলী ২৭৯ মতে আকৌ বিধানসভাৰ কোনো সদস্যৰ বিৰুদ্ধে ব্যক্তিগত অভিযোগ, ৰাষ্ট্রদ্রোহ, ৰাজদ্রোহমূলক, মানহানিজনক শব্দ উচ্চাৰণ কৰিব নালাগে।
তাৰোপৰি এই নিয়মাৱলীৰ মতেই বিধানসভাত প্লে’কাৰ্ড প্ৰদৰ্শন কৰিব নোৱাৰি। কিন্তু এই নিয়ম অসম বিধানসভাৰ সদস্যসকলে পালন কৰিছেনে? এগৰাকী জনপ্ৰতিনিধিয়ে ভাষণ দি থকাৰ সময়ত থিয় হৈ নানান ধৰণে ব্যতিব্যস্ত কৰি তোলাৰ প্ৰৱণতা কোনে আৰম্ভ কৰিছিল ৰাইজে স্মৃতিত অলপ জোৰ দিলেই মনত পৰিব।
ৰাজ্যত প্ৰথমবাৰৰ বাবে বিজেপি ক্ষমতালৈ অহাৰ সময়ত প্ৰয়াত তৰুণ গগৈয়ে বিৰোধীৰ আসনৰ পৰা ভাষণ দিয়াৰ সময়ত কোনে থিয় হৈ তেওঁক বাধা দিছিল? তেতিয়াৰ মন্ত্ৰী পল্লৱ লোচন দাসক ‘তুমি’ সম্বোধন কৰাৰ বাবেই তেতিয়াৰ দুই নম্বৰৰ মন্ত্ৰী আৰু এতিয়াৰ মুখ্যমন্ত্ৰীজনেই জানো প্ৰয়াত গগৈলৈ আঙুলি টোৱাই প্ৰশ্ন উত্থাপন কৰা নাছিল?
বিধানসভাৰ নিয়মাৱলী মতেই অধ্যক্ষৰ নির্বাচন, সদনৰ বৈঠক, ৰাজ্যপালৰ ভাষণ, প্রশ্নোত্তৰ কাল, শূন্যকাল, মন্ত্রীৰ বিবৃতি, বিধেয়ক উত্থাপন, সংকল্প প্রস্তাব, দাবীসমূহৰ মঞ্জুৰী, বিনিয়োজন বিধেয়ক, বিত্ত বিধেয়ক, বাজেট উত্থাপন, কার্য উপদেষ্টা সমিতি, ভোটদান, সাধাৰণ আলোচনা, বিধানসভাৰ সমিতি আদি কাম-কাজ অধ্যক্ষই পৰিচালনা কৰে।
সেয়ে কোনোৱে নিয়ম ভংগ কৰিলে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো ক্ষমতা আৰু দায়িত্ব অধ্যক্ষৰতে থাকে। তাৰোপৰি অধ্যক্ষগৰাকী বিধানসভালৈ কোনো এটা নিৰ্দিষ্ট দলৰ প্ৰতিনিধি হৈ আহিলেও অধ্যক্ষৰ আসনত বহাৰ লগে লগে তেওঁ হৈ পৰিব লাগে নিৰপেক্ষ। তেওঁৰ দৃষ্টিত সকলো সদস্যই হ’ব লাগে সমান।
কিন্তু এতিয়াৰ অধ্যক্ষৰ বিৰুদ্ধেই বিৰোধীয়ে বাৰে বাৰে পক্ষপাতৰ অভিযোগ উত্থাপন কৰি আহিছে। অধ্যক্ষৰ বিৰুদ্ধে এনে পক্ষপাতৰ অভিযোগ এইবাৰেই নতুন নহয়। ইয়াৰ পূৰ্বেও এনে বহু অভিযোগ উত্থাপন হৈছিল।
অথচ এই একেখন আসনতে এসময়ত বহিছিল পুলকেশ বৰুৱা, মহেন্দ্ৰ মোহন চৌধুৰী, হৰেশ্বৰ গোস্বামী, মহীকান্ত দাস, শ্বেখ চান্দ মহম্মদ, প্ৰণৱ গগৈৰ দেৰা জনপ্ৰতিনিধি। ১৯৮৮ চনৰ অসম গণ পৰিষদৰ শাসনৰ সময়ত অধ্যক্ষৰ আসনত বহা পুলকেশ বৰুৱাই সদনৰ মৰ্যাদা ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগত আপোচ নকৰাকৈ যি নিদৰ্শন দাঙি থৈ গ’ল সেয়া অসম বিধানসভাৰ ইতিহাসতে হয়তো বিৰল।
ষ্টেট ফেডৰ দাইল আৰু মিঠাতেল কেলংকাৰীৰ সন্দৰ্ভত উত্থাপন হোৱা প্ৰশ্ন বিভাগীয় মন্ত্ৰীক আগতীয়াকৈ নজনোৱাকৈ আলোচনাৰ অনুমতি দিছিল পুলকেশ বৰুৱাই। তাতেই খৰ্গহস্ত হৈছিল তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।
ইয়াৰ বিৰুদ্ধে তেওঁ অধ্যক্ষৰ উপৰিও আন প্ৰতিনিধিসকললৈ লিখিছিল পত্ৰ। ইয়াকে লৈ বিধানসভাত বিষয়টো পুনৰ উত্থাপন হোৱাত অধ্যক্ষ পুলকেশ বৰুৱাই অকপটে স্বীকাৰ কৰি কৈছিল- বিধানসভাৰ নীতি-নিয়মৰ মাজেৰেই মই বিৰোধীক বিষয়টো উত্থাপনৰ অনুমতি দিছিলো। মুখ্যমন্ত্ৰীয়ে মোক সদনৰ কাৰ্য পৰিচালনা সম্পৰ্কত নিৰ্দেশ জাৰি কৰিবলৈ গৈ একমাত্ৰ মোকেই নহয়, বিৰোধী পক্ষকো অপমান কৰিছে।
কেৱল সীমানতেই শান্ত নাথাকি তেওঁ এই কথাও কৈছিল মই যেতিয়ালৈকে অধ্যক্ষ হৈ থাকিম তেতিয়ালৈকে সদনৰ মজিয়াত দল নিৰপেক্ষভাবে কাম-কাজ চলাবলৈ চেষ্টা কৰিম। ইয়াত বাধা দিয়াৰ শক্তি কাৰো নাই। যদি কাৰোবাৰ আপত্তি আছে তেন্তে সাংবিধানিক নীতি অনুসৰি অধ্যক্ষক আতঁৰাই দিয়াৰ ব্যৱস্থা কৰক, মোৰ কবলগীয়া নাই।
পুলকেশ বৰুৱাৰ এনে স্থিতিৰ পাছত সেইদিনা সদনত বিৰোধীয়েই নহয় শাসক পক্ষৰো বিধায়ক, মন্ত্ৰী অধ্যক্ষৰ সমৰ্থনত থিয় হৈছিল। এয়া আছিল অসম বিধানসভাৰ অধ্যক্ষৰ আসনৰ গৰিমা।
পিছে এতিয়া কোনোবা বিধায়কে নিজৰ আসনৰ পৰা উঠিগৈ আন বিধায়কক প্ৰহাৰ কৰিবলৈ চেষ্টা কৰিলেও, জনপ্ৰতিনিধিক মানসিক অসুস্থ বুলি ক’লেও, অসাংবিধানিক শব্দ প্ৰয়োগ কৰিলেও, ব্যক্তিগত আক্ৰমণ, সদনত উপস্থিত নথকা, সদনৰ বাহিৰৰ ব্যক্তিৰ সততাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি ভাষণ দিলেও সকলো মৌন হৈ থাকে। অধ্যক্ষই বাধা নিদিয়ে।
অসম বিধানসভাত যোৱা কেইবছৰ মানত আটাইবোৰ অধিবেশনতে বিৰোধী কংগ্ৰেছৰ বিধায়কে, অখিল গগৈয়ে বক্তব্য ৰাখিলে শাসক দলৰ বিধায়কে নানান ধৰণে বাধা দিয়াটো এক নিত্য নৈমিত্তিক ঘটনা আছিল। শাসক দলৰ সেই আচৰণেকেই অনুসৰণ কৰিলে বিৰোধীয়েও। এতিয়া শাসকীয় মন্ত্ৰী, বিধায়কৰ ভাষণ শান্তিৰে শুনিবলৈ ধৈৰ্য নাই বিৰোধীৰ।
এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যৰ সমস্যাৰাজিৰ সন্দৰ্ভত বিধানসভাৰ মজিয়াত যিদৰে আলোচনা হ’ব লাগিছিল সেইদৰে আলোচনা হোৱাৰ সুযোগেই নাই। বিৰোধীয়ে সাংবাদিকৰ কেমেৰাৰ সন্মুখত বিভিন্ন কথা ক’লেও বিধানসভাৰ মজিয়াত কিন্তু জোৰেৰে সেই বিষয়বোৰ উত্থাপন কৰিব পৰা নাই।
সদনত নিস্প্ৰভ হৈ থকা বিৰোধীৰ আগত মুখ্যমন্ত্ৰীয়ে ঘণ্টা জুৰি দিয়া ভাষণত সমস্যাৰ পৰিবৰ্তে থাকে কেৱল নীতি শিক্ষাৰহে বাণী। অথচ সেই নীতি শিক্ষা শাসক পক্ষই, আনকি তেওঁ নিজেও কিমান পালন কৰিছে সেই বিষয়ে এবাৰ নিজেই নিজক প্ৰশ্ন কৰি উত্তৰৰ সন্ধান কৰক।
আজিৰ তাৰিখত মুখ্যমন্ত্ৰীৰ দৰমহা ২ লাখ ৪০ হাজাৰ টকা। মন্ত্ৰীৰ দৰমহা ২ লাখ ১০ হাজাৰ টকা। অধ্যক্ষৰ ২ লাখ ৫৫ হাজাৰ, উপাধ্যক্ষৰ, বিৰোধী দলপতিৰ ২ লাখ ২৫ হাজাৰ আৰু বিধায়কৰ দৰমহা ২ লাখ ৫ হাজাৰ টকা।
অসম বিধানসভাৰ অধিবেশনৰ নামত তেওঁলোকে প্ৰতিদিনে অতিৰিক্তভাৱে প্ৰায় ২৭৮০ টকা লাভ কৰে। তেওঁলোকে লাভ কৰা অন্যান্য সা-সুবিধাৰ কথা বাৰু বাদেই দিলো। এই ধন ৰাজকোষৰ পৰা ব্যয় কৰা হয়। ৰাজকোষলৈ এই ধন আহে ৰাজ্যবাসীৰ পৰা সংগ্ৰহ কৰা কৰ-কাতলৰ পৰা।
ঋণত ভাড়াক্ৰান্ত ৰাজ্যৰ ৰাজকোষৰ ধন এইদৰে অপব্যয় কৰাৰ অধিকাৰ নিশ্চয়কৈ তেওঁলোকৰ নাই। অসম বিধানসভাত ১২৬ টা সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা প্ৰতিগৰাকী বিধায়কেই নিজক এবাৰ সুধি চাওঁক।
তেওঁলোকে গৰিমামণ্ডিত অসম বিধানসভাৰ গৰিমাক ধৰি ৰাখিব পাৰিছেনে? এই প্ৰশ্নৰ সঠিক উত্তৰ যিয়েই পাব তেওঁৰ আচৰণ নিশ্চয়কৈ সলনি হ’ব। কিন্তু তেনে আশা তেওঁলোকৰ পৰা নকৰাটোৱেই আমাৰ ভাল হ’ব।