
- মৃদুল কুমাৰ সন্দিকৈ
সেইদিনা আছিল ২০১৪ৰ ১৫ জুন । আৰ পি ক'ক ফেক্টৰীৰ পৰা ওলাই আহিছিল গোপাল । নিশা তেতিয়া দহ বাজি গৈছে । যোৰাবাটৰ অভাৰব্ৰীজখনৰ ফালে খোজ কাঢ়ি গৈ আছিল তেওঁ । হঠাৎ এখন মাৰুতি কাৰে আহি প্ৰচণ্ড জোৰেৰে গোপালক মহতিয়াই নিলে । তাৰ পাছত কি হ'ল গোপালে আৰু একো গম নাপালে ।
সেইদিনা এটা ভয়ানক দুৰ্ঘটনা সংঘটিত হৈ গৈছিল এনেকৈয়ে । আৰক্ষীৰ সহযোগত গোপালক ভৰ্তি কৰা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত । গুৱাহাটীলৈ গোপালে জীৱন সংগ্ৰামৰ বাবে ওলাই আহিছিল । সেই ফেক্টৰীটোত ইলেক্ট্ৰিচিয়ানৰ কাম কৰিছিল গোপালে । এতিয়া ৩৩ বছৰীয়া গোপালৰ তেতিয়া বয়স আছিল মাত্ৰ ২৫ বছৰ ।
শেষ হৈ গৈছিল সকলো । গোপালক চিনি পোৱা সকলে এনেকৈয়ে ভাবিছিল । দৰিদ্ৰতাই পীড়া কৰা এটা দুখীয়া পৰিয়ালৰ সন্তান আছিল গোপাল । সেই ধনেৰে তেওঁ পৰিয়ালটোক পোহপাল দিছিল । মূহুৰ্তৰ ভিতৰতে পৰিয়ালটোৰ ওপৰত ভাগি পৰিছিল আকাশ । কি কৰিব, কি নকৰিব তাক লৈ চিন্তিত হৈছিল গোপালৰ পৰিয়াল ।
যুৱকজনৰ সম্পূৰ্ণ নাম গোপাল নাগ । হেলেম মৌজাৰ টকৌবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত চন্দামাৰী বঙালীপাৰাত গোপালৰ ঘৰ । পিতৃৰ নাম ৰত্নেশ্বৰ নাগ আৰু মাতৃৰ নাম জ্যোৎস্না নাগ । দুৰ্ঘটনা হোৱাৰ ৯ বছৰৰ পাছত গোপালে কৈ গৈছিল জীৱনৰ সেই ধুমুহাৰ কথা । পুৱাই গোপাললৈ ফোন কৰিছিলো । এবাৰ দুবাৰ নহয় কেইবাবাৰো । ভাবিছিলো হয়তো গোপাল বিচনাৰ পৰা উঠাই নাই ।
প্ৰায় পুৱা ৯ বজাত গোপালে কল বেক কৰিলে । কোনে কিয় কৰিছিলো জানিব বিচাৰিলে । গোপালৰ জীৱন সংগ্ৰামৰ কথা ছয়দুৱাৰৰ স্থানীয় সংবাদদাতা ভাস্কৰ জ্যোতি ভূঞাই প্ৰেৰণ কৰা এটা বাতৰিৰ জৰিয়তে জানিব পাৰিছিলো । তাৰ পাছতেই গোপালৰ বিষয়ে জানিবলৈ তেওঁৰ পৰাই নম্বৰ লৈ গোপালৰ সৈতে যোগাযোগ কৰা হৈছিল ।
গোপালে কৈ গৈছিল সেই দুৰ্বিসহ দিনটোৰ কথা । চকুৰ সন্মুখত ভাঁহি উঠিছিল দুস্বপ্ন যেন লগা সেই দৃশ্যপটবোৰ । গোপালৰ ভাষাত - "মই গুৱাহাটীলৈ যাবলৈ গাড়ীত উঠিবলৈ খোজ কাঢ়ি কাঢ়ি ৰাস্তাৰ কাষেৰে গৈ আছিলো । নগাঁও ফলাৰ পৰা অহা গাড়ীত উঠি গুৱাহাটীলৈ যাম বুলি ওলাই গৈছিলো । তেতিয়াই দুৰ্ঘটনাটো ঘটিছিল । পুলিচে মোক জি এম চি এইচত ভৰ্তি কৰি দিলে । মোৰ দুয়োখন ভৰি প্ৰায় চেপেটা হৈ পৰিছিল । চিকিৎসা চলিল । এবছৰ আঠমাহ দহদিন মই জি এম চি এইচত আছিলো । ২০১৬ৰ ২৪ ফেব্ৰুৱাৰীত মোক ৰিলিজ দিলে । এই সময়ছোৱাত মোৰ ৫ বাৰকৈ ছাৰ্জাৰী কৰিব লগীয়া হৈছিল । ভৰি দুখন নকটাকৈ চিকিৎসা কৰিব নোৱাৰিলে ডাক্তৰে । ইনফেকশ্ব্যন হয় প্ৰতিবাৰে । সেয়েহে ককালৰ তলতেই মোৰ দুয়োখন ভৰি কাটি দিলে ।"
অনুমান কৰকচোন সেই জীৱনৰ কথা । গোপাল নাগৰ ঠাইত নিজক ৰখাই কল্পনা কৰকচোন কেনে লাগিব পাৰে এজন মানুহৰ এনে অৱস্থাত । হয়তো বহুতৰ বাবে জীৱনটো এটা ডাঙৰ বোজালৈ সলনি হ'লহেতেন । চিকিৎসালয়ৰ পৰা গৈ গোপাল নাগ তেতিয়া ঘৰত । চিন্তিত হৈছিল তেওঁ । কি কৰিব, কি নকৰিব । হাতত অফুৰন্ত সময় । কৰিবলৈ কাম নাই । সেই সময়ত গোপালক জীৱনটোক নতুনকৈ আৰম্ভ কৰাৰ এটা পথৰ সন্ধান দিছিল মাকে । গোপালক কৈছিল কটা ভৰি দুখনত বস্তা এটা পিন্ধি তই এনেই থকাতকৈ বাৰীৰ মাটিখিনিতে দুই-এজোপা পাচলি খেতিকে কৰ ।
গোপালেও মন বান্ধিছিল । সাহস কৰিছিল । আৰু তেনেকৈয়ে ককালৰ তলৰ কাটি পেলোৱা অংশটো এখন বস্তাৰে মোহাৰি বাৰীৰ ২০ × ২৫ ফুট এটুকুৰা মাটিত ভাতকেৰেলা, লেচেৰা আদি পুলি দুটামান লগালে । কষ্ট কৰি হ'লেও যতন ল'লে । ৫-৬ বিধ পাচলিৰ ৪-৫ জোপা গছত যেতিয়া পাচলি লাগিল গোপালৰ মন আনন্দৰে নধৰা হ'ল । তেওঁ ধৰি ল'লে কিবা এটা কৰিব পাৰিব ।
তাৰ পাছত কোৰ মৰাৰ চেষ্টা কৰিলে মাটিত । সেই অৱস্থাৰেই কোৰ মাৰি পিছৰবাৰ বহুখিনি মাটিত আলু খেতি কৰিলে । ঘৰৰ জৈৱিক সাৰ দি গোপালে কৰা সেই আলু খেতিৰো ভাল উৎপাদন হ'ল । মানুহে সুধিলে "তই ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছ নেকি ? ইমান ডাঙৰ ডাঙৰ হৈছে আলুবোৰ ।" গোপালে তেনে কৰা নাই বুলি ক'লে । ঘৰৰ গোবৰ-জাবৰেৰে কৰা জৈৱিক খেতি আছিল সেইয়া ।
গোপালে আহিয়েই ফোনটো কৰি কৈছিল - "আপোনাৰ ফোনটো মই ধৰিব নোৱাৰিলো । মই পথাৰত আছিলো । এইবাৰ ৬-৭ বিঘামান মাটিত ধান খেতি কৰিবলৈ লৈছো । দুই-এদিনতে কঠিয়া পাৰিম । তাৰ কামতেই ব্যস্ত আছো এই কেইদিন । পুৱা ৫ বজাতেই ওলাই গ'লো । "
গোপালক সুধিছিলো কি প্ৰজাতিৰ ধান ৰুব সেই মাটিত । গোপালে জনালে বাহাদুৰ প্ৰজাতিৰ ধান লগাম বুলি ভাবিছে । আহাৰৰ প্ৰথম সপ্তাহত কঠিয়া ৰুবলৈ সাজু হ'ব লাগিব । ৬ বিঘা মাটিত খেতি কৰিবলৈ প্ৰতি বিঘাত হাজাৰ টকাকৈ খৰচ হ'ব বুলি ধৰি থৈছে । ধান ভাল হ'লে ১৫-১৬ মোনকৈ ধান পোৱা যাব প্ৰতি বিঘাত ।
গোপাল এতিয়া এজন পাকৈত খেতিয়ক । কেৱল জৈৱিক পদ্ধতিৰে তেওঁ খেতি কৰে । বৰ্তমান বাৰীত বেঙেনা, ৰঙালাউ, জাতিলাউ, লেচেৰা আদিৰ খেতি আছে । কোনোদিনেই ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰ নকৰে তেওঁ । কীটনাশক হিচাপে নিমতেল হে ব্যৱহাৰ কৰে । দুবিঘা মাটিত শাক-পাছলিৰ খেতি কৰাৰ ওপৰিও ৪ বিঘা মাটিত কৰিছে চাহপাত । চাহপুলিৰ এখন নাৰ্ছাৰীও আছে তেওঁৰ । ২২ হেজাৰ চাহপুলিৰ কাটিং সাজু কৰি ৰাখিছে । ৮ বিঘা মাটিত সেইবোৰ ৰোপন কৰিব ।
এতিয়া গোপাল সম্পূৰ্ণৰূপে স্বাৱলম্বী । খেতিৰ বাদে তেওঁ আন কথা ভাবিবই নোৱাৰে । খেতি এতিয়া তেওঁৰ বাবে নিচা । গোপালৰ উৎপাদিত পাচলিৰ এখন ভাল স্থানীয় বজাৰ আছে । পুৱাৰ পোহৰ হোৱাৰ লগে লগেই প্ৰাত:কৰ্ম কৰি বস্তাটো পিন্ধি গোপাল ওলাই যায় পথাৰলৈ । হাতত ভৰ দি চুচৰি চুচৰি যায় তেওঁ কৃষিক্ষেত্ৰলৈ । হুইল চেয়াৰ লৈ তেওঁ পথাৰলৈ যাব নোৱাৰে । এনেকৈয়ে যায় প্ৰতিদিনে । পথাৰতে তেওঁ চাহ-জলপান খাই । প্ৰায়ে খেতিৰ পথাৰৰ পৰা ঘৰলৈ উভতোতে সন্ধিয়া লাগে । গোপালৰ অকনো দুখ-ভাগৰ নাই । সেইয়া তেওঁ অনুভৱেই নকৰে ।
নিজকে কেতিয়াও তেওঁ বিকলাংগ বুলি নাভাবে । যোৰাবাটত সংঘটিত সেই দুৰ্ঘটনাই হেনো তেওঁৰ জীৱনকে সলনি কৰি দিলে । গোাপলৰ মতে ভগৱানে এখন দুৱাৰ বন্ধ কৰিলে আন চাৰিখন দুৱাৰ খুলি দিয়ে । এতিয়া গোপালৰ বাবে হেনো সময়েই কম হয় । এই কৃষিকৰ্মই তেওঁক দিছে নতুন পৰিচয় । মানুহে ভাবিবই নোৱাৰে এনে জীৱন সংগ্ৰামৰ কথা । হাত-ভৰি সকলো থকাৰ পাছতো আমি আত্মসংস্থাপনৰ পথ বিচাৰি হাহাঁকাৰ কৰো । বহি ৰাজ্যলৈ দৌৰো ।
গোপালৰ মতে চকুৰ সন্মুখতেই আছে উপাৰ্জনৰ পথ । গোপালৰ আত্মপ্ৰত্যয় বহুতৰ বাবে অনুপ্ৰেৰণাৰ উৎস হ'ব পাৰে । গোপালৰ ভনীয়েকসমূহৰ বিয়া হৈ গৈছে । সৰুজনী ভনীয়েকৰ বিয়াত গোপালেই প্ৰায় সকলো দায়িত্ব চম্ভালিছে । ডেৰ-দুইলাখ টকা কৃষি উপাৰ্জনৰ পৰাই বিয়াত খৰচ কৰিছে । পৰিয়ালৰ, আত্মীয়জনেও হাত উজান দিছিল । গোপাল এতিয়া অঞ্চলটোৰ বাবে আদৰ্শ । দশম শ্ৰেণীলৈকে পঢ়িছিল গোপালে । গোপালৰ কৃষিকৰ্মক প্ৰেৰণা দিছে কৃষি বিভাগৰ স্থানীয় বিষয়াসকলে । প্ৰায়বোৰ সুবিধা তেওঁক কৰি দিছে স্থানীয় গ্ৰামসেৱকজনে ।
১৯৮৮ চনত গোপালৰ জন্ম । এতিয়া বয়স প্ৰায় ৩৪ বছৰ । গোপালেও ভাবে জীৱনটোক সুন্দৰ ৰূপে উদযাপন কৰিবলৈ । যি আছে তাকে লৈ গোপাল আজি নিজক লৈয়ে ব্যস্ত আৰু সুখী-সন্তুষ্ট । পৰিয়ালৰ আন সদস্যৰ বাবে তেওঁ কোনোদিনেই বোজা হোৱা নাই । প্ৰচণ্ড আত্মবিশ্বাস আৰু অধ্যাৱসায়ে গোপালে কৰ্মৰ মাজেৰেই প্ৰামণ কৰি দিছে যিমান প্ৰত্যাহ্বান নাহক সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি সফল হোৱাটো সম্ভৱ ।
নিক'লাছ জেমছৰ কথা বিশ্বই জানে । হাত-ভৰি নোহোৱাকৈয়ে সমগ্ৰ বিশ্বক প্ৰভাম্ৱিত কৰিব পৰা এজন সফল বক্তা । গহপুৰৰ গোপাল নাগো কিন্তু কম নহয় । গোপালৰো এই কাহিনীয়ে সমগ্ৰ বিশ্বকেই অনুপ্ৰাণিত কৰিব পাৰিব । জীৱন যুঁজত জয়ী হোৱা এইয়া এক অনন্য কাহিনী ।