গুৱাহাটী বিশ্ববিদ্যালয়ত চলি আছে কি?

ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ত এতিয়া যেন আবেগৰ নাটক চলিছে। পূৰ্বতে নেদেখা দৃশ্য বিশ্ববিদ্যালয়খনত দেখিবলৈ পোৱা গ’ল ২৭ মাৰ্চ, ২০২৫ বৃহস্পতিবাৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
গুৱাহাটী বিশ্ববিদ্যালয়ত চলি আছে কি?

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

 

আবেগ আৰু নাটকেৰে পৰিচালনা কৰাতো সম্ভৱ নহয় এখন বিশ্ববিদ্যালয়। অথচ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ত এতিয়া যেন আবেগৰে নাটক চলিছে। পূৰ্বতে নেদেখা দৃশ্য বিশ্ববিদ্যালয়খনত দেখিবলৈ পোৱা গল ২৭ মাৰ্চ, ২০২৫ বৃহস্পতিবাৰে।

হঠাৎ কক্ষৰ পৰা ওলাই আহিল উপাচাৰ্য ড০ ননীগোপাল মহন্ত। প্ৰতিবাদকাৰী ছাত্ৰ সমাজৰ সন্মুখত হঠাৎ তেওঁ বহি পৰিল।তাৰ পাছত আবেগিকভাৱে তেওঁ কলে- মাৰা মোক মাৰা…’

উপাচাৰ্যৰ কক্ষৰ সম্মুখত সমবেত হোৱা ছাত্ৰ-ছাত্ৰীসকল আচৰিত হল। উপাচাৰ্যগৰাকীক বুজালে- ছাৰ আপোনাক আমি কোনেও মাৰিবলৈ অহা নাই। আমি আহিছো ন্যায় বিচাৰি। আমাক বিচাৰ লাগে।

বহাৰ পৰা উঠি তেওঁ আকৌ নিজৰ কক্ষলৈ সোমাই গল। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে পুনৰ শ্লগান দিলে। উপাচাৰ্যই অভিযোগ কৰা মতে তেওঁলোকে উপাচাৰ্যৰ কক্ষৰ দুৱাৰ ভাঙিবলৈ চেষ্টা কৰাৰ অভিযোগ অস্বীকাৰ কৰিলে।

অসমৰ অন্যতম পুৰণি শিক্ষানুষ্ঠান তথা শিক্ষাৰ মন্দিৰ স্বৰূপ এই গুৱাহাটী বিশ্ববিদ্যালয়। লুইতৰ পাৰ জিলিকাব বুলি সপোন দেখিয়েই অসমৰ বহু হিতৈষী ব্যক্তিৰ পৰিশ্ৰমৰ ফচল এইখন শিক্ষানুষ্ঠান।

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ দায়িত্ব বহু নমস্য ব্যক্তিয়ে গ্ৰহণ কৰি গৈছে। যোগ্যতাৰ ফালৰ পৰা ননীগোপাল মহন্তও ইয়াৰ বাবে এজন উপযুক্ত ব্যক্তি বুলি ধৰি ললেও তেওঁৰ ৰাজনৈতিক দৰ্শন আৰু সক্ৰিয়তাৰ বাবেই যেন এতিয়া বিশ্ববিদ্যালয়খনৰ পটভূমিত পৰোক্ষ, প্ৰত্যক্ষ ৰাজনীতিৰ বোকা চিটিকি পৰা দেখিবলৈ পোৱা গৈছে।

বিশ্ববিদ্যালয়ৰে বহু অধ্যাপক, ছাত্ৰ-ছাত্ৰীৰ অভিযোগ এতিয়া উপাচাৰ্যই বিশ্ববিদ্যালয়ৰ ভিতৰত এনে এক লবী গঢ়ি তুলিছে যিটো শুভকৰ হৈ পৰা নাই। নিজা মানুহ আৰু একেই ৰাজনৈতিক দৰ্শনৰ প্ৰতি সহমৰ্মিতা থকা লোকক তেওঁ বিশ্ববিদ্যালয়ৰ দায়িত্ব উপযুক্ত, অনুপযুক্ত বিচাৰ নকৰাকৈ এৰি দিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ত চলি আছে কি?

তাৰেই ফল ভোগ কৰিছে ছাত্ৰ-ছাত্ৰীয়ে। ২৭ মাৰ্চৰ দিনাও বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰক কন্দৰ্প কুমাৰ শৰ্মাক বিশেষ কাৰণত সাক্ষাতৰ বাবে গৈছিল বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নয়নজ্যোতি গগৈ।

পৰীক্ষা নিয়ন্ত্ৰকগৰাকীৰ কোঠাত সোমাবলৈ নৌপাওঁতেই তেওঁক দালাল, মদাহী আদি গালি বৰ্ষণ কৰি পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে খেদি পঠালে। কেৱল তেওঁকে নহয়, বৰ্তমানৰ বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ, ছাত্ৰী, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, গৱেষক ছাত্ৰ এই দুৰ্ব্যৱহাৰৰ বলি হৈছে।

বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজে ইয়াৰ বিৰোধিতা কৰিছিল। ২০১৮-১৯ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকগৰাকীক কৰা এই ব্যৱহাৰৰ বিচাৰ বিচাৰিছিল। তাৰ বাবেই এই প্ৰতিবাদ হৈছিল। সেই প্ৰতিবাদৰ সময়তে উপাচাৰ্যগৰাকীৰ এই ব্যতিক্ৰমী ৰূপ দেখিবলৈ পোৱা গৈছিল।

অৱশ্যে ছাত্ৰৰ এই উগ্ৰ প্ৰতিবাদ দেখি ref.VCO/GU/Emer/2025/01-10 যোগে উপাচাৰ্যগৰাকীয়ে তৎকালে বলবৎ হোৱাকৈ পৰীক্ষা নিয়ন্ত্ৰকগৰাকীক দায়িত্বৰ পৰা অব্যাহতি দিয়ে। তেওঁৰ দায়িত্ব অৰ্পণ কৰে বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক উৎপল শৰ্মাক।

গুৱাহাটী বিশ্ববিদ্যালয়ত চলি আছে কি?

লগতে এই বিষয়টো তদন্তৰ বাবে এখন কমিটী গঠন কৰি দিয়াৰ কথা ঘোষণা কৰা উপাচাৰ্যগৰাকীয়ে। যিখন কমিটীয়ে সাত দিনৰ ভিতৰত এই দুৰ্ব্যৱহাৰ কাণ্ডৰ সন্দৰ্ভত তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিব।

ভবা হৈছিল ননীগোপাল মহন্তই বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ দায়িত্ব লৈ বিশ্ববিদ্যালয়খনক উত্তৰণৰ বাবে শিক্ষক ছাত্ৰ-সমাজৰ সহযোগিতাৰে কাম কৰিব। কিন্তু সেই ধৰণৰ উত্তৰণ বিশ্ববিদ্যালয়ৰ ভিতৰচৰাত দেখিবলৈ পোৱা যোৱা নাই।

গুৱাহাটী বিশ্ববিদ্যালয়ত চলি আছে কি?

এনে এখন ঐতিহ্যমণ্ডিত আৰু প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ত নাই স্থায়ী পঞ্জীয়ক। উৎপল শৰ্মাই ভাৰপ্ৰাপ্ত পঞ্জীয়ক ৰূপে দায়িত্ব চম্ভালি আছে যোৱা ৬ মাহ কাল। যোৱা ২০ মাৰ্চত বিশ্ববিদ্যালয়খনত স্থায়ী পঞ্জীয়কৰ নিযুক্তিৰ বাবে সাক্ষাতকাৰ অনুষ্ঠিত হৈছিল।

ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ প্ৰাপ্ত আৰু ডি এছ ডব্লিউ ৰূপে কৰ্মৰত ৰঞ্জন কুমাৰ কাকতিকে ধৰি সাতজন প্ৰাৰ্থী আছিল এই পদৰ বাবে। ২১ মাৰ্চত ঘোষণা কৰা ফলাফলত এই পদৰ বাবে উপযুক্ত প্ৰাৰ্থী পোৱা নগল বুলিহে ৰায় আহিল।

তাতো সন্দেহ হয় ছাত্ৰ সমাজৰ। প্ৰশ্ন কৰিছে ছাত্ৰ সমাজেই- কি গুণৰ অধিকাৰী হোৱাটো বিচাৰিছে উপাচাৰ্যগৰাকীয়ে নতুন পঞ্জীয়কক? তেওঁৰ পদলেহনকাৰীৰ সন্ধানত ব্যস্ত নেকি?

পৰীক্ষা নিয়ন্ত্ৰকগৰাকীও ভাৰপ্ৰাপ্ত দায়িত্বতেই আছিল। বহু বিভাগৰ ফলাফল সময়মতে দিব পৰা নাই। পৰীক্ষাৰ নম্বৰ বঢ়াই দিয়াৰ কেলেংকাৰীৰ পৰা আৰম্ভ কৰি বহু অভিযোগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূৰত।

ছাত্ৰ সমাজৰ সৈতে উপাচাৰ্যগৰাকীৰ সংঘাত ইতিমধ্য ওলাই পৰিছে। ছাত্ৰ আৰু শিক্ষকক আস্থাত নলৈ কেনেকৈ আগবঢ়াই নিব এখন বিশ্ববিদ্যালয়? ক্ষমতা আছে বুলিয়েই মইমতালিৰে জানো সকলো কৰাটো সম্ভৱ বা সমিচীন?

বহু বেয়া খবৰো আহিছে গুৱাহাটী বিশ্ববিদ্যালয়লৈ। ছচাইটি এগেইনষ্টত ভায়লেঞ্চ ইন এড্যুকেচনে অলপতে প্ৰকাশ কৰিছে এটা সমীক্ষা। ৰেগিং সম্পৰ্কীয় এই সমীক্ষাত দেখা পোৱা গৈছে ৰেগিং নামৰ ভয়াবহ ব্যাধি বিধৰ হটস্পট চিহ্নীত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ো।

এই সমীক্ষাত প্ৰকাশ পোৱা মতে ২০২২ৰ পৰা ২০২৪ বৰ্ষত দেশৰ যি ৮ খন বিশ্ববিদ্যালয়ত সৰ্বাধিক ৰেগিং হৈছে তাৰ ভিতৰত ৭ নম্বৰ স্থানত আছে গুৱাহাটী বিশ্ববিদ্যালয়। প্ৰথম স্থানত মৌলানা আবুল কালাম আজাদ ইউনিভাৰ্চিটি অফ টেকনলজী আৰু মধ্যপ্ৰদেশ মেডিকেল ছায়েন্স ইউনিভাৰ্চিটি।

এইবোৰ অতি স্পৰ্শকাতৰ বিষয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ ঘৰত কোন আলহী হল সেই খবৰ বোৰে ইতিমধ্যে চৰ্চা লাভ কৰিছে। প্ৰশ্ন উঠিছে বিশ্ববিদ্যালয় এখনৰ মুৰব্বীগৰাকীয়ে ইমান মুকলিকৈ ৰাজনৈতিক পৃষ্ঠপোষকতা কৰাতো উচিত হৈছেনে?

বিশ্ববিদ্যালয়খনত এক শৈক্ষিক পৰিবেশ তৈয়াৰ কৰিব নোৱাৰিলে তাত গুণগত শিক্ষাৰ আশা কৰাতো মিছা। আমি সন্মানীয় উপাচাৰ্যগৰাকীৰ প্ৰতি আস্থা হেৰুওৱা নাই।

কিন্তু তেওঁৰ ধৰণ-কৰণ কিছু সলনি কৰি এক সুস্থ বাতাবৰণ গঢ়ি তোলাতো সকলোৱে বিচাৰে। এতিয়া তেওঁ কোনোবা ক্ষমতাশালী লোকৰ উপদেষ্টা নহয়, এখন বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য। তাকো সেইখন গুৱাহাটী বিশ্ববিদ্যালয়।

ড০ ননীগোপাল মহন্ত গুৱাহাটী বিশ্ববিদ্যালয়