প্ৰত্যাহ্বান নেওচি আগবাঢ়িছে ভাৰতৰ সংবাদ মাধ্যম

পূৰ্বৰ ছপা মাধ্যমৰ সৈতে যোৱা সময়ছোৱাত বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমো সংযোজিত হ’ল যদিও সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ হস্তক্ষেপৰ সেই অপচেষ্টা হ্ৰাস নহ’ল।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
প্ৰত্যাহ্বান নেওচি আগবাঢ়িছে ভাৰতৰ সংবাদ মাধ্যম

তুষাৰ প্ৰতিম

Advertisment

সংবাদ মাধ্যমৰ প্ৰতি অহা প্ৰত্যাহ্বান নতুন কথা নহয়। ঔপনিবেশিক শাসনৰ সময়ছোৱাতে আৰম্ভ হোৱা ভাৰতৰ সংবাদ মাধম্যৰ অগ্ৰগামি যাত্ৰাই সময়ে সময়ে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। এই প্ৰত্যাহ্বান বিভিন্ন দিশৰ পৰা আহিছে। 
সংবাদ মাধ্যৰ স্বতন্ত্ৰতাক অপশক্তিয়ে ঔপনিবেশিক শাসনৰ সময়তো যিদৰে ৰোধিবলৈ চেষ্টা কৰিছিল, সেই অপচেষ্টা স্বাধীনোত্তৰ ভাৰততো সময়ে সময়ে অব্যাহত আছে। পূৰ্বৰ ছপা মাধ্যমৰ সৈতে যোৱা সময়ছোৱাত বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমো সংযোজিত হ’ল যদিও সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাৰ হস্তক্ষেপৰ সেই অপচেষ্টা হ্ৰাস নহ’ল।

ভাৰতত সাংবাদিকতাৰ ভেঁটি নিৰ্মাণ হৈছিল এতিয়াৰ কলকাতা আৰু তেতিয়াৰ কলিকতাৰ পৰা ১৭৭৯/৮০ চনত প্ৰকাশিত ভাৰতৰ প্ৰথমখন সপ্তাহিক কাকত ‘বেংগল গেজেট’ৰ জৰিয়তে। এই কাকতখনৰ জৰিয়তে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে স্তম্ভ লিখি প্ৰতিবাদ কৰিছিল জেমছ অ’গষ্টাচ হিকিৰে।

ঔপনিবেশিক ভাৰতৰ জনতাৰ কণ্ঠ হৈ পৰা ‘বেংগল গেজেট’ক সেয়ে ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসকে মূৰ তুলি থিয় হ’বলৈ সুযোগ নিদিলে। ১৭৮১ চনত জেমছ অ’গষ্টাচ হিকিৰে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে চলোৱা তীক্ষ্ণ কলমৰ বাবেই তেওঁলৈ জাননী জাৰি কৰা হয় আৰু পাছত কাৰাদণ্ডৰে দণ্ডিত কৰা হয়।

বেংগল গেজেটে ভাৰতীয় সংবাদৰ ভেঁটি নিৰ্মাণ কৰাৰ প্ৰায় ৩ দশকৰ পাছত ভাৰতৰ সংবাদ জগতখনে এক নতুন গতি লাভ কৰিছিল। ১৮১১ চনত প্ৰকাশ পাইছিল ‘কলকাতা কৰ্নিকেল’।

ৰাজা ৰামমোহন ৰায়ে ১৮২২ চনত প্ৰকাশ কৰিছিল ‘সংবাদ কৌমুদী’ নামৰ বাংলা ভাষাৰ কাকত। এই সংবাদ পত্ৰসমূহে ব্ৰিটিচৰ অপশাসন আৰু ভাৰতীয় ৰক্ষণশীল সমাজৰ কুসংস্কাৰ, অন্ধবিশ্বাস আদিৰ বিৰুদ্ধে জনসাধাৰণক সচেতন কৰি তোলাৰ চেষ্টা কৰিছিল।

কিন্তু সেই সময়তো এনে কিছুমান সংবাদ পত্ৰ প্ৰকাশ হৈছিল যি ব্ৰিটিছ চৰকাৰৰ সপক্ষে থিয় দিছিল। তেতিয়াই এনে কিছু সংবাদ পত্ৰৰ প্ৰধান উদ্দেশ্য হৈ পৰিছিল ব্যৱসায়ীক স্বাৰ্থসিদ্ধি।

১৮৬১ চনত ৰবাৰ্ট নাইটৰ সম্পাদনাত প্ৰকাশ পোৱা ‘দ্য টাইমছ অফ ইণ্ডিয়া’ এনে এখন কাকত যাৰ বিৰুদ্ধে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ সপক্ষে থিয় দিয়াৰ অভিযোগ উঠিছিল। ইয়াৰ বিপৰীতে ১৮৬৮ চনত প্ৰকাশ পোৱা ‘অমৃত বাজাৰ পত্ৰিকা’ই ব্ৰিটিছ শাসন-ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰিছিল।

১৮৭৮ ত প্ৰকাশ পাইছিল ‘দ্য হিন্দু’। এই কাকতখনো আছিল একে উদ্দেশ্যতে প্ৰকাশিত কাকত। ব্ৰিটিছ সাম্ৰাজ্যবাদৰ অপশাসনৰ বিৰুদ্ধে মুকলিকৈ লেখা-মেলা কৰাৰ লগতে এক জনমত গঠনত বিশেষ ভূমিকা লোৱা তেনে সংবাদ পত্ৰৰ তালিকাত আছে বাল গংগাধৰ তিলকৰ 'কেশৰী', মহাত্মা গান্ধীৰ 'ইয়ং ইণ্ডিয়া’ 'হৰিজন' , জৱাহৰলাল নেহৰুৰ  'নেশ্যনেল হেৰাল্ড' আদিও।

ব্ৰিটিছ অপশাসনৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰাৰ বাবেই এনে কাকতৰ স্বাধীনতাক খৰ্ব কৰিবলৈ ব্ৰিটিছ চৰকাৰে নানান ধৰণে চেষ্টা চলোৱাৰ উদাহৰণ আছে। তেওঁলোকে সংবাদ পত্ৰৰ স্বতন্ত্ৰতা হ্ৰাস কৰিবলৈ জাপি দিছিল Vernacular Press Act in 1878 , The Newspapers (Incitement to offences )Act of 1908, The Indian Press Act 1931, The Press Objectionable Matter Act 1951, The Newspaper Price and Page Act 1956 আদি।

এনে আইনৰ আধাৰতে ১৮৮৩ চনত 'দ্য বেংগলী' কাকতৰ সম্পাদকীয়ত কলিকতা হাই ক'ৰ্টৰ এগৰাকী ন্যায়াধীশক কঠোৰভাৱে সমালোচনা কৰাৰ অপৰাধত সুৰেন্দ্ৰ নাথ বেণাৰ্জীক কাৰাদণ্ড বিহা হৈছিল। তেওঁ আছিল কাৰাবৰণ কৰা প্ৰথমগৰাকী ভাৰতীয় সাংবাদিক।

বাল গংগাধৰ তিলককো তেওঁৰ 'কেশৰী'ত প্ৰকাশিত তেওঁৰে এটি কবিতাৰ ভিত্তিত হত্যাকাণ্ডৰ ঘটনা এটাৰ সৈতে তেওঁক জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি ওঠৰ মাহৰ কাৰাদণ্ড দিছিল।

স্বাধীনোত্তৰ ভাৰতত সংবাদ মাধ্যমে সংবাদ পৰিবেশনত কিছু বছৰলৈ স্বতন্ত্ৰতা লাভ কৰিছিল যদিও পৰিবৰ্তিত সময়ৰ সৈতে সংবাদ মাধ্যমৰ মুখ বন্ধ কৰাৰ সেই অপচেষ্টা পুনৰ গা কৰি উঠে। স্বাধীনোত্তৰ ভাৰতত প্ৰথম অৱস্থাত চৰকাৰৰ কামকাজৰ ওপৰত সংবাদ মাধ্যমে চোকা দৃষ্টি ৰাখি সকলোধৰণৰ দোষ-ত্ৰুটিক আঙুলিয়াই দিছিল।

ভাৰত চৰকাৰেও সংবাদ-মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ উদ্দেশ্যৰে গঠন কৰিছিল 'প্ৰেছ কাউঞ্চিল অফ ইণ্ডিয়া'। এই কাউঞ্চিলত উচ্চতম ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশক অধ্যক্ষ, সংসদৰ দুয়োখন সদনৰ সাংসদ, সংবাদ আৰু সাহিত্য-সংস্কৃতিৰ সৈতে জড়িত মুঠ ২৮ গৰাকী সদস্যক অন্তৰ্ভুক্ত কৰা হৈছিল।

স্বাধীনোত্তৰ ভাৰতত এইদৰে চৰকাৰী ভাৱেই সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা ৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল যদিও পাছত চৰকাৰৰ দ্বাৰাই সংবাদ মাধ্যমৰ ওপৰত মুকলি আক্ৰমণ চলিছিল। নিগ্ৰহৰ সন্মুখীন হৈ আহিছে সাংবাদিক, সংবাদকৰ্মী। 
ইন্দিৰা গান্ধীৰ শাসনৰ সময়ছোৱাত দেশত জাপি দিয়া জৰুৰী অৱস্থাৰ সময়ত সংবাদ মাধ্যমৰ স্বাধীনতা সৰ্ব কৰা হৈছিল, সংবাদ মাধ্যমক চৰকাৰী স্বাৰ্থত নিয়ন্ত্ৰণ কৰা হৈছিল। সাংবাদিক, সম্পাদকৰ ওপৰত অত্যাচাৰ চলিছিল, তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল।

সংবাদ মাধ্যমৰ ওপৰত কঠোৰ চেন্সৰশ্বিপ জাৰি কৰিছিল। সমালোচনাত্মক প্ৰতিবেদন প্ৰকাশত বাধা দিয়া হৈছিল। সংবাদ মাধ্যমৰ কাৰ্যালয়ৰ বিদ্যুত সংযোগ কাটি দিয়া হৈছিল। সেয়া আছিল ভাৰতৰ এক ক’লা অধ্যায়।

অৱশ্যে সময়ৰ লগে লগে সংবাদ মাধ্যমেও চৰিত্ৰ সলনি কৰিবিলৈ আৰম্ভ কৰিছিল। পৰিবৰ্তিৰ ৰাজনৈতিক, সামাজিক পৰিস্থিতিত পৰি একাংশ সংবাদ মাধ্যমো চৰকাৰী পক্ষৰ মুখপত্ৰৰ ভূমিকালৈ ৰূপান্তৰ হ’ল।

যিসমূহত চৰকাৰী অনীতি, চৰকাৰ বিপদত পৰিব পৰা প্ৰতিবেদন প্ৰকাশ হৈ আহিছে সেইসমূহৰ স্বতন্ত্ৰতা খৰ্ব কৰাৰ চেষ্টা চলি থাকিল। ঠিক সেই ব্ৰিটিছ সাম্ৰাজ্যবাদৰ সময়ছোৱাৰেই যেন পুনৰাবৃত্তি।

অসমৰ সংবাদ মাধ্যমৰ ইতিহাসতো এইদৰেই সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ চলি আহিছে। পৰাগ দাসেই জানো তাৰ উদাহৰণ নহয়?  ‘বুধবাৰ’, ‘সাদিন’, ‘অসমীয়া প্ৰতিদিন’ আদিৰ জৰিয়তে নিৰ্ভীক সাংবাদিকতাৰে অসমৰ সংবাদ জগতখনকেই সলনি কৰি দিয়া পৰাগ কুমাৰ দাসক হত্যা কৰা হ’ল। 

তাৰ পাছাতো হিচাপ নোহোৱাকৈ বহু সাংবাদিক, সংবাদ কৰ্মী এনে আক্ৰমণৰ বলি হ’ল। চৰকাৰৰ বিৰুদ্ধে, চৰকাৰী পক্ষক প্ৰশ্ন কৰাৰ বাবেই আজিও সাংবাদিক কাৰাগাৰলৈ যাবলগীয়া হৈছে।

এই কথা সত্য যে, বহু কাকত, বৈদ্যুতিন সংবাদ মাধ্যম চৰকাৰী পক্ষৰ মুখপত্ৰ হৈ পৰাৰ বিপৰীতে আন একাংশ সংবাদ মাধ্যমে আজিও তাৰ পৰা নিৰ্দিষ্ট দুৰত্বত অৱস্থান কৰি বাতৰি পৰিবেশন কৰি আহিছে। কিন্তু তাৰ মাজতো যেন ক’ৰবাত সেই জৰুৰীকালীন অৱস্থাৰেই পুনৰাবৃত্তি ঘটিছে।

এই অৱস্থাক বহুতেই মুকলিকৈয়ে অঘোষিত জৰুৰী অৱস্থা আখ্যা দিছে। এনে পৰিপ্ৰেক্ষিততে বিশ্বজুৰি শক্তিশালী হৈ উঠা ডিজিটেল মাধ্যমৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে। প্ৰায় সকলো সংবাদ পত্ৰ, টেলিভিছন চেনেলেও এতিয়া ডিজিটেল মাধ্যমক ব্যৱহাৰ কৰিছে।

পৰিবৰ্তিত সময় আৰু প্ৰযুক্তিৰ উত্থানৰ বাবে শক্তিশালী হৈ উঠা ডিজিটেল মাধ্যম আজিৰ তাৰিখত শক্তিশালী বিকল্প মঞ্চ। চৰকাৰী পক্ষৰ মুখপত্ৰলৈ পৰিণত হোৱা একাংশ কাকত, টেলিভিছন চেনেল আৰু মুখপাত্ৰৰ ভূমিকা পালন কৰা সম্পাদক, এংকৰৰ বাবেও এইসমূহৰ প্ৰতি জনসাধাৰণৰ মোহ ভংগ হৈছে।

সেয়ে একাংশ দায়িত্বশীল জনপ্ৰিয় সাংবাদিকেও এতিয়া স্বতন্ত্ৰ ভাৱে কাম কৰিবলৈ ডিজিটেল মাধ্যমলৈ আহিছে। এন ডি টিভিৰ একালৰ সাংবাদিক ৰবীশ কুমাৰ তাৰেই এক উদাহৰণ। চৰকাৰৰ ভুল নীতি, অনিয়মৰ তীক্ষ্ণ সমালোচক ৰবীশ কুমাৰ ইউটিউবত ডাইমণ্ড বটন পোৱা একমাত্ৰ সাংবাদিক।

এতিয়া ডিজিটেল মাধ্যমৰ জৰিয়তে বাতৰিৰ সত্যসত্যতা নিৰূপণ কৰাটো সাধাৰণ ৰাইজৰ বাবেও সহজ হৈ পৰিছে। তাৰোপৰি আজিৰ তাৰিখত ভাৰতৰ সংবাদ জগতখন এক বৃহত উদ্যোগলৈ ৰূপান্তৰ হৈছে।

জাতীয় দায়িত্ব, নীতিগত দায়বদ্ধতাক পৰিহাৰ কৰি পুঁজিপতিসকলে এই উদ্যোগক ব্যৱসায়ীক উদ্দেশ্যত ব্যৱহাৰ কৰাতহে গুৰুত্ব দিছে। সমগ্ৰ বিশ্বৰ বিভিন্ন দেশৰ সংবাদ উদ্যোগৰ ভিতৰত ভাৰতীয় সংবাদ-উদ্যোগে দ্বিতীয় স্থানত আছে। কেৱল ব্যৱসায়ীক উদ্দেশ্যত ব্যৱহাৰ হোৱা এনে সংবাদ মাধ্যমে জনতাৰ আস্থা হেৰুৱাইছে।

ভাৰতত ৭০ হাজাৰতকৈয়ো অধিক সৰু-ডাঙৰ ৰাষ্ট্ৰীয়, আঞ্চলিক, বিভিন্ন ভাষাৰ বাতৰি কাকত আছে। তাৰোপৰি আছে ১৬০০ তকৈ অধিক চেটেলাইট চেনেল। ইয়াৰে চাৰিশতকৈয়ো অধিক নিউজ চেনেল। গতিকে ইয়াৰ পৰাই বুজিব পাৰি ভাৰতৰ সংবাদ জগতখনৰ পৰিসৰ কিমান বহল।

সততে সকলোৰে মুখত আখৈ ফুটাৰ দৰে ফুটে সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। গণতন্ত্ৰৰ বাকী তিনিওটা স্তম্ভৰ নাম নুশুনাসকলেও সাংবাদিকক গালি পাৰিবলৈ চতুৰ্থস্তম্ভ শব্দ ব্যৱহাৰ কৰে।

আজিৰ ৰাজনৈতিক নেতায়ো সংবাদ মাধ্যমক নীতি শিক্ষা দিবলৈ গৈ চতুৰ্থ স্তম্ভৰ কথা কয়। কিন্তু তেওঁলোকে বুজিবলৈ চেষ্টা নকৰে সংবাদ মাধ্যমক কিয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আখ্যা দিয়া হয়।

গণতন্ত্ৰৰ তাৎপৰ্য নিৰ্ভৰ কৰে জনসাধাৰণৰ বাক স্বাধীনতাৰ ওপৰত। জনসাধাৰণৰ কণ্ঠক প্ৰতিনিধিত্ব কৰে সংবাদ মাধ্যমে। সংবাদ মাধ্যমে জনসাধাৰণলৈ সকলো ধৰণৰ খবৰ লৈ যোৱাৰ উপৰিও চৰকাৰী নীতি আৰু কাৰ্যাৱলীৰ ওপৰত চোকা নজৰ ৰাখে। সেই বিষয়ত জনতাক সজাগ কৰে।

কিন্তু সংবাদ মাধ্যমে নিজৰ দায়িত্ব পালন কৰিলেই ন্যস্ত স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেই চৰকাৰ, ৰাজনৈতিক নেতা, আৰু প্ৰতিক্ৰিয়াশীল চক্ৰই সংবাদ মাধ্যমৰ ওপৰত জপিয়াই পৰে। সেয়ে আজিৰ তাৰিখত সাংবাদিকৰ সুৰক্ষা এক ডাঙৰ প্ৰশ্ন।  প্ৰেছ ফ্ৰীডম ইনডেক্সত ভাৰতৰ স্থান ১৮০ খন দেশৰ ভিতৰত ১৫৯।

ডিজিটেল মাধ্যমক এতিয়াও চৰকাৰী পক্ষই ইচ্ছানুসৰি নিয়ন্ত্ৰণ কৰিব পৰা নাই। তেওঁলোকৰ নিজা এজেণ্ডাৰ বাবে সামাজিক মাধ্যমক যদিও সৰ্বশক্তিৰে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছে তথাপিও যিসকলে বিকল্প এই মাধ্যমৰ জৰিয়তে সাংবাদিতাৰ ধৰ্ম অনুসৰণ কৰি বাতৰি পৰিবেশন কৰি আহিছে তেওঁলোকৰ বাবেই মুখ থেকেচা খাইছে।  

সেয়ে সুযোগ পালেই এনে মাধ্যমক ব্যৱহাৰ কৰি সাংবাদিকতা কৰি অহা বহুতেই হৈ পৰে চৰকাৰী পক্ষৰ লক্ষ্য। শেহতীয়াকৈ অসমত সংঘটিত সাংবাদিকক গ্ৰেপ্তাৰৰ প্ৰসংগ, বাৰে বাৰে সংবাদ মাধ্যমৰ নাম লৈ বাৰে বাৰে উদ্দেশ্যপ্ৰণোদিতভাৱে কৰি অহা পৰিকল্পিত আক্ৰমণো এনে কিছু বিষয়ৰ সৈতেই জড়িত বুলি স্পষ্ট হৈছে।

ভাৰতত জন্মতেই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা সংবাদ মাধ্যমে ঢাপে ঢাপে সেই প্ৰত্যাহ্বান নেওচি আগবাঢ়িছে। আজি যি পৰিস্থিতিৰ সূচনা হৈছে সেই পৰিস্থিতিকো অতিক্ৰম কৰি আগবাঢ়িব। সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাক হত্যা কৰিবলৈ চলোৱা অপচেষ্টা তেতিয়াও সফল হোৱা নাছিল, এতিয়াও হোৱা নাই, আগলৈয়ো সফল যে নহয় সেয়া নিশ্চিত।

 

সংবাদ মাধ্যম গণতন্ত্ৰ