/asomiyapratidin/media/media_files/2026/02/11/whatsapp-image-202-2026-02-11-21-20-35.jpeg)
ৰিম্পী গগৈ
চুবুৰীয়া বাংলাদেশত এতিয়া নিৰ্বাচনৰ বতৰ। ২০২৪ চনৰ আগষ্ট মাহত শ্বেখ হাছিনাক পদচ্যুত কৰাৰ পাছত বহু প্ৰতীক্ষিত এই সাধাৰণ নিৰ্বাচনক লৈ দেশখনত ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে। সাম্প্ৰতিক ৰাজনৈতিক পটভূমি, বিক্ষোভ, চৰকাৰ পৰিৱৰ্তন আৰু সংবিধানিক সংস্কাৰৰ বিতৰ্কৰ মাজতে এই নিৰ্বাচনক দেশখনৰ গণতান্ত্ৰিক যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণ হিচাপে গণ্য কৰা হৈছে।
কাইলৈ ভোটগ্ৰহণক লৈ ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰৰ লগতে নিৰাপত্তা ব্যৱস্থা আৰু প্ৰশাসনিক প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে বুলি দেশখনৰ নিৰ্বাচন আয়োগে জানিবলৈ দিছে। বিশেষকৈ বাংলাদেশৰ অহৰহ পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ, চীনৰ পৰা পাকিস্তানলৈকে সকলোৱে এই নিৰ্বাচনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।
দেশখনৰ শেহতীয়া ৰাজনৈতিক পটভূমিঃ
বিগত ১৮টা মাহ বাংলাদেশৰ ৰাজনৈতিক ইতিহাসত অতি ঘটনাবহুল আৰু পৰিবর্তনশীল সময় হিচাপে চিহ্নিত হৈ হৈছে। ৰাজপথৰ আন্দোলন, চৰকাৰ পৰিৱৰ্তন, অন্তৰ্বর্তীকালীন চৰকাৰ গঠন আৰু সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতি, এই সকলো ঘটনাই দেশখনৰ ৰাজনৈতিক দিশত গুৰুত্বপূৰ্ণ পৰিবর্তন আনিছে।
দেশখনত দুবছৰ পূৰ্বে শিক্ষাৰ্থী সকলৰ সংগঠন, নাগৰিক সমাজ আৰু বিৰোধী ৰাজনৈতিক দলসমূহে একাধিক বিষয়ক লৈ ৰাজপথলৈ ওলাই আহিছিল। ভোট ব্যৱস্থাৰ স্বচ্ছতা, মানৱ অধিকাৰ, মূল্যবৃদ্ধি আৰু নিৱনুৱা সমস্যাৰ দৰে ইছ্যুসমূহ কেন্দ্ৰীয় আলোচনাৰ বিষয় হৈ পৰিছিল। এই আন্দোলন ক্ৰমে ব্যাপক ৰূপ ধাৰণ কৰে আৰু ৰাজধানী ঢাকাসহ কেইবাখনো গুৰুত্বপূৰ্ণ চহৰত উত্তেজনা বৃদ্ধি পায়। ফলশ্ৰুতিত ৰাজনৈতিক সংঘাত আৰু হিংসাত্মক ঘটনাৰ মাজতে দীৰ্ঘদিনীয়া শাসকীয় ব্যৱস্থাত চাপ বৃদ্ধি পায়। শেষত চৰকাৰত নাটকীয় পৰিবর্তন ঘটে আৰু নতুন অন্তৰ্বর্তী ব্যৱস্থা গঠন কৰা হয়।
দেশৰ অন্তৰ্বর্তীকালীন চৰকাৰৰ মূল লক্ষ্য আছিল—দেশত স্থিতিশীলতা ঘূৰাই অনা, আইন-শৃঙ্খলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰা আৰু এখন স্বচ্ছ সাধাৰণ নিৰ্বাচনৰ আয়োজন কৰা। এই চৰকাৰখনে ভোটাৰ তালিকা সংশোধন, ভোটকেন্দ্ৰসমূহৰ পুনৰ্বিন্যাস আৰু আইন-শৃঙ্খলা ব্যৱস্থা শক্তিশালী কৰাৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছিল।
ইফালে, বাংলাদেশৰ এই ৰাজনৈতিক পৰিবর্তন দক্ষিণ এছিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো গুৰুত্বপূৰ্ণ ঘটনা হিচাপে দেখা হৈছে। এইবাৰৰ নিৰ্বাচনত গণতান্ত্ৰিক প্ৰক্ৰিয়া স্বচ্ছ আৰু নিৰপেক্ষভাৱে সম্পন্ন হ’ব নে নহয়—সেই বিষয়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষকৰ আগ্ৰহ লক্ষ্য কৰা গৈছে।
ত্ৰয়োদশ সাধাৰণ নিৰ্বাচনঃ
বাংলাদেশত ইয়াৰ পূৰ্বে ১৯৭৩ চন, ১৯৭৯ চন, ১৯৮৬ চন, ১৯৮৮ চন, ১৯৯১ চন, ১৯৯৬ চন (ফেব্ৰুৱাৰী), ১৯৯৬ চন (জুন), ২০০১ চন, ২০০৮ চন, ২০১৪ চন, ২০১৮ চন আৰু ২০২৪ চনত নিৰ্বাচন অনুষ্ঠিত হৈছিল।
বাংলাদেশ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, কাইলৈ পুৱা ৭:৩০ বজাৰ পৰা বিয়লি ৪:৩০ বজালৈ ভোটগ্ৰহণৰ সময় ধাৰ্য্য কৰা হৈছে। পূৰ্বৰ নিৰ্বাচনৰ তুলনাত ভোটদানৰ সময় এঘণ্টা বৃদ্ধি কৰা হৈছে। এই নিৰ্বাচনক লৈ বাংলাদেশত ৪২,৭৬১টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ মোতায়েন কৰা হৈছে আৰক্ষী, বিজিবি আৰু সেনা বাহিনী। লগতে,স্পৰ্শকাতৰ অঞ্চলসমূহত অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ইফালে, নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, এই নিৰ্বাচনত মুঠ ১২,৭৭,১১,৭৯৩ (প্ৰায় ১২.৭৭ কোটি) ভোটাৰ পঞ্জীয়ন কৰিছে। মুঠ যোগ্য ভোটাৰৰ ভিতৰত প্ৰায় ৬.৪৮ কোটি পুৰুষ আৰু ৬.২৮ কোটি মহিলা। যদিও মহিলা ভোটাৰৰ সংখ্যা যথেষ্ট বেছি, তথাপিও প্ৰাৰ্থী হিচাপে তেওঁলোকৰ অংশগ্ৰহণ ৪%তকৈও কম।
উল্লেখযোগ্য যে, এই নিৰ্বাচনত এক বৃহৎ অংশই হৈছে যুৱ ভোটাৰ। ইয়াৰে ৪৫.৭০ লাখ ভোটাৰে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত ভোটদান কৰিব। মুঠ ৫ কোটি ৬০ লাখ ভোটাৰৰ বয়স ১৮ৰ পৰা ৩৭ বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে।
এইবাৰৰ নিৰ্বাচনত মুঠ ৫৯ টা দলে প্ৰতিদ্বন্দ্বিতা কৰিছে। বাংলাদেশ জাতীয়তাবাদী পাৰ্টি (BNP)-ৰ নেতৃত্বত ১০টা দলৰ এখন বৃহৎ মিত্ৰতা গঠিত হৈছে। এই জোঁটে গণতান্ত্ৰিক সংস্কাৰ, নিৰ্বাচনী ব্যৱস্থাৰ স্বচ্ছতা, ন্যায়িক স্বাধীনতা আৰু অৰ্থনৈতিক পুনৰুজ্জীৱনৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে। দল কেইটাৰ নেতৃত্বই দাবী কৰা অনুসৰি, তেওঁলোকে “গণতন্ত্ৰ পুনঃপ্ৰতিষ্ঠা”ৰ লক্ষ্য লৈ ভোটযুদ্ধত অৱতীৰ্ণ হৈছে।
আনহাতে, নেশ্যনেল চিটিজেনছ পাৰ্টি (NCP) আৰু জামাত-ই-ইছলামীৰ নেতৃত্বত ১১টা দলেও মিত্ৰজোঁট গঠন কৰিছে। এই জোঁটে ৰাজনৈতিক বিকল্প শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ চেষ্টা কৰিছে। বিশেষকৈ যুৱসমাজ আৰু নাগৰিক আন্দোলনৰ পৰা আগবঢ়ি অহা নেতৃত্বই এই মিত্ৰজোঁটক ভিন্ন ধৰণৰ ৰাজনৈতিক দিশ প্ৰদান কৰিছে বুলি পৰ্যবেক্ষকসকলে মন্তব্য কৰিছে।
উল্লেখযোগ্য যে, দেশৰ ৰাজনীতিত দীৰ্ঘদিন ধৰি প্ৰভাৱ বিস্তাৰ কৰি অহা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দল আৱামী লীগক এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বঞ্চিত কৰা হৈছে। চৰকাৰী সিদ্ধান্ত অনুসৰি দলটোৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ ফলতেই তেওঁলোকে ভোটযুদ্ধত অৱতীৰ্ণ হ’ব পৰা নাই। অৱশ্যে এই সিদ্ধান্তক লৈ দেশ-বিদেশত নানান আলোচনা চলিছে।
ইফালে এইবাৰৰ নিৰ্বাচনত ১৯৮১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে ২৪৯ গৰাকী প্ৰাৰ্থী নিৰ্দলীয় বুলি জানিব পৰা গৈছে। অৱশ্যে এই নিৰ্বাচনত মহিলাৰ অংশগ্ৰহণ তেনেই নগণ্য। ৬৩ গৰাকী মহিলা প্ৰাৰ্থীক ৰাজনৈতিক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে ১৩ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
নিৰ্বাচন মুখ্য ইছ্যুসমূহঃ বাংলাদেশতএইবাৰৰ ভোটযুদ্ধ কেৱল মাত্ৰ ক্ষমতা দখলৰ প্ৰতিযোগিতা নহয়, বৰঞ্চ দেশখনৰ সাংবিধানিক গঠন, অৰ্থনৈতিক দিশ, দুৰ্নীতি নিয়ন্ত্ৰণ আৰু বৈদেশিক নীতিৰ ভৱিষ্যৎ নিৰ্ধাৰণৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণ হিচাপে পৰিগণিত হৈছে। যাৰবাবে শেহতীয়াকৈ নিৰ্বাচনৰ প্ৰচাৰৰ সময়চোৱাত ৰাজনৈতিক দলসমূহে বিভিন্ন ইছ্যু উল্লেখ কৰা দেখা গৈছিল।
১) এইবাৰৰ নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ ইছ্যুটো হৈছে সাংবিধানিক সংস্কাৰ। ‘জুলাই চনদ’ নামেৰে প্ৰচলিত প্ৰস্তাৱসমূহত প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল সৰ্বাধিক দুটা কাৰ্যকাললৈ সীমাবদ্ধ কৰাৰ লগতে স্থায়ী ন্যায়িক নিযুক্তি আয়োগ গঠনৰ দৰে ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে।
২) মুদ্ৰাস্ফীতিৰ ঊৰ্ধ্বগতি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু শিক্ষিত যুৱক-যুৱতীসকলৰ মাজত বৃদ্ধি পোৱা নিবনুৱা সমস্যাই ভোটাৰৰ মাজত গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে, বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ চাপ, আমদানিৰ খৰচ বৃদ্ধি আৰু বিনিয়োগ হ্ৰাসে দেশখনৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পেলাইছে।
৩) ৰাজনৈতিক দলসমূহে কৰ্মসংস্থানৰ লগতে বিনিয়োগ বৃদ্ধিৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে। যুৱ ভোটাৰৰ সিদ্ধান্ত এইবাৰৰ ফলাফলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি ধৰা হৈছে।
৪) শাসন ব্যৱস্থাত স্বচ্ছতা আৰু জবাবদিহিতাৰ অভাৱ এই নিৰ্বাচনৰ আন এটা ডাঙৰ ইছ্যু হৈ পৰিছে। অন্তৰ্বর্তী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে দুৰ্নীতি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি আগবঢ়ালেও ২০২৫ চনৰ দুৰ্নীতি সূচকাংকত বাংলাদেশৰ স্থান ১৩তম দুৰ্নীতিগ্ৰস্ত দেশ হিচাপে উল্লেখ হোৱাত তীব্ৰ সমালোচনা হোৱা দেখিবলৈ পোৱা গৈছিল।
৫) ভাৰতৰ সৈতে বাংলাদেশৰ সম্পৰ্কও এইবাৰৰ নিৰ্বাচনত এক মুখ্য আলোচ্য বিষয় হৈ পৰিছে। দেশখনত কেইবাজনো হিন্দুৰ হত্যাকাণ্ড আৰু তীস্তা নদীৰ পানী ভাগ-বতৰা বিবাদৰ দৰে বিষয়সমূহ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰত প্ৰাধান্য পাইছে। বাংলাদেশ জাতীয়তাবাদী পাৰ্টি (BNP)-ই ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰাত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰিছে। জামাত-ই-ইছলামীয়েও দুই দেশৰ মাজত সম্পৰ্ক স্থাপনৰ পোষকতা কৰিছে।
৬) নিৰ্বাচনী প্ৰচাৰৰ সময়চোৱাত মানৱ অধিকাৰ, মত প্ৰকাশৰ স্বাধীনতা আৰু সংখ্যালঘু অধিকাৰ সংৰক্ষণৰ বিষয়েও ব্যাপক আলোচনা হোৱা দেখিবলৈ পোৱা গৈছিল। সংবাদমাধ্যম আৰু নাগৰিক সমাজে ৰাজনৈতিক দল সমূহক এই ক্ষেত্ৰত স্পষ্ট নীতি গ্ৰহণৰ দাবী জনাইছে।
এই সকলো দিশ সামৰি কাইলৈৰ সাধাৰণ নিৰ্বাচন বাংলাদেশৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত। গণতান্ত্ৰিক মূল্যবোধ, অৰ্থনৈতিক দিশ, বৈদেশিক নীতি, আৰু সামাজিক স্থিতিশীলতাৰ মাজত দেশবাসীয়ে নিজৰ সিদ্ধান্ত প্ৰদান কৰিব। এতিয়া বিশ্বৰ দৃষ্টি নিবদ্ধ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু ফলাফলৰ ওপৰত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us