/asomiyapratidin/media/media_files/2025/10/05/whatsapp-image-20-2025-10-05-16-15-44.jpeg)
মৃদুল কুমাৰ সন্দিকৈ
১৯৯৮ চনৰ এখন হিন্দী চিনেমা। হ’ৰৰ চিনেমা আছিল এইখন। কে আৰ শ্বেখে নিৰ্দেশনা কৰা বলিউদৰ এই চিনেমাখনত দুটা গীত গাইছিল জুবিন গাৰ্গে। তাৰে এটা আছিল- কুচ তো কহো, আনটো আছিল- দিল মে চুৰায়া এক হাছিনা।
ডিজিটেল প্লেটফৰ্মতো এতিয়া জুবিন গাৰ্গৰ এই গান দুটা নাই । কিন্তু এজন লোকে বহু পৰিশ্ৰম কৰি সেই চিনেমাখনৰ এখন গানৰ কেছেট সংগ্ৰহ কৰি নিজৰ সংগ্ৰহালয়ত ৰাখিছে। তাতেই সংৰক্ষিত হৈ আছে চিনেমাখনৰ গীতৰ লগতে জুবিনৰ কণ্ঠও।
বলিউদত সেই সময়ত জুবিনে প্ৰতিষ্ঠাৰ বাবে চেষ্টা চলাই আছিল। হ’ৰৰ সেই চিনেমাখনৰ নাম আছিল- পুৰাণি কবৰ। এই চিনেমাখন এতিয়া আছে গুৱাহাটী মহনগৰীৰ হাতীগাঁৱৰ শংকৰ পথত থকা বিশাল কলিতাৰ ঘৰত।
এই কেছেটটো সংগ্ৰহ কৰিছিল তেওঁ ২৫ হাজাৰ টকাত। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো তেওঁ ১৯৯৯ চনতে আৰম্ভ কৰা এক প্ৰচেষ্টা অৱ্যাহত ৰাখিছে। মৃত্যুৰ ১০দিনৰ পাছত তেওঁ গৈ বাংগালুৰৰ পৰা সংগ্ৰহ কৰি আনিছে জুবিন গাৰ্গে এখন তেলেগু চিনেমাত গোৱা এটা গীত।
জুবিন বুলি ক’লে তেওঁক একোৱেই নালাগে। ১৯৯৯ চনৰ পৰাই তেওঁ জুবিনৰ গীতৰ সংগ্ৰহ কাৰ্য আৰম্ভ কৰিছিল। এতিয়া প্ৰায়বোৰ গীতেই তেওঁ নিজেই গঢ়া জুবিন গাৰ্গৰ গীতৰ সংগ্ৰহালয়ত আছে। জুবিনেহে সুধিছিল তেওঁক- মই কিমান গান গালো অ’।
তেওঁৱেই হিচাপ কৰি উত্তৰ দিছিল- দাদা ৩৮ হাজাৰৰো বেছি হ’ব। অৱশ্যে যোৱা দুবৰত গোৱা বহু নতুন গান এই হিচাপলৈ অহা নাই। ২০১৪চনত তেওঁ প্ৰথম জুবিন গাৰ্গক লগ পাই তেওঁৰ পৰিকল্পনাৰ কথা কৈছিল।
সেই কথা শুনি জুবিনে খুব ভাল পাইছিল। সকলোবোৰ গানেই তেওঁ ঘৰতে সাজি লোৱা আৰ্কাইভত সংৰক্ষণ কৰাৰ লক্ষ্য- উদ্দেশ্যৰে আগবাঢ়িছে। বহু প্ৰত্যাহ্বানৰ মাজতে তেওঁ এই কাম কৰি গৈছিল।
ছিংগাপুৰলৈ যোৱাৰ আগদিনা তেওঁ নিজৰ গীতৰ এই আৰ্কাইভটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি গৈছিল। সেই দিনা আছিল ১৬ ছেপ্তেম্বৰ ২০২৫।
তেওঁৰ গানৰ কেছেট, চিডিবোৰ দেখি জুবিন গাৰ্গ নষ্টালজিক হৈ পৰিছিল। ভাল পাইছিল সেই আৰ্কাইভ বা সংগ্ৰহালয়ত জুবিনৰ লগতে আন বহুতো পুৰণি গীতৰ কেছেট-চিডি সংগ্ৰহ কৰি থোৱাৰ বাবে। তেওঁ কৈছিল- মোৰ গানখিনি ৰখাৰ লগতে আনৰো যে গানবোৰ তই ৰাখি থৈছ মই ভাল পাইছো।
মাইকেল জেকচনৰ প্ৰায়বোৰ গীত জুবিনৰ গীতৰ সৈতে সংগ্ৰহ কৰি থৈছে। আছে তাত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰো বহু কেছেট।
ছিংগাপুৰৰ পৰা আহিয়েই আন কিছু পৰিকল্পনাৰ কথা তেওঁ পাতিছিল। বিশেষকৈ জুবিন গাৰ্গৰ কেছেটবোৰ সংগ্ৰহ কৰিবলৈ যাওতে বহু বিচিত্ৰ অভিজ্ঞতাৰ সন্মুখীন হৈছিল এই সংগ্ৰাহকগৰাকী।
জুবিনে গোৱা গীতৰে কেছেটৰ সংখ্যা ৬হাজাৰৰ অধিক হ’ব। কেছেট- চিডিৰ জামানা গ’ল। মানুহে এইবোৰ এলাগী কৰি ষ্ট’ৰৰূম, পেলনীয়া সামগ্ৰী থোৱা ঠাইত থৈ দিছিল। সেইবোৰৰ পৰা বিচাৰি বিচাৰি বিশালে এইবোৰ সংগ্ৰহ কৰি আনিছে।
যোৱা ২৫/২৬ বছৰে এই কাম কৰি আহিছে তেওঁ অত্যন্ত দায়বদ্ধতাৰে। কেইবা লক্ষাধিক টকা ইয়াৰ বাবে তেওঁ ব্যয় কৰিছে। এই আৰ্কাইভ বা সংগ্ৰহালয় স্থাপনৰ বাবে নিজৰ পাকঘৰটোকে ভাগি নতুন ৰূপ দিছে।
প্ৰায়বোৰ কেছেট তেওঁ সজাই থৈছে অতি সুন্দৰকৈ। এতিয়াও ১৩/১৪টা মান কাৰ্টুনত আছে যথেষ্ট সংখ্যক কেছেট। জুবিনে এইবোৰ চাই বিশালক কৈছিল- তই এইবোৰ কাকো নিবলৈ নিদিবি ইয়াৰ পৰা। ইয়াৰ পৰা ওলাই গ’লেই হেৰাই যাব। এইবোৰ বৰ ডাঙৰ সম্পদ।
বিশালে জুবিন গাৰ্গৰ কেছেট বিচাৰি হাঁহৰ উমনি লোৱা গড়ালতো সোমাব লগা হৈছে। তাতে থৈ দিয়া কেছেট বিচাৰি লৈ আহিছে। সেইবোৰ বহু কথা। জুবিনৰ অনুপস্থিতিতো বিশালৰ এই আৰ্কাইভে জুবিনৰ এখন সম্পূৰ্ণ পৃথিৱী।
বিশালৰ এই কৰ্মৰ সাক্ষী হৈ সেইদিনাই হেনো জুবিন গাৰ্গে অনুভৱ কৰিছিল- তেওঁৰ জন্মদিনৰ দৰে। অসমৰ পৰাই নহয়, বহিঃৰাজ্যৰ পৰাও তেওঁ সেইবোৰ সংগ্ৰহ কৰি আনে। খবৰ পালেই তাৰ পাছত দৌৰে।
চিডি কেছেটৰ ডিষ্ট্ৰিবিউটবোৰৰ সৈতে তেওঁৰ এনেকৈয়ে বন্ধুত্ব হৈ গৈছে। মানুহৰ ঘৰে ঘৰে জুবিনৰ কেছেট বিচাৰোতে কেতিয়াব যদি জখলাত উঠিছে, কেতিয়াব সাপে খেদিছে। তথাপিও তেওঁ এই কাম অৱ্যাহত ৰাখিছিল।
জুবিনে পৰামৰ্শ দিছিল- কেছেটবোৰ সজাই থোৱা ৰেগবোৰৰ ওপৰত গ্লাছ লগাবলৈ। বিশালে ভাবিছিল- জুবিন গাৰ্গে গান গাই বিশ্ব অভিলেখ কৰা অভিলেখটোৰ আনুষ্ঠানিক স্বীকৃতিৰ বাবে গীনিজ ৱৰ্ল্ড ৰেক’ৰ্ডত আবেদন কৰিব। কিয়নো সকলো তথ্য তেওঁৰ হাততেই আছে।
জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁ সেই কাম পৰিয়ালৰ লোকৰ সৈতে পৰামৰ্শ লৈ আগবঢ়াই নিব। জুবিন গাৰ্গৰ অটোগ্ৰাফ আছে তেওঁ সংগ্ৰহ কৰা জুবিনৰ নিজৰ এলবামবোৰত। জুবিনৰ বহু পুৰণি ফটো, জুবিনৰ গ্ৰন্থ, জুবিন বিষয়ক লেখা- আলোচনী আদিও তেওঁ সংগ্ৰহ কৰি ৰাখিছে এই সংগ্ৰাহালয়ত।
মানুহৰ ভিৰ লাগিছে এতিয়া তাত। বহু মানুহ আহিছে সংগ্ৰহালয় চাবলৈ। লণ্ডনৰ পৰা অহা এক দম্পত্তীয়েও দৰ্শন কৰি গৈছে তেওঁৰ এই সংগ্ৰহালয়। বিশালৰ বাবে এয়া প্ৰাণ। তেওঁ সযতনে ৰাখিব জুবিনক এনেদৰে জীয়াই। তেওঁৰ কাণত এটা কথাই এতিয়া বাজি থাকে।
সেইদিনা এই সংগ্ৰহালয়টো জুবিনে উদ্বোধন কৰিবলৈ আহি অভিভূত হৈ বিশালক এটা কথা কৈছিল। সেই কথা বিশালৰ কাণত, মনত ৰৈ যাব চিৰকাল। জুবিনে কৈছিল- বিশাল তই কি কৰি দিলি…