/asomiyapratidin/media/media_files/2025/02/26/0ABYIfyqEv2WhnwH5JbW.png)
মৃদুল কুমাৰ সন্দিকৈ
সৰুসজাই ষ্টেডিয়ামত ঝুমইৰ বিনন্দিনী অনুষ্ঠান ২৪ ফেব্ৰুৱাৰী সোমবাৰে সুকলমে অনুষ্ঠিত হৈ গ'ল। এই অনুষ্ঠানৰ সাক্ষী হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোডীক উষ্ম আদৰণি জনোৱা হৈছিল।
মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই সৰুসজাই ষ্টেডিয়ামত সেই মুহূৰ্তত উপস্থিত থকা প্ৰধানমন্ত্ৰী মোডীৰ হাতত চাহ জনগোষ্ঠী সকলৰ সংস্কৃতিৰ অন্যতম অংশ এখন ধনু উপহাৰ দিবলৈ আগবাঢ়িছিল। ঘোষকে এই কথা ঘোষণা কৰাৰ সময়ত ষ্টেডিয়ামৰ গেলাৰীত থকা এজন যুৱকে কাষত থকা সংগী সকলক কৈছিল- প্ৰধানমন্ত্ৰী মোডীক মুখ্যমন্ত্ৰীয়ে এতিয়া উপহাৰ দিব খোজা ধনুখন মই বনোৱা।
চাহ জনগোষ্ঠী সকলৰ কৃষ্টি-সংস্কৃতি প্ৰতিনিধিত্ব কৰি প্ৰধানমন্ত্ৰীৰ হাতত এই উপহাৰ তুলি দিয়া মুহূৰ্ততো প্ৰতিজন চাহ জনগোষ্ঠীয় লোকৰ বাবে এক বিৰল অনুভৱ আছিল। সেই অনুভৱতকৈ আৰু অধিক বিশেষ অনুভৱ আছিল বাক্সা জিলাৰ ফাতেমাবাদ চাহ বাগিছাৰ এই যুৱকজনৰ বাবে।
তেওঁ কৈ গৈছিল কেনেকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে এই বিশেষ ধনুখন বনোৱাৰ সুযোগ লাভ কৰিছিল। ফাতেমাবাদ চাহ বাগিছাৰ মাংগৰা লাইনৰ এখন ৰাজহ গাঁও ৰঘুবিল। এই গাঁৱতে তেওঁ জন্ম। নাম মনচুক চাংকাৰিকা।
তেওঁ পিতৃ-মাতৃ আৰু উপৰি পুৰুষ চাহ বাগানৰ সৈতেই জড়িত। ২১ ফেব্ৰুৱাৰীৰ দিনা তেওঁলৈ হঠাত এটা ফোন আহে। ফোনটো কৰিছিল আদিবাসী ডেভেলপমেন্ট কাউন্সিলৰ ইএম আমিত বেখে। ফোনত তেওঁ জনালে যে চাহ জনগোষ্ঠী সকলে ব্যৱহাৰ কৰা এখন ধনু তেওঁক প্ৰধানমন্ত্ৰীক উপহাৰ দিব বাবে বনাই দিব লাগে।
এই দায়িত্ব পোৱাৰ পাছত তেওঁ পিছদিনা পুৱাৰ ভাগৰ পৰা সেই কামত লাগি গ'ল। তাৰ পূৰ্বে সেই ধনুখন কেনে ধৰণৰ হ'ব পাৰে তাৰ নমুনা হিচাপে কেবাখনো ফটো আমিত বেখলৈ প্ৰেৰণ কৰিছিল। সেই ফটোত দিয়া ধনুবোৰ তেওঁ পচন্দ নকৰিলে।
বেখে ক'লে সেইবোৰ সাধাৰণ যেন দেখাত হ'লেও ভালকৈ পলিচ কৰি সুন্দৰভাৱে নিৰ্মাণ কৰা হ'ব লাগে। ইয়াৰ ভিত্তিতে তেওঁ ৪ খন ধনু ২২ ফেব্ৰুৱাৰী দিনা সাজু কৰিলে। সেই ধনু কেইখন লৈ বাক্সাৰ পৰা তেওঁ ৬ বজাত ওলাই আহিলে গুৱাহাটী অভিমুখে।
গুৱাহাটী লক্ষ্মী নগৰত ৪ খন ধনুৱে তেওঁ আমিত বেখৰ হাতত দিলে। প্ৰধানমন্ত্ৰীক উপহাৰ দিবলৈ অনা সামগ্ৰী সমূহ বিশেষভাৱে নিৰাপত্তৰক্ষীয়ে আগতীয়াকৈ পৰীক্ষা কৰে। তাৰ পাছত তেওঁ ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ হাতত তেওঁ বনোৱা এখন ধনু মুখ্যমন্ত্ৰীয়ে উপহাৰ হিচাবে তুলি দিয়া দৃশ্য দেখি অভিভূত হৈ পৰিছিল।
সেই অভিজ্ঞতা আৰু অনুভৱ ব্যক্ত কৰি চাহ জনগোষ্ঠীৰ এইগৰাকী যুৱক মনচুকে ক'লে- সেয়া আমাৰ বাবে আছিল পৰম প্ৰাপ্তি। ধনুকাড়ে আমাৰ অস্ত্ৰ। প্ৰধানমন্ত্ৰীৰ হাতত আমাৰ পৰম্পৰা অৰ্পণ কৰাত আমি অত্যন্ত সুখী। প্ৰতিজন চাহ জনগোষ্ঠীয় লোকে সুখ আৰু গৌৰৱ অনুভৱ কৰিছিল।
লগতে তেওঁ জনালে, ঝুমইৰ নৃত্যক লৈ চৰকাৰে লোৱা এই পদক্ষেপে চাহ জনগোষ্ঠীয় লোকৰ প্ৰতি এক সন্মান প্ৰদৰ্শন কৰা হ'ল। মুখ্যমন্ত্ৰীলৈ হেনো তেওঁ ৱাটচএপত এটা মেছেজ দিছিল। বৰ সযতনেৰে তেওঁ সেই মেছেজ আজিও মোবাইলত সাঁচি ৰাখিছে।
২০২৩ চনৰ ২ ডিচেম্বৰ আছিল সেইদিনা। মুখ্যমন্ত্ৰীৰ ৱাটচএপ নম্বৰত তেওঁ লিখিছিল এটা দীঘল বাৰ্তা। মুখ্যমন্ত্ৰীয়ে হাতযোৰ কৰা ইম'জি এটা দি সেইদিনা তেওঁৰ সেই বাৰ্তাৰ প্ৰাপ্তি স্বীকাৰ কৰিছিল। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মালৈ তেওঁ এই বাৰ্তাৰ জৰিয়তে এটা বিশেষ বিষয় উত্থাপন কৰিছিল।
মনচুক চাংকাৰিকাই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা বাৰ্তাটো আছিল এইটো- "Sir চাহ বাগিছা ৰ ২০০ বছৰ বৰ্ষপূৰ্তি আৰু অমৃত কালৰ মহোৎসৱৰ ক্ষণত চাহ শ্ৰমিকৰ বাবে এক জীয়াই থকাৰ প্ৰত্যাহবান ৰূপে হৈ পৰিছে মাটিৰ সমস্যা।
শ্রমিক যেতিয়া লৈকে বাগিছাত কাম কৰি থাকে তেতিয়ালৈকে বাগিছাৰ কোৱাটাৰত থাকে কিন্তু অৱসৰৰ পাছত অঘৰী। কাৰণ বাগিছাৰ পৰা ঘৰ খালি কৰিবলৈ জাননী দিয়া হয়। শ্ৰমিকৰ আটাইতকৈ বেয়া তথা ইমান বছৰে কাম কৰি নিজৰ বাবে এডোখৰ মাটি তথা পৰিয়ালৰ বাবে একো কৰিব নোৱাৰে।
সেই বাৱে বহু শ্রমিকৰ লৰা-ছোৱালী ও বাহিৰলৈ কাম কৰিবলৈ যায়। মোৰ বিনম্র অনুৰোধ আৰু হাতযোৰ কৰি প্ৰাৰ্থনা জনাইছো যে চাহ শ্ৰমিকৰ এই সমস্যা চিৰ জীৱনলৈ চিৰ স্মৰণীয় হৈ থকাকে চাহ শ্রমিকে দখল বা আৱন্টন পোৱা কোৱাটাৰ সীমা তেওঁলোকৰ নামত কৰি দিয়াটো আটাইতকৈ ডাঙৰ সিদ্ধান্ত হব।
আপুনি আদিবাসী তথা চাহ শ্ৰমিকৰ ত্ৰানকর্তা হিচাপে চিহ্নিত হৈ পৰিছে। আপোনাৰ বাহিৰে আৰু এজনে এই পদক্ষেপ ল'ব নোৱাৰে। আমি সকলোৱে আপোনাৰ ভৰসাত আছো। মই বাগিছাতো প্ৰচাৰ কৰো আপুনি আছে মানে আদিবাসী জিন্দাবাদ হৈ আছে।
মোৰ আটাইতকৈ তথা মোৰ পৰিয়ালৰ প্ৰিয় জন আপুনি। সদায় আশা কৰো, কৰি থাকো কেতিয়াবা সপৰিয়ালে মানাস আহিলে লগ পাম বুলি। চাহ শ্ৰমিকৰ মনৰ কথা কলো আশা কৰো কিবা সমাধান সূত্র উলিয়াই সকাহ দিব।"
মুখ্যমন্ত্ৰীক তেওঁ চাহ জনগোষ্ঠীয় লোকসকলৰ এক ডাঙৰ সমস্যাৰ কথা অৱগত কৰিছিল। সেইদিনা মুখ্যমন্ত্ৰীয়ে ঝুমইৰ বিনন্দিনী অনুষ্ঠানত আদৰণি ভাষণ দি ঘোষণা কৰিলে চাহ বাগানৰ লাইনত বাস কৰা চাহ শ্ৰমিক সকলৰ মাটি সমূহ তেওঁলোকৰ হ'ব। এই মাটি পট্টা শ্ৰমিক সকলে পাব।
এই খবৰে তেওঁক আনন্দিত কৰিছিল। কিয়নো তেওঁ মুখ্যমন্ত্ৰীক এনে এক সিদ্ধান্ত ল'ব বাবে অনুৰোধ কৰিছিল। পূৰ্বতে আদিবাসী ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক আছিল মনচুক চাংকাৰিকা। বৰ্তমান তেওঁ ফাতেমাবাদ চাহ বাগিছাৰ এগৰাকী চাকৰিয়াল।
শ্ৰমিক কল্যাণ বিষয়া তেওঁ। ২০১৬ ত এই চাকৰিত তেওঁ যোগদান কৰিছিল। চাহ বাগানে এতিয়াও তেওঁৰ জীৱন। কিন্তু তেওঁ আজি বিৰাট সুখী। প্ৰধানমন্ত্ৰী মোডীৰ বাবে ধনু আৰু চাহ বাগানৰ লাইনৰ মাটি চাহ শ্ৰমিকৰে হ'ব বুলি কৰা ঘোষণাৰ আঁৰৰ এইজন চাহ জনগোষ্ঠীয় যুৱক।