কিজানি এইখন চয়তানৰে পৃথিৱী হৈ পৰিছে ! কি পাতিব লাগে, কি আলোচনা কৰিব লাগে আৰু আমি কি পাতি আছো আজি ! শক্তিশালী সামাজিক মাধ্যমত কোনো লক্ষ্মণৰেখা নথকাৰ কাৰণেই কোনে, কি কৰি আছে তাৰ একো উৱাদিহ নোহোৱা হৈছে।
এচামে পডকাষ্টৰ নামত চয়তানৰ চৰ্চা চলাইছে। আৰু সেইবোৰকে আমি চাই তেনে এচাম চয়তানৰ পৃষ্ঠপোষকক উৎসাহিত কৰি গৈছে। ৰীল বনোৱাৰ নামতো এচাম মানুহ আজি ইমান তললৈ গুচি গৈছে যে জীৱ-জন্তুৰো থকা লাজকণো সেই চামৰ আজি নাই।
এই অৱক্ষয়ে আমাক মানুহ কৰি ৰখা নাই। কেৱল এখন এজাহাৰ, এজন- দুজন মানুহৰ আপত্তিয়ে তেঁওলোকক চুব নোৱাৰে। সেই শিপা এতিয়া বৰ বেয়াকৈ সমাজত বিয়পি পৰিছে। চিন্তাশীল আৰু বিবেকবান মানুহৰ বাবেই এইবোৰ সমস্যা আন সমস্যাতকৈ জটিল হৈ পৰিছে।
কিয়নো ডিজিটেল পৃথিৱীখনৰ এই পৰিৱেশে আমাৰ নতুন প্ৰজন্মৰ, নতুন মানসিকতা গঢ়ি তোলে। য’ত এতিয়া কাৰো প্ৰতি অকণমানো শ্ৰদ্ধা, সামাজিক দায়ৱদ্ধতা, ভয়- ভক্তি নোহোৱা হৈ পৰিছে। আগতে মানুহে কি ক’ব বুলি সমাজৰ প্ৰতি থকা ভয় এতিয়া মানুহে কি কয়, কিয় লাগে জাতীয় প্ৰত্যাহ্বানলৈ ৰূপান্তৰ হৈছে।
এনেকৈ আৰু কিমান দিন মানুহ মানুহ হৈ থাকিব সেই ভয়ে এতিয়া বহুতকে খুলি- খুলি খাইছে। এতিয়া চলিছে পডকাষ্টৰ সন্ত্ৰাস ! এতিয়া চলিছে ৰীলছৰ সন্ত্ৰাস ! বেছি মানুহে চালে বেছি উপাৰ্জন হোৱা ধাৰণাত সৃষ্টিশীলতাৰ পৰা আঁতৰি প্ৰদৰ্শনধৰ্মীতাক বহুতে আদৰি লৈছে।
অতি ব্যক্তিগত বুলি যেন কোনো কথা নাই। ভাল –বেয়া, বাচ- বিচাৰ নোহোৱা হৈছে। মুঠতে ভিউছ নামৰ বেমাৰত আক্ৰান্ত হৈ পৰিছো আমি। চানমাৰি থানাত ২৬ চেপ্তেম্বৰ ২০২৪ত এখন এজাহাৰ দাখিল কৰিলে আসাম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে।
এজাহাৰত অভিযোগ কৰা মতে হিমাশ্ৰী শইকীয়া নামৰ এগৰাকী যুৱতীয়ে অন্ধবিশ্বাসৰ পৃষ্ঠপোষকতা কৰিছে। তেঁও পডকাষ্টত চয়তানক পূজাৰ পৰা এটা সংগঠনৰ উদ্দেশ্যে আৰু লক্ষ্য মুকলিকৈ প্ৰকাশৰ সুযোগ দিছে। জাম্পিং স্পাইডাৰ ষ্টুডিঅ’ নামৰ ফেচবুক পেজত এৰি দিয়া হৈছে এই ভিডিঅ’।
যিখন ৰাজ্যত অশিক্ষিত হ’লেও অন্ধবিশ্বাস- ডাইনীৰ বিৰুদ্ধে বিৰুৱালা ৰাভাৰ দৰে নাৰীয়ে যুঁজ কৰি গৈছে, সেইখন ৰাজ্যতে এগৰাকী উচ্চ শিক্ষিত যুৱতীয়ে এজন অপ্ৰকৃতিস্থ যুৱকক মাতি আনি সুধিছে- ইলুমিনিটিৰ কথা। সেই যুৱকেও কৈ গৈছে- এখন সুস্থ শিক্ষিত সমাজৰ বাবে চয়তান শক্তিৰ প্ৰয়োজনীয়তাৰ কথা।
কি আচৰিত কাৰবাৰ ? এনে কৰাৰ আগতে এই সাক্ষাতকাৰ লোৱা যুৱতীগৰাকীৰ মনলৈ এবাৰো নাহিল নে এইবোৰ চয়তানী কথাই যেন সমাজখনত বেয়া প্ৰভাৱ পেলাব পাৰে। নাভাবিলে নে –পানী কেঁচুৱাক ভয় খুৱাই উত্তেজিত কেঁচুৱাৰ গল কাটি তেজ খাব পৰা পিশাছবোৰৰ কথা পতাটো কিমান অপৰাধ হ’ব পাৰে।
ড্ৰাগছ, সুৰা আদি সামাজিক ব্যাধিবোৰে নৱপ্ৰজন্মক বিপথে নিয়াৰ সময়ত কি প্ৰয়োজন আছিল পাশ্চাত্যৰ অসৎ বিষবাষ্পবোৰ শংকৰ- আজানৰ দেশত বিয়পাবলৈ। চয়তানৰ সৈতে পতা চয়তানী কথাবোৰে অসমীয়া সমাজখনৰ কি উপকাৰ সাধিব ? বৰঞ্চ অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজা অসমীয়া সমাজখনৰ যুঁজখনক তুচ্চ্য-তাচ্চিল্য কৰাৰ পৰিৱেশ ৰচনা কৰা হৈছে।
এইগৰাকী যুৱতীয়ে পূৰ্বতেও এনেধৰণৰ অন্ধবিশ্বাসজনিত ভিডিঅ’ প্ৰস্তুতেৰে ভিউজ বুটলাৰ অভিযোগ আছে। মানুহে তেঁওৰ ভিডিঅ’ চাই বুলি গঢ়ি লোৱা আত্মবিশ্বাসৰ বাবেই যি ইচ্ছা তাকেই কৰে। ভুত- প্ৰেত বিচাৰি ফুৰে তেঁও।
মানুহৰ ৰোষত পৰাৰ ভয়ত এই ভিডিঅ’ অন্ধবিশ্বাস বিয়পোৱাৰ বাবে নহয় বুলি সতৰ্কবাণী লিখি দি ইয়াকে কৰে তেঁও। এয়া যে এক গুৰুতৰ অপৰাধ। তথাপিও তেনে কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা নহয়। সামাজিক মাধ্যমবোৰৰ কৰ্তৃপক্ষক সতৰ্ক কৰি দিয়াৰ প্ৰয়োজন প্ৰশাসনৰ। নহ’লে এইসকল মানুহৰূপী চয়তানে তেনে কামেই কৰি যাব।
সৃষ্টিশীলতাৰ বিপৰীতে দায়বদ্ধহীন সাক্ষাতকাৰ, ভিডিঅ’ আদিয়ে তেঁওলোকৰ এতিয়া উপাৰ্জনৰ উৎস। অলপ মানুহৰ মৰম আৰু সঁহাৰি পালেই তেঁওলোক উৰি ফুৰে আকাশত। প্ৰাচীনকালৰ অসুৰ বা চয়তানবোৰৰ দৰেই পাহৰি যায় নিজক, পাহৰি যায় সমাজক।
নিজৰ বাবে নিজেই নিজৰ এডাল লক্ষ্মণৰেখা টানিব নোৱাৰা এই চামৰ বাবে সজাগ, সচেতন লোকসকলে টানি দিব লাগিব লক্ষ্মণৰেখা। নহ’লে প্ৰশাসনে ল’ব লাগিব ব্যৱস্থা। মানুহে চাই থাকে, বহুতে দেখিও একো নকয়। কিন্তু যেতিয়া সকলো সীমা পাৰ হৈ যায় সাধাৰণ মানুহবোৰেই তেঁওলোকক এনে শিক্ষা দিব যি শিক্ষাই তেঁওলোকৰ দম্ভ- অহংকাৰ বাহিৰ কৰি দিব নাকে-মুখে।