/asomiyapratidin/media/media_files/2025/02/14/UjeUhmU9CMt6NB9Q5PxB.png)
মৃদুল কুমাৰ সন্দিকৈ
পত্নীক ভালপোৱাতো অপৰাধ নহয়। পত্নীৰ বাবে কিবা এটা কৰিব পৰাতো স্বামীৰ বাবে গৌৰৱৰ কথা। প্ৰতিজন স্বামীয়ে পত্নীক সুখী কৰি ৰাখিব বিচাৰে। সেই কাম কৰি গৈছে এজন বিতৰ্কিত ৰেঞ্জাৰে। পৰ্বতসম দুৰ্নীতিৰে কেৱল ক’লা ধনৰ পাহাৰ গঢ়া এইজন বিতৰ্কিত বন বিষয়াই পত্নীৰ সামাজিক মৰ্যাদাৰ প্ৰতি সদায় সচেতন।
তেওঁ পাপৰ ধনৰ বলতেই পত্নী এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন জিলাৰ শিশু আৰু মাতৃ গোটৰ সভানেত্ৰী। নাম তেওঁৰ বিজু দত্ত। অলপতে তেওঁক এই পদত অধিষ্ঠিত কৰিছে ধনৰ মোহত অন্ধ হোৱা সংঘৰ এচাম বিষয়ববীয়াই। তেওঁতকৈ অৰ্হতা আৰু প্ৰতিভা থকা বহু লোক থকাৰ পাছতো এই পদবীত তেওঁক অধিষ্ঠিত কৰাৰ প্ৰধান কাৰণ হ’ল ধন।
লাগ বুলিলেই বিজু দত্তই দিব পাৰে লাখ টকা দান। ঘৰলৈ ভকত মাতি হাতত টকাৰ বাণ্ডিল লৈ ভকতৰ হাতত তুলি দিব পাৰে ধন। যাৰ বাবে তেওঁৰ প্ৰতিভা- অৰ্হতা হৈ পৰে গৌণ। অলপতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশন অনুষ্ঠিত হৈ গ’ল যোৰহাটত।
এই অধিবেশনৰ বাবে নামঘৰৰ গুৰু আসন আৰু নামঘৰ নিৰ্মাণৰ বাবে বিজু দত্ত আৰু পৰিয়ালবৰ্গই আগবঢ়াইছিল ২লাখ টকাৰ অনুদান। সেই ধন দুৰ্নীতিৰে চপোৱা ধন। এনেকৈ কিমান দান- বৰঙণি দিয়ে তাৰ হিচাপ নাই।
বিজু দত্তৰ স্বামীৰ নাম ধ্ৰুৱ দত্ত। তেঁৱো শংকৰ সংঘৰ এখন প্ৰাথমিকৰ সভাপতি। ৭৮/১ নং নৰহিলৈদাৰী প্ৰাথমিকৰ সভাপতি ধ্ৰুৱ দত্ত। বন বিভাগৰ ৰেঞ্জাৰ আছিল ধ্ৰুৱ দত্ত। অলপতে তেওঁক চাকৰিৰ পৰা বাধ্যতামূলক অৱসৰ দিলে বন বিভাগে।
ধ্ৰুৱ দত্তই চাকৰি জীৱনত কেৱল কেলেংকাৰীয়েই কৰিলে। ধনৰ বাদে তেওঁ একো নিচিনিলে। এতিয়া গুৰুজনাৰ নামত ভকতি কৰি সেই পাপৰ ধন ছটিয়াই পাপ মোচনৰ চেষ্টাত ব্ৰতী তেওঁ আৰু পৰিয়াল। এনেবোৰ এচাম লোকক লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ চলি গৈছে।
দুৰ্নীতিৰ অভিযোগত নিমজ্জিত এই লোকসকলৰ সংস্থাপন আৰু ভকতিৰ শেষ আশ্ৰয় হৈছে- শ্ৰীমন্ত শংকৰদেৱ সংঘ। যিসকল ভকতে নিষ্ঠাৰে এই অনুষ্ঠানেৰে জড়িত তেওঁলোকৰ মনতে ৰৈ গৈছে বহু প্ৰশ্ন। ৰেঞ্জাৰ ধ্ৰুৱ দত্তৰ কাহিনীৰ একাংশ এয়া-
কৈ থাকিলে ওৰ নপৰে ৰেঞ্জাৰ ধ্ৰুৱ দত্তৰ কাহিনী। বন বিভাগত কৰ্মৰত এইজন বন বিষয়াই কেৱল লুণ্ঠন ৰাজ চলালে বন বিভাগত। বন বিভাগত উঠি ৰজা, বহি ৰজা আছিল ৰেঞ্জাৰ ধ্ৰুৱ দত্ত। এইগৰাকী বন বিষয়াক আখ্যা দিব পাৰি অসমৰ বীৰাপ্পান। যি ঠাইতে তেওঁ নিযুক্তি লাভ কৰিছিল সেই ঠাইতে তেওঁৰ প্ৰথম চকু পৰিছিল বনজ সম্পদ আৰু কাঠৰ ওপৰত।
চোৰাং কাঠ বেপাৰীৰ সৈতে মিলি ধ্ৰুৱ দত্তই কিমান বনাঞ্চল ধ্বংস কৰিলে তাৰ হিচাপ হোৱা হ'লে বন বিভাগৰে চকু কপালত উঠিলহেতেঁন ! টকাৰে সকলোকে মেনেজ কৰিব খোজা ৰেঞ্জাৰ দত্তই জানে কেতিয়া, ক'ত, কি বনজ সম্পদ, কাক বিক্ৰী কৰিব লাগে।
গোৱালপাৰা জিলাত লুণ্ঠনৰাজ চলোৱা ধ্ৰুৱ দত্ত এসময়ত আছিল অসম-নাগালেণ্ড সীমান্তৱৰ্তী নামতোলা বিট অফিচত। বৰ্তমান চৰাইদেউ জিলা আৰু নাগালেণ্ডৰ মন জিলাৰ সীমাত থকা এই বন বিভাগৰ কাৰ্যলয়টো আছিল অতি গুৰুত্বপূৰ্ণ।
২০০৭ চনত নামতোলালৈ বদলি হৈ যোৱা দত্ত এবছৰ তাত আছিল। তেতিয়াই তেওঁ এই বিট অফিচৰ অন্তৰ্গত অভয়পুৰ সংৰক্ষিত বনাঞ্চল তুলি দিছিল চোৰং কাঠ বেপাৰীৰ হাতত।
নাগালেণ্ডৰ কাঠ বেপাৰীক মুকলিকৈ এই বনাঞ্চলৰ কাঠ কাটিবলৈ লাইচেঞ্চ দিছিল কেৱল ধন চিনি পোৱা দত্ত নামৰ এই বন বিষয়াগৰাকীয়ে। তেতিয়া তেওঁ আছিল বিট অফিচাৰ।
কেইবাটাও স্থানীয় দল, সংগঠনে দত্তৰ এনে কাৰ্যৰ বিৰোধ কৰি সেই বনাঞ্চলখনত কিদৰে বন ধ্বংস চলিছিল সেই তথ্য উন্মোচন কৰিছিল। বনাঞ্চলখনৰ ভিতৰত কাটি থোৱা প্ৰকাণ্ড কাঠৰ কুণ্ডাবোৰ বিনা বাধাই মন জিলালৈ লৈ গৈছিল চোৰাং কাঠ বেপাৰীয়ে।
স্থানীয় দল, সংগঠনৰ প্ৰতিবাদৰ পাছত তেওঁক ২০০৮ ত বদলি কৰা হৈছিল নামতোলাৰ পৰা। কংগ্ৰেছৰ এজন নেতাৰ সমন্ধীয় তেওঁ। এটা জাতীয়তাবাদী সংগঠনৰ আন এজন নেতাও তেওঁৰ আত্মীয়। সেই সূত্ৰে দিছপুৰলৈ ভয় কৰা নাছিল দত্তই।
দ্বিতীয়বাৰৰ আকৌ নামতোলালৈকে ২০১১ চনত তেওঁ বদলি হৈ গৈছিল। শিৱসাগৰ জিলাৰ বন বিভাগৰ মেম' নং ২৬৩/২৩/১১/২০১১ৰ জৰিয়তে তেওঁক বদলিৰ নিৰ্দেশ দিয়া হৈছিল। সেইবাৰো তেওঁ নামতোলাত এবছৰমান থাকিয়েই অভয়াপুৰ সংৰক্ষিত বনাঞ্চলৰ অসম-নাগালেণ্ডৰ সীমান্তত থকা প্ৰায়বোৰ গছ কাটি তহিলং কৰিছিল।
দত্তৰ পৃষ্ঠপোষকতাতে নাগালেণ্ডৰ গীল্ড প্লাইউডছকে ধৰি কেইবাটাও প্লাইউড ফেক্টৰীলৈ কাঠ চাপ্লাই হৈছিল। লেছাই বন শিবিৰৰ সমীপত বন ধ্বংসৰ যজ্ঞ পতা এইগৰাকী বন বিষয়াই তেতিয়াই শিল, বালি আৰু ঝাড়ু কঢ়িওৱা গাড়ীৰ পৰা মাহেকীয়া কিস্তিত কেইবালাখ টকা সংগ্ৰহ কৰিছিল।
আনকি বনাঞ্চলৰ বন গাওঁ সমূহৰ মানুহৰ পৰাও ধন লোৱাৰ অভিযোগ আছে দত্তৰ বিৰুদ্ধে। সেই একেখন নাটকে ধনৰ বাবে গোৱালপাৰাৰ লক্ষীপুৰত কৰি গৈছিল দত্তই। কেইবাটাও দশকজুৰি অসমত বন ধ্বংসৰ চৰ্দাৰৰ ৰূপত দত্তই দুই হাতে ধন চপাইছিল।
বন বিষয়া দত্তৰ দুৰ্নীতিত অতিষ্ঠ হৈ ৰাইজ উঠি আহি মুখ্যমন্ত্ৰীৰ কাষ পাইছিলহি। তথ্য প্ৰমাণসহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত তেওঁৰ চৰকাৰৰ দিনত সংঘটিত এইজন বন বিষয়াৰ দুৰ্নীতিৰ দস্তাবেজ তুলি দিছিল।
২৯আগষ্ট, ২০২৪ত ৰাজ্যৰ মুখ্য বন সংৰক্ষক আৰু বন বিভাগৰ মুৰব্বীৰ হাততো একেই অভিযোগ তুলি দিছিল কেইবা শতাধিক লোকে। তেওঁ এবাৰ কেইবাজনো চোৰাংকৈ কাঠ ফালি অবৈধ কাঠৰ ব্যৱসায় কৰা কাঠ ফলা মালিকক তেওঁ মাতি আনিছিল।
তাৰ পাছত ভাইৰেল হৈছিল তেওঁৰ এক ভিডিঅ’। সেই ভিডিঅ’টোত দেখা আৰু শুনা কথাবোৰ এনেধৰণৰ আছিল - ‘(এজনলৈ আঙুলিয়াই ৰেঞ্জাৰ ধ্ৰুৱ দত্তই কৈ গৈছে) ইয়াত বহুকেইটা মিল আছে। ইয়াৰ মিলতে বেছি মাল আছে আৰু কাৰো মিলত নাই। মই কৈছো মালটো কমাই ৰাখিবি। ফালিবি-পঠাবি, ফালিবি-পঠাবি। পইচা দিছো মিল চলাইছো, সেইতো মতলবত থাকিলে নহ’ব। এতিয়া ডি এফ অ’ৰ লৈকেহে মেনেজ কৰো। ডি এফ অ’ৰ ওপৰত মেনেজ নকৰো নহয়। কালি গুৱাহাটীৰ পৰা কোনোবা পাৰ্টি আহি গ’ল। খবৰ পালো আগদিনাই। মিল চাব। ইয়াৰ মিলটো দেখিলে মোৰ চাকৰি থাকিবনে? সেইকাৰনে মালটো কমাই ৰাখিবলৈ কৈছো। দুই-এক গাড়ী মাল আছে, ৰাতিৰ ভিতৰতে যাতে মালটো আতঁৰাই দিব পাৰ। লাগে বেলেগ এটা জেগাত ৰাখ...’
এয়া তেওঁৰ দুৰ্নীতিৰ এটা সাধাৰণ নমুনাহে। এইজন বন বিষয়াৰ বিৰুদ্ধে স্থানীয় ৰাইজে ১৭পৃষ্ঠা জোৰা এক অভিযোগনামা প্ৰস্তুত কৰিছিল । অনুসন্ধানত পোহৰলৈ অহা মতে, এইজন বন বিষয়াই যি ইচ্ছা তাকেই কৰে।
২০২৪ৰ ২২জুনত তেওঁ পি এন জি এছ ৱাই আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰা এটা পথ এক্সেভেটৰ লগাই কাটি পেলাইছিল। ইটাখুলিৰ পৰা ধোকাপাৰালৈ যোৱা এই পথটোৰ দৈঘ্য আছিল ৪.০৫কিলোমিটাৰ। যাৰফলত স্থানীয় ৰাইজে যাতায়তৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল।
চৰকাৰী পক্ষকেই তেওঁ বুঢ়া আঙুলি দেখায়। ৰেঞ্জাৰ ধ্ৰুৱ দত্তৰ বিৰুদ্ধে লক্ষীপুৰ থানাত ৰুজু হৈ আছে এটা গোচৰ। লক্ষীপুৰ থানাত ৰুজু হোৱা গোচৰটোৰ নম্বৰ- ৬৩। ভাৰতীয় দণ্ডবিধি আইন আৰু আছাম ফৰেষ্ট ৰেগুলেশ্যন এক্টৰ অধীনত ৰুজু কৰা এই গোচৰত আজগৰ আলী নামৰ এজন সচেতন যুৱকে অভিযোগ কৰা মতে, বন বিভাগৰ আৱাসগৃহৰ ধুমুহাত বাগৰি পৰা গছবোৰ বিক্ৰী কৰি সেই ধন ৰেঞ্জাৰ ধ্ৰুৱ দত্তই আত্মসাৎ কৰিছিল।
পলমকৈ হ’লেও বন বিভাগৰ এই দুৰ্নীতিগ্ৰস্ত বিষয়াজনে বাধ্যতামূলক অৱসৰ ল’ব লগা হ’ল। তেওঁৰ সম্পত্তিৰ তালিকা কেইবা পৃষ্ঠাৰ হ’ব। দুৰ্নীতি তদাৰকী শাখাই তদন্ত কৰিলে সেইবোৰ ওলাব। সেইজন ধ্ৰুৱ দত্তৰ ধনেৰে সম্বৃদ্ধ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ।
পত্নীক ধনৰ বিনিময়ত সংঘত দিছে বিষয়বাব। দুৰ্নীতিৰ বিচাৰ বাৰু আইনে কৰিব, কিন্তু এইবোৰ দুই নম্বৰী মানুহৰ বিচাৰ সংঘৰ মজিয়াত কৰিবনে কোনোবাই ? নে তেওঁলোকেই সংঘত হৈ থাকিব সদায় হৰ্তা-কৰ্তা বিধাতা ?