ঘৰ থাকে, ঘৰ থাকিও কেতিয়াবা ঘৰ নাথাকে। জীৱনৰ বহ্নিবেলা আপোন মানুহবোৰ ঘৰত নাথাকিলে তেনে ঘৰ ঘৰ হৈ নাথাকে। নিঃসংগতাৰ এপিয়লাত শোহা দিলে নাকত লাগে চিনাকি পুৰণি দিনৰ সোণালী সুবাস। সংযোগহীন সেই জীৱন হৈ পৰে অভিশাপসদৃশ।
কেইজনমান বৃদ্ধ মানুহ। এখন হোটেলৰ কোঠাত তেঁওলোক সমবেত হৈছে। সংগ দিছে ইজনে সিজনক। কথা পাতিছে জীৱনৰ, কথা পাতিছে সমাজৰ। এয়াইতো এক প্ৰাপ্তি, সান্নিধ্যৰ উমাল অন্তৰংগতাই জীপাল হোৱা নিজৰ কিছু সময়।
মহানগৰীৰ ৰটাৰী ক্লাৱ ছাউথৰ এইখন ২৩০৩ সংখ্যক সাপ্তাহিক বৈঠক। গভীৰ আত্মীয়তাৰে তেঁওলোক একত্ৰিত হৈ সেইদিনা কথা পাতিলে সাংবাদিকতা, সাম্প্ৰতিক সময় আৰু অভিভাৱক সমাজৰ দায়িত্ব তথা ভূমিকাৰ বিষয়ে। বক্তা আছিল বিশিষ্ট সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত।
মূল বিষয়টোৰ সন্দৰ্ভত এক আবেগিক আৰু তথ্যসমৃদ্ধ ভাষণেৰে সাংবাদিকতাৰ বৃত্তিৰ সন্মুখত আহি পৰা বিভিন্ন প্ৰত্যাহ্বানকলৈ ৰেখাপাত কৰিলে বিশিষ্ট সাংবাদিকগৰাকীয়ে। জ্যেষ্ঠ উপস্থিত লোকসকলৰ মনত ৰৈ গ’ল তেঁও কোৱা সংযোগ আৰু সম্পৰ্ক বিষয়ক কথাবোৰ।
আনন্দবজাৰ পত্ৰিকাৰ সেই বিখ্যাত চিঠিখনৰ পৰা আৰম্ভ কৰি ৰমেন বৰুৱালৈকে বহু উপকাহিনীৰ মাধ্যমেৰে উপস্থাপন কৰিলে সাংবাদিকতাৰ ধৰ্ম পালন কৰিবলৈ যাঁওতে আহি পৰা বাধাবোৰ। উপস্থিত অভিভাৱকসদৃশ লোকসকলে শুনি গ’ল সময়ৰ এই বাস্তৱবোৰ।
ক্লাৱ মানেই কেৱল উপভোগ আৰু আনন্দৰ মাজেৰে সময় পাৰ কৰিবলৈ কটোৱা এটা ঘৰ নহয়। নহয় ইয়াৰ বাবে সমবেত হোৱা কিছু লোকৰ অৱসৰ বিনোদনৰ উৎস। গভীৰ আত্মবিশ্বাস আৰু দায়িত্ববোধেৰে সমাজৰ বাবে কৰিব লগা কামবোৰৰ আৰম্ভ এনে মঞ্চৰ পৰাই হ’ব পাৰে ! সেই আহ্বান আছে এই মঞ্চখনত।
ইতিবাচক দৃষ্টিৰে দৃষ্টিপাত কৰিব খোজা বিষয়বোৰ জীৱনমুখী চেতনা আৰু চৈতন্যৰে সম্বৃদ্ধ কৰিব পাৰি ইয়াত। সেই কামেই কৰি আছে ৰটাৰী ক্লাৱৰ সচেতন লোকসকলে। এই উদ্যোগে এখন সুস্থ সমাজ গঢ়াত সহায় কৰিব। যান্ত্ৰিকতাৰ মাজত বিনষ্ট হোৱা আত্মীয়তাৰ বাটবোৰ খুলি দিব।
এয়া যে জটিল সময়। কাৰো বাবে সময় নথকা সময় এয়া। কোনো কাকোৱেই প্ৰয়োজনত চিনি নোপোৱা নিঃসংগ বাস্তৱ। তাৰমাজত আমাৰ কৰণীয় কি ? কোন দিশে আমি আগবাঢ়িব লাগিব তাৰ নিৰ্দেশনা দিব আমাক কোনে ?
সাম্প্ৰতিক সময়ত দিশহাৰা হৈ পৰিছে সকলো। কি সাংবাদিকতা, কি সমাজ জীৱন সকলোৱে পথচ্যুত। সুস্থ বাতাৱৰণ আমি নিজেই আমাৰ বাবে নগঢ়িলে কোনে এই পৰিৱেশ গঢ়িব ? কোনবোৰ খবৰ খবৰ হ’ব লাগে ? খবৰ নোহোৱা খবৰবোৰ যে খবৰ হয় সেয়াহে এতিয়া এটা ডাঙৰ খবৰ।
বহু খবৰ আমাৰ হাতত থাকে। সেই খবৰবোৰ সাংবাদিকে লিখিব নোৱাৰে। খবৰবোৰৰ আঁৰত আন বহু লোকৰ জীৱন জীৱিকা আৰু মৰ্যাদাৰ কথা জড়িত হৈ থাকে। জানিও সেই খবৰবোৰ লিখিব নোৱাৰৰ দুখত সাংবাদিক বিবেক দংশনত ভোগে।
এচামৰ বাবে সাংবাদিকতা বিলাস। আন এচামৰ বাবে সাংবাদিকতা সেৱা। কিছুৱে সাংবাদিকতাক সংগ্ৰামৰ মাজেৰে ভৰা জীৱিকা হিচাপে গ্ৰহণ কৰে। তেনে সাংবাদিকতাৰ আচলতে কি, কাৰ ওচৰত আছে প্ৰকৃত সংজ্ঞা। এইবোৰ বিশ্লেষণ সেইদিনা এই মঞ্চতে কৰা হৈছিল।
চকু সেমেকি পৰা মানুহবোৰে উপলব্ধি কৰিছিল জীৱনৰ সন্ধিক্ষণত ৰৈ এনে বাস্তৱতাক। এই মানুহখিনিক আগুৱাই নিবলৈ এয়া এক নিৰন্তৰ প্ৰয়াস। এনে কথাবোৰ আলোচনা কৰাৰ এই সহৃদয়তাৰে ভৰা পৰিৱেশে সামাজিক দৃষ্টিৰে আমাক শুদ্ধ আৰু সঠিক পথৰ সন্ধান দিয়াৰ কচৰৎ কৰাৰ অৱকাশ দিয়ে।
তেঁওলোকে প্ৰকাশ কৰে ১৫দিনীয়া এখন বুলেটিন। নাম উদয়ণ। ৰটাৰী ক্লাৱ গুৱাহাটী ছাউথৰ শেহতীয়া এই পষেকীয়া বুলেটিনখনৰ আৰম্ভণিতে আছে দালাই লামাৰ উক্তি –“Just one small positive thought in the morning can changed your whole day.”
পুৱাৰ এটা ইতিবাচক চিন্তাই আপোনাৰ দিনটো সলনি কৰি দিব পাৰে। এইয়াওতো এক অনুৰূপ পদক্ষেপ। দুৰ্গতজনৰ কাষত মানুহ। মানুহৰ কাষত মানুহ। সুস্থ সমাজ গঢ়াৰ চেষ্টাত এচাম সচেতন মানুহৰ সমদল।
আধুনিকতা আৰু আভিজাত্যৰ ভৰত জীৱনৰ বিয়লি বেলা দিশহাৰা হোৱা বহু মানুহৰ বাবে এয়া হ’ব অমৃত সুধা।
যিসকল লোকৰ উদ্যোগত এই মহান কাম হৈ আছে তেঁওলোক কৃতজ্ঞতাৰ পাত্ৰ। এই ভাল কথাবোৰ চৰ্চা হওক, ভাল চিন্তাবোৰে মানুহৰ মন ভৰি পৰক। মানুহৰ কাষত থাকক মানুহ।