এতিয়া তেঁওক একোৱেই নালাগে !

এতিয়া তেঁওক একোৱেই নালাগে !

New Update
এতিয়া তেঁওক একোৱেই নালাগে !

বহু মানুহ আহিছিল উজান বজাৰৰ সমলয় সূৰ্যলৈ। এইখন তেঁওৰো প্ৰিয় ঠাই আছিল। কৈ গৈছিল- মই মৰাৰ পাছত মোৰ দেহটো ঘৰলৈ নিব নালাগে, সূৰ্যলৈ লৈ যাবি এবাৰ। আহিব কোনোবা যদি মোৰ প্ৰতি কাৰোবাৰ আছে হেঁপাহ।

Advertisment

সপোন আছিল তেঁওৰ বহুত। ভাবিছিল এখন চিনেমা বনাব, নাম দিব ‘অভিযাত্ৰী’। লিখি পেলাইছিল চিনেমাৰ চিত্ৰনাট্য। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ আধাৰত সেই ছবি নিৰ্মাণ কৰাৰ দুৰন্ত আশা তেঁওৰ থাকি গ’ল।

মহেন্দ্ৰ বৰঠাকুৰৰ ‘বৃহন্নলা’ উপন্যাসখন তেঁওৰো প্ৰিয় আছিল। বিশিষ্ট নাট্যকাৰগৰাকীৰ এই উপন্যাসখন তেঁৱো চিনেমা কৰাৰ সপোন দেখিছিল। সেই আশাও তেঁওৰ পূৰণ নহ’ল।

জীৱনেই এখন ৰংগমঞ্চ। সকলোৱে সেই মঞ্চৰ ভাৱৰীয়া। আৰম্ভ হয় জীৱন নাটৰ, অন্ত হয় জীৱনৰ অধ্যায়। সেই জীৱন নাটেই সামৰি গুচি গ’ল এজন প্ৰিয় অভিনেতা। অভিনয় তেঁও মঞ্চত কৰিছিল। জীৱনৰ সৈতে আপোচ কৰা নাছিল।

স্বাৰ্থৰ বাবে কোনো দিনেই একোৱেই কৰা নাছিল। মৌলিকতা আৰু অভিনয়কে সাৰথি কৰি জীৱন দিঙাৰ নাঁও মেলি দিছিল। তেঁও কেৱল কুলদা কুমাৰ ভট্টাচাৰ্যই নাছিল, তেঁওৰ নামেই আছিল এক অনুষ্ঠান।

বিশাল পৰিধিত অভিনয়, পৰিচালনা, আবৃত্তি, সমাজবিজ্ঞানী, সচেতন নাগৰিক সকলো সামৰি লৈছিল। লণ্ডনত পঢ়িছিল তেঁও বিশেষ পাঠ্যক্ৰম। সেই তেতিয়াই তেঁওৰ সহপাঠী আছিল প্ৰফেচৰ চৌৱেংকা। আপুনি হয়তো ভাবিছে কোন এই চৌৱেংকা ? মনত পেলাই দিব লাগিব আপোনাক কিছু খবৰ।

১৯৮৬চনত সাহিত্যৰ ন’বেল বঁটা কোনে পাইছিল ? এজন নাইজেৰিয়ান কবিৰ শিৰত উজলিছিল এই সন্মান। তেঁওৰেইতো বন্ধু আছিল আমাৰ কুলদা ভট্ট। পঢ়িছিল একেলগে দুই প্ৰতিভাধৰ।

তেঁওৰ অবৰ্তমানত সকলোৱে উচুপিছে, তেঁওৰ সৈতে সান্নিধ্যৰ কথা সুঁৱৰিছে, তেঁও পাহৰিলেও মানুহে পাহৰা নাই তেঁওৰ সেই নিয়মানুৱৰ্তীতা জীৱনৰ কথা। আবৃত্তি কৰিছিল তেঁও এটা বিশেষ অসমীয়া কবিতা। কবিতা নহয় যেন এয়া বয়সস্থ লোকসকলৰ বাবে জীৱনৰ শলিতা !

তেঁও প্ৰেৰণাৰ উৎস। জীৱনৰ পানচৈত উটি যোৱা এজন অভিমানী মানুহ। সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ ঢৌ ফালি দিঙা আগুৱাই নিব পৰাকৈ তেঁও মানসিকভাৱে প্ৰস্তুত। মাত্ৰ দুটা দিনৰ অসুস্থতাৰ অজুহাতত তেঁও গুচি গ’ল।

'ৰূপতীৰ্থৰ যাত্ৰা' নামৰ ছবিখনৰ বাবে তেঁও অভিনয় কৰাৰ কথা আছিল এটা চৰিত্ৰত। জ্যোতিপ্ৰসাদৰ পিতৃ হ’লহেতেন তেঁও। চিলোৱা হৈছিল তেঁওৰ বাবে কামিজ, অনা হৈছিল তেঁওৰ বাবে খদ্দৰৰ চুৰিয়া।

উচুপি উচুপি মঞ্জু বৰাই তেঁওৰ নশ্বৰদেহৰ কাষত ৰৈ কৈছিল এই কথা। কিয়নো যোৰহাটত হ’ব লগা এই শ্বুটিঙৰ বাবে কুলদা কুমাৰ ভট্টাচাৰ্য যোৱাৰ কথা আছিল। ইয়াৰ বাবে সকলো সাজু হৈছিল।

সূৰ্যৰ চৌহদত গ্লাচৰ এটা বাকচৰ ভিতৰত তেঁওক থৈ দিয়া আছিল। কোনো কোনোৱে আহি কৈছিলহি- যোৱাগৈ বেণুদা, তুমিতো আৰু কেতিয়াও উভতি নাহা। নাৰ্জী ফুলৰ পাহিবোৰ ছটিয়াই দিওঁতে শোকাহত ফুলবোৰে বিষাদৰ কুঁৱলি ফালি তেঁওক সুঁৱৰিছিল।

কি নাছিল তেঁও ? এজন দুৰ্দান্ত মানুহ। সময় আছিল তেঁওৰ বাবে সময়। নিৰ্ভীকভাৱে ক’ব পাৰিছিল ভুল মানেই ভুল, শুদ্ধ নহয়। লিখিছিল আলোচনীৰ পাতত আবেলিতে ধেমালিতে। তেঁও এখন জীৱনী নহয়, এয়া অতীত আৰু ইতিহাস।

তেঁও বহু দিলে। তেঁও একোৱেই নিবিচাৰিলে। তেঁওৰ গুণমুগ্ধসকলে বিচাৰিছিল এই মানুহজনে কিবা এটা পাওঁক। এই চৰকাৰে চকু মেলি চাওক। তেঁওৰ জীৱনপঞ্জী লৈ দিশপুৰে দিশপুৰে ঘূৰিছিল এজন বিশিষ্ট ব্যক্তি। অনুৰোধ কৰিছিল আন নহ’লেও শিল্পী পেন্সন, শিল্পী বঁটা এটা তেঁওক দিয়া প্ৰয়োজন।

'সাদিন প্ৰতিদিন গোষ্ঠী'য়ে প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা এছিভাৰ এৱাৰ্ড অনুষ্ঠানত নাটক, ধাৰাবাহিক, চলচ্চিত্ৰ আদি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কুলদা কুমাৰ ভট্টাচাৰ্যক ২০২৩ বৰ্ষৰ 'সাদিন' বঁটাৰে সন্মানিত কৰা হৈছিল। সেয়াই আছিল তেওঁৰ এক ৰাজহুৱা স্বীকৃতি।

তেঁওৰ কৰ্মৰাজি দেখি সকলোৱে কৈছিল- হৈ যাব। আনকি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ কাষলৈও গৈছিল সকলো লাজ- মান কাটি কৰি বিশিষ্ট শিল্পী, গীতিকাৰ কৃতীকমল ভূঞা। এইবোৰ আঁৰৰ কথা।

প্ৰতিশ্ৰুতি দিও পূৰণ নকৰিলে। এনে সন্মানৰ গৰাকী বুলিয়েই তেঁওক নাভাবিলে। এতিয়া তেঁও এই প্ৰাপ্তি- সন্মানৰ ঊৰ্ধত। গুচি গ’ল এখন অন্য পৃথিৱীলৈ। এতিয়া তেঁওৰ একোৱেই নালাগে। তেঁওৰ বাবে এই সন্মান অৰ্থহীন। কিন্তু তেওঁ যি দি গ’ল সেয়া অপৰিসীম।

Also Read: গিৰীশ দা, এইবাৰ সভাপতি আপুনি...

Kulada Kumar Bhattacharya