কবিতা মানেই যা-তা নহয়...

কবিতা নিজেই এটা কবিতা। এটা শব্দত লুকাই থাকে বহু কথা। এটা ভাল কবিতা সহস্ৰজন মানুহৰ মনৰ কথা, মনৰ ভাষা হ'ব পাৰে।

author-image
Asomiya Pratidin
New Update
কবিতা মানেই যা-তা নহয়...

kobita

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

কবিতা নিজেই এটা কবিতা। এটা শব্দত লুকাই থাকে বহু কথা। এটা ভাল কবিতা সহস্ৰজন মানুহৰ মনৰ কথা, মনৰ ভাষা হ'ব পাৰে।

কবিতা লিখাৰ হাবিয়াস কেৱল কবিৰেই নাথাকে। কেতিয়াবা দুখত, কেতিয়াবা সুখত কাহানিও কবিতা নিলিখা মানুহ এজন হৈ পৰিব পাৰে কবি।কবিতা কবিৰ বিলাস নহয়।

এতিয়া মাধ্যমৰ অভাৱ নাই। যাৰেই ইচ্ছা, যেতিয়াই ভাৱে লিখিব পাৰে কবিতা। কিন্তু কবিতা মানুহৰ বাবে সন্ত্ৰাস হ'ব নালাগে। কবিতা কবিৰ মনৰ ভাৱৰ আৰু চিন্তাৰ গভীৰতাৰ ৰূপধৰ্মী প্ৰতিফলন।

এজন কবিক লৈ যেতিয়া বিদ্বেষৰ বলি হয় কবিতা তেনে কবিয়ে কবিতা লিখিবলৈ চেষ্টা নকৰাতোয়েই কবিতাৰ বাবে মংগলজনক। যি ইচ্ছা তাকেই লিখিলে শব্দৰ সমষ্টিয়েও কবিতা নহ'ব পাৰে।

কবিতাত প্ৰাণ থাকে। কবিতাত থাকে ভাৱ, অনুভূতিৰ স্পন্দন। ভাল কবিতা এটাই মনৰ ভিতৰত খুলি থৈ যায় দুৱাৰ।সেয়েহে কবিতা পৃথিৱীৰ শক্তিশালী ভাষা। কবিতা লিখি লাঞ্চনাৰ বলি হোৱা কোনো কবি নামধাৰী কবিতাক হৃদয়ংগম কৰিবই নোৱাৰা কবিয়ে ভাল কবিতা লিখিছো বুলি আত্মসন্তুষ্টি লভাও দেখা যায়। সেইবোৰৰ বাবে কবিতা সস্তীয়া জনপ্ৰিয়তা লাভৰ ব্যৰ্থ চেষ্টা।

তেনে কবিৰ কবিতা বিপৰীতে কবিতাক লৈ ডিজিটেল মাধ্যমত এক সম্প্ৰৰীক্ষা কৰাৰ চেষ্টা কৰা হৈছিল। ''অসমীয়া প্ৰতিদিনৰ ডিজিটেল'' সংস্কৰণে আৰম্ভ কৰা এই যাত্ৰা লৈ কবিৰ আকুণ্ঠ সহাঁৰিয়ে আশাৰ নতুন বাট মুকলি কৰিলে।

২৬ জুলাই ২০২২ৰ পৰা আৰম্ভ কৰা ''অসমীয়া প্ৰতিদিন''ৰ এই শিতানলৈ বিভিন্ন স্থানৰ পৰা কবিতা কবি সকলে প্ৰেৰণ কৰি আছে। প্ৰতিভা ভাগৱতীৰ ৰূপকথাৰ সাধুটোৰে আৰম্ভ হোৱা এই ডিজিটেল কবিতাৰ যাত্ৰা, ধাৰাবাহিকতা কবি সকলৰ সহযোগত অব্যাহত থাকিব।

তাৰ মাজতে ভাল লগা কথাতো হ'ল এই শিতানত বহু প্ৰতিষ্ঠিত আৰু দীৰ্ঘদিন ধৰি কবিতাৰ চৰ্চাৰ পৰা আঁতৰি থকা নবীন, প্ৰৱীণ কবিক কবিতা লিখিবলৈ তাগিদা দিয়াৰ এক পৰিৱেশ সৃষ্টি হোৱাটো।

অভিজ্ঞ আৰু নতুন কবিৰ সংমিশ্ৰণেৰে এই কবিতাৰ চৰ্চাৰ পৰিৱেশক আৰু অধিক গাঢ় কৰিবলৈ আমি সকলোৱে দায়বদ্ধতাৰে সাহিত্যৰ চৰ্চাৰ নতুন বুনিয়াদ গঢ়ি তুলিব লাগিব।

যি সকলৰ কবিতা প্ৰকাশ হৈছে সেই কবিতাবোৰৰ উপযুক্ত সমালোচনা, সঠিক মূল্যায়নৰো চেষ্টা কৰা হ'ব পৰৱৰ্তী সময়ত। এতিয়ালৈকে যি সকল কবিৰ কবিতা এই শিতানত প্ৰকাশ কৰা হৈছে তেওঁলোক ক্ৰমে- ৰূপকথাৰ সাধুটো(প্ৰতিভা ভাগৱতী),মেঘালী সপোন(প্ৰিয়ংকা চমুৱা),ঐন্দ্ৰজালিক(প্ৰহেলিকা কৌশিক),সপোনৰ মায়াজাল(লক্ষীপ্ৰিয়া দাস), আইনা মোৰ সহচৰ(কৰবী বৰ্মন কলিতা),দৃষ্টিত সংশয়(মুকুল গোস্বামী), প্ৰজাশান্তি ৰদৰ মাত(ড০ নন্দ সিং বৰকলা), সাংবাদিক(ৰঞ্জিত পাটগিৰি),বুকুত লৈ ফুৰা এটা বাখৰুৱা সপোন(সমীৰণ দত্ত), হাঁহি(নিলোৎপল কুমাৰ), মই হত্যাকাৰী(জিতুমণি ঠাকুৰীয়া), নদী মানুহৰ আজন্ম প্ৰেমিক(ৰয়েল পেগু), জোনাকীৰ দৰে(প্ৰয়াগ শইকীয়া),কৈয়ফৎ (ময়ুৰ কুমাৰ বৰা), মা(পংকজ পৰান), স্বাগত (মনোজ কুমাৰ গোস্বামী), অচিনা অনুভৱৰ অনুভূতি( দুলাল বৰা), শীতৰ ৰাতি অনুৰাগ, সহস্ৰ গাঁঠিৰ বান্ধ( জয়দ্বীপ নাৰায়ণ দেৱ), সৰুতে(বিনয় কুমাৰ মজুমদাৰ), আখাচি(নৱজ্যোতি পাঠ), এতে বেলেগ একো নাই(নিতুল কুমাৰ দত্ত), কৈবত্ত গাউৰ(শান্তনু শৰ্মা), অৰ্থ অভিনৱ( মুকুল গোস্বামী), যযায়ু(অজিত মহন্ত), হৰ হৰ তিৰাংগা(অখিল চন্দ্ৰ গোস্বামী), প্ৰজ্ঞা নাৰী গৌৰৱ অসমৰে( ধ্ৰুৱজ্যোতি শৰ্মা), মোৰ দেশ(মণিকুন্তলা ভট্টাচাৰ্য), পিয়াহ(মোহিত ৰাভা), অনামী(বৰ্ণালী দত্ত বৰা), এজন আধুনিক ৰজা( সংঘামিত্ৰা হাজৰিকা), এটা কোৱাচি কবিতা(প্ৰয়াগ শইকীয়া), নিস্বতা(লাচিত বৰ্মন), মোৰ চহৰত যেতিয়া জুই লাগ(প্ৰশান্ত কুমাৰ বৰ্মন),কলিজাত কবিতাৰ এচলু(চিনু কাকতি শইকীয়া), কোলি কবা নক্লি নাই( মানসজ্যোতি শৰ্মা), জোনাকী পৰুৱাৰ কবিতা(মোহিত ৰাভা), এখন অৰণ্যৰ গাঁও(মিলন মহন্ত), সোঁৱৰণত এক শাব্দি সমদল( মন্দিৰা শৰ্মা), ৰজাৰ হুকুম মানিবই লাগিব(দুষ্মন্ত শৰ্মা), খেতিয়ক(বিকাশ গোঁহাই), দুচকুত সপোন(কল্যানী ডেকা), আগলতি কলাপাত লৰে কি চৰে(ভাৰ্গৱী নাথ),শুভ( প্ৰয়াগ শইকীয়া), চখান সাইৰ্বা য মানহটুক(নিবেদিতা হাজৰিকা), ধেকেৰী মাতে কোইলজা ফাটে( ৰমেন ৰাজবংশী)

কবি আৰু কবিতাৰ এই আত্মীয়তাই এক সুস্থ ৰুচিবোধ আৰু সৃষ্টিকামী তাড়নাৰে নতুনক আগুৱাই যোৱাত অনুপ্ৰাণিত কৰিব বুলি আমি আশাবাদী। লক্ষ্য লোৱা হৈছে নতুন সকলক কবিতা চৰ্চা আৰু ন পুৰণি সকলোৱে পৰস্পৰে পৰস্পৰৰ কবিতা পঢ়াৰ পৰিৱেশ, বিভিন্ন উপভাষাত কবিতাৰ চৰ্চা আৰু কবি সকলৰ মাজত আত্মীক সু সম্পৰ্কৰে গুণগত কবিতাৰ সৃষ্টি কৰা।

অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই প্ৰয়াসলৈ সকলোৰে দুৱাৰ খোলা। কবিতা সমূহ প্ৰেৰণৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰক-

  User
User
assam poet poem