/asomiyapratidin/media/media_files/2025/12/17/bikhekh-lekha-1-2025-12-17-15-50-00.jpg)
মৃদুল কুমাৰ সন্দিকৈ
ইটোৰ পাছত সিটো অভিযোগে জুবিনকেন্দ্ৰিক কথাবোৰ ৰহস্যঘন কৰি তুলিছে। চি আই ডিয়ে দাখিল কৰা ১২হাজাৰ পৃষ্ঠাৰো অধিক অভিযোগনামাৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গক লৈ পিতৃয়ে লিখা কিতাপক লৈ এতিয়া ভিন্নকেন্দ্ৰিক চৰ্চা চলিছে।
কথাবোৰৰ সত্যতা বা অসত্যতাক লৈ সৃষ্টি হোৱা ধাৰণাবোৰ কেতিয়াবা যদি যুক্তিকেন্দ্ৰিক হৈছে, আন কেতিয়াবা আবেগে ক্ৰিয়া কৰা চেতনাই ইয়াক অধিক আলোচনামুখী কৰি তুলিছে। উদাহৰণস্বৰূপে, এছ আই টিয়ে দাখিল কৰা অভিযোগনামাখনক লৈয়ে কেইবাটাও পক্ষ সৃষ্টি হৈছে।
যিবোৰ কথা পোহৰলৈ আহিছে, সেই কথাবোৰৰ সৈতে এক ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি কাৰোবাৰ সুবিধা হোৱাকৈ প্ৰস্তুত কৰা হৈছে, তাক অনুধাৱন কৰাৰ সুযোগ আছে। তাৰ মাজতেই ক্ষমতাশালী লোকসকলে কেতিয়াবা হত্যা, কেতিয়াবা ষড়যন্ত্ৰ আদি অভিযোগেৰে জুবিনৰ মৃত্যুৰ তদন্তকো ৰাজনৈতিক মুনাফা আৰু স্বাৰ্থসিদ্ধিৰ এক জখলা ৰূপে ব্যৱহাৰ কৰিছে সেই কথা বুজাত অসুবিধা নহয়।
জটিলতা আৰু অস্থিৰতাই জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগক নাটকৰ দৰে সংলাপ সদৃশ নেৰেটিভ সৃষ্টি কৰাত এচামে উদ্যোগ লৈছে। তদন্তকাৰী গোটৰ ভূমিকাক লৈয়ো প্ৰশ্ন উঠিছে। যিসকলে গভীৰতালৈ যাব পাৰিছে তেওঁলোকে সাম্ভাৱ্য ফলাফলৰ অনুমান কৰিব পাৰিছে।
শাসক-বিৰোধী সকলোৰে কথাত যুক্তি থাকিলেও বাস্তৱ আৰু সত্য অন্বেষণৰ প্ৰতি দায়িত্বহীনতা প্ৰকাশ পাইছে। আৱেগক জোৰ-জবৰদস্তি সত্যলৈ ৰূপান্তৰ কৰাৰ প্ৰয়াস কৰাতো শুভ কাৰক নহয়। একেদৰে একেবোৰ অভিযোগতে কিছুমানক অভিযুক্ত কৰি, আন কিছু লোকক এৰাই চলা বুলিও মানুহৰ মাজত গুণগুণনি উঠিছে।
আইনজ্ঞসকলে সেয়েহে প্ৰাৰম্ভিক অৱস্থাতেই এই তদন্ত প্ৰক্ৰিয়াক লৈ চূড়ান্ত মতামত নিদিলেও তদন্ত প্ৰক্ৰিয়াই অভিযোগৰ মান্যতাক আদালতত প্ৰতিষ্ঠা কৰিব পাৰিব বুলি ধাৰণা কৰা নাই। এইবোৰ কথা চৰ্চা চলি থকাৰ মাজতে পোহৰলৈ আহিছে আন এক অভিযোগ।
সামাজিক মাধ্যমত চৰ্চা চলিছে জুবিন গাৰ্গক লৈ পিতৃয়ে লিখা এখন কিতাপৰ কথা। যিখন গ্ৰন্থ জুবিন গাৰ্গৰ পিতৃয়ে ২০১০চনত লিখিছিল আৰু গ্ৰন্থখন প্ৰকাশ কৰা হৈছিল ২০১১চনত। ৰাজ্যৰ এটা প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠী চন্দ্ৰ প্ৰকাশে প্ৰকাশ কৰা গ্ৰন্থখনৰ নাম- পিতৃৰ দৃষ্টিত জুবিন।
গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ টাইটেল পেইজত উল্লেখ থকা মতে ডিচেম্বৰ, ২০১১। অৱশ্যে গ্ৰন্থখনৰ উৰ্ছগাত পিতৃয়ে আমাৰ সন্তান-সন্ততি আৰু সকলো শুভাকাংক্ষীলৈ বুলি লিখি তাত স্বাক্ষৰসহ উল্লেখ কৰা তাৰিখটো হ’ল, ৫ফেব্ৰুৱাৰী ২০১০।
আনহাতে গ্ৰন্থখনৰ পাতনিত লিখকে ৰামচা হিল, জয়পুৰ, খাৰঘূলি বুলি উল্লেখ কৰি লিখি থোৱা স্বাক্ষৰসহ দিনটো হ’ল ৫/১২/২০১০। গ্ৰন্থখন সম্পূৰ্ণ কৰাৰ পাছত সম্ভৱত প্ৰায় এবছৰ প্ৰকাশ নকৰাকৈ পেলাই থোৱা হৈছিল বুলি অনুমান কৰা যায় এই তাৰিখবোৰৰ পৰা।
গ্ৰন্থখন প্ৰকাশ পোৱাৰ পাছত গ্ৰন্থপ্ৰেমীৰ মাজত গ্ৰন্থখনৰ প্ৰতি কোনো বিশেষ আগ্ৰহ পাঠকৰ পৰা দেখা পোৱা যোৱা নাছিল। ৰাজগড়ৰ কালাৰ প্লাছত মুদ্ৰণ কৰা গ্ৰন্থখনৰ মূল্য আছিল- ১৪০টকা। কালাৰ প্লাছৰ স্বত্বাধিকাৰীৰ পৰা গ্ৰন্থখনৰ সন্দৰ্ভত জানিব বিচৰাত তেওঁ ক’লে- সকলোবোৰ কথা এতিয়া মনত নাই। গ্ৰন্থখন ১৫বছৰ আগতে তেওঁৰ তাতে প্ৰকাশ পোৱাৰ কথা মনলৈ আহিছিল, যেতিয়া জুবিনৰ মৃত্যুৰ পাছত গ্ৰন্থখন বিচাৰি মানুহে তেওঁৰ সৈতে যোগাযোগ কৰিছিল।
গ্ৰন্থখনৰ কিমান কপি ছপা কৰিছিল, সেই কথাও তেওঁ পাহৰিলে। তথাপিও অনুমানৰ ভিত্তিত তেওঁ এই কথা ক’লে যে, সম্ভৱত ১১০০মান কপি ছপা কৰা হৈছিল। পাঠকৰ মাজত জুবিনৰ মৃত্যুৰ পাছত এই গ্ৰন্থখনৰ চাহিদা বৃদ্ধি হ’বলৈ ধৰে।
গ্ৰন্থ জগতৰে জড়িত আৰু পাণবজাৰৰ খবৰ নখদৰ্পনত থকা এজন প্ৰকাশক তথা বিক্ৰেতাই জানিবলৈ দিয়া মতে, প্ৰায় ৩০০-৪০০কপি প্ৰকাশকৰ গুদামত পৰি আছিল। যেতিয়া পাঠকে কিতাপখন বিচাৰিলে তেতিয়া গুদামৰ পৰা কিতাপবোৰ উলিয়াই বজাৰলৈ এৰি দিয়া হৈছিল। সেই কিতাপবোৰ বিক্ৰী শেষ হোৱাৰ পাছত গ্ৰন্থখনৰ নতুন সংস্কৰণ প্ৰকাশৰ বাবে কিছুদিন ৰ’ব লগা হৈছিল।
চন্দ্ৰ প্ৰকাশৰ এগৰাকী তত্বাৱধায়ক কৰ্মচাৰীৰ সৈতে গ্ৰন্থখনৰ শেহতীয়া বিক্ৰীৰ সন্দৰ্ভত কিছু তথ্য জানিব বিচৰাত তেখেতে এই সন্দৰ্ভত প্ৰকাশন গোষ্ঠীটোৰ বৰ্তমানৰ স্বত্বাধিকাৰী ৰবীন শৰ্মাৰ সৈতে যোগাযোগ কৰাৰ পৰামৰ্শ দিয়ে।
সেই অনুসৰি, ৰবীন শৰ্মাৰ পৰা গ্ৰন্থখনৰ সন্দৰ্ভত আলোচিত কথাবোৰ জানিব বিচৰাত তেখেতে জনায় যে, পৰিয়াল আৰু লিখকৰ অনুমতি সাপেক্ষে গ্ৰন্থখন মুদ্ৰণ কৰি থকা হৈছে যদিও কিমান কিতাপ বিক্ৰী হ’ল সেই কথা লিখক আৰু প্ৰকাশকৰ মাজত সীমাৱদ্ধ থকাতো বিচাৰিছে বুলি উল্লেখ কৰে।
এক সূত্ৰ অনুসৰি, দ্বিতীয় সংস্কৰণৰ গ্ৰন্থ বৰ্তমান বজাৰত উপলদ্ধ হৈ আছে। এতিয়ালৈকে ২৫হাজাৰৰো অধিক এইখন গ্ৰন্থ বিক্ৰী হৈছে। গ্ৰন্থখনৰ বিক্ৰীৰ বাবদ লিখকক ৰয়েলিটী দিয়া হৈছেনে বুলি জানিব বিচৰাত তেওঁলোকে জনায় যে, যি চুক্তি অনুসৰি লিখকৰ সৈতে গ্ৰন্থখন পুনৰ প্ৰকাশৰ বাবে সিদ্ধান্ত লোৱা হৈছিল, সেই অনুসৰিয়েই তেওঁলোকক ৰয়েলিটী দিয়া হৈছে।
মানুহৰ মাজত স্বাভাৱিকতে প্ৰশ্ন উঠিব যে, গ্ৰন্থখনৰ লেখক কপিল ঠাকুৰে পাব লগা ধন পাইছেনে? এক পক্ষই লিখকক ধন দিয়া নাই বুলি তোলা অভিযোগ এতিয়ালৈকে জুবিন গাৰ্গৰ পৰিয়াল বা কপিল ঠাকুৰৰ পৰিয়ালে উত্থাপন কৰা নাই।
জুবিন বিষয়ক বহুবোৰ গ্ৰন্থ পাঠকৰ মাজলৈ আহিছে। প্ৰায়বোৰ গ্ৰন্থই পাঠকৰ পৰা সমাদৰ লাভ কৰিছে। তাৰ ভিতৰত সৰ্বাধিক পাঠকে আদৰি লোৱা গ্ৰন্থখনেই জুবিন গাৰ্গৰ পিতৃয়ে লিখা- পিতৃৰ দৃষ্টিত জুবিন গ্ৰন্থখন।
সকলোৱে বিচাৰে অন্তঃত জুবিন গাৰ্গৰ পিতৃক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব নালাগে। আন এক অন্যায়ৰ বলি হ’ব নালাগে জুবিনৰ পৰিয়ালটো। কি হাৰত বা কিমান ধন প্ৰকাশকে লিখকক দিলে সেই তথ্য বাৰু ৰাজহুৱা কৰিব নালাগে।
কিন্তু একাংশই উত্থাপন কৰা অভিযোগ যে মিছা, সেয়া নিশ্চিত হ’ব লাগে। বহু সময়ত দেখা যায় একাংশ প্ৰকাশকে এনে কিছু কাম কৰে, যিবোৰ কথা লিখকে গমেই নাপায়। কপিল ঠাকুৰৰ ক্ষেত্ৰত তেনে নহওঁক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us