/asomiyapratidin/media/media_files/2025/03/04/PSmDOvF21b1chjjYMklD.jpg)
মৃদুল কুমাৰ সন্দিকৈ
আমাৰ সমাজত এতিয়াও জ্ঞান-বুদ্ধিহীন লোকক বুজাবলৈ এবিধ চাৰিঠেঙীয়া জন্তুক টানি অনা হয়। এই উপমা অশ্লীল নহ'লেও যাক ইয়াৰ সৈতে তুলনা কৰা হয় তেনে তুলনা কৰা ব্যক্তিজনে যথেষ্ট অপমানবোধ কৰে। ৰাজহুৱাভাৱে আমাৰ মন্ত্ৰীৰ দৰে ক্ষমতাশালী লোককো এনে জন্তুৰে তুলনা কৰাৰ উদাহৰণ আছে।
সেইসকল দায়িত্বশীল লোকক এনে উপমাৰে তুলনা কৰাতো আমাৰ সংস্কৃতি নহয়। কিন্তু তেনে উপমাৰ গৰাকী হোৱা লোকসকলৰ আচৰণ প্ৰতি মুহূৰ্তত বেপৰোৱা হ'লে এই অভিধাৰে কোনোবা প্ৰতিষ্ঠিত শিল্পীৰ দৰে তেওঁক অভিহিত নকৰিও ক'ব পাৰি তেওঁ সঁচাই এই জন্তুবিধৰ দৰেই।
অতি সন্মান সহকাৰে এইজন মন্ত্ৰী তথা জনপ্ৰতিনিধি সন্দৰ্ভত এক ধাৰণা ল'বলৈ তেওঁৰ দলৰে এজন সতীৰ্থ বিধায়কে তেওঁ সন্দৰ্ভত দিয়া টিপ্পনীয়ে যথেষ্ট। এক্স হেণ্ডেলত মুকলিকৈ এই বিধায়ক গৰাকীয়ে সেই মন্ত্ৰীজনৰ সন্দৰ্ভত লিখা কথাষাৰ আছিল- "মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ছাৰ অনুগ্ৰহ কৰি জয়ন্ত মল্ল বৰুৱাক দলীয় কাম-কাজত মাত মাতিব নিদিব । তেওঁ জনা উচিত যে, তেওঁৰ এনে অহংকাৰী মনোভাৱে ২০২৪ লোকসভা নিৰ্বাচনত ইতিমধ্যে কেইবাহাজাৰো ভোটৰ ক্ষতি কৰিছে।"
এয়াই হ'ল এই মন্ত্ৰীজনৰ সন্দৰ্ভত এক ধাৰণা। কথা ক'ব নাজানে হেনো এইজন মন্ত্ৰীয়ে। তৈলমৈদন কৰি তেওঁ ব্যক্তিগত ৰাজনৈতিক মুনাফা লুটাত ওস্তাদ। অসমৰ ৰাজনীতিৰ অন্যতম পীঠ স্থান নলবাৰীত তেওঁ সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক ল'ৰাৰজা।
অংগক্ষত ৰাজনীতি আৰু সুবিধাবাদৰ নিদৰ্শন তেওঁ। কাক, কেতিয়া,ক'ত ৰাজনৈতিকভাৱে গটা দিব লাগে, কেনেকৈ পদবীবোৰ দখল কৰি ক্ষমতাৰ সোৱাদ ল'ব লাগে সেই কথা তেওঁ জানে। ৰাজনীতিত নৈতিকতা বিহীন আৰু সততাহীন নেতা হিচাপে তেওঁৰ পৰিচয় অশোক শৰ্মাৰ দৰে নেতাই ভালদৰে বুজি উঠিছিল।
চেলেপু কথাৰে গুৰুত্বপূৰ্ণ বিষয়কো উৰুৱাই দিব খোজা তেওঁ এজন দায়িত্বশীল আসনত বহা অদায়িত্বশীল নেতা। তেওঁৰ বিৰুদ্ধে আনে অভিযোগ উত্থাপন নকৰিলেও তেওঁৰ আচৰণে তেওঁৰ দায়বদ্ধতাৰ স্বৰূপ উদঙাই দিয়ে।
নিজ ঘৰলৈ যাবলৈ পথ নিৰ্মাণৰ বাবে বিল পুতি চৰকাৰী ধনেৰে ধন্য হোৱা ব্যক্তি এইজন। গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হৈও চকুত পৰা কোনো কাম কৰিব নোৱাৰা বিফলতাই বেৰি ৰখা মন্ত্ৰী তেওঁ। ভাটোৰ দৰে গুৰু জ্ঞান কৰা কোনো লোকৰ মন্তব্যক অনুকৰণ কৰি মন্তব্য দিয়া মন্ত্ৰী এইগৰাকী।
তেওঁ আনকি পবিত্ৰ সদনতো পদৰ মৰ্যদাৰ আৰু গাম্ভীযতা ৰক্ষা কৰাত বিফল হোৱা লোক। নহ'লে উপযুক্ত পাৰিশ্ৰামিকৰ বাবে দাবী কৰি বিফল হোৱা জলমিত্ৰ আত্মহননৰ সন্দৰ্ভত বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ সংবাদ মাধ্যমক অনাহকত টানি অনা মন্ত্ৰী তেওঁ।
বিশ্বনাথ চাৰিআলীৰ চাকুমাধা চাহ বাগিছাৰ সাধাৰু লাইনৰ সঞ্জীৱ কুৰ্মী নামৰ যুৱকজনে জলজীৱন আঁচনিৰ অধীনত কাম কৰিছিল। সেই যুৱকজনে প্ৰাপ্য মজুৰি লাভ নকৰাৰ ক্ষোভত হতাশাত ভুগি আত্মহননৰ পথ বাছি লৈছিল।
পানী যোগান আঁচনিৰ গৃহত সংঘটিক হৈছিল এই কাণ্ড। নিসন্দেহে সেই খবৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিব লাগিব। অসমীয়া প্ৰতিদিনত প্ৰকাশিত এই খবৰৰ আধাৰতে বিৰোধী বিধায়কে জলমিত্ৰ সকলৰ সমস্যা সমাধান কৰিবলৈ মন্ত্ৰীৰ প্ৰতি অনুৰোধ জনোৱাত মন্ত্ৰীজনৰ ভাষ্য আছিল- "এতিয়া প্ৰতিদিন যুগ নাই।"
মন্ত্ৰীজনে এই কথা হৃদয়ংগম কৰিব নোৱাৰিলে যে তেওঁৰ এই উত্তৰত সমস্যা সমাধানৰ আন্তৰিকতা নাই। বৰঞ্চ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে অসমীয়া প্ৰতিদিনৰ প্ৰসংগত প্ৰতিদিন যুগৰ ধাৰণাক অনুকৰণ কৰি তেওঁ সেই সুৰত সুৰ মিলাই দিলে।
অসমৰ সংবাদ জগতৰ ইতিহাসত কেইখনমান কাকত-আলোচনীয়ে জাতীয় জীৱনলৈ বিশেষ বৰঙণি আগবঢ়াইছে। ভাষা-সংস্কৃতি বিকাশৰ বাবে পালন কৰিছিল দায়িত্ব। সেই কাকত-আলোচনীৰ নামেৰেই সৃষ্টি হৈছিল এটা যুগৰ।
জোনাকী আলোচনীৰ বাবে জোনাকী যুগ,ৰামধেনুৰ বাবে ৰামধেনু যুগ ইয়াৰ উদাহৰণ। সেই ধাৰাবাহিকতা ৰক্ষা কৰি অসমৰ সংবাদ ক্ষেত্ৰৰ সাম্প্ৰতিক সময়ৰ অন্যতম কন্ঠ অসমীয়া প্ৰতিদিনক প্ৰতিদিন যুগ আখ্যা দিয়াতো অসমৰ ৰাইজৰ বাবেই এক স্বীকৃতি।
জাতীয় জীৱনৰ অতি জটিল আৰু সন্ধিক্ষণত অসমীয়া প্ৰতিদিনৰ জন্ম। জনতাৰ কন্ঠ হৈ বহু প্ৰত্যাহ্বানৰ মাজত শাসক-ৰাষ্টতন্ত্ৰৰ বেহু ফালি আজি এই পৰ্যায়লৈ প্ৰতিদিন গোষ্ঠীক আগুৱাই নিওতে ৰাইজৰ আস্থা বিশ্বাসে শক্তি হৈ থিয় দিছে।
সংবাদ মাধ্যমৰ বলিষ্ঠ এই খোজক যেতিয়া এক যুগৰ আখ্যা দি স্বাৰ্থ সিদ্ধি কৰিব নোৱাৰা পক্ষই স্বীকৃতি প্ৰদান কৰে তাতেইতো আছে পৰম তৃপ্তি। সেই প্ৰবাহমান শক্তিশালী ভূমিকাক ভয় কৰা সকলে প্ৰতিদিন যুগৰ অন্ত পৰা বুলি প্ৰচাৰ চলালেও তেওঁলোকে ভালদৰে জানে ইয়াৰ প্ৰভাৱ আৰু পৰিব্যাপ্তি কেনেকৈ অসমৰ মানুহৰ শিৰাই-উপ শিৰাই এক আৱেগ হৈ সোমাই আছে।
এই সকলৰ ভয় হয় শিৰণত নকৰা সংবাদ মাধ্যমৰ এনে বলিষ্ঠ ভূমিকাই তেওঁলোকৰ সান্দহ খোৱাৰ বালি তল নিয়াব। এই ৰোগতে আক্ৰান্ত এইজন মন্ত্ৰীও। সেয়েহে প্ৰতিদিন যুগ অন্ত পৰা বুলি কৈ তেওঁলোকে নিজেই নিজক সান্তনা দিব খোজে। কিন্তু ৰাইজৰ বিশ্বাস আৰু আস্থাৰে জনসাধাৰণ বিৰোধী অৱস্থানৰ পৰা শাসক গোষ্ঠীয়ে প্ৰত্যাপৰ্ণ নকৰা পৰ্যন্ত প্ৰতিদিনৰ এই যাত্ৰা অব্যাহত থাকিব।
এডভান্টেজ আচাম যুগ আৰম্ভ হোৱা বুলি কোৱা এই দায়িত্বশীল মন্ত্ৰীজনে কওকচোন তেওঁৰ গৃহ জিলা আৰু নামনি অসমৰ সম্ভাৱনাৰ ক্ষেত্ৰত তেওঁৰ উদ্যোগত কি পদক্ষেপ লোৱা হ'ল।
ভাম্যমান নাট্যদল এতিয়া এক উদ্যোগ,ৰাস, নাগাৰা নাম, ওজাপালি আৰু আন সাংস্কৃতিক ক্ষেত্ৰখনৰ বিকাশৰ বাবে তেওঁ কি কৰিছে। কেৱল লঘু কথাৰে বাতৰিৰ শীৰ্ষ হোৱাৰ বাদে তেওঁৰ সফলতাৰ তালিকাত আৰু কি আছে?
আজি মুখ্যমন্ত্ৰীয়ে তেওঁক প্ৰশ্ৰয় দিছে, সেই সাহসত তেওঁ বহু কথা বলকিছে। মুখ্যমন্ত্ৰীক ভালৰি লগাবলৈ গৈ তেওঁ নিজেই এক সত্যক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহযোগ কৰিলে। অসমীয়া প্ৰতিদিনৰ প্ৰতি এনে ৰাজনৈতিক স্বীকৃতি প্ৰয়োজনীয় নহয় যদিও, ৰাইজে বাতৰি কাকত মানেই প্ৰতিদিন বুলি ভবা আন্তৰিকতাত দিছপুৰেও ছীল-মোহৰ মাৰিলে।