/asomiyapratidin/media/media_files/2025/01/30/aTM17HlADR6DhNPjZhUj.jpg)
মৃদুল কুমাৰ সন্দিকৈ
অসম আন্দোলনৰ ফলশ্ৰুতিত ৰাজ্যত স্থাপন হৈছিল এটা স্বতন্ত্ৰীয় প্ৰতিষ্ঠান। বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ অধ্যয়নৰ বাবে স্থাপন কৰা এই প্ৰতিষ্ঠানৰ নাম আছিল ইনচষ্টিটিউট অৱ এডভান্স ষ্টাডি ইন চাইন্স এণ্ড টেকন'লজি চমুকৈ আই এ এছ এছ টি ।
ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনষ্ঠ অতি গুৰুত্বপূৰ্ণ এই প্ৰতিষ্ঠানটোৱে অধ্যয়ণ আৰু গৱেষণাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিব লাগিছিল যদিও দুৰ্নীতি আৰু অনিয়মৰ বাবেহে এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
আইএএচএচটি স্থাপনৰ আঁৰত অসম বিজ্ঞান সমিতি আৰু অসম আন্দোলনৰ আৱেগ অনুভূতি জৰিত হৈ আছিল যদিও বৰ্তমানৰ এই প্ৰতিষ্ঠানটোৰ সঞ্চালক আৰু পঞ্জীয়ক গৰাকীয়ে ইয়াৰ মান-মৰ্যদা ধূলিত মিহলাই দিছে।
একাংশ বহিৰাগত বিষয়াৰ ছত্ৰছায়াত এই প্ৰতিষ্ঠানটোৰ ভিতৰছোৱাত সংঘটিত দুৰ্নীতিৰ কাহিনী শুনিলে চকু কপালত উঠিব। ৰাজ্যৰ বিজ্ঞান আৰু গৱেষণাৰ ক্ষেত্ৰখনলৈ পিঠি দি আইএএচএচটি ৰ সঞ্চালক ড° আশীষ কুমাৰ মুখাৰ্জী আৰু পঞ্জীয়ক ড° দিগন্ত গোস্বামীৰ ছত্ৰছায়াত অলপতে নিযুক্তিৰ নামতো এক ব্যাপক কেলেংকাৰী সংঘটিত হৈছে।
প্ৰতিষ্ঠানটোত খালী থকা দুটা পদৰ বাবে ১১ ডিচেম্বৰ ২০২৩ তে এক বিজ্ঞাপন দিয়া হৈছিল। বিজ্ঞাপন নং ৪৪০ ত এচিচটেন্ট গ্ৰেড ১ (প্ৰশাসন) আৰু মাল্টি টাস্কিং ষ্টাফ পদৰ বাবে ৬.০৩.২০২৪ ত বিজ্ঞাপন নং ১৪৭২ ৰ জৰিয়তে প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছিল।
লক্ষ্যণীয়ভাৱে ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি এনে বিজ্ঞাপন দিয়া ছমাহৰ ভিতৰত পৰীক্ষা আৰু সাক্ষাতকাৰ অনুষ্ঠিত কৰিব লাগে। কিন্তু এই প্ৰতিষ্ঠানটোৰ সঞ্চালকৰ পৃষ্ঠপোষকতাত সেই নিয়ম উলংঘন কৰি এবছৰৰ পূৰ্বে দিয়া বিজ্ঞাপন আধাৰতে অতি ৰহস্যজনক ভাৱে নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয়।
এই পদৰ বাবে বহু সংখ্যাক আবেদন পত্ৰ অহাৰ পাছতো ইচ্ছাকৃতভাৱে সঞ্চালক আশীষ কুমাৰ মুখাৰ্জীয়ে ২০২৪ ৰ ১৭ ডিচেম্বৰত লিখিত পৰীক্ষা পাতি ততাতৈয়াকৈ দুজন বিশেষ লোকক এই পদ দুটাত নিযুক্তি দিয়ে। ভাৰতত চৰকাৰৰ নিয়ম নং DOPT,Govt of India OM: F. No. Misc-14017/15/2015-Estt. (RR); Dated: 11.01.2016 ত স্পষ্টকৈ উল্লেখ আছে যে বিজ্ঞাপন দিয়াৰ ছমাহৰ ভিতৰত নিযুক্তিৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব লাগে।
সেয়ে সময়সীমা পাৰ হ'লে নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰি পুৰণা আৱেদনৰ সৈতে নতুন আবেদন সংগ্ৰহ কৰি নিযুক্তি দিব লাগে যদিও ইচ্ছাকৃতভাৱে সঞ্চালক আশীষ কুমাৰ মুখাৰ্জীয়ে এই নিয়ম ভংগ কৰে। প্ৰাপ্ত অভিযোগ মতে, ব্যাপক ধনৰ বিনিময়ত আৰু ব্যক্তিগত স্বাৰ্থত এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰে সঞ্চালক মুখাৰ্জীয়ে।
এই পদ দুটাত নিযুক্তি দিয়া শ্ৰীমতী পিংকী টাই আৰু মদন দাসে পূ্ৰ্বতে এই পদৰ বাবে আবেদন কৰি বাছনি পৰীক্ষাত আটাইতকৈ কম নম্বৰ পাইছিল। সঞ্চালকৰ কৃপাধন্য হৈ শেহতীয়া নিযুক্তিৰ লিখিত পৰীক্ষাত দুয়োজনে শীৰ্ষ নম্বৰ পাবলৈ সক্ষম হয়।
অভিযোগ মতে, এই লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত তেওঁলোকক আগতীয়াকৈ যোগান ধৰা হৈছিল আৰু লিখিত পৰীক্ষাৰ সময়ত পৰীক্ষা গৃহত আটাইতকৈ শেষৰ বেঞ্চত দুয়োকে একেলগে বহিবলৈ দি উত্তৰবোৰ কৈ দিয়া হৈছিল।
এই পৰীক্ষাৰ সৈতে সঞ্চালক আশীষ কুমাৰ মুখাৰ্জীয়ে তেওঁৰ বিশ্বস্ত দুই বিষয়া নিৰঞ্জন ভাগৱতী আৰু প্ৰদ্যুত বৰকটকীক নিয়োজিত কৰিছিল। ইফালে কম্পিউটাৰ পৰীক্ষাৰ সময়ত পিংকী নামৰ প্ৰাৰ্থীগৰাকী সেই সময়ত উপস্থিত থকা নিৰঞ্জন ভাগৱতীয়ে নিজে কি বৰ্ডত টাইপ কৰি উত্তৰ লিখি দিয়া অভিযোগো উত্থাপন হৈছিল।
সেয়া হ'লেও কম্পিউটাৰ পৰীক্ষাত আটাইতকৈ কম নম্বৰ পাই লিখিত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা বাবে পিংকীক ১ নম্বৰ স্থান দি নিযুক্তি দিয়ে সঞ্চালক আৰু পঞ্জীয়ক গৰাকীয়ে। নিযুক্তিৰ বাবে সঞ্চালক আশীষ কুমাৰ মুখাৰ্জীয়ে এখন কমিটী গঠন কৰি দিছিল। সেই কমিটীৰ অধ্যক্ষ পাতিছিল সঞ্চালক মুখাৰ্জীৰ ঘনিষ্ঠ তথা আইএএচএচটি ৰ অধ্যাপক নিলোৎপল সেন শৰ্মাক।
নিলোৎপল সেন শৰ্মাৰ অৱসৰৰ বাবে এমাহ কালহে বাকী আছিল। তেনে ব্যক্তিক নিয়ম অনুসৰি নিযুক্তি প্ৰক্ৰিয়াৰে জৰিত কৰিব নোৱাৰে যদিও চতুৰ সঞ্চালক আৰু পঞ্জীয়কে তেওঁক আগত ৰাখিয়ে আঁৰৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰিছিল।
লিখিত পৰীক্ষা অনুষ্ঠিত হোৱা দুদিনৰ পাছতে পঞ্জীয়ক ড° দিগন্ত গোস্বামীয়ে ছুটি লোৱাৰ গইনা লৈ নিযুক্তি কমিটীৰ অধ্যক্ষ নিলোৎপল সেন শৰ্মাক সঞ্চালক মুখাৰ্জীয়ে পঞ্জীয়কৰ ভাৰপ্ৰাপ্ত দায়িত্ব দি নিযুক্তি পত্ৰত চহী কৰািছিল। ১৯ ডিচেম্বৰ ২০২৪ ত মদন দাস আৰু পিংকী টাইক দিয়া নিযুক্তি পত্ৰ দুখনৰ নম্বৰ IASST/PF/2024-25/13513 dt.19.12.2024 আৰু IASST/PF/2024-25/13500 dt.19.12.2024।
সঞ্চালকৰ সৈতে ঘনিষ্ঠ ড° নিলোৎপল সেন শৰ্মা নিজে এজন বিতৰ্কিত ব্যক্তি যিগৰাকীয়ে ৰাসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ পৰীক্ষা প্ৰয়োজনীয় ৫৫ শতাংশ নম্বৰ নোপোৱাতো আইএএচএচটি ত পলিমাৰ ৰাসায়ন বিজ্ঞানত সহকাৰী অধ্যাপক হিচাপে ২০০২ ত নিযুক্তি লাভ কৰিছিল।
সঞ্চালক মুখাৰ্জীৰ আশীৰ্বাদত ২০ দিনৰ ভিতৰতে তেওঁ জ্যেষ্ঠ অধ্যাপকলৈ পদোন্নতি লাভ কৰা প্ৰক্ৰিয়াও সম্পন্ন হৈছিল। ৩১ ডিচেম্বৰ ২০২৪ ত অৱসৰগ্ৰহণ কৰা নিলোৎপল সেন শৰ্মাক পুনৰ উপদেষ্টাৰ পদত নিযুক্তি দি সঞ্চালক মুখাৰ্জীয়ে লুন্ঠন অব্যাহত ৰাখিবলৈ নতুন এক অভিসন্ধি ৰচিছিল।
সেই অনুসৰি ২৭ জানুৱাৰী ২০২৫ ত সঞ্চালক মুখাৰ্জীয়ে এক বিজ্ঞান দিছে কনচাল্টটেন্ট চাইন্টিফিক এণ্ড একাডেমিক পদৰ বাবে। বিজ্ঞাপন নম্বৰ ৫২৬ ত ঠিকাভিত্তিক এই পদৰ বাবে যিবোৰ যোগ্যতা আৰু চৰ্ত নিৰ্ধাৰণ কৰি দিয়া হৈছে সেয়া নিলোৎপল সেন শৰ্মাই হে পূৰাব পাৰিব।
এনেকৈয়ে ঘনিষ্ঠ লোকক সংগী কৰি এই প্ৰতিষ্ঠানটোত নিযুক্তিকে ধৰি আন বহু আৰ্থিক অনিয়ম সংঘটিত কৰি গৈছে বৰ্তমানৰ সঞ্চালক মুখাৰ্জী আৰু পঞ্জীয়ক গোস্বামীয়ে। গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত উত্তৰ-পূব ভাৰতৰ এই উল্লেখনীয় প্ৰতিষ্ঠানটোত ইয়াৰ পূৰ্বে লেনিন গগৈ নামৰ এজন ব্যক্তিকো নিজৰ খেয়ালখুচি মতে নিযুক্তি দিয়াৰ উদাহৰণ আছে।
শেহতীয়াকৈ নিযুক্তি দিয়া পিংকী টাই আৰু মদন কুমাৰ দাসে প্ৰথমে লাভ কৰা নিযুক্তি পত্ৰৰ আধাৰত ১৯ ডিচেম্বৰত যোগদান কৰিছিল। যিখন নিযুক্তি পত্ৰত চহী কৰিছিল সঞ্চালক মুখাৰ্জীয়ে গঠন কৰি দিয়া নিযুক্তি পৰীক্ষা কমিটীৰ অধ্যক্ষ নিলোৎপল সেন শৰ্মাই।
সেই নিযুক্তি পত্ৰ লাভ কৰি প্ৰায় এমাহ চাকৰি কৰা পাছত একে দুজন লোককে পুনৰ ১৫ জানুৱাৰী২০২৫ ত আন এখন নিযুক্তি পত্ৰ দিয়া হয়। দ্বিতীয়খন নিযুক্তি পত্ৰত চহী কৰে পঞ্জীয়ক গোস্বামীয়ে। এনেকৈয়ে নিযুক্তিৰ নামত ল'ৰা-ধেমালী আৰু গৱেষণা অধ্যয়নৰ নামত অহা ধনৰ অপব্যৱহাৰ হৈ আছে ইয়াত।
এই প্ৰতিষ্ঠানটোত মুগা উৎপাদনৰ গৱেষণা আৰু অধ্যয়নৰ বাবে এক গোট আছিল যদিও সেয়া বৰ্তমানৰ সঞ্চালকে বন্ধ কৰি সেই পদসমূহত অন্য লোকৰ নিযুক্তি দিছে। জাতীয় জীৱনৰ বাবে এই প্ৰতিষ্ঠানটো অতি গুৰুত্বপূৰ্ণ যদিও প্ৰতিষ্ঠানটোৰ ভিতৰছোৱাত সংঘটিত এইবোৰ খবৰক লৈ জাতীয় দল সংগঠন সমূহো নিমাতে থকা দেখা গৈছে।
অৱশ্যে নিযুক্তিৰ সন্দৰ্ভত বঞ্চিত একাংশ প্ৰাৰ্থীয়ে শীৰ্ষতম কৰ্তৃপক্ষলৈ সবিশেষ জনাই পত্ৰও প্ৰেৰণ কৰিছে। তাৰ মাজতে যিকোনো প্ৰকাৰে মুখাৰ্জীয়ে সঞ্চালকৰ প্ৰথমটো কাৰ্যকাল অন্ত পেলাই আৰু কিছু দিনৰ বাবে চাকৰি কাৰ্যকাল বৃদ্ধি কৰি লোৱাৰো চেষ্টা অব্যাহত ৰাখিছে দুৰ্নীতিগ্ৰস্ত এই সঞ্চালকগৰাকীয়ে।
উল্লেখযোগ্য যে, এই পদ দুটাৰ ভিতৰত এটাত নিযুক্তি দিয়া মদন দাস সঞ্চালক মুখাৰ্জীৰ ৰান্ধনী আছিল।