/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/76e04fc2-e987-46c7-866a-c3087333d0b7/bikhekh_lekha.jpg)
HIMANTA BISWA
মৃদুল কুমাৰ সন্দিকৈ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খুব ভাল কথা কৈছে। এইবোৰ কাৰণতেই তেওঁ প্ৰিয়। এইবোৰ কাৰণতেই তেওঁ অপ্ৰিয়।যি কৈছে তেওঁ যুক্তিৰে কৈছে। তেওঁ ভাৱিছে সাংবাদিকক নীতি শিক্ষা দিয়াৰ প্ৰয়োজন হৈছে।
তেওঁৰ খবৰ যেনেকৈ আনে ৰাখে, আনৰ খবৰো তেওঁ ৰাখে। নীতি শিক্ষাৰ পাঠ যোৱা কিছুদিন ধৰি তেওঁ সাংবাদিকক দি আহিছে। সেয়া পৰিৱেশ সাপেক্ষে প্ৰয়োজনীয় আৰু ইয়াৰ বিকল্প নাই।
যি মৰ্জি সাংবাদিকে তাকেই কৰিব নোৱাৰে। একেদৰেই যি মৰ্জি হয়তো তেওঁও কৰিব নোৱাৰে বা নকৰাতো ভাল।ক্ষমতাৰ অপব্যৱহাৰ অভিযোগ সাংবাদিকৰ বিৰুদ্ধে উঠিছে। খোদ মুখ্যমন্ত্ৰীয়ে সেই অভিযোগ তুলিছে।
হাতত চুঙা লৈ ফুৰা সাংবাদিকক তুচ্ছ্য-তাচ্ছিল্য কৰি সাংবাদিকৰ সন্মুখত সাংবাদিককেই বৰ কৌশলপূৰ্ণ ভাৱে তেওঁ কথাবোৰ কৈছিল। উপস্থিত সাংবাদিক সকল মৌন হৈ ৰৈছে। তেনে কিছু সাংবাদিকৰ উদাহৰণেৰে সাংবাদিকতাকেই তেওঁ সৰলীকৰণ কৰিছে।
সাংবাদিকতাৰ দৰে ৰাজনীতিতো তেনে সৰলীকৰণ কেতিয়াবা হয়।আনৰ দোষৰ দায়িত্ব বা সমালোচনাৰ নেতৃত্ব লোৱা সকলেও হজম কৰিব লগা হয়। কিন্তু সাংবাদিক আৰু এই ৰাজনীতিবিদৰ অঘোষিত এই যুঁজত সত্য প্ৰতিষ্ঠাতকৈ কোন কিমান বেয়া তাৰ প্ৰতিযোগিতা চলিছে। আৰু সেই প্ৰতিযোগিতাত সদায় আগত মুখ্যমন্ত্ৰী।
ক্ষমতাশালী মানুহ বাবেই ৰাতি কাজিৰঙালৈ যেতিয়াই ইচ্ছা যাব পাৰে। যি কৰো বুলি ভাৱে কৰিব পাৰে। তেনে কোনো নিয়ম ভংগ হোৱা নাই বুলি ঘোষণা কৰিলেও ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু সাধাৰণ মানুহৰ মাজত যি ধাৰণৰ সৃষ্টি হ’ল সেয়া তেওঁ মচি দিব নোৱাৰে।
মুখ্যমন্ত্ৰীয়ে কি কাজিৰঙাতো সোমাব নোৱাৰিব নেকি বুলি তেওঁ যুক্তি দিলে। সংবাদ মাধ্যমেও সেয়া মানি ল’লে। ভাবিলে তেওঁ যেতিয়া কৈছে সেয়াই সত্য। মুখ্যমন্ত্ৰীৰ খং সংবাদ মাধ্যমৰ ওপৰত বহুবোৰ কাৰণত। সেয়ে তেওঁ কোনোবা প্ৰাক্তন সাংবাদিকক বা সম্পাদকক দোষী প্ৰমাণৰ বাবে প্ৰত্যক্ষভাৱে নহ’লেও পৰোক্ষভাৱে কিছু কথা ক’লে।
নিযুক্তি কথা সেইবোৰ। এপিএছচি কেলেংকাৰীৰ কথা, তাৰা দাস, ৰাকেশ পালৰ কাহিনী । সাংবাদিকৰ অঙহী-বঙহীয়ে চাকৰি লোৱা কথাবোৰ তেওঁ নখদৰ্পনত। সেই সকলৰ বিৰুদ্ধে ইমানদিন শাসনত থাকি সঁচাই যদি তেওঁলোকে কিবা ভুল কৰিছিল কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে সেই প্ৰশ্ন জানো উত্থাপন নহ’ব।
মুখ্যমন্ত্ৰীয়ে নিজেই কৈছিল ইন্টাৰভিউ পৰীক্ষা নোহোৱাকৈ তেওঁ বিধায়ক হোৱাৰ আগতেই ৩০ জনক চাকৰি দিছিল। দম্ভৰে সেই ঘোষণা দুই দশকৰ পাছত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভাত কৰিলে। সেই সকলৰ বহুতেই চাকৰি কৰি থকা কথাও জনালে। তেতিয়াৰ পৰাই তেওঁ ইমান প্ৰভাৱশালী আছিল সেই কথা বুজালে।
কিন্তু দম্ভৰে কৰা এই ঘোষণাই তেওঁক দোষী নে নিৰ্দোষী সজালে।ৰাজনৈতিক দালালৰ সৈতে তেওঁৰ পাৰ্থক্য ক’ত থাকিলে। সেই অনিয়মবোৰৰ বিচাৰ তেওঁ এতিয়া কিয় নকৰে? সাংবাদিকৰ ভুল প্ৰশ্ন কৰে, সাংবাদিকৰ ভুল বাতৰি লিখে।
সাংবাদিকে কৈছিল নেকি কাৰেন্টৰ বিল দুগুণ, তিনিগুণ কৰি দিয়া? ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে, সংবাদ মাধ্যমে বাতৰি নকৰি কাৰোবাক সুধি ল’ব লাগিছিল নেকি- চাই দিয়কচোন এইবোৰ খবৰ হ’ব নে নহ’ব ?
এনেবোৰ কাৰণতেই তেওঁৰ খং নহয় জানো। পানীৰ ওপৰতো চৰকাৰে আকৌ কৰ লগাব। মহানগৰবাসীয়ে এটা দুটা নহয় পানীৰ বাবদ তিনিটাকৈ কৰ দিব লাগিব।সচেতন নাগৰিকে প্ৰতিবাদ কৰি সংবাদমেল পাতিলে। এইবোৰ খবৰ দিলে তেওঁৰ খং উঠিব। সাংবাদিকক সুবিধা পালেই নীতিপাঠ দিব।
জি এম চিয়ে বহিৰাগত প্ৰতিষ্ঠানৰ জৰিয়তে কৰ সংগ্ৰহৰ প্ৰস্তুতি চলাইছে। শাসকীয় দলৰ আৰু মিত্ৰ দলৰ বিধায়কে প্ৰশ্ন তুলিলে। এনে কৰিবলৈ দিয়া নহ’ব বুলি গৰ্জি উঠিলে।বিনম্ৰতাৰে মুখ্যমন্ত্ৰীক সুধিব খোজো- এইবোৰ খবৰ কি সংবাদ মাধ্যমে প্ৰচাৰ বা ছপা কৰিব নোৱাৰিব?
জনজাতিকৰণৰ বিষয়তো কি হ’ল। প্ৰতিবাদ কৌশলেৰে কিমান দিনলৈ দমাই ৰাখিব পাৰিব? ৰাজপথলৈ দল-সংগঠন আহিলে, প্ৰতিবাদ সাৱ্যস্ত কৰিলে,আলোচনাত বহিলে, ঐক্য মঞ্চ ভংগ হ’লে এইবোৰ কি খবৰ নহ’ব?
সংবাদ মাধ্যমেই আপোনাক মূৰত তুলি থৈছে। সংবাদ মাধ্যমে, সামাজিক মাধ্যমে আপোনাক মহানায়ক সজাইছে।এতিয়া সাধাৰণীকৰণেৰে নীতিশিক্ষা দি লক্ষ্মণ ৰেখা টানি নিজক সুৰক্ষিত বেহুৰ মাজত ৰাখিব খুজিলেও কিমান দিনলৈ সেই বেহু সুৰক্ষিত হৈ থাকিব।
ভাল কামবোৰ ভাল হৈছে। চাকৰি দিছে , মানুহে সাধুবাদ দিছে। ছদ্মবেশ ধৰি সেইবোৰ চাব সাংবাদিক যাব নালাগে। সাধাৰণ মানুহৰ প্ৰতিক্ৰিয়া, স্ফূৰ্তি সাংবাদিকেই বিচাৰি আনিছে। কিন্তু ১১ হাজাৰ চৰকাৰী চাকৰিৰ নিযুক্তিৰ মাজৰ পৰা পোহৰলৈ অহা আন এখন ছবি সাংবাদিকে দেখিও নেদেখা হৈ থাকে কেনেদৰে।
২৩ ছেপ্টেম্বৰ ২০২২ ত খানাপাৰত নিযুক্তি দিয়া হৈছিল বহু নিবনুৱা যুৱক-যুৱতীক। সেই সকলৰ মাজত আছিল ১৫৩৯ গৰাকী এনে যুৱক যুৱতী যি সকলে স্বীকৃতি প্ৰাপ্ত উচ্চ প্ৰাথমিক বিদ্যালয়ত চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তি পাইছিল।
নিযুক্তি পত্ৰত তেওঁলোকক ফিক্সড ৱেজত নিযুক্তি দিয়া কথা লিখা আছে। মাহেকত তেওঁলোকে মজুৰি পাব ৮ হাজাৰ টকা। ৮ হাজাৰ টকা এমাহত। অৰ্থাৎ তেওঁলোকৰ এটা দিনৰ মজুৰি ২৬৬ টকা! চৰকাৰী চাকৰি...
অংক ঠিকেই আছে। লক্ষ্য ১ লাখ। উদ্দেশ্য নিকা নিযুক্তি। মুখ্যমন্ত্ৰীয়ে যি কৈছে সেয়াই সত্য। সাংবাদিক অসত্য। সাংবাদিকে পকাই। এতিয়া দিন হাজিৰা কৰিলেও খোৱা বোৱা দি ৫০০ টকা দিব লাগে। মূল্যবৃদ্ধইয়ে কোঙা কৰা এই সময়ত ২৬৬ টকা প্ৰতিদিনে হাজিৰা লৈ কৰিব লাগিব চৰকাৰী চাকৰি।
এয়া আপোনাৰ সেই সকল নিযুক্তিপ্ৰাপ্ত নিবনুৱাৰ প্ৰতি ন্যায় হৈছেনে? সংখ্যাগতভাৱে নিযুক্তিৰ সংখ্যা বাঢ়িছে। চৰকাৰী চাকৰি হৈছে। কিন্তু বাস্তৱত চলিব পাৰিবনে তেওঁলোকে? নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰতি আঙুলি উঠোৱা নাই। কিন্তু এই বিসংগতি, এই দুখ লগা ছবি সাংবাদিক হিচাপে দাঙি ধৰিব পাৰি নে নোৱাৰি।
চমক কিয় কেৱল। দুৰদৰ্শিতাৰ প্ৰতি মানুহৰ সন্দেহ নাই। ব্যক্তিগত কথাবোৰ বাদ দি সামগ্ৰিকভাৱে চৰকাৰে কৰা কামবোৰৰ, সিদ্ধান্তবোৰৰ সমালোচনা কৰিব নোৱাৰিয়েই নেকি? কেৱল প্ৰতিপক্ষক আক্ৰমণ কৰি ইৰ্ষাপূৰ্ণভাৱে কথাবোৰত তুচ্ছ-তাচ্ছিল্য মাধ্যম কৰি কি সন্তুষ্টি পোৱা যায়।
এইবোৰেই ব্যৱধান বঢ়াই। সংবাদ মাধ্যমক গালি পাৰক। সংবাদ মাধ্যমক টেঁটু চেপি ধৰক।এতিয়া প্ৰতিজন লোকেই সংবাদিক। মাধ্যমৰ অভাৱ নাই। সকলোতে সকলোৰে সংযমতাৰ প্ৰয়োজনহে মাঁথো। নিজৰ বাকপটুতা কোনে কেনেকৈ সৎ ব্যৱহাৰ কৰে সেয়াহে মূল কথা।
ভাল কামৰ অন্তৰালৰ উদ্দেশ্যও ভাল হওক। চিন্তন মন্থন সকলোৰে বাবে প্ৰয়োজন। সেইবোৰ চলি থাকক। গুণী জনে অহংকাৰ নকৰে। দাম্ভিকতাৰে নিজৰ গুণ গৰিমা নিজেই বসানি আনক কেৱল দোষী সাৱ্যস্ত কৰিবলৈ চেষ্টা নকৰে।
ভুল সকলোৰে হ’ব পাৰে, সংশোধনৰৰ প্ৰয়োজন। সংবাদ মাধ্যমক আৰু গালি দিয়ক।কিন্তু নিজৰো যে ভুল হ’ব পাৰে সেই কথা অনুধাৱন কৰিব পৰা বোধশক্তি আৰু সংযমতা এই সময়ত অতিকৈ প্ৰয়োজন।কিয়নো আপুনি হিমন্ত বিশ্ব শৰ্মাই নহয়, অসমৰ মুখ্যমন্ত্ৰী।