/asomiyapratidin/media/media_files/2025/04/17/Hnuwq8krnWKXJ2Pu5qfc.jpg)
মৃদুল কুমাৰ সন্দিকৈ
অসমৰ ঐতিহ্যপূৰ্ণ বিহুমঞ্চ সমূহৰ ভিতৰত চানমাৰি পূব গুৱাহাটী বিহু মঞ্চখনো অন্যতম। জাতীয় পৰম্পৰা ৰক্ষা কৰি এই মঞ্চত ৰঙালী বিহু অতি উলহ-মালহেৰে অনুষ্ঠিত কৰা হয়। এই বিহু সন্মিলনখনৰ সৈতে বহু কেইগৰাকী বিশিষ্ট লোক জড়িত।
যোৱা ৬৪ বছৰ ধৰি এই বিহু অনুষ্ঠিত হৈ আহিছে। ৰঙালী বিহু উদযাপন কৰাৰ পূৰ্বে বিহু আৰু আন আনুসংগিক কৰ্মশালা অনুষ্ঠিত কৰি এক জাতীয় দায়িত্বও তেওঁলোকে পালন কৰি আহিছে। বিহুৰ দিন কেইটাত দেখা পোৱা যায় আয়োজক কমিটীৰ বিষয়ববীয়া সকলে চুৰিয়া-কামিজ পৰিধান কৰি এই অনুষ্ঠানৰ তদাৰক কৰে।
বিহুত যি বিজতৰীয়া অপসংস্কতিৰ পয়োভৰ ঘটিছে,সেই অপসংস্কৃতিৰ বিৰুদ্ধে অসমৰ মুষ্টিমেয় বিহু মঞ্চ সমূহে কিছু কঠোৰ পদক্ষেপ গ্ৰহণ কৰে। ইয়াকে লৈ বিতৰ্ক আৰু আলোচনা হয়। যিবোৰ অতি কম সময়ৰ বাবে মানুহে মনত ৰাখে আৰু পৰৱৰ্তী সময়ত সেয়া ফুটুকাৰ ফেন হৈ পৰে।
এই বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যিসকল শিল্পীক নিমন্ত্ৰণ কৰা হয়,তেওঁলোকৰ সৈতে কমিটীয়ে এক চুক্তি পত্ৰ সাক্ষৰ কৰে। ভাস্বতী ভাৰতী নামৰ কন্ঠশিল্পী গৰাকী ১৬ এপ্ৰিল ২০২৫ ত এই বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰি থকা সময়তে এক অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল।
শিল্পীগৰাকীৰ অনুষ্ঠানৰ সময়ত দৰ্শকৰ আসনত বহি আছিল তেওঁৰ স্বামী দিগন্ত ভাৰতী। অসমৰ সাংস্কৃতিক জগতত দিগন্ত ভাৰতী এটা প্ৰতিষ্ঠিত আৰু জনপ্ৰিয় নাম। তেওঁ বহু জনপ্ৰিয় গীতৰ আঁৰৰ মানুহ। সেয়ে হয়তো এই গৰাকী শিল্পীক সন্মুখত দেখি কোনোবা কমিটীৰ কাৰ্য-কৰ্তাই তেওঁক এখন বিহুৱান যাচি সন্মান প্ৰদান কৰিলে।
সমান্তৰালভাৱে দুই-এটা গীত গাবলৈ অনুৰোধ আহিল। অনুৰোধ ৰক্ষা কৰি গীত পৰিৱেশন কৰিব লওঁতেই তেওঁক বিহু সন্মিলনৰ সাধাৰণ সম্পাদককে প্ৰমুখ্য কৰি দুই এজন কৰ্ম-কৰ্তাই গীত পৰিৱেশনত বাধা দিয়ে। সেই বাধা মানি শিল্পীগৰাকীয়ে অতি বিনম্ৰতাৰে মঞ্চৰ পৰা নামি আহিছিল।
কিন্তু এই বিষয়টোৱে এক বিতৰ্কৰ কাৰণ হৈ পৰিল। দিগন্ত ভাৰতীৰ পত্নী ভাস্বতী ভাৰতীয়ে ইয়াৰ প্ৰতিবাদ কৰিলে। তেওঁৰ যুক্তি আছিল গামোচা পিন্ধাই, গীত গাবলৈ অনুৰোধ কৰি তেওঁৰ স্বামীৰ হাতৰ পৰা মাইক্ৰ'ফোন কাঢ়ি মঞ্চৰ পৰা নমাই দিয়াতো চূড়ান্ত অপমান হৈছে।
লগতে অভিযোগ কৰিলে যি কেইজন বিষয়ববীয়াই এনে কৰিছিল তেওঁলোক সুৰাসক্ত আছিল। এই বিষয়টোৱে বিভিন্ন মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে। ইফালে পূব গুৱাহাটী ৬৪ সংখ্যক বিহু সন্মিলনৰ সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই সদৰি কৰা মতে, শিল্পী সকলৰ সৈতে তেওঁলোকে যি চুক্তি পত্ৰ কৰে সেই চুক্তি পত্ৰত ৮ টা নিয়ম উল্লেখ থাকে।
ইয়াৰে ২ নম্বৰ নিয়ম অনুসৰি অনুষ্ঠান পৰিৱেশন কৰোতে জাতীয় সাজপাৰ পৰিধান কৰাতো অপৰিহাৰ্য। সেই চুক্তি পত্ৰৰ ৫ নম্বৰত উল্লেখ থকা মতে, মূল সমিতি সভাপতি আৰু সম্পাদকৰ সিদ্ধান্তই অনুষ্ঠান সম্পৰ্কীয় বিবাদত চূড়ান্ত বুলি গণ্য কৰা হ'ব।
দিগন্ত ভাৰতীৰ পত্নী ভাস্বতী ভাৰতীয়ে সংবাদ মাধ্যমত স্পষ্টকৈ উল্লেখ কৰিছে যে জিনচ্ পেন্ট পৰিধান কৰাৰ বাবে তেওঁক এইদৰে অপমান কৰি মঞ্চৰ পৰা নমাই দিয়া হৈছে। কমিটীৰ মতে, এই মঞ্চত অনুষ্ঠান পৰৱেশন কৰোতে পূৰ্বৰ যি পৰম্পৰা ৰক্ষা কৰা হয় সেয়া কেতিয়াও বিঘ্নিত হ'বলৈ দিয়া নহ'ব।
যাৰ বাবে দিগন্ত ভাৰতীক অতি বিনম্ৰভাৱে গীত পৰিৱেশন কৰিব নালাগে বুলি অনুৰোধ কৰিছিল। যি অনুৰোধ দিগন্ত ভাৰতীয়ে ৰক্ষা কৰিছিল। সেই ঘটনাটোকে ইচ্ছা অনুসৰি বিভিন্নজনে ভিন্ন দৃষ্টিৰে বিচাৰ কৰিব পাৰে।
প্ৰশ্ন হয়, দৰ্শকৰ আসনত বহি খকা দিগন্ত ভাৰতীক কোনে গীত পৰিৱেশনৰ বাবে মঞ্চলৈ মাতিছিল? তেওঁতো ইচ্ছা কৰি গীত গাবলৈ মঞ্চত উঠা নাছিল। একেদৰে দিগন্ত ভাৰতীয়েও দৰ্শকৰ আসনত বহিবলৈ আৰু পত্নীৰ সংগীতানুষ্ঠান চাবলৈ যদি সেই অনুষ্ঠানত উপস্থিত আছিল তেন্তে কোনোবাই অনুৰোধ কৰিলেই তেওঁৰ দৰে এজন প্ৰতিষ্ঠিত শিল্পীয়ে পূৰ্বৰ প্ৰস্তুতি নথকাকৈ গীত পৰিৱেশন কৰিবলৈ যোৱাৰ প্ৰয়োজনে আছিল ক'ত?
শিল্পী-আয়োজক আৰু দৰ্শকৰ মাজত এক সু-সম্পৰ্কৰ অবিহনে কোনো পক্ষৰ বাবে এইধৰণৰ অনুষ্ঠানবোৰৰ সফলতা সম্ভৱ নহয়। একেদৰে শিল্পী সত্বাত আঘাত হানিব পৰা পৰিৱেশ সৃষ্টি নহ'বলৈ আয়োজন কমিটীবোৰে অতি সতৰ্কতা অৱলম্বন কৰাতো প্ৰয়োজন হৈ পৰিছে।
আমি অসমীয়া জাতি এতিয়া এইবোৰ খুচুৰা বিষয়ক লৈয়ে ব্যস্ত। মুখত ডাঙৰ ডাঙৰ কথা কৈ সন্তুষ্টি লভাটো আমাৰ অভ্যাস হৈ পৰিছে। বহু গাঁৱত গৰু গা ধুবলৈ গৰুৰ অভাৱ হ'ল। তাৰ পাছতো আমি গৰু বিহু পাতি পৰম্পৰা ৰক্ষা কৰিছো বুলি সন্তুষ্টিত বুৰ গৈছো।
আনহে নালাগে বজাৰত ২০০০ টকালৈকে প্ৰতি কেজি আমৰলি টোপৰ দাম দেখি বহিঃ ৰাজ্যৰ পৰা সেয়া আমদানি হৈছে। সেই আমৰলি টোপ কিনিয়ে বহুতে বিহু পাতিছে। অসমৰ ৰঙালী বিহুক বহু জাতীক কোম্পানীয়ে তাৰকা ক্ৰিকেটাৰৰ জৰিয়তে দিয়া বিজ্ঞাপনত কঙালী বিহু বুলিছে।
মাত মাতিছে নে কোনোবাই? বলে নোৱাৰা শিলক নমস্কাৰ দি আমি বলে পৰা শিলবোৰ লৈ নিজৰ মাজতে দলীয়া দলি খেলি আছো। সৌ সেইদিনা ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছত যি আৱেগৰ ঢল বৈছিল,সেই আৱেগ জানো এতিয়া ক'ৰবাত আছে?
ৰাজীৱ শদিয়াৰ দৰে স্বদেশ,স্বজাতিৰ গীত গোৱা সকলক এইবাৰ বিহু মঞ্চবোৰে মাতি সকাহ দিব বুলি বহুতে ভাৱিছিল। মাতিছে নে কোনোবাই তেওঁলোকক? সেই খবৰ যদি কোনোবাই ৰাখিছে তেনেহ'লে হতাশ হ'ব। আচলতে আমি নিজেই নিজৰ বাবে এডাল নাৰ্জি ফুলৰ মালা সাজু কৰাৰ দিন আহি পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us