বিতৰ্কলৈ নানিব ছফীয়াক...

ছফীয়াৰ পৰিয়াটোৱে সদায় ‘Vayam Rashtre Jagrayam’ৰ নীতি অনুসৰণ কৰি আহিছে। ছফীয়াৰ পিতৃয়ে কয় যে, "আমি প্ৰথমে ভাৰতীয় আৰু পাছত মুছলমান। আমি কেৱল আমাৰ দেশৰ কথাতহে চিন্তিত।"

author-image
Asomiya Pratidin
New Update
Col Sofiya Qureshi

মৃদুল কুমাৰ সন্দিকৈ

Advertisment

নাৰীক পূজা কৰাৰ দেশ ভাৰত। নাৰীক উপযুক্ত সন্মান দিয়া সভ্যতা আৰু সংস্কৃতি প্ৰৱাহিত হৈ আছে এই উপ মহাদেশৰ ইতিহাসত। তেনে ইতিহাস আকৌ এবাৰ প্ৰত্যক্ষ কৰিছিল দেশবাসীয়ে। শত্ৰুৰাষ্ট্ৰৰ ওপৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলা যুদ্ধখনৰ প্ৰৱক্তা হৈছিল দুই বীৰাংগনা।

এয়াও দেশৰ সমগ্ৰ নাৰী জাতিৰ বাবে আছিল গৌৰৱৰ ক্ষণ। সেন্দূৰ মচি দিয়া সন্ত্ৰাসবাদীক সিন্দুৰ নামৰ সামৰিক অভিযানে দিয়া যোগ্য প্ৰত্যুত্তৰৰ শেহতীয়া খবৰ দেশবাসীক তেওঁলোকে জনাইছিল। ভাৰতীয় নাৰীৰ সাহসীকতা,বীৰত্ব,সংস্কাৰৰ প্ৰতীক হৈ জিলিকিছিল কৰ্ণেল ছফীয়া কুৰেছী আৰু উইং কামাণ্ডাৰ ব্যোমিকা সিং।

প্ৰতিজন দেশবাসীয়ে তেওঁলোকৰ এই উদ্যমিতা লৈ গৌৰৱ কৰাৰ সময়তে এজন দায়িত্বশীল মন্ত্ৰীয়ে কৰা অদায়িত্বশীল মন্তব্যই সকলোকে ক্ষোভিত কৰি তুলিলে। তেওঁ কোন দলৰ সেয়া বিচাৰ্য বিষয় নহয়। তেওঁ কিমান ক্ষমতাশালী মন্ত্ৰী সেয়া চৰ্চা হোৱা নাই। 

কেনেকৈ ক'ব পাৰে এজন নেতাই এনে কথা? ক'ত তেওঁলোকৰ চিন্তাধাৰা। মধ্যপ্ৰদেশৰ সেই জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী বিজয় শ্বাহে ক'ত সাহস পালে এগৰাকী সাহসী মহিলা সেনা বিষয়াৰ বিৰুদ্ধে এই কথা ক'ব। সাম্প্ৰদায়িকতাৰ ভূতে তেওঁলোকৰ গাত এনেদৰে লম্ভি আছে যে সকলোকে কেৱল হিন্দু-মুছলমান দেখে।

আচল দেশদ্ৰোহী এই সকল নেতা। যাৰ বাবে এই ক্ষমতাশালী নেতাক প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলেও দেশৰ ন্যায়ালয়ে সেই সকল লোকৰ মানসিকতাক ধিক্কাৰ দি তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিব লগা হ'ল। 

এই কাণ্ডক পৃথকতাবাদী চিন্তাৰ উচতনি আখ্যা দি একতা,উদ্যম,শৃংখলা,ত্যাগ আৰু আত্ম স্বাৰ্থহীনতাৰ বিৰুদ্ধে এক অপমান বুলি ন্যায়ালয়ে গণ্য কৰিলে। মুছলমান হোৱাটোৱে তেওঁৰ অপৰাধ হ'ব নোৱাৰে। তাৰ আধাৰতে কোনো মন্ত্ৰীয়ে তেনে এগৰাকী সাহসী মহিলা সেনা বিষয়াক সন্ত্ৰাসবাদীৰ ভগ্নী আখ্যা দিয়াৰ কি যুক্তি থাকিব পাৰে?

ছফীয়া কুৰেছী এগৰাকী ভাৰতীয় নাৰী। দেশ সেৱা তেওঁলোকৰ বংশত আছে। তেওঁৰ পিতৃ মহম্মদ কুৰেছী আছিল বিএছএফৰ চুৱেদাৰ। তেওঁৰ খুড়াকো সেনা বাহিনীতে কৰ্মৰত আছিল। তেওঁৰ ককাক আছিল ভাৰতীয় সেনাৰ জোৱান। কৰ্ণেল ছফীয়াৰ আজু আইতাক ১৮৫৭ চনৰ ভাৰত বিদ্ৰোহৰ যুঁজাৰু আছিল।

সামৰিক পৰম্পৰা আৰু জাতিৰ সেৱাত গভীৰভাৱে শিপাই থকা এটা পৰিয়ালৰ কন্যা ছফীয়াই ২০১৫ চনত কৰ্ণাটকৰ কননুৰ গাঁৱৰ বাসিন্দা তাজুদ্দিন বাগেৱাদীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দম্পত্তীটোৱে বৰ্তমান ভাৰতীয় সেনাবাহিনীৰ বিষয়া হিচাপে দেশক সেৱা আগবঢ়াই আছে। ছফীয়াৰ স্বামী ঝান্সী অঞ্চলত ভাৰতীয় সেনাবাহিনীত কৰ্মৰত। ঝান্সীত সেৱা আগবঢ়োৱাৰ সময়ত তেওঁলোকে পৰস্পৰৰ সংস্পৰ্শলৈ আহিছিল।

লক্ষ্যণীয় যে, ভাৰতীয় সশস্ত্ৰ বাহিনীত যোগদানৰ বাবে কঠোৰ প্ৰস্তুতি চলাই থকা এটি ১৮ বছৰীয়া পুত্ৰ সন্তানৰ গৌৰৱময় পিতৃ-মাতৃ তাজুদ্দিন আৰু ছফীয়া। তেওঁলোকৰ আছে এগৰাকী কন্যা সন্তানো।

উল্লেখযোগ্য যে, অপাৰেচন সিন্দুৰৰ সফলতা আৰু পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত ভাৰতীয় বাহিনীয়ে চলোৱা আক্ৰমণৰ বিষয়ে ছফীয়াই দিয়া বৰ্ণনাক লৈ উল্লাসিত হৈ পৰিছে ছফীয়াৰ শহুৰেক ঘাউছ ছাব বাগেৱাড়ী। ভাৰতীয় সেনাৰ সুদক্ষ বিষয়া ছফিয়া তেওঁলোকৰ বোৱাৰী হোৱাৰ বাবে তেওঁলোকৰ লগতে সমগ্ৰ গাঁওৱাসী অতি গৌৰৱান্বিত।

দেশৰ সুৰক্ষাৰ স্বাৰ্থত দিন-ৰাতি একাকাৰ কৰি কৰ্মৰত পুত্ৰ-বোৱাৰীক বকৰি ঈদত আহিবলৈ গাঁওৱাসীয়ে আহ্বান জনাইছে। ছফিয়াক আদৰিবলৈ ৰৈ আছে তেওঁৰ স্বামীৰ পৰিয়ালৰ লগতে গাঁওবাসীও। 

সমান্তৰালকৈ ছফীয়াৰ পিতৃও কন্যাৰ কৰ্মৰাজিক লৈ গৌৰৱান্বিত। ছফীয়াৰ পৰিয়াটোৱে সদায় ‘Vayam Rashtre Jagrayam’ৰ নীতি অনুসৰণ কৰি আহিছে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। এই সন্দৰ্ভত ছফীয়াৰ পিতৃয়ে কয় যে,"আমি প্ৰথমে ভাৰতীয় আৰু পাছত মুছলমান। আমি কেৱল আমাৰ দেশৰ কথাতহে চিন্তিত।"

মুখত ডাঙৰ ডাঙৰ কথা নহয়, কাম কৰি দেখুৱাতহে বিশ্বাস কৰে ছফীয়াই। ২০১৬ চনত কৰ্ণেল ছফীয়াই বিদেশত ভাৰতীয় সামৰিক দল এটাৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হৈছিল।

 ASEAN Plus দেশসমূহৰ সৈতে জড়িত বহুজাতিক সামৰিক অনুশীলন ‘ফৰ্চ 18’ত অংশগ্ৰহণ কৰা ১৮খন দেশৰ ভিতৰত একমাত্ৰ মহিলা সেনাপতি হিচাপে পৰিগণিত হৈছিল ছফীয়া। ইয়াৰোপৰি ২০০৬ চনত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ সৈতে ছবছৰীয়া কাৰ্যকালত কংগোত নিয়োজিত হৈছিল ছফীয়া কুৰেছী।

এক সাক্ষাৎকাৰত কৰ্ণেল ছফীয়া কুৰেছীয়ে কয়, “মই সেনাৰ পুত্ৰী। মই সেনাবাহিনীৰ কঠোৰ নিয়ম আৰু অনুশাসনৰ মাজেৰে ডাঙৰ হৈছো। মোৰ আইতাৰ মাক ৰাণী লক্ষ্মীবাইৰ সৈতে দেশৰ হ'কে যুঁজ দিছিল। তেওঁ আছিল এগৰাকী মহিলা যোদ্ধা। গতিকে দেশপ্ৰেম আমাৰ তেজত আছে।”

এয়াই এগৰাকী ভাৰতীয় নাৰী। দেশ সেৱা কৰোতে তেওঁলোকে বিচাৰ নকৰে নিজৰ ধৰ্ম। ভাৰত তেওঁলোকৰ বাবে মাতৃ। যি মাতৃৰ ৰক্ষাৰ হেতু প্ৰাণ বিসৰ্জন দিবলৈ সাজু থাকে প্ৰতিনিয়ত। তেনে এগৰাকী নাৰীক এইদৰে অপমান কৰাৰ স্পদ্ধা তথাকথিত নেতা সকলে নকৰাই উচিত।

ছফীয়া কুৰেছী