Advertisment

হ'মৱৰ্কেই নকৰে বৰা-গগৈ-শইকীয়াহঁতে...

কেৱল উপৰুৱাকৈ কেমেৰাৰ সন্মুখত সংবাদ মেল এখন পাতি কিবা এটা কৈ দিলেই দায়িত্ব শেষ নহয় এজন বিৰোধী নেতাৰ। বিৰোধী পক্ষৰ এনে নিস্তেজ ভূমিকাই শাসকীয়া পক্ষক আগুৱাই যোৱাত সহায় কৰিছে।

author-image
Asomiya Pratidin
New Update
ুপপ

মৃদুল কুমাৰ সন্দিকৈ

ভাল ছাত্ৰই পৰীক্ষাৰ বাবে প্ৰতিদিনেই নিজকে সাজু কৰি ৰাখে। নুবুজা  কথাবোৰ পঢ়ি-শুনি আতি গুৰি মাৰি শিকে আৰু বুজে। নিজৰ প্ৰস্তুতিৰ বাবে নিয়মীত নিতৌ হ'মৱৰ্ক কৰে। এই কষ্ট আৰু চেষ্টাৰ পৰিণতিত পৰীক্ষাত সেই ছাত্ৰ-ছাত্ৰী সকলে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয়।

Advertisment

পৰিশ্ৰমৰ অবিহনে কেৱল কল্পনাত বাস কৰি কোনেও সফলতা আজুৰি আনিব নোৱাৰে। বহু সম্ভাৱনা থকা ছাত্ৰ-ছাত্ৰীয়ে এই গুণৰ অভাৱৰ বাবে পৰীক্ষাত সফলতা লাভ নকৰে। এটাৰ পাছত আনটো পৰীক্ষাৰ ফলাফলত বিফলতাৰ মুখ দেখাৰ পাছতো তেনে কষ্ট কৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰীক লৈ সপোন দেখিলেও এটা সময়ত অভিভাৱকৰ আস্থা হেৰাই যায়।

অসমত বিৰোধী ৰাজনীতিৰ ক্ষেত্ৰতো সেই একে কথাখিনিয়েই উপলৱ্ধি হয়।বহু সম্ভাৱনাৰ পথ বিৰোধীয়ে হ'মৱৰ্ক আৰু উপযুক্তভাৱে মানুহৰ মাজলৈ লৈ যোৱাত বিফল হোৱাৰ বাবেই আশা কৰি কৰি সাধাৰণ জনতাৰ মোহভংগ হৈছে।

বিৰোধীৰ নেতাসকলে এই কথা হৃদয়ংগম কৰিব নোৱাৰিলেও এয়াই অসমৰ ৰাজনীতিত বিৰোধীৰ বাবে বাস্তৱ কথা। যোৱা ৩ টা বছৰতে বিৰোধীয়ে কোনটো সমস্যাক বা ইচ্যুক সাধাৰণ জনতাক পতিয়নযোগ্যভাৱে উত্থাপন কৰিলে তাৰ এখন তালিকা বিৰোধীয়ে নিজেই নিজৰ বাবে প্ৰস্তুত কৰকচোন।

তাৰ পাছত বিৰোধীয়ে আত্ম সমালোচনাৰে কি কৰিলে এই দিন কেইটাত তাৰ মূল্যায়ণ কৰিলেই বুজি পাব কিমান পিছ পৰি ৰৈছে তেওঁলোক। সঁচাই হওঁক বা মিছাই হওঁক যিকোনো বিষয় এটাক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰে বিষয়টো উত্থাপন কৰে তাত যুক্তি আৰু সাময়িকভাৱে হ'লেও পতিয়নযোগ্য কিছু ধাৰণা দিবলৈ সক্ষম হয়। 

শাসকীয় আন নেতা মন্ত্ৰী সকলৰ সক্ৰিয়তাৰ অবিহনে কেৱল মাত্ৰ এজন মানুহে সমগ্ৰ বিৰোধী পক্ষটোকে তুলাধুনা দিয়ে। তাৰ বিপৰীতে বিৰোধীয়ে সেই মানুহজনক জবাবদিহি কৰিব পৰাকৈ হ'মৱৰ্কৰ অভাৱত কোনো এটা কথাই তুলি ধৰিব নোৱাৰাতো বিৰোধীৰ বিফলতা নুবুলি কি আখ্যা দিব পাৰি।

কেৱল মাত্ৰ অখিল গগৈয়ে বিধানসভাৰ মজিয়াত কিছু পৰিমাণে এই বিশেষ ব্যক্তিজনক ব্যতিব্যস্ত কৰিব পাৰে যদিও সংযমহীন আচৰণ আৰু তেওঁৰ উপস্থাপন ৰীতিয়ে সাধাৰণ লোকৰ বিশ্বাসযোগ্যতা অৰ্জন কৰিব নোৱাৰাতো মন কৰিবলগা।

অথচ বিৰোধী মানেই অখিল গগৈ তেনে এক ধাৰণাও গঢ় লৈ উঠিছে। মুখ্য বিৰোধী দল হিচাপে কংগ্ৰেছৰ অসমৰ নেতা সকলৰ অধিকাংশই মৌনতা অৱলম্বন কৰাতো এক নিয়মত পৰিণত হৈছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে কেতিয়াবা ভূপেন বৰাই শাসকীয় পক্ষক আক্ৰমণৰ চেষ্টা কৰিলেও তেওঁ বিষয়বস্তুৰ গভীৰতালৈ প্ৰৱেশ কৰিব নোৱাৰে।

কেৱল উপৰুৱাকৈ কেমেৰাৰ সন্মুখত সংবাদ মেল এখন পাতি কিবা এটা কৈ দিলেই দায়িত্ব শেষ নহয় এজন বিৰোধী নেতাৰ। বিৰোধী পক্ষৰ এনে নিস্তেজ ভূমিকাই শাসকীয়া পক্ষক আগুৱাই যোৱাত সহায় কৰিছে।

যি শাসকীয় পক্ষই বিৰোধীক সমীহ কৰি চলিব লাগিছিল, সেই শাসকীয় পক্ষক হে এতিয়া বিভিন্ন কাৰণত বিৰোধী পক্ষই সমীহ কৰি চলা দেখা যায়। বিৰোধী আসনত বহা ৰাজনৈতিক দল সমূহৰ মাজত একতা আৰু মিত্ৰতা কেৱল ভাষণত হে দেখা পোৱা যায়।

বাস্তৱত আৰু ব্যৱহাৰিকভাৱে বিৰোধী পক্ষই সেই মিত্ৰতা ধৰ্মৰ একাধিক বাৰ ৰক্ষা কৰিব নোৱাৰাত মানুহৰ মনত তেওঁলোকে কিবা এটা যে কৰিব পাৰিব সেই বিশ্বাসে জন্ম হোৱা নাই। তেনে এক পৰিৱেশত কোনোবা বুদ্ধিজীৱিৰ কোলাত উঠি বিৰোধীয়ে এক সন্মিলিত শক্তি থিয় কৰাই শাসকীয় পক্ষক পৰাভূত কৰিব পাৰিব বুলি মনে নধৰে।

এই প্ৰচেষ্টা আদৰণীয় যদিও ইয়াৰ সফলতা লৈ প্ৰশ্ন কৰিলেই কোনোবাই যদি অসন্তুষ্ট হয় সেয়া তেওঁলোকৰ  নিজৰ পৰ্যালোচনা আৰু বিশ্লেষণ কৰাৰ বাবে প্ৰয়োজনীয় আন্তৰিকতাৰ অভাৱ বুলি কব পাৰি। ছাত্ৰ নেতা পৰা এটা ৰাজনৈতিক দলৰ নেতৃত্ব লোৱা লুৰিণজ্যোতি গগৈয়ে জাতীয়তাবাদী পক্ষক পুনৰ উজ্জীৱিত কৰিব বুলি আশা কৰা হৈছিল।

প্ৰথমে তেনে আশা সঞ্চাৰ কৰিও ৰহস্যজনকভাৱে এইগৰাকী নেতায়ো অধিক কংগ্ৰেছ প্ৰীতি প্ৰদৰ্শন কৰি জাতীয়তাবাদৰ চৰিত্ৰক পাহৰি পেলাবলৈ যত্ন কৰিছে। তেওঁৰ ৰাজনৈতিক সমীকৰণ কেৱল নিজক এজন জনপ্ৰতিনিধিৰূপে নিৰ্বাচিত কৰি অনাতে সীমাবদ্ধ হৈ ৰোৱা নাই নে।

এই আশাতে বন্দী হৈ হয়তো লুৰিণজ্যোতি গগৈয়ে ৰাজনৈতিক লক্ষ্যক জাতীয়তাবাদৰ পথৰ পৰা আঁতৰাই আনি মিত্ৰতাৰ নামত কংগ্ৰেছ বা আন দলৰ নেতৃত্বক সন্তুষ্ট কৰাতে মনোনিৱেশ কৰিছে। গৌৰৱ গগৈৰ দৰে ৰাষ্ট্ৰীয় স্তৰত প্ৰতিষ্ঠিত নেতাৰ তৃণমূল পৰ্যায়ত থাকিব লগা সু সম্পৰ্ক অভাৱ আৰু মদগৰ্বিতাই তেওঁৰ নিজৰ শত্ৰু নিজেই সৃষ্টি কৰা বুলি তেওঁৰে সতীৰ্থ নেতাই ক'বলৈ কৃপণালী নকৰে।

অজিত ভূঞা এজন প্ৰতিষ্ঠিত আৰু স্বাভিমানী সাংবাদিক সম্পাদক আছিল। এজন ৰাজনীতিবিদ হিচাপে অজিত ভূঞাক গ্ৰহণযোগ্যতা তেতিয়াও নাছিল আৰু এতিয়াও নাই। ৰাজ্য সভাৰ সাংসদ হ'লেও অজিত ভূঞাই নেতা হোৱা বিশ্বাসযোগ্যতা আৰু জনসাধাৰণৰ আস্থা আহৰণ কৰিবলৈ বহু বাকী।

দেৱব্ৰত শইকীয়াই নিজক বচাই এই ৰাজনৈতিক ক্ষেত্ৰখনত বিচৰণ কৰি আহিছে। প্ৰদ্যুত বৰদলৈয়ে অহমিকা লৈ ৰাজনীতি কৰি গ'লেও স্বাৰ্থ আৰু সুযোগৰ প্ৰতি তেওঁ অত্যন্ত সজাগ। যাৰবাবে শাসকীয় পক্ষক তেওঁ জোকাই লব নোখোজে।

ৰকিবুল হুছেইনে এটা বিশেষ সম্প্ৰদায়ৰ লোক হোৱাৰ হেতু শাসক পক্ষই তেওঁক সহজতে লক্ষ্য কৰি লয়। বিৰোধী নেতা সকলৰ তুলনাত ৰকিবুল হুছেইনৰ বাকপটুততা থাকিলেও পূৰ্বৰ দুৰ্নীতি, দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাৰ ভাৱমূৰ্তিৰ বাবেই তেওঁকো এজন বিফল বিৰোধী নেতা হিচাপে আখ্যা দিব পাৰি।

তেনে ৰাইজে কাৰ ওপৰত আস্থা ৰাখিব? কাক লৈ সপোন দেখিব? চালে-বেৰে কোবোৱা কথা ক'লেই মানুহে জানো ভোট দিব? এতিয়া ৰাজনীতিত সামাজিক মাধ্যমৰো প্ৰভাৱ থাকে। সামাজিক মাধ্যমত ৰাজনীতিৰ বতাহ বলে।

সেই বতাহো বিৰোধীয়ে নিজৰ পক্ষে বলাবলৈ সক্ষম হোৱা নাই। কেৱল গুৱাহাটী বা দিছপুৰত সংবাদ মাধ্যমৰ সন্মুখত বাইট/ মন্তব্য দিবলৈ হে যেন কেইজনমান বিৰোধী নেতা এতিয়া আছে। এই সকল নেতাই অধ্যয়ণ,তথ্য অন্বেষণ আৰু উপযুক্ত উপস্থাপনেৰে শাসকীয় পক্ষক জবাবদিহি কৰিব নোৱাৰিলে মানুহে কিয় আদৰি ল'ব তেওঁলোকক। 

 

বিৰোধী দল